পৃষ্ঠা:নামতী-আই.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৯ )

কি কই জাৰিবো   ভাঙ্গৰ গুৰি
  কি কই চালিবো ভাঙ্গৰ গুৰি।
ভাঙ্গৰ গুৰি   নাপাই শিৱই
  মৰিবও কিলাই।
আলৌলৌঁৱা   গৌৰী মোৰ
  কান্দি ভাত খাই।
ভাঙ্গৰ খুন্দা   ডাঙ্গ দেখি
  মৰিব ডৰাই॥
নিদিও   গৌৰীক বিয়া
  জোঁৱাই নহয় ভাল।
কানীয়া ভঙ্গুৱা   জোঁৱাই
  জীৱ কত কাল।
আইদেৱে   বোলে মোৰ
  বাওঁ বাহু লৰে।
দ্বাৰকাৰ পৰা   কৃষ্ণ আহে বুলি
  মোৰ মনে ধৰে।
বেৰতে লেখিলে   বেৰে মৰা ছাৰাই
  দুৱাৰত লেখিলে হাতী।
বকলা পাততে   লেখি পঠিয়ালে
  ৰঘুনাথ আহিব আজি।