পৃষ্ঠা:নামতী-আই.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )

ইয়ে ৰাধা! সুবৰ্ণৰ খাটতে
ইয়ে ৰাধা! আইদেও শুইয়াছে
ৰুক্মিণী অ দেও! ই কথা মনতে নাই।
ইয়ে ৰাধা! লাখৰ বাখৰ কৰি
ইয়ে ৰাধা! আইটীৰ বাইদেউক
ৰুক্মিণী অ দেও! লাহেকৈ যগোৱা গই॥
ইয়ে ৰাধা! মাৰৰ অলঙ্কাৰ
ইয়ে ৰাধা! থোৱা ঐ আইটি
ৰুক্মিণী অ দেও! ককাই দেওৰ অলঙ্কাৰ থোৱা
ইয়ে ৰাধা! তোমাৰ নিজ ঘৰৰ
ইয়ে ৰাধা! অলঙ্কাৰ আনিছে
ৰুক্মিণী অ দেও! হাত কৰ যোৰেকৈ লোৱা।
ইয়ে ৰাধা! ভেকুৰি গছতে
ইয়ে ৰাধা! মেকুৰি উঠিলে
ৰুক্মিণী অ দেও! ছনকাই ভাগিলে ডাল।
ইয়ে ৰাধা! আইদেওৰ হাতলৈ
ইয়ে ৰাধা! কি খাৰু আনিছা
ৰুক্মিণী অ দেও! ঢেকিৰ গুল দিবলৈ ভাল॥
ইয়ে ৰাধা! ওপৰৰ কুৰুৱাই
ইয়ে ৰাধা! আনে ৰৌ মাছ
ৰুক্মিণী অ দেও! তললৈ পেলালে ফিছা।
ইয়ে ৰাধা! জোৰোনত দিছেহি
ইয়ে ৰাধা! মুগাৰে মেখেলা
ৰুক্মিণী অ দেও! সমাজ পাই মাতিব মিছা॥