সমললৈ যাওক

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা

ৱিকিউৎসৰ পৰা

[  ]

 

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক

কিছু কথা


শ্ৰীদিলীপ কুমাৰ ৰাভা

 

[  ]
 

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক
কিছু কথা

শ্ৰীদিলীপ কুমাৰ ৰাভা

 

[  ]
 

“দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা”

লেখক আৰু প্রকাশকঃ
 শ্রীদিলীপ কুমাৰ ৰাভা



প্রথম প্রকাশঃ
 ২৫ জানুৱাৰী ২০১৮ চন, বৃহস্পতিবাৰ

লেখকৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত ।

বেটুপাতৰ পৰিকল্পনাঃ লেখকৰ নিজা


ছপা খৰচঃ ২০০/- টকা মাত্র।


ডিটিপি এণ্ড ছেটিংঃ অনাদি কুমাৰ ৰাভা


মুদ্রণঃ- বড়ােদা প্ৰেছ, দৈনিক বজাৰ দুধনৈঃ গােৱালপাৰাঃ (অসম)
 পিন- ৭৮৩১২৪
দূৰভাষঃ- ৭০৮৬৯৩৩৬৯০

[  ]
 

লেখক ও প্ৰকাশকৰ দু-আষাৰ

 দেউৰীপাৰা গাঁৱখনৰ আৰু ইয়াৰ কাষৰীয়া ঠাইবোৰৰ মুখে মুখে বাগৰি অহা কিছুমান লেখত লবলগীয়া কথা আজিলৈ মানুহৰ মুখতে আৱদ্ধ হৈ আছে। এনেবোৰ পুৰণি কথা মানুহৰ মুখে মুখে কোৱাকুই আলোচনা কৰি থকা ঘটনাৰাজিকে কিংবদন্তি কোৱা হয়। এনে কিংবদন্তি যদি পুথি আকাৰত লিপিবদ্ধ কৰি ৰাখি থোৱা নহয়, তেনেহলে জানি থোৱা কথাবোৰ মানুহজন মৃত্যুৰ লগে লগে বিলীন হৈ যায়। সেয়ে মই যিমান খিনি পাৰোঁ সিমানখিনি এই পুথি আকাৰত লিপিবদ্ধ কৰি ৰাখি থৈ যাবলৈ প্ৰয়াস কৰিছোঁ। এই হৈ যোৱা পুৰণি ঘটনাৰাজিৰ বিৱৰণবোৰ বিতং ভাৱে উল্লেখ কৰিব পৰা নহ'ল যদিও চমু আভাষখিনি দাঙিধৰা হ'ল। এই পুথিখনি লিখাত সহায় কৰি দিয়া নিম্ন দেউৰীপাৰা চুবুৰীৰ সৰ্বশ্ৰী বিনোদ স্বৰ্গেয়াৰী, স্বূৰূপ খাখলাৰী, ৰামচৰণ বসুমতাৰী, দীনেশ ৰাভা, উপৰ দেউৰীপাৰা চুবুৰীৰ সৰ্বশ্ৰী মিহিৰথ ৰাভা, দীনেশ ৰাভা (দিলাম), সুনীল ৰাভা, লুতুমা পাহাৰ চুবুৰীৰ শ্ৰীপ্ৰদীপ দৈমাৰীয়ে সহায় কৰি দিয়াত অশেষ ধন্যবাদ যাচিলোঁ। প্ৰয়াত ব্যক্তি ৰাংশী গাঁৱৰ ৺ৰেমন ৰাভালৈ পৰম শ্ৰদ্ধা জনাই জন সমাজৰ পঢ়ৈৰ মাজত এই পুথিখন আগবঢ়ালোঁ, থোৰতে পুথিখন ছপা কৰি দিয়াত ছপাশালাৰ দায়িত্ব থকা কৰ্মকৰ্তা সকললৈ অশেষ ধন্যবাদ যাচিলোঁ। আশা কৰোঁ পঢ়ৈ সমাজে ইয়াক সাদৰে আকোৱালি ল’ব। ইতি—

 

 লেখক ও প্ৰকাশকঃ

ইং ৬/১১/২০১৭ চন  শ্ৰীদিলীপ কুমাৰ ৰাভা

 

[  ]
 

দেউৰীপাৰা

 দেউৰীপাৰা, অসমৰ গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহ চক্ৰ বান্দৰ্শী মৌজাৰ অন্তৰ্গত এখন সৰু গাঁও। পূৰ্বতে গাঁৱখনত একেখন চুবুৰীয়ে আছিল। সময়ৰ সোঁতত সম্প্ৰতি তিনিখন চুবুৰীৰে গঠিত এখন গাঁও হৈ পৰিল। সেই চুবুৰীবোৰ হ'ল— ১৷ দেউৰীপাৰা চুবুৰী, ২। উপৰ দেউৰীপাৰা চুবুৰী আৰু ৩। লুতুমা পাহাৰ বা ৰাৱণ পাহাৰ চুবুৰী। গাঁৱখনৰ উত্তৰে— দালোৱা বাৰী আৰু বৰপাথাৰ গাঁও, দক্ষিণে— মেঘালয়ৰ গাৰোপাহাৰ জিলা, পূৱে—বান্দিৰ্শী আৰু থবলপাৰা গাঁও আৰু পশ্চিমে— চেঁচাপানী গাঁও। গাঁৱখন বান্দৰ্শী দ্বিতীয় খণ্ড আৰু প্ৰথম খণ্ডৰ সীমাত অৱস্থিত। আদিৰে পৰা গাঁৱখনত ৰাভা, কছাৰী সম্প্ৰদায়ৰ হিন্দু ধৰ্মৱলম্বী লোকৰ বাস ভূমি। যোৱা ইং ১৯৭০ চনৰ পৰা খ্ৰীষ্টীয়ান ধৰ্ম গ্ৰহণ কৰাত সম্প্ৰতি ১৮ টা ৰাভা পৰিয়াল আৰু ৯ টা কছাৰী পৰিয়াল খ্ৰীষ্টীয়ান হৈ পৰিল। হিন্দু ধৰ্মৱলম্বীৰ ভিতৰত শাক্তিয় সনাতন ধৰ্মৰ পৰিয়ালৰ সংখ্যাই সৰহ। বৈষ্ণৱী হিন্দু আছে যদিও কেৱল দুটা পৰিয়ালহে দেখিবলৈ পোৱা গ'ল। সৎসঙ্গী ধৰ্মৱলম্বী এটা পৰিয়ালহে দৃষ্টিগোচৰ হোৱা দেখা যায়।

১৷ নিম্ন দেউৰীপাৰা চুবুৰীঃ

 “শ্ৰীশ্ৰী ভগৱতী আই” মন্দিৰৰ উত্তৰে নিচেই কাষতে থকা চুবুৰীখনেই দেউৰীপাৰা গাঁৱৰ আদি চুবুৰী। “শ্ৰীশ্ৰী ভগৱতী আই”ৰ দেউৰীজন (পূজাৰী) এই চুবুৰীখনত আছিল বাবে দেউৰীপাৰা নাম অভিহিত হ’ল। এই চুবুৰীখন, এই অঞ্চলৰ ভিতৰত ধনীৰ শ্ৰেণীত দুই নম্বৰ। এই অঞ্চলৰ ধনীৰ শ্ৰেণীত এক নম্বৰ গাঁও আছিল— [  ] ৰম্বুকপাৰা গাঁও। কেনেকৈ এক নম্বৰ আৰু দুই নম্বৰ ধনীৰ শ্ৰেণীত পৰিল? ইয়াৰ বিৱৰণীটো এনে ধৰণৰ— এই গাঁও দুখনত জমি নথকা পৰিয়াল এটাও আছিল। সকলো পৰিয়ালৰে উপৰ্যুপৰি খেতিৰ জমি আছিল। জমিডোৰা নিজে নিজে উলিয়াই লোৱা। জমি ডৰা নিজে নিজে উলিওঁৱা বুলি এইটোৱেই প্ৰমাণ কৰে যে— এটা এটা জমিডোৰাত, সিহঁতৰ নিজৰ নিজৰ বংশধৰ ভিতৰতেই ভাগ বতোৰোৱা হোৱা দেখা যায়।

 পৰিয়াল আৰু জনসংখ্যাঃ নিম্ন দেউৰীপাৰা চুবুৰীটোত বৰ্ত্তমান ৰাভা পৰিয়াল ৯ টা, পুৰুষ ১৮ জন আৰু মহিলা ২০ জনী। কছাৰী পৰিয়াল ২৩ টা, পুৰুষ ৪৫ জন মহিলা ৬৮ জনী।

চৰকাৰী চাকৰিয়ালঃ শিক্ষক এজন, অঙ্গনৱাদী কৰ্মী এজনী আৰু আছা কৰ্মী এজনী।

 নিম্ন দেউৰীপাৰা চুবুৰীখনৰ উত্তৰ-পশ্চিম দিশত নিচেই কাষতে লাগি থকা ৰক্ষাকালীৰ গোসাইৰ থান আছে। এই গোসাইক কেতিয়াৰ পৰা পূজা কৰি আহিছে সেইটোৰ চুবুৰীৰ ৰাইজে সঠিক ভাৱে কব নোৱাৰে। আদিতে গোসাইৰ থানখন দেউৰীপাৰা-বৰপাথাৰ আলিবাটৰ পূৱ ফালে আছিল। আনুমানিক যোৱা ইং ১৯৬৯/৭০ চনত শালী জমিৰ মালিক ৺চানজাং বড়োৰ সতে জমিডোৰা সাল-সলনি কৰি সম্প্ৰতি নিম্ন দেউৰীপাৰা-দালোৱাবাৰী আলিবাটৰ উত্তৰত থানটো পতা হ’ল। সেই গোসাইক আদিতে হেনো ৰাভা-কছাৰীয়ে লগ লাগি একে লগে পূজা কৰিছিল। কিন্তু কোনোবা এটা দিনত কাজিয়া হোৱাত ৰাভা সকলে সহযোগ কৰা এৰি দিলে। এই গোসাই বেদৰ নিয়ম অনুসাৰে পূজা কৰা হয়; কিন্তু বামণধাৰী নহয়। [  ]
 

নিম্ন দেউৰীপাৰা প্রাথমিক বিদ্যালয়ঃ

 নিম্ন দেউৰীপাৰা চুবুৰীটোৰ সোঁমাজতে “নিম্ন দেউৰীপাৰা প্রাথমিক বিদ্যালয়”। বিদ্যালয়খন বড়াে মাধ্যম । যােৱা ইং ১৯৭২ চনত আৰম্ভ কৰা বিদ্যালয়ৰ প্রথম প্রধান শিক্ষক (বিনােদ আৰু স্বৰূপৰ তথ্য মতে) শ্ৰীবীৰেণ বসুমতাৰী (খেদেলাপাৰা), তাৰপিছত শ্ৰীকল্পনা বড়াে (খাৰা, দুধনৈ) তাৰ পিছত শ্ৰীঅতুল বসুমতাৰী (শিয়ালমাৰী, দুধনৈ), পিছত শ্ৰীসর্বেশ্বৰ মুছাহাৰী (দেউৰীপাৰা), তাৰ পিছত শ্রীপৰেশ বসুমতাৰী (উপৰতলা), তাৰ পিছত চিত্তৰঞ্জন বসুমতাৰী (বগুলামাৰী), তাৰপিছত শ্রীজগমােহন ব্রহ্ম (খাৰা,দুধনৈ), তাৰপিছত শ্রীটিকেন বসুমতাৰী (চেঁচাপানী), শ্রীদিলীপ বড়ো (উপৰতলা), শ্রীসূৰ্য্য দৈমাৰী (মেজেংপাৰা), শ্রী.... (ধূপধৰা), তাৰ পিছত শ্রীনিৰূপ দৈমাৰী (মােৱামাৰী)। শ্রীসূৰ্য দৈমাৰীৰ কাৰ্যকালত ইং ০৭-০২-১৯৮৬/৮৭ তাৰিখত বিদ্যালয়খন চৰকাৰীকৰণ কৰা হয় ।

নিঃ দেউৰীপাৰা অঙ্গনবাদী কেন্দ্রঃ নিম্ন দেউৰীপাৰা অঙ্গনৱাদী কেন্দ্র, নিম্ন দেউৰীপাৰা প্রাথমিক বিদ্যালয়ৰ একে সৌহদৰ ভিতৰতে লাগি আছে। যােৱা ইং ২০০২ চনৰ পৰা অঙ্গনৱাদী কেন্দ্ৰটো আৰম্ভ কৰা হয়। কেন্দ্ৰটোত শ্ৰীললিতা...... ই প্রথম কর্মী। বৰ্ত্তমান কেন্দ্ৰটোৰ কৰ্মী শ্ৰীমনিকা খাখলাৰী আৰু সহকর্মী শ্রীকিৰণী স্বর্গীয়াৰী । [ ১০ ]
 

নিম্ন দেউৰীপাৰা চুবুৰীৰ গৰুবাথানঃ

এইটো নিম্ন দেউৰীপাৰা চুবুৰীৰ ৰাভা আৰু কছাৰী সকলৰ গৰু বাথান দিয়া স্থান। এই স্থান ডৰাৰ উত্তৰ অংশত কছাৰী সকলৰ আৰু দক্ষিণ অংশত ৰাভা সকলৰ গৰুবাথান। গৰখীয়া সকলে ৰাতিপুৱা গৰু চৰাই ৯-৩০ বজাত এই বাথান ৰাখি দুপৰীয়া জিৰণি লয় আৰু আবেলি ১-৩০ বজাত বাহিৰলৈ গৰু চৰাবলৈ লৈ যায়। কিন্তু সময়ৰ সোঁতত ৰাভা-কছাৰী ৰাইজে গৰখীয়া ৰাখি গৰু চৰাবলৈ এৰাত স্থান ডৰা এৰা হৈ আছে।

 

উপৰ দেউৰীপাৰা ১নং গিয়াতিৰ গৰুবাথানঃ

 এইটো ১নং গিয়াতিৰ গৰু বাথান। ইং ২০১৭ চনত মুঠ ৫৬ টা গৰু এই বাথানত ৰখা হয়। গৰখীয়া সকলে ৰাতিপুৱা গৰু চৰাই ৯-৩০ বজাত এই বাথানত ৰাখি দুপৰীয়া জিৰণি লয় আৰু আবেলি ১-৩০ বজাত বাহিৰলৈ চৰাবলৈ লৈ যায়। [ ১১ ]
 

উপৰ দেউৰীপাৰা ২ নং গিয়াতিৰ গৰু বাথানঃ

এইটো ২ নং গিয়াতিৰ গৰু বাথান। সময়ৰ সোঁতত ২ নং গিয়াতিৰ ৰাইজে গৰখীয়া ৰাখি গৰু চৰাবলৈ এৰাত ঠাই ডৰা এৰা হৈ আছে।

 

২৷ উপৰ দেউৰীপাৰাঃ

“শ্ৰীশ্ৰী ভগৱতী আই” থানৰ পশ্চিম দিশত পোনকৈ লক্ষ্য কৰিল কিছু দুৰৈত যিখন চুবুৰী দেখিবলৈ পোৱা যায়; সেইখনেই হ'ল উপৰ দেউৰীপাৰা চুবুৰী। নিম্ন দেউৰীপাৰা চুবুৰীটোৰ পৰা কিছু সংখ্যক পৰিয়াল এই চুবুৰীটোলৈ উঠি আহি চুবুৰী পাতিছিল যদিও বহু বছৰলৈকে একেটা গোটতে সমাজ পাতি চলি আহিছে। এই উপৰ দেউৰীপাৰা চুবুৰীটোত [ ১২ ] বিভিন্ন গাঁৱৰ পৰা পৰিয়াল আহি বসবাস কৰিবলৈ লোৱাত আৰু পৰিয়ালৰ সতি-সন্ততিৰ পৰিয়াল বাঢ়ি অহাত এতিয়া বৃহৎ চুবুৰী হৈ পৰিল। কিছুসংখ্যক পৰিয়াল মেঘালয়ৰ গাৰো পাহাৰ জিলাত সোমাই পৰিল। বাহিৰৰ পৰা উঠি অহা বাবে এনে পৰিয়াল সকলৰ খেতিৰ মাটি কম। মেঘালয়ৰ গাৰো পাহাৰৰ জিলাৰ অন্তৰ্গত সোমাই পৰা পৰিয়াল সকলে নিজকে খাচ দেউৰীপাৰা বুলি লিখিবলৈ আৰম্ভ কৰিছে।

পৰিয়াল আৰু জনসংখ্যাঃ

 উপৰ দেউৰীপাৰা চুবুৰীটোত বৰ্ত্তমান ৰাভা পৰিয়াল ৮৯ টা। পুৰুষ ২০৪ জন আৰু মহিলা ১৯৮ জন। গাৰো পৰিয়াল ১ টা। পুৰষ ০০ জন, মহিলা ০২ জনী। এই গাৰো পৰিয়ালটো কমলা বাগান ৰখিব আহি তাতেই নিগাজিকে থাকিবলৈ লয়। ইং ১৯৭৫-৭৬ চনত তেওঁলোক আহে। তেওঁলোক বলবলাৰ বাসিন্দা আছিল।

চৰকাৰী চাকৰিয়ালঃ শিক্ষক এজন, নাৰ্চ এজনী, অঙ্গনৱাদী এজনী, চিপাহী এজন।

আলচিয়া পুখুৰীঃ

দামৰা-মেন্দিপাথাৰ আলিবাটৰ গাতে লাগি থকা উপৰ দেউৰীপাৰা চুবুৰীটোৰ সোঁমাজতে এটি পুখুৰী আছে। এই পুখুৰীৰ দীঘ ১৬৯ ফুট, পুতল ৯০ ফুট = ১৫২১০ বৰ্গ ফুট। ই ৰাজহুৱা পুখুৰী। সেই পুখুৰীটোৰ নাম আলচিয়া পুখুৰী। পুখুৰীটোৰ কাষতে জনজাতীয় সাংস্কৃতিক ভৱন আৰু অঙ্গনৱাদী কেন্দ্ৰ আছে। এই পুখুৰীটোৰ পৰা পঞ্চাশ মিটাৰ মান মেন্দিপাথাৰ দিশত গলে নলবাৰী ৰেল ষ্টেচনত যোৱা আলিবাট পাব আৰু পুখুৰীটোৰ পৰা তিনিশ মিটাৰমান পূৱ পিনে দামৰাৰ দিশত গলে পাহাৰৰ কেকুৰি আৰু ওপৰত ৰেল লাইনৰ উৰণীয়া সেতু (Over bridge ) পাব। এই আলচিয়া পুখুৰীৰ কিছু কিংবদন্তী [ ১৩ ] লুকাই আছে। এই চুবুৰীটোত আদিতে মানুহৰ বসতিপূৰ্ণ নগৰ (বজাৰ) আছিল। আলচিয়া নামৰ এজন ৰজা আছিল। আগৰ দিনত যি জনক অঞ্চলৰ মানুহে মানি চলিছিল, তেওঁকেই ৰজা বুলি জ্ঞান কৰিছিল। এই আলচিয়া ৰজাৰ পালি-প্ৰহৰী সকলে খেতিৰ কাম নকৰিছিল। তেওঁলোকে মাটিৰ বাচন-বৰ্ত্তন গঢ়ি বেপাৰ-বাণিজ্য কৰিছিল। মাটি খান্দি খান্দি মাটিৰ বাচন-বৰ্ত্তন গঢ়াত ই খালৰ সৃষ্টি কৰি পুখুৰীৰ গঢ় লোৱাত আলচিয়া পুখুৰী বুলি নাম পালে। সেই দিনৰ তেওঁলোকত নগৰ (বজাৰ) হেনো, বৰ্ত্তমান ৰেল ষ্টেচনৰ ৰেল লাইনৰ উৰণীয়া সেতু (Over bridge) অতিক্ৰম কৰিলে যি ভূমি ডৰা পায়; তাতেই তেওঁলোকৰ নগৰ (বজাৰ) চলিছিল। আজিও সেই ঠাইত বহুত মাটিৰ বাচন-বৰ্ত্তন খোলা পোৱা যায়। এই ঠাইখনৰ আশে পাশে এনেকি পাহাৰৰ ওপৰটো বহুত মাটিৰ বাচন-বৰ্ত্তন ভগ্ন খোলা দেখিবলৈ পোৱা যায়। সেয়ে এইটোৱেই প্ৰমাণ কৰে যে, আলচিয়া এজন অষ্ট্ৰিক গোষ্ঠীৰ লোক আছিল যেন অনুমান হয়।

 আলচিয়া ৰজাৰ এই খালক, মৰাপাট পচন কাৰ্যত ব্যৱহাৰ কৰিছিল। কোনোবা এটা চনত চেঁচাপানী গাঁৱৰ পূৰ্ণ ৰাভাই পঞ্চায়তৰ সদস্য হৈ থকা কালত মৰাপাট পচনৰ বাবে চৰকাৰী অনুদান পোৱাত ৰাইজে পুখুৰী আকাৰত খান্দি লোৱা হ'ল আৰু লেলা ৰম্বুকপাৰা গাঁৱৰ শ্ৰীহৰেশ্বৰ বসুমতাৰী গ্ৰামসেৱক হৈ থাকোতে চৰকাৰী অনুদান পোৱাত পুখুৰীটো পূৰ্ণ ৰূপত গঢ়ি তোলা হ’ল (আনুমানিক- ইং ১৯৭৪/৭৫ চন)

 ৰাংশী গাঁৱৰ নিবাসী ৺ৰেমন ৰাভাই মোৰ আগত ব্যক্তি কৰা মতে— বুঢ়া সকলে তেওঁক কৈছিল তাতহেনো হীৰা জাতিৰ লোক আছিল। সেই বাবে হীৰাপাৰা বুলিহে নাম থব দিছিল।

কিছুমান লোকে ইয়াত “মাহাদেব” পাহাৰ বুলি কয়। উপৰ দেউৰীপাৰা চুবুৰীটোৰ দক্ষিণত গাতে লাগি থকা এটি ওখ পাহাৰ আছে। এই পাহাৰটোক মহাদেৱ পাহাৰ (মাহাদেব পাহাৰ) বোলে। এই পাহাৰৰ টিঙত মহাদেৱৰ থান আছিল বুলি এটি কিংবদন্তী আছে। শ্ৰী শ্ৰী ভগবতী [ ১৪ ] আইৰ দেউৰী (পূজাৰী) জনে বুঢ়া হৈ অহাত সেই ওখ টিঙত যাবৰ বাবে কষ্ট হেতু প্ৰাৰ্থনাৰে নমাই আনি বৰ্ত্তমান শ্ৰীশ্ৰী ভগবতী আইৰ মন্দিৰৰ পাহাৰৰ টিঙত স্থাপন কৰোৱায়। এই মহাদেৱৰ শিলটো পাহাৰৰ মাটিৰ সতে পানীৰ লগত বাগৰি অহাত খালৰ সৃষ্টি হ’ল। সেইটোৱেই হ'ল আইথান ঝৰা। যিটো মন্দিৰ পশ্চিমে এটি ঝৰণা > জৰণা আছে। মহাদেব পাহাৰৰ টিঙত য’ত আগতে মহাদেৱৰ থান আছিল; তাত গজা বেলগছ আৰু তুলসী গছ আজিও দেখিবলৈ পোৱা যায়। এইটো ভাৱিব লগীয়া কথা যে, এই বেলগছ আৰু তুলসী গছ কেতিয়া গজিছে পূৰ্ব্বৰ লোক সকলে ক'ব নোৱাৰে। কেবল কথাটো কবহে পাৰে। যোৱা ১৯৯০-৯২ চনত বেল গছত এজন ডেকা ল'ৰা বিহুৱানৰে গলত বান্ধি আত্মহত্যা কৰাত আত্মহত্যা কৰা ডালটো গুৰিতে কাটি দিয়া হ'ল। তাৰ অন্য ডালবোৰ এতিয়াও দেখিবলৈ পোৱা যায়।

 এই মহাদেৱ পাহাৰৰ এটি মন কৰিবলগীয়া দিশ হ’ল—“বিপদৰ জাননী”। এই পাহাৰত যেতিয়া জংচিত চৰাই কান্দে, তেতিয়া অঞ্চলত কাৰবাৰ মৃত্যুৰ খবৰ পোৱা যায়। অৱশ্যে আজিকালি এনে চৰাই নোহোৱা হোৱাত এই চৰাই কন্দাটো শুনা নাযায়।

 এই মহাদেৱ পাহাৰত আগতে ডাঙৰ ডাঙৰ গছ-গছনি আৰু বাহঁ আদিৰে ভৰপুৰ আছিল। ভাবিছিলোঁ- গছ-গছনি ডাঠ হাবিৰ বাবে পাহাৰৰ শব্দ হয়। কিন্তু এই চিন্তা ভুল। এই পাহাৰত যেতিয়া চেগুণ গছৰ বাগান কৰাৰ বাবে পাহাৰটি টোকলা কৰিলে আৰু ৰবৰ খেতিৰ বাবে পাহাৰটি পুনৰ টকলা কৰিলে। তথাপিওতো বতাহ বিহীন অৱস্থাত পাহাৰৰ হো-হোৱনি শব্দ হয়। এনেদৰে দীঘলীয়া শব্দ হৈ থাকিলে অঞ্চলটোত অমঙ্গলৰ খবৰ পোৱা যায়।

উপৰ দেউৰীপাৰাৰ দুটি নিজৰাঃ

[ ১৫ ]

উপৰ দেউৰীপাৰা গাঁও বাসী লোকক পাহাৰৰ দুটি নিজৰাই ঘাইকৈ জীৱন ধাৰণত আৰু প্ৰাণ ৰক্ষাত সুন্দৰকৈ তুলিছে ৷ অঞ্চলটোত, পানীৰ অভাৱ গাঁও এই উপৰ দেউৰীপাৰা গাঁৱৰ দৰে খৰাংপীড়িত গাঁও নাই। এই কথা অঞ্চলবাসী লোকে জানে। আদিৰে পৰা গাঁৱখনত পানীৰ অভাৱ।

আলচিয়াপুখুৰীৰ দক্ষিণ-পশ্চিম কোণত থকা
খৰাঙত পানী খোৱা নাদ

কাতি মাহৰ পৰা এই নিজৰা দুটিত গাঁৱৰ ডেকাবোৰে কমলা টেঙা খাই গাধোৱাৰ মনৰে আৰু লগৰীয়াবোৰক লগ কৰাৰ মানসৰে এই নিজৰাটিত গা ধুবলৈ আহে। তেতিয়া পাহাৰবোৰত বহু ঠাই ব্যাপি কমলাৰ গছ আছিল। ফাগুন মাহৰ পৰাই কিছুমানৰ নাদৰ পানী শুকায়। তেতিয়াৰ পৰাই এইটো নিজৰাৰ পানী কান্ধত কুঢ়িয়াই ইয়াৰ পানী খোৱা হয়। অৱশ্যে পুত্ৰ-সন্তানবোৰে মাক-বাপেকৰ পৰিয়ালৰ পৰা বেলেগ হৈ নাদ খান্দাত কিছুমান ব্যক্তিৰ ওচৰতে পানী পোৱা হ'ল আৰু এইটো নিজৰাৰ পানী খোৱাৰ পৰা ৰক্ষা পৰিল। গাঁৱখনত আদিতে চাৰিটা কুৱা আৰু এটা নিজৰাৰ পানী খাবলৈ বাধ্য হবলগীয়া হৈছিল। সেই নাদ আৰু নিজৰা হ’ল- ১। স্কুল বাকুৰিৰ নাদ। এই স্কুল বাকৰিৰ নাদ আজিও মৰাশ শ্মশানত পেলাই আহিলে শ্মশানৰ পৰা অহা মানুহ সকলে তাতেই গা-পা ধুই আহে। সেই নাদ, খৰাঙত পানীৰ অভাৱতহে খান্দা নাদ। তাত বহু বছৰৰ পিছতহে স্কুল বাকুৰীৰ ইং ১৯৬০ চনত পকি নাদটো চৰকাৰৰ পৰা অনুদান পোৱা। ২। শ্ৰীকৰ্মেশ্বৰ ৰাভাৰ ৰবৰ বাগান আৰু শ্ৰীগোপাল ৰাভাৰ পুখুৰীৰ সীমাত পাহাৰৰ পৰাত এটা চাৰি/পাঁচ হাত জোখৰ সৰু নাদ আছিল। ৩। আজিও আলচিয়া পুখুৰীৰ পৰা সত্তৰ মিটাৰমান দূৰত [ ১৬ ] দক্ষিণ-পশ্চিম কোণত য'ত দোকান বোৰ আছে তাত এটা নাদ আছে। সেই নাদ বৰ্ত্তমান পকি হ'ল আৰু ৪। গাঁৱৰ উত্তৰ-পূৱ কোণত এটা নাদ আছিল। সেই নাদটো পাথাৰৰ গিৰিজনে খেতিপথাৰ কৰি পেলালে। পাহাৰৰ এই নিজৰাৰ পানী গাঁৱখনৰ আদি অৱস্থাৰ পৰাই আজিলৈকে পানী খাই আছে।

এই লাঙা থানটো আদিতে চুবুৰীটোৰ উত্তৰ-পূৱ কোণত; য'ত শ্ৰীকেশৱ ৰাভা আৰু শ্ৰীবিষ্ণু ৰাভাৰ ভেটি মাটি আছে। তাৰ উত্তৰত এই লাঙা থানটো আছিল আৰু তাত থকা নাদৰ পানীকে পূজাত ব্যৱহাৰ কৰিছিল৷

 এই নাদ ১৯৭৭ চনলৈ ব্যৱহাৰ কৰিছিল। এতিয়া পথাৰৰ গিৰি জনে খেতি পথাৰ কৰি পেলালে। সেই সময়ত নিম্ন দেউৰীপাৰা ৰাভা আৰু উপৰ দেউৰীপাৰাৰ পাতি (হাবায়, লেমা) ৰাভা সকলে একেটা গিয়াতি আছিল। পিছত কোনোবা এটা দিনত বৰ্ত্তমানৰ এই লাঙা থানৰ স্থানত অনা হ'ল। থানটো ইয়ালৈ অনাৰ পিছতো এটা নিম্ন দেউৰীপাৰা ৰাভা আৰু উপৰ দেউৰীপাৰা পাতি ৰাভা সকলে একেটা গিয়াতি হই আছিল। বৰ্ত্তমান এই থানখন আলচিয়া পুখুৰীৰ উত্তৰে চটো পাহাৰৰ পাৰত। চটো পাহাৰ, ডাঙাৰ পাথাৰ, এইটো গোৱালপৰীয়া স্থায়ী ভাষাৰ শব্দ। সৰু পাহাৰ, ডাঙৰ পথাৰ এইটো হ'ল— অসমীয়া মান্য ভাষাৰ শব্দ। [ ১৭ ]
 

২ নং গিয়াতিৰ লাঙা থানঃ

২নং গিয়াতিৰ লাঙা থানখন আদিতে দামৰা-মেন্দিপাথাৰ আলিবাটৰ কাষতেই আছিল। য'ত এতিয়া ৰেল ষ্টেচনৰ সীমাত।

৺হিতেশ ৰাভা আৰু শ্ৰীক্ষীৰেণ ৰাভাই দোকান ঘৰ বান্ধি ভাৰা দি আছে। তেতিয়াই আছিল ২ নং গিয়াতিৰ আদি লাঙা থান। এই থানটো এতিয়া আলচিয়া পুখুৰীৰ পোনে পোনে দক্ষিণ দিশত ৰেললাইনৰ সেতু (Over bridge) অতিক্ৰম কৰিলেই আলিবাটৰ পূৱত গাতে লাগি থকা দেখা যায়৷

দেউৰীপাৰা-চেঁচাপানী
জ্ঞানোদয় পুথিভঁৰালঃ

এই পুথি ভঁৰাল সেই দিনৰ বহু কিতাপ থকা আৰু নিয়মিয়াকৈ চলি থকা এখন আদৰ্শমূলক পুথিভঁৰাল আছিল৷ আদিতে এই পুথি ভঁৰালখন [ ১৮ ] দামৰা-মেন্দিপাথাৰ আলিবাটৰ দক্ষিণত; য'ত এতিয়া ৰেলষ্টেচনৰ কাৰ্য্যলয় অৱস্থিত তাৰ উত্তৰ দিশত আছিল। সেই ঠাই ডৰাত এতিয়া শ্ৰীমলেন ৰাভাই ৰবৰৰ খেতি কৰি আছে। জমিডৰা কমিটিৰ ৰাইজৰ লগত সাল-সলনি কৰি লোৱাত দেউৰীপাৰা গাঁৱৰ মাজত বন্ধা হ’ল। বৰ্ত্তমান ফটোত দেখা ঘৰটো একেবাৰে পিছৰ কালচোৱাত বন্ধা ঘৰৰ ফটো। এই ঘৰটি আগতে ইংৰাজী এল চাইজৰ আছিল। সেই এল চাইজৰ ঘৰটি ছোটমাটিয়া গাঁৱৰ ৺আনা ৰাভাক বিক্ৰ কৰা হৈছে আৰু সেই টকাৰে আৰু লগত মজুত থকা টকাৰে গোৱালপাৰাৰ আসাম ক্লাৱৰ অনুৰূপত বান্ধিবলৈ হাবিলাস কৰিছিল; কিন্তু দুৰভাগ্যক্ৰমে হৈ নুঠিল।

কঞ্চ থানঃ উপৰ দেউৰীপাৰা চুবুৰীত চুবুৰীটোৰ দক্ষিণত এটি কঞ্চ থান আছিল। বৰ্ত্তমানৰ COJC গীৰ্জা য'ত অৱস্থিত তাত আদিতে কঞ্চৰ থান আছিল। কঞ্চ, এইটো বোন (Pean)*1 ধৰ্মৰ এটি গোসাই। এতিয়া বোন ধৰ্ম কি? সেইটোৰ বিষয়ে বিৱৰণী দিবলৈ হলে দীঘলী হ'ব। মই যি জানিছোঁ—বুজিছোঁ সেইটোহে উয়াত উল্লেখ কৰিম। বোন ধৰ্ম মতে পৰম দেৱতা মহাদেৱ (শিৱ) তেওঁৰ গাহৰি, কুকুৰা চৰাই আদিৰে বলি দি পূজা কৰা হয়। এনেবোৰ পূজা মঙ্গোলীয় গোষ্ঠীৰ মানুহবোৰে পূজা অৰ্চনা কৰিছিল, কৰি আহিছে আৰু আজিও কৰি আছে।

(Pean)*1 অসমৰ সাংস্কৃতিক ইতিহাস-পৃঃ 147

 খেতিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে ভাৰতৰ উত্তৰ-পূৱ অঞ্চলৰ জনজাতীয়লোক সকলে আজিলৈও এই ধৰ্ম মতে চলি আছে। কঞ্চ দেৱতা, খেতি ও জীৱন ধৰ্ম দেৱতা। হিন্দুৰ শাক্তিয় ধৰ্মৰ “ধৰ্মঠাকুৰ”ক যেনেদৰে বগা নিচান তৰিব লাগে, ঠিক তেনেদৰে কঞ্চ দেৱতাক বগা চৰাইৰে বলি আগবঢ়াই পূজা অৰ্চনা কৰিব লাগে। ধৰ্মঠাকুৰে যেনেদৰে মানুহৰ বিপদৰ সন্মুখীন হলে দেখা দিয়ে, ঠিক তেনেদৰে কঞ্চদেৱতাও মানুহক কিবা এটাৰ অভাস দিয়ে।

 আলচিয়া ৰজাৰ দিনত তাতে হেনো (COJC ৰে গীৰ্জা থকা ঠাইত) কঞ্চ দেৱতাৰ থান আছিল। সেইবাবে ঠাই ডোখৰত খেতি পথাৰ উলিওৱা নাছিল। খেতি পথাৰৰ মালিকে থানটো পশ্চিম পাৰত স্থাপন কৰি পূজা কৰিছিল আৰু পুৰণা থানৰ ঠাইডোখৰত নলবাৰীৰ মেজেং গাৰোৰ গিৰিয়েক লবাৰচোন মোমিনে চৰ্ত এৰি দিয়া নাছিল। সময়ে সময়ে চাফা কৰি ৰাখিছিল। তেওঁ হ’ল ৺বথপ ৰাভা আৰু কঞ্চ থানটো খেতি পথাৰৰ পশ্চিম দিশত পথাৰৰ পাৰত থানপাতি পূজা কৰি থাকিল। [ ১৯ ]

কেথলিক গীৰ্জাঃ

এইটো কেথলিক সকলোৰে গিৰ্জা। ৺ভৰত ৰাভা মৃত্যুৰ পিছত পুত্ৰ-কন্যা সকলে ভেটিৰ আধা অংশ বিক্ৰী কৰাত কেথলিক ধৰ্মীয় লোক সকলে কিনি লৈ এই গীৰ্জা ইং ........ চনত নিৰ্মাণ কৰে৷


COJC:-

এইটো Church of Jesus Christ আদিতে ইয়াত আলচিয়া ৰজাৰ দিনত বন ধৰ্মৰ কঞ্চ গোসাইৰ থান আছিল। কঞ্চ গোসাই খেতি ও জীৱন ধৰ্ম দেৱতা। সেই বাবে খেতি পথাৰৰ মালিকে খেতি পথাৰ উলিয়াব পৰা নাছিল আৰু পথাৰৰ পশ্চিম পাৰত কঞ্চৰ থানটো পাতিছিল। ইং ১৯৯৯ চনৰ পৰা এই চুবুৰীত প্ৰথম COJC দীক্ষা গ্ৰহণ কৰা হয়৷

অঙ্গনৱাদী কেন্দ্ৰ, উপৰ দেউৰীপাৰা

এই উপৰ দেউৰীপাৰা অঙ্গনৱাদী কেন্দ্ৰটো আলচিয়া পুখুৰীৰ উত্তৰ পাৰত। যোৱা ২০০৭ ইং চনৰ পৰা কেন্দ্ৰটো আৰম্ভ হৈ সম্প্ৰতি চলি আছে। এই কেন্দ্ৰটোৰ কৰ্মী শ্ৰীকল্পনা ৰাভা আৰু সহকৰ্মী শ্ৰীঊষা ৰাভা। [ ২০ ]
 

Khas Deuripara Assamess L.P. School

যোৱা ইং ২০০২ চনত এই বিদ্যালয়খন স্থাপন কৰা হয়। এই বিদ্যালয়খন মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ অন্তৰ্গত আছে বাবে খাচ দেউৰীপাৰা অসমীয়া প্ৰাঃ বিদ্যালয় নামাকৰণ কৰিছে। বিদ্যালয়খনৰ ভেটি মাটিডৰা ৺গোচাই ৰাভাৰ ভেটি মাটি আছিল। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম শ্ৰীৰাজীৱ ৰাভা আৰু সহঃ শিক্ষক জনৰ নাম শ্ৰীপূৰ্ণ ৰাভা।

উপৰ দেউৰীপাৰা মহিলা সমিতিঃ উপৰ দেউৰীপাৰা চুবুৰীটোত এটি মহিলা সমিতি আছিল। আনুমানিক ইং ১৯৭২ চনৰ পৰা ১৯৯১ চনলৈ এই মহিলা সংগঠনটো সক্ৰিয় হৈ আছিল। নাম আছিল— উপৰ দেউৰীপাৰা মহিলা সমিতি। সম্পাদিকা ৺সমিত্ৰা ৰাভা। তেওঁ আদিৰ পৰা অন্তলৈ সম্পাদিকাৰ দায়িত্ব পালন কৰিছিল। এই সমিতিৰ জৰিয়তে মহিলাৰ সৱলীকৰণ, শিশু-মাতৃৰ খাদ্য যোগান ধৰা হৈছিল।

[ ২১ ]

 শ্ৰীশ্ৰী ভগৱতী আই থানৰ পশ্চিমত যিটো পাহাৰ আছে তাক লতুমা পাহাৰ বা ৰাৱণ পাহাৰ বুলি কয়। যোৱা ইং ১৯৬৫ চনৰ পৰা এই পাহাৰত নিম্ন দেউৰীপাৰা চুবুৰীটোৰ পৰা নতুনকৈ পৰিয়াল আহি ঘৰ বান্ধিবলৈ লয়। অৱশ্যে এতিয়ালৈ এই চুবুৰীটোৰ তেনে কোনো স্পষ্ট নামাকৰণ হোৱা নাই।

 ওখ টিলা ভূ-খণ্ডক পাহাৰ বোলে। লুতুপ-তুপা টিলা কাৰণে পাতি ৰাভাৰ ভাষাত লুতুমা পাহাৰ আৰু কছাৰী সকলে লুথুমা হাজৌ বুলি কয়। দ্বিতীয়তে ৰাৱণ ৰাভা নামৰ এজন ৰাভা মানুহে পাহাৰৰ দক্ষিণ অংশত ঘৰ বান্ধি বসবাস কৰিছিল বাবে ৰাৱণ পাহাৰ বুলিও কয়। এই পাহাৰত থাকোতে গোসাইৰ ৰাস্তা বুলি সন্দেহ কৰি থাপা গাঁৱলৈ উঠি গ’ল। বৰ্ত্তমান এই চুবুৰীটোত ৰাভা পৰিয়াল ৪টা। পুৰুষ ১২ জন আৰু মহিলা ১৩ জনী কছাৰী পৰিয়াল ১৭ টা। পুৰুষ ৩৯ জন আৰু মহিলা ৩৫ জনী৷

চৰকাৰী চাকৰিয়ালঃ- নাই
নিম্ন দেউৰীপাৰা ৰাভা সকলৰ লাঙা থানঃ- নিম্ন দেউৰীপাৰা আৰু উপৰ দেউৰীপাৰা ৰাভা সকল আদিতে একেটা সমাজ আছিল। সময়ত দুটা হ'ল। যেতিয়া দুটা হ'ল— তেতিয়া নিম্ন দেউৰীপাৰাৰ ৰাভা সকলে আইথান ঝৰাৰ পাহাৰৰ কাষত লাঙা থানটো পাতে। অৱশ্যে আজি কালি লাঙা পূজা কৰা এৰি দিয়াত সেই স্থানত ৺মেচতা বড়োৱে পুখুৰী খান্দিলে। [ ২২ ] আইথান পাহাৰঃ

শ্ৰীশ্ৰী ভগৱতী মন্দিৰটোকে আইথান বুলি কয়। এই আইথান যিটো পাহাৰত আছে সেই পাহাৰটোকে আইথান পাহাৰ বুলি কয়। শ্ৰীশ্ৰী ভগৱতী আইক কেতিয়াৰ পৰা পূজা কৰি আহিছে সেইটো কোৱা সম্ভৱ নহয়। মৌজাৰ অন্তৰ্গত থকা ৰাভা, কছাৰী সম্প্ৰদায়ৰ লোক সকলে পূৰ্বৰে পৰা ইয়াক

শ্ৰী শ্ৰী ভগৱতী আইৰ মন্দিৰ

পূজা কৰি আহিছে আৰু ৰাভা সম্প্ৰদায়ৰ লোক সকলে বংশানুক্ৰমে দেউৰী (পূজাৰী) নিৰ্ব্বাচন কৰি পূজা কৰি আছিল যদিও ৺ভূবিন ৰাভা নামৰ দেউৰী মৃত্যুৰ পিছত সিহঁতৰ বংশত তেনে উপযুক্ত দেউৰী নোপোৱাত দেউৰীৰ বংশানুক্ৰমৰ লানি চেৰাই ৰাভা সম্প্ৰদায়ৰ উপযুক্ত ব্যক্তিক দেউৰী পাতি পূজা কৰি আছে। আমি জনাত কামান ৰাভা, ৰামান ৰাভা, খাছা ৰাভা, ভূবিন ৰাভা, কামাৰ সিং (থালমাং) ৰাভা, পক্ষীন্দ্ৰ ৰাভা, ভৱেন্দ্ৰ ৰাভা, শ্ৰীউমেশ ৰাভা আৰু বৰ্ত্তমানৰ শ্ৰীলোহিত ৰাভা দেউৰী (পূজাৰী)। ব্ৰাহ্মণৰ হাতে ইয়াক পূজা দিয়া নহয় আৰু ইয়াত তেনে হোমাদি বা যজ্ঞ কৰা নহয়। বছৰেকত দুবাৰ পূজা কৰা হয়। ১। ভৰ পূজা আৰু ২। জেঠ মহীয়া পূজা। [ ২৩ ]

 

শ্ৰীশ্ৰী ভগৱতী আইৰ মন্দিৰ

১। ভৰ পূজাঃ মাঘবিহুৰ এসপ্তাহৰ আগতে এই পূজা কৰা হয়। আগতে পুহ মাহৰ ২১ তাৰিখৰ সন্ধ্যা অধিবাস আৰম্ভ কৰি ২৩ তাৰিখৰ আবেলি পৰত পূজা সমাপন কৰা হয়। কিন্তু পূজাৰ কাম-কাজ লগতে ভক্ত ৰাইজৰ সমাগম বাঢ়ি অহা কাৰণে ইয়াৰ পিছৰ দিনত ৰাতি পুৱা সময়ত সামৰা হয়। Leap yearৰ বেলিকা তাৰিখ পৰিবৰ্ত্তন হ'ব পাৰে।

২। জেঠ মহীয়া পূজাঃ মৌজাবাসী ৰাইজৰ সুবিধা অনুযায়ী জেঠমাহৰ যিকোনো তাৰিখত অম্বুবাচিৰ চুৱা নপৰাৰ আগতে এই পূজা সমাপন কৰিব লাগে। এই পূজা সন্ধিয়া অধিবাস তাৰ পিছৰ দিনা পূজা আৰম্ভ কৰি আবেলি পৰত পূজা সামৰা হয়।

 এই আই থান পাহাৰৰ টিঙত মহাদেৱৰ মন্দিৰ আছে। মন্দিৰত দেখাত এটা সাধাৰণ শিল যেন দেখি যদিও প্ৰকৃততে ই কি শিল আমি সাধাৰণ মানুহে কব নোৱাৰোঁ আৰু লগত এটা বগা বৰণৰ শিল আছে। এই শিল শালগ্ৰাম শিলা বুলি অনুমান কৰিব পাৰি। এই শালগ্ৰাম শিলাক সময়ত দেখিবলৈ পোৱা যায় আৰু সময়ত থাপনাৰ তলত সোমাই পৰে। ই দেৱৰ এক লৌকিক গুণ। তাৰ পৰা নামি আহোঁতে দুৱৰী ঠাকুৰৰ থান পোৱা যায়। দুৱৰী ঠাকুৰৰ থাপনাত এটা সাধাৰণ শিলৰ শিলা যেন দেখা পোৱা যায়। আমি সাধাৰণ মানুহে এই শিলাক কি বিধৰ শিল তাক ঠাৱৰ কৰিব নোৱাৰোঁ। তাৰ পৰা নামি আহিলে [ ২৪ ] সমতলত --- খেলাৰাম, মেলাৰাম, জগন্নাথ ঠাকুৰ, পাগলা ঠাকুৰ, সোনাৰায়, ৰূপাৰায়, আয়ৰুতী, বায়ৰুতী আদি দেৱ-দেৱীৰ থাপনা পোৱা যায়। এই দেৱ-দেৱীৰ সোঁফালে শ্ৰীশ্ৰী ভগৱতী আইৰ থাপনা।

 শ্ৰীশ্ৰী ভগৱতী আইৰ দুজনী বেটী। গঙ্গা আৰু মায়া। গঙ্গা আৰু মায়াক বৰ্ত্তমান মন্দিৰৰ পশ্চিমত থকা আইথান ঝৰাত (জৰণাত) দুটা গোসাইৰ ভাগ দি পূজা দিয়ে। মানে জল কুৱৰীৰ নামত ভাগটি আগবঢ়ায়।

শ্ৰীশ্ৰী ভগৱতী আইৰ পূজা কমিটিঃআমি জনাত মৌজাৰ গাঁও বুঢ়া সকলৰ দায়িত্বত পূজা পৰিচালনা কাৰ্য্য চলি আহিছে। সম্প্ৰতি গাঁও বুঢ়া সকলৰ প্ৰশাসনীয় ক্ষমতা নাই যদিও পূজাৰ ক্ষেত্ৰত মৌজা ৰাইজে সম্পূৰ্ণ চৰ্ত দিয়া আছে। অৱশ্যে এই চৰ্ত গণতান্ত্ৰিক পদ্ধতিৰে চলে। পূৰ্ব্বতে গাঁও বুঢ়া সকল বংশানুক্ৰমে আছিল বুলি শুনিছিলোঁ। এতিয়া এই পদ্ধতি নাই। গাঁও বুঢ়া সকলৰ মাজত এজন বড়-গাঁওবুঢ়া আছিল। এতিয়াও আছে যদিও তেওঁক আজি কালি সভাপতি ৰূপে গণ্য কৰা হয়। পূজা কমিটিৰ গাঁও বুঢ়া সকলৰ মাজত পূৰ্ব্বতে সৰকাৰ নিয়োগ কৰা হৈছিল।

আজিও তদ্ৰুপ চেক্ৰেটাৰী/সম্পাদক নিৰ্বাচন কৰি লোৱা হয়। চাৰা (অন্য মৌজাত কঠিয়াল বুলি জনাজাত ) আছে। পূৰ্বতে সম্পাদকক দৰমহা বা অন্যান্য লাম-চাম একো দিয়াৰ ব্যৱস্থা নাছিল। এতিয়া দিয়া হ'ল আৰু চাৰা জনক বছৰেকত দৰমহা দিয়া হয়৷

সাত বইনী পাহাৰঃ

সাত বইনী বুলি কলে— অসমীয়াত সাত ভনী বুজায়। বইনী বুলি কোৱা শব্দটো আমাৰ সাতাম পুৰুষীয়া ভাষাৰ শব্দ। সেয়ে সাত বইনী পাহাৰ বুলিয়ে কব লাগিব। শ্ৰীশ্ৰী ভগৱতী আইৰ যি কেইজন বইনী আছে; তাৰে সাত বইনী দেৱীৰ থান— এই পাহাৰত আছিল। এই সাত বইনী পাহাৰটো হ’ল শ্ৰীশ্ৰী ভগৱতী আইৰ মন্দিৰ থকা পাহাৰৰ পূৱ ফালে নিচেই গাতে লাগি থকা পাহাৰটো। এই পাহাৰৰ দক্ষিণ-পশ্চিম কোণত সাত বইনী দেৱীৰ থান [ ২৫ ] আছিল বুলি ৺ৰেমন ৰাভাই (গাঁও বুঢ়া, ৰাংশী) মোৰ আগত ব্যক্ত কৰা কথা। “নয় বইনী নাৰানী জগৰ বায়নি কাকায়নি হগো ৰে হগো হগো।” এইটো ৰাভা সকলৰ পাংবা নৃত্যৰ গীত। সেয়ে সাত বইনী গোসানী ভগৱতী আইৰ লগত নিশ্চয় সাঙোৰ খাই থাকিব আৰু থকাতো নিশ্চিত। সেই বাবে পাহাৰৰ নাম “সাত বইনী পাহাৰ” নাম পাইছে। এই পাহাৰৰ নামটো আজি কালিৰ দিনত দিয়া নাম নহয়। ই পূৰ্বৰে পৰা মাতি থকা নাম। কিন্তু কোনো এটা দিনৰ পৰা এই গোসানীক পূজা দিয়া বাদ পৰিল আৰু আজি আমি পাহৰি গ’লোঁ।

 সাত বইনী পাহাৰৰ টিঙত যে- মানুহৰ বসবাসৰ ভূমি আছিল, সেইটো ৺ৰেমন ৰাভাই (গাঁও বুঢ়া, ৰাংশী) শিশু অৱস্থাত দেখা পাইছিল বুলি মোৰ আগত ব্যক্ত কৰিছিল। এই সাত বইনী পাহাৰত মানুহৰ বসবাস থকা সময়ত ৰেমন ৰাভাৰ বয়স পাঁচ / ছয় বছৰীয়া আছিল। পথাৰত খেলিবলৈ ওলালে দেখাটো তেওঁৰ সোপনত দেখা যেন লাগে বুলি ব্যক্ত কৰিছিল। ৺ৰেমন ৰাভা যোৱা ইং ১৬/১১/১৯৮৪ তাৰিখত ১০৫ বছৰ বয়সত মৃত্যু হয়। গতিকে তেওঁৰ জন্ম ইং ১৬/১১/১৮৭৯ চনত হ'ব লাগিব। সেই চনলৈ এই পাহাৰত মানুহৰ বসবাস যে আছিল এইটো থাৱৰ কৰিব পাৰি।

 যোৱা ইং ১৯৯০ চনত “আইথান মধ্য ইংৰাজী বিদ্যালয়”খন প্ৰথমে এই পাহাৰৰ টিঙতে বান্ধে। বিদ্যালয়ৰ ঘৰ বান্ধিবৰ বাবে মাটি খান্দতে কিছুমান পিতলৰ খাৰু আৰু অন্যান্য সৰু সৰু অচিনাকি বস্তু পোৱা হৈছে। বাৰে বাৰে বতাহৰ কবত বিদ্যালয়ৰ ঘৰৰ চাল ভাঙি পৰাত যোৱা ......... চনৰ পৰা পাহাৰৰ নামনিত বন্ধা হ’ল। বিদ্যালয়ৰ ঘৰ বন্ধাৰ আগতে এই পাহাৰটোত বাঁহ ৰুই দিয়া হৈছিল। তাৰ আগতে ঠাই ডৰা এৰা পৰি আছিল যদিও দুই এজনে মাতিমাহৰ খেতিও কৰা দেখা গৈছিল।

*** ***

[ ২৬ ]
 

আইথান ঝৰা আৰু মাজে দাৰাঃ

নিজৰাৰ পানী বহল ভাবে বোৱা নলাটোকে ঝৰা (ঝৰণা > জৰণা) বুলি কওঁ। শ্ৰী শ্ৰী ভগৱতী আইৰ থান ( মন্দিৰ )ৰ পাহাৰ আৰু তাৰ নিচেই ওচৰতে থকা লুতুমা পাহাৰৰ কাষেদি যিটো ঝৰা বৈ আছে সেইটোৱেই হ’ল “আইথান ঝৰা”। এই ঝৰাৰ উৎপত্তি ৰাংশী গাঁৱৰ পশ্চিমত উত্তৰ-দক্ষিণাকৈ খেতিপথাৰ আছে আৰু খেতি পথাৰৰ পশ্চিম দিশত যিবোৰ পাহাৰ আছে সেইবোৰৰ পানীয়ে আইথান ঝৰাৰ উৎপত্তিৰ স্থল বুলিব পাৰি। সেই পানীৰ ঝৰাটিয়ে মেন্দিপাথাৰ-দামৰা আলিবাটক ৰাংশী গাঁৱৰ শ্মশানত অতিক্ৰম (Cross) কৰি কিছুদূৰ বৈ গৈ পশ্চিম ফালে গতি কৰি পুনৰ উত্তৰ মূৱা হৈ ৰেল লাইন অতিক্ৰম (Cross ) কৰি লুতুমা পাহাৰৰ কাষে কাষে চেঁচাপানী -থবলপাৰা আলিবাটক আইথান পূজা কমিটিৰ কাৰ্যালয়ৰ নিচেই কাষতে অতিক্ৰম কৰি নিম্ন দেউৰীপাৰা চুবুৰীটোৰ কাষেদি ডাঙা পাথাৰ ( ডাঙৰ পথাৰ) নামৰ খেতি পথাৰত পানী যোগানৰ সুবিধা কৰি তুলিছে। এই ঝৰাটিয়ে মেন্দিপাথাৰ-দামৰা আলিবাটক য'ত অতিক্ৰম কৰিছে তাত এটি পুল/দলং (Bridge) আৰু শ্মশান আছে। এই ঠাই ডোখৰক “বানা চিকা” বুলি কোৱা হয়। কেনেকৈ বানা চিকা নাম দিয়া হ’ল, সেইটো আমি অজ্ঞ। এই বানা চিকাৰ উত্তৰে অৰ্থাৎ ঝৰাৰ নামনি ভাগত “বীৰ দামল” বুলি এটি দামল (জান) আছে। এই দামলৰে আইথান পাহাৰ আৰু সাতবইনী পাহাৰৰ মাজেদি খেতিপথাৰত পানী যোগানৰ বাবে এটি সৰুকৈ দাৰা ( নলা ) আছে। এই দাৰাটিক মাজেদাৰা বুলি কয়। এই মাজে দাৰাটি ৰেল লাইন অতিক্ৰম কৰি আইথান পাহাৰৰ কাষে কাষে বৈ গৈ খেতি পথাৰত পানী যোগানৰ সুবিধা কৰি দিছে। [ ২৭ ]
 

ৰাংশী ঝৰা আৰু থুক্ চি ঝৰাঃ

 ঝৰা, ইয়াৰ আধুনিক শব্দ ঝৰণা > জৰণা। ঝৰা শব্দটি গোৱালপৰীয়া স্থানীয় ভাষাৰ শব্দ। ৰাংশী ঝৰা মেঘালয়ৰ গাৰোপাহাৰৰ নাতিদূৰৰ পৰা ওলাই আহি দামাছ বজাৰৰ পশ্চিমে দামৰা-মেন্দিপাথাৰ আলিবাটৰ কাষে কাষে বৈ আহি ৰাংশী গাঁৱৰ দুটা চুবুৰীৰ মাজেৰে অতিক্ৰম কৰি খেতি পথাৰৰ মাজেৰে উত্তৰ দিশলৈ বৈ গৈ খুক্-চি ঝৰাৰ লগত মিলিত হৈ চেঁচাপানী-থবলপাৰা আলিবাট অতিক্ৰম কৰি আৰু ৰেল লাইন অতিক্ৰম কৰি গাৰ দামলত পৰিছে। ইং ১৯৬০-৬৫ চনলৈ এই গাৰ দামল ডুবিৰ সদৃশ জলাশয় আছিল। কিন্তু এতিয়া ভৰ বাৰিষাত ফুটবল খেলিব পৰা অৱস্থা হ'ল। বাম হৈ পৰিল। ইয়াৰ মূল কাৰণ হ'ল- দীঘল ঝৰাৰ বালি আৰু পলস বোৰে পানীৰ সোঁতত গৈ গৈ দ অঞ্চল বাম কৰি পেলালে। যোৱা ইং ১৯৬৫-৬৬ চনত আমি তাত এক পেট পানীত নামি টাঙা বৰশী বাইছিলোঁ। কিন্তু ইং ২০১৭ চনত দ ঠাই বাকৰিত পৰিণত হ’ল। গাৰ দামলত চন্দ্ৰ দামল বুলি এটি দামল (জান) আছিল। সেই দামল খেতিৰ বাবে বন্ধ নহয়, কেৱল মাছ ধৰাৰ বাবে বন্ধ। চন্দ্ৰ দামলৰ নলাটো ভেটা দিলে বহুতো মাছ পোৱা যায় বাবে বন্ধ হৈছিল। চন্দ্ৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক কনা দামল নামেৰে জনাজাত। কনা ৺হৰেশ ৰাভাৰ বাপেক।

 ইং ১৯৬৭-৬৮ চনলৈকে তিলক মহাজনৰ খেতি পথাৰত পানীত গজা দল সমূহ ধান কটা কাচি নাইবা দা ৰে কাটি জমা কৰি থৈ হাল মাৰিব লাগে। কাটি থোৱা দলৰ দমবোৰ ধান খেৰৰ পুজিৰ দৰে দেখি। তেনেকৈ বহুত দলৰ দম হয়। কিন্তু আজি তেনে দল নাই।

থুক্-চি *2ঝৰাঃ

 ৰাংশীগাঁৱৰ উত্তৰ অংশত ইং ১৯৬৫ চনলৈ পিটনি আছিল। সেইপিটনি এতিয়া খেতি পথাৰ হ’ল। সেই পিটনিৰ পৰা নিগৰি ওলোৱা পানীয়ে নিজৰাৰ আকাৰ লৈ ঝৰাৰ সৃষ্টি হৈছে। সেই ঝৰাটোকে খুক্-চি ঝৰা বুলি কোৱা হয়। আজিও সেই ঝৰাৰ চিহ্ন নলা ৰূপত থবলপাৰা গাঁৱৰ শ্ৰীজয়ৰাম ৰাভাই ৰাখি থৈছে। কেনেকৈ থুক্-চি ঝৰা নাম পালে, সেই বিষয়ে আমি এতিয়া অজ্ঞ।

গপ্তাঃ

 গপ্তা শব্দটি গোৱালপৰীয়া স্থানীয় ভাষাৰ শব্দ। ৰাইজৰ সজাগ আৰু দেশৰ উন্নতিৰ লগে লগে পূৰ্বৰ গপ্তাবোৰ এতিয়া দেখিবলৈ পোৱা নাযায়। গপ্তা হ'ল— গৰু, ম'হৰ [ ২৮ ] জাক। ম’হৰ গাড়ী, মটৰ গাড়ী আদি অনা-নিয়া কৰিবৰ বাবে বহলকৈ ৰাখি থোৱা ৰাজহুৱা আলিবাট। এনে গপ্তা আইথান ঝৰাৰ পৰা থবলপাৰা গাঁৱলৈ আছিল। আইথান ঝৰাৰ পৰা দাবিলী-দেউৰীপাৰা দোকান আলিবাটত সংযোগ আলিবাটটো পূৰ্বতে পথাৰৰ আলি*2থুক্-চি ৰাভা সকলৰ দেৱী। এটাহে আছিল। পখীন্দ্ৰ ৰাভা গাঁও বুঢ়া হৈ থকা কাৰ্যকালত পথাৰৰ গিৰিহঁতৰ সতে আলোচনা কৰি আলিবাট নিৰ্মাণ কৰে আৰু চেঁচাপানী-থবলপাৰা আলিবাটটো মৌজা ৰাইজৰ দ্বাৰা শ্ৰমদান কৰি মাটি উঠাই সম্পূৰ্ণ কৰা হয়। এই আলিবাট নিৰ্মাণ কৰা আনুমানিক ইং ১৯৬৬/৬৭ চনত। সম্প্ৰতি ইং ২০১৭ চনত থবলপাৰাৰ পৰা উপৰ দেউৰীপাৰা চুবুৰীটোলৈ পিচ কৰা হ’ল আৰু এতিয়াও বাকী শিল-বালিৰ আলিবাট হৈয়ে আছে।

কৰ্ম সংস্কৃতি আৰু জীৱন নিৰ্ব্বাহঃ

 কৰ্ম সংস্কৃতি আৰু জীৱন নিৰ্ব্বাহ বুলিলে মই স্বচক্ষুৰে দেখা কৰ্ম সমূহ আৰু জীৱন ধাৰণৰ গতি সমূহৰ বিষয়ে কিছু উল্লেখ কৰিব বিচাৰিছোঁ। গতিকে মোৰ জীৱন্ত কালত হৈ যোৱা দিনবোৰৰ কথা লিখিব বিচাৰিছোঁ।

 ইং ১৯৬০-৮০ চনলৈ এই অঞ্চলৰ খেতিয়াক সকলে ৰাতি কুকুৰা চৰাইৰৰ ডাক শুনাৰ লগে লগে ভৰ বাৰিষাত গৰু হাল লৈ হাল মাৰিবলৈ ওলায়। সেই দিনত থলুৱা জাতৰ ধানকে সৰহভাগে খেতি কৰিছিল। থলুৱা জাতৰ ধান সমূহ ধান বিশেষে নিজৰ নিজৰ সময় অনুযায়ীহে গেৰ ওলায় আৰু পকিবলৈ ধৰে। ইং ১৯৬৫-৮০ চনলৈ এনেকুৱা হাল বোৱা দেখা পাইছিলো যে— দুপৰীয়া ১০-১১ বজালৈকে হাল বাইছিল; কিন্তু ২০১৭ চনত ট্ৰেক্টৰৰ সংখ্যা সৰহ হোৱাত এতিয়া গৰু আৰু ম’হৰ দ্বাৰা হাল বোৱা সংখ্যা কমি গ’ল। হয়তো পিছৰ কালচোৱাত নোহোৱাই হ’ব। আমি জনাত আমাৰ এই অঞ্চলৰ থলুৱা ধানবোৰ হ’ল

ক) আহু ধান, বাইগুন গুটি, বালি ভুবৰি, চাৰেমা, গুৰিয়া আৰু বাঙাল দাৰি - -

খ) পৰমা ধানঃ বগা পৰমা, ৰঙা পৰমা, বিলচা - - -।

গ) কাতি মহিয়া ধানঃ দৰিয়া, কেঙেৰা, কাতিশালি - - -।

ঘ) শালি ধানঃ (মতা) পাৰফুকা, কেহৰ, কাছিৰি কুচুৰি, চিৰগুটি, ঝুল, লাউ বকা, হাতীমাউল,
 গমঠা - - -
 (পাতি) হাতীদাত, সোনাঝুল, গাৰোবাও, বালাম - - -৷

ঙ) বৰাধানঃ হলুং বৰা, আমঠংকা বৰা, মাখালেকা বৰা, চন্দাবৰা - - -। [ ২৯ ] চ) ভোগ বা জহা ধানঃ বগৰীভোগ, তুলসী ভোগ - - -।

প্ৰজেক্টটোৰ পৰা পোৱা ধান সমূহঃ বৈজ্ঞানিক পদ্ধতিৰে হৰমণ সলনি কৰি উলিওৱা ধান সমূহকে প্ৰজেক্টটোৰৰ ধান বুলি কোৱা হয়। যেনে— I R-৪, টাইচুং, চকেট - - -।

 ক) আহু ধানবোৰক পাহাৰৰ ওপৰত, বাকৰি মাটিত (বাখাৰা মাটিত) এধলিয়া মাটি (উঠান শুকান মাটি) বোৰত খেতি কৰা হয়। ধানৰ গুটি সিঁচাৰ পিছত বনবোৰ নিৰণি দিব লগা হয়। নিৰণি দিয়াৰ সময়ত আহু তুলিত ঘুমাৰু ফল আমি খাবলৈ পাইছিলোঁ। ঘুমাৰু এবিধ বাঙি জাতীয় সৰু সৰু ফল। বৰ্ত্তমান আহু ধানৰ খেতি এৰি দিয়া হল বাবে এনে ঘুমাৰু ফুল দেখা নেযায়।

 খ) পৰমা খেতি। আমাৰ এই অঞ্চলত ইং ২০০০ চনলৈ পৰমা ধানৰ খেতি কৰি থকা দেখা গৈছিল। আজিও (২০১৭ চন) এই খেতি কিছুমান গাঁৱত খেতি কৰি থকা দেখা যায়। এঢলিয়া মাটি আৰু দ মাটিত ইয়াক খেতি কৰা হয়। ইং ১৯৬৫-৯০ চনলৈ আগুৰি ফৰমা ধানৰ খেতি কৰা বহুত দেখা গৈছিল। আগুৰি পৰা খেতিৰ অৰ্থ হল-আগতিয়াকৈ কৰা খেতি। শালিজমিত আগতিয়াকৈ বহাগ মাহত খেতি লগাই শাওঁন মাহত খেতি চপাই আনি পুনৰ শালি ধানৰ খেতি কৰা পদ্ধতি। এনে খেতি বৰ্ত্তমান ইং ২০১৭ চনত দেখা পোৱা নেযায়।

 গ) কাতি মহীয়া ধান। কাতি মাহত খেতি কৰা ধান। এঢলীয়া মাটি বাবে দ মাটিটো ইয়াৰ খেতিভাল হয়। কিন্তু উৎপাদনৰ পৰিমাণ শালি ধানৰ তুলনাত কিছু কম কাৰণে এই ধানৰ পৰিবৰ্ত্তে শালি ধানৰ খেতিটোকেই কৰে।

 ঘ) শালি ধানৰ খেতি। আমি জনা দিনটোত থলুৱা জাতৰ শালি ধানেই সৰহ আছিল। থলুৱা জাতৰ শালি ধানবোৰ বহাগ মাহৰ পৰা আহাৰ মাহৰ শেষলৈকে কঠিয়া পাৰিব পৰা যায়; কিন্তু আঘোন মাহত এই ধানবোৰ পকিব অৰ্থাৎ শালি ধানৰ গেৰ ওলোৱা আৰু পকাটো নিৰ্দ্দিষ্ট সময় লয়। সেয়ে শালি ধানৰ পাৰি থোৱা কঠিয়াবোৰ উভালি আনি বকাত ৰই পুনৰ ৰই থোৱা ধানৰ গছাক উভালি খেতিপথাৰত ভালদৰে ৰুৱ লাগে। এনে কৰা কাৰ্যকে “জাৱা কঠিয়া” ৰুৱা বুলি কয়। শালি ধানৰ কঠিয়া জাৱালে ভাল ফচল পোৱা যায়। বৰ্ত্তমান (২০১৭ চনত) থলুৱা জাতৰ শালি ধানৰ খেতি নাই বুলিয়েই কব পাৰি। কৰে যদিও শতকৰা দহশতাংশ মানহে পোৱা যাব। [ ৩০ ] ঙ আৰু চ) বৰাধান আৰু জহা বা ভোগ ধান। এই বিধ ধানৰ খেতি শালি ধানৰ সদৃশ; কেৱল ধান দুবিধৰ ভাতৰ ক্ষেত্ৰতহে তাৰতম্য দেখা যায়। বৰা ধানৰ ভাত আঠা আৰু জোহা বা ভোগ ধানৰ ভাত সুগন্ধি।

জীৱন নিৰ্ব্বাহঃ গাঁও খনত খেতিয়ক আৰু মজুৰি কৰি খোৱা লোকেই সৰহবাবে জীৱন নিৰ্ব্বাহ গতিধাৰা দুখ কৰিবলগীয়া। খেতি কৰি বছৰেকত যি শস্য পায় এযোৰ কাপোৰ কানি কিনোতে উৎপাদিত শস্যৰ একাংশ শেষ হৈ যায় আৰু মজুৰি কৰি খোৱা লোকৰ ক্ষেত্ৰত তেনেই তথৈবচ।

ঘৰ-বাৰী যতনঃ

পথাৰ খেতিৰ কাম শেষ কৰি গাঁৱলীয়া সকলে ঘৰ-বাৰী যতন কৰাত লাগি যায়। যেনে— নিজৰ ঘৰ-বাৰীৰ মালি-পুদুলি উঠোৱা, ধানকটা দিনত ৰন্ধাবঢ়াৰ বাবে খৰি জমা কৰা, ঘৰৰ তিৰোতা সকলেও ঘৰৰ পৰিয়াল সকলৰ বাবে কাপোৰ তৈয়াৰ কৰা আদি কামত লাগি যায়। ইং ১৯৭০ চনৰ আগতে অঞ্চলটোত খেৰৰ ঘৰ বেছি আছিল। সেইবাবে বাঁহ-খেৰ আদি কাটি আনি ঘৰ-বাৰী যতনাই লৈছিল।

জীৱন নিৰ্ব্বাহঃ পূৰ্ব্বৰ দৰে গছ-গছনি নহোৱাত ঘৰ বান্ধিবৰ বাবে খেৰ-বাঁহ নথকাত মানুহৰ ঘৰ-দুৱাৰৰ অৱস্থা তেনেই অচল হৈছিল আৰু দুখীয়া শ্ৰেণীৰ লোকৰ বাবে তেনেই পানীত হাঁহ নচৰা হৈছিল। নিম্ন দেউৰীপাৰা গাঁৱত কেৱল দোমন বড়ো, যোগেন বড়ো, চানজাং বড়ো আৰু হৰেশ ৰাভাৰ মাত্ৰ টিনৰ ঘৰ দেখা গৈছিল।

কাটিমহীয়া ধান কটাঃ খেতিয়ক সকলৰ শতকৰা পঞ্চাশ শতাংশ ভাগেই কাতিমহীয়া ধানৰ খেতি কৰে। কাৰণ বছৰেকত কাতিমাহটোৱে কঙাল (কাঙাল) মাহ। সেই বাবে কঙালি বিহু নাম দিছে। নতুন ধান লগ পাবৰ বাবে একদিনৰ কাৰণে আনৰ পৰা ধান [ ৩১ ] ধাৰে খাব লগীয়া হয়। সেই কাৰণে অভাৱ পূৰণৰ বাবে এক দবল হলেও কাতি মহীয়া ধান ৰুই বিপদৰ পৰা সকাহ পায়। সেই ধানবোৰ হ’ল— দুৰিয়া ধান, কেঙেৰা ধান আদি। বাছমতি ধান আনুমানিক ইং ২০০০ চনৰ পৰা আমাৰ ইয়াত আহি পাইছে।

শালিধান কটাৰ সময়ঃ আঘোন মাহৰ প্ৰথম তাৰিখত নতুন ধান কটাৰ নিয়ম।এই নিয়মকে ধান আগলোৱা বুলি কয়। ধান আগলোৱা ধৰ্মীয় নিয়ম অনুযায়ী বহুতো পালন কৰিবলগীয়া নিয়ম আছে। যেনে ধান আগলোৱা গোসাইয়ৰ বাবে প্ৰসাদ তুলি থোৱা, নবীন খোৱা(নতুন ভাত খোৱা) আৰু নিজৰ খেতিপথাৰৰ ধান সম্পূৰ্ণৰূপে ঘৰত আনি পোৱাত পালন কব্বি লগীয়া নিয়ম। এইবোৰ অৱশ্যে ইং ২০১৭ চনলৈ শকৰা বিশ শতাংশ ঘৰ মানুহে পালন কৰি আছে। আজি কালি ধৰ্মীয় নিয়ম নীতি মানি চলিবলৈ টানপোৱা হৈছে।

 গাঁৱত যেতিয়া ট্ৰেক্টৰ নাছিল; তেতিয়া যি কোনো ধান যেনে— আহু ধান, পৰমা ধান, কাতিমহীয়া ধান আৰু শালি ধান এইবোৰ ধান গৰুৰে মৰণা মাৰি শেষ কৰা হৈছিল। আঘোন মাহত শালিধানবোৰ মৰণা দিয়াৰ বাবে প্ৰতিযোগিতামূলক হৈছিল। কোনে কিমান ৰাতিত উঠি মৰণা দিবপাৰে তাৰে প্ৰতিযোগিতা চলিছিল। সেয়ে যি জনে যিমান ৰাতি সাৰপায় সি মৰণা দিবলৈ গৰু ভাগ পায় আৰু যি জনে মৰণা দিবলৈ মনযোগ নকৰে সি মৰণা দিবলৈ গৰু ভাগ নাপায়।

জীৱন নিৰ্ব্বাহঃ আঘোণ মাহত শালিধান পোৱা যায়। এই মাহত খেতিয়কৰ কুকুৰৰ মূৰত ধান। কথাটো সঁচা কিন্তু উৎপাদিটো শস্যবোৰ বছৰেকৰ মূৰত দিবলগীয়া সমূহ দিওতে শেষ পায়। উৎপাদিত শস্য পৰিয়ালৰ কাপোৰ কানি কিনোওতে ভালেখিনি ধান বিক্ৰী কৰিবলগীয়া হয়। ইং ২০১৭ চনৰ জানুৱাৰী মাহত শালি ধান বিক্ৰী কৰিলে পোৱা হৈছিল প্ৰতি মোনত গঢ়ে ৪০০.০০ টকা। অভাৱত পৰিলে জমি বিক্ৰীকৰা, সুতৰ তলত জমি বন্দক থোৱা প্ৰথা পূৰ্ব্বৰে পৰা চলি আহিছে। ডামৰা আৰু কৃষ্ণাইৰ ঘোঁৰাপোটা মৌজাৰ অন্তৰ্গত গোৱালপৰীয়া মহাজন সকলে বহুত খেতিৰ জমি বন্ধকতলৈ দখল কৰি নামজাৰি কৰি লোৱা দেখা যায়। দেউৰীপাৰা গাঁৱত সেই প্ৰথা গ্ৰহণ কৰা নাছিল। ইং ১৯৭৫ চনৰ আগত বজাৰত কাৱলী সকলৰ পৰাও বহু লোকে মাহে প্ৰতি শতকৰা ১৫% ৰ পৰা ২০% টকা সুতৰ হাৰত ঋণলোৱা আমি কব পাৰো। জমি বিক্ৰী, সুতৰ তলত বন্দক থোৱা আৰু কাৱলী সকলৰ মাহে প্ৰতি শতকৰা ১৫%-২০% টকা সুতৰ হাৰত ঋণ লোৱাতকৈ এক কুইণ্টল ধানত একবিঘা জমি একবছৰৰ বাবে কৰ্তনীত থোৱা প্ৰথা অতিকৈ ভাল। এই প্ৰথাটোক কৰালি বুলি কয়। এই কৰালি প্ৰথা আনুমানিক যোৱা ইং ১৯৬৪ চনৰ পৰা এই অঞ্চলত প্ৰচলিত হৈছিল। কিন্তু এই প্ৰথাত মহাজন [ ৩২ ] সকলোৰ লাভ নেথাকে বুলি এতিয়া পুনৰ সুতৰ তলতে বন্দক লব লাগিছে। কৰ্তনীত জমি লব নখোজে।

মাঘ বিহুৰ পৰা বহাগ বিহুলৈঃ শালিধান কটা হলে মাঘ বিহু আহি পৰে। মাঘ বিহুটোকে গাঁৱলীয়া খেতিয়ক সকলে বছৰৰ কাম-কাজৰ শেষ সীমা বুলি গণ্য কৰে। খেতি কামৰ বাবে অনা হালোৱা-ৰুৱণী সকলোক দৰ্মহা দি বিদায় দিয়ে আৰু আগন্তক বছৰৰ বাবে কামৰ পৰিকল্পনা কৰে। আগন্তক বছৰৰ বাবে গৃহস্থই খৰি সংগ্ৰহ, নতুন ঘৰ বন্ধা বা মেৰামতি কৰা, হালোৱা-ৰুৱণি বিচৰা, হাল বাবৰ বাবে গৰু, ম’হ ঠিক কৰা কৰ-নাঙল তৈয়াৰ কৰা ইত্যাদিৰ কামবোৰ হাতত লয়। ১৯৭০ চনৰ আগচোৱাত আজিৰ দৰে ঘৰে ঘৰে টিন আৰু চিমেন্টৰ ঘৰ কম আছিল। সেই দিনত টিন আৰু চিমেন্ট আছিল যদিও বাঁহ আৰু খেৰৰ ঘৰেই শতকৰা ৮০ ভাগ আছিল, সেই বাবে খৰাঙৰ বতৰত খৰি, খেৰ, বাঁহ আদিৰ বাবে ওচৰৰ পাহাৰত সংগ্ৰহৰ বাবে গৈছিল। মাজে মাজে বনৰ জীৱ-জন্তুৰ চিকাৰ কৰিছিল। ইং ১৯৭০ চনলৈ উপৰ দেউৰীপাৰা গাঁৱৰ মানুহবোৰে শগৰা পহু, বনৰীয়া গাহৰি, কেটেলা পহু, গুই চিকাৰ কৰিছিল। হৰিণ, শগৰাপহু, বনৰীয়া গাহৰি এইবোৰ এতিয়া নাই কাৰণে এনে চিকাৰ কৰা এৰি দিয়া হ’ল; লগতে এইবোৰ জন্তুৰ বাবে তৈয়াৰ কৰা জাল সমূহ নাই আৰু জাল বনাবও নাজানিব। খৰাঙত আঠাৰে পখী পানী খোৱা ফান্দপতা, কপৌ চৰাইক জালত ফান্দপাতা এইবোৰ চিকাৰ আজিও কৰি থকা দেখা যায়।

জীৱন নিৰ্ব্বাহঃ সকলো ব্যক্তিয়ে চিকাৰ নকৰে; এই সময় চোৱাত আগন্তক বছৰৰ বাবে পৰিকল্পনা কৰি নতুন পথ সুগম কৰি লয়।

গুচতি (আলহি) খোৱাঃ গুচতি বা আলহি খোৱা প্ৰথাটো আগৰে পৰা চলি আহিছে। আৰু আজিও চলি আছে। কিন্তু ধৰণ কৰণ সলনি হৈছে। আগত দোকান পোহাৰ নাছিল বাবে আলহিয়ে পিঠা বা আখৈ ভাজি আনিছিল আৰু কেতিয়াবা আলহিয়ে ঘৰত আবু আতাৰ লগত ফৰিবলৈ গলে এনেবোৰ খাদ্য তৈয়াৰ কৰি দিছিল। একেবাৰে একোদিব নোৱাৰিলে কুকুৰা চৰাই বাহৰ পৰা কণীটোকে ঘৰত আহি ভাজি খাবলৈ চোলাৰ মোনাত সুমোৱাই দিছিল। বৰ্ত্তমানো আলহিৰ এনে মৰম স্নেহ আছে কেৱল পিঠা-আখৈ সলনি দোকানৰ বিস্কুট পাকেট আৰু কুকুৰা চৰাইৰ কণীৰ সলনি দুই-এক টকা পইচা নাতি-নাতিনীৰ হাতত দিয়া দেখা যায়। ইং ২০০০ চনৰ পৰা দেশত বাইক, কাৰ, মটৰ গাড়ী আৰু মবাইল ফোনৰ প্ৰচলন বৃদ্ধি পোৱাত আলহি আহিলে বা আলহিৰ ঘৰত গলে ৰাতি কটোৱা অভ্যাস কমি গ’ল। ম’বাইল ফোন থকাৰ বাবে আলোহিৰ ঘৰত যোৱাটোও কমি গ’ল। প্ৰয়োজনত ফোনত ঘৰৰ পৰাই কথা পাতে। [ ৩৩ ]
 

জীৱন নিৰ্ব্বহঃ নিজৰ বংশ বা চিনাকী অচিনাকী মাজত আদান প্ৰদান থকাটো চলি থাকিবই লাগিব আৰু চলি থকাটো প্ৰয়োজন।


ৰাজহুৱা বা ব্যক্তিগত
সমাজ পৰিচালনাঃ

 

পূৰ্ব্বতে ৰাজহুৱা বা ব্যক্তিগত সমাজ পাতিলে জোঙা মদ, মাংস-ভাত আদিৰ ব্যৱস্থতা আছিল বুলি আমি শুনিবলৈ পাইছিলোঁ। কিন্তু অনুমানিক ১৯৫০-৬০ চনৰ পৰা এই জোঙা মদ, মাংস-ভাত খোৱা প্ৰথাটো নাই যদিও ৰাজহুৱা বা ব্যক্তিগত ভাৱে শাৰিৰীক পৰিশ্ৰমৰ বেলিকা ৰাজহুৱা বা ব্যক্তিগত ভাৱে জোঙা মদ, মাংস-ভাত খোৱাটো এতিয়ালৈকে চলি আছে। উদাহৰণ স্বৰূপে কিবা এটা জাতীয় অনুষ্ঠানটো পতা হ’ল। সেই অনুষ্ঠান চলি থকাত জোঙা মদ খোৱাটো বন্ধ কিন্তু অনুষ্ঠাটো সামৰাৰ পিছত শাৰীৰিক পৰিশ্ৰমৰ বাবদ ৰাইজহৈ বা সদস্য সকল লগহৈ মদ-ভাত খোৱাটো আজিও চলি আছে। পূৰ্ব্বতে জোঙাত থোৱা বৰামদ, জোঙাত থোৱা মাথামদ আৰু থালিত থোৱা জগুলি (মদৰ ভাত) এইবোৰ খাইছিল। আজিৰ মানুহে এনেবোৰ খাদ্য খাব নোৱাৰা হ’ল! হজম কৰিব নোৱাৰাৰ বাবে ফটিকা (চুলাই) মদটোকে বেছিকৈ খোৱা দেখা যায়। মাটি জোঙা পৰিবৰ্তে প্লাষ্টিক বাল্টিটোকেহে ব্যৱহাৰ কৰা দেখা যায়। এই জোঙা মদৰ পৰিবৰ্তে চুলাই মদৰ ব্যৱহাৰ আৰু মাটিৰ জোঙাৰ পৰিবৰ্তে প্লাষ্টিক বাল্টিত মদ তৈয়াৰ কৰা প্ৰথাটো ইং ২০০০ চনৰ পৰা বৃদ্ধি পাইছে বুলি কব লাগিব। আমাৰ গাঁৱৰ মানুহে বিড়ি, চিগাৰেট আৰু চাদা খায়। কিন্তু কানি, ভাঙ, গাজা অন্যান্য অঞ্চলতকৈ কম খায়। আমাৰ গাঁৱত কানি, ভাঙ, গাজা খাই অভ্যস্থ হোৱা ব্যক্তি নাই!

জীৱন নিৰ্ব্বাহঃ

 কু-অভ্যাসবোৰ সমাজে এৰিব লাগিব। তেতিয়াহে ব্যক্তিগৰ জৰিয়তে সমাজ উন্নত হ’ব পাৰিব।

শিক্ষাঃ শিক্ষাৰ দিশত দেউৰীপাৰা গাঁৱৰ মন কৰিবলগীয়া। আনুমানিক ইং ১৯২২/২৩ চনত নিম্ন দেউৰীপাৰ চুবুৰীৰৰ আনন্দমোহন ৰাভা, (শ্ৰীধীৰেশ্বৰ ৰাভাৰ বাপেক ) আৰু [ ৩৪ ] শালপাৰা গাঁৱৰ ৰাজেন ৰংখ (শ্ৰীঅহৰ বাণ্ঠোৰ বাপেক) দুয়ো দৰংগিৰিৰ দক্ষিণত থকা খাৰখুটাত মাইনৰ স্কুলত পঢ়িবলৈ গৈছিল। খাৰখুটা মাইনৰ স্কুল, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ মাজৰ স্তৰ। তেওঁলোকে ঘৰৰ পৰাই অহা যোৱা কৰি পঢ়িছিল। শালপাৰা গাঁৱৰ ৰাজেন ৰংখয়ে বাতিপুৱাৰ ভাত খাই ওলাই আহে নিন্ন দেউৰীপাৰা আনন্দমোহন ৰাভাৰ ঘৰত আৰু আনন্দমোহন ৰাভাই গৰু মেলাৰ লগে লগে হাল এৰি দি ঘৰত ভাত-পানী খাই দুয়ো একে লগে আইথান হৈ থবলপাৰা > নিয়াৱলী > পাহাৰতুলী > দামৰাৰ খেকেৰেং>চিলুক মেণ্ডিমা > পাহাৰ অতিক্ৰম কৰি খাৰখুটাত মাইনৰ স্কুলত উপস্থিত হয়। এইটো তেওঁলোকৰ আজিৰ দিনত কৃতিত্ব। এনেদৰে তেখেত সকলৰ শিক্ষা জীৱনৰ বহুতো সমস্যাৰ কথা আছে। শেষত তেওঁলোক শিক্ষকতা কৰি স্বইচ্ছাই অৱসৰ লয়।

 উপৰ দেউৰীপাৰা চুবুৰীৰ সুৰেশ ৰাভাই বি, এ, পাছ কৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ একাউন্টটেন্ট্ পদত চাকৰি কৰি গোৱালপাৰা চহৰত স্থায়ী ভাৱে থাকিবলৈ লয় আৰু নিম্ন দেউৰীপাৰা চুবুৰীৰ শ্ৰীৰূপনাথ খাখলাৰীয়ে বি, এ, পাছ কৰি Assam Health Service ত চাকৰি কৰি বৰ্ত্তমান গুৱাহাটী মহানগৰীত স্থায়ী ভাৱে থাকিবলৈ লয়।

কৃষ্টি-সংস্কৃতিঃ অনুমানিক ইং ১৯২১/২২ চনৰ পৰা দেউৰীপাৰা গাঁৱত ভাৰি গানৰ দলটিয়ে আজিলৈয়ো কৃষ্টি-সংস্কৃতি ৰূপে থিয় হৈ আছে। ইয়াৰ উপৰিও পূজা ও বিয়া-সবাহত প্ৰয়োজনীয় ভাৱে ঢোলৰ দলটি নিম্ন দেউৰীপাৰা আৰু উপৰ দেউৰীপাৰা এই দুয়োটা চুবুৰীত ইং ১৯৯০ চনলৈ আছিল। এতিয়া নিম্ন দেউৰীপাৰা চুবুৰীটোৱে পুনৰ শিকিবলৈ হাতত হৈছে। ৰাভা-কৃষ্টি ও নাট্যভিনয়ৰ দল উপৰ দেউৰীপাৰা চুবুৰীত যোৱা ইং ১৯৯৪ চনৰ পৰা ...... চনলৈ আছিল যদিও সময়ৰ সোঁতত হেৰাই গ'ল।

খেলা-ধুলাঃ খেলাধুলাৰ দিশত নিম্ন দেউৰীপাৰা চুবুৰীটো লেখত লবলগীয়া। ফুটবল আৰু ভলীবল খেলাৰ ক্ষেত্ৰত উপৰ দেউৰীপাৰাতকৈ নিম্ন দেউৰীপাৰ চুবুৰীৰ পাৰদৰ্শিতা বেচি।

লাংটিয়াপাৰাঃ উপৰ দেউৰীপাৰা চুবুৰীটোক লাংটিয়াপাৰা বুলি কোৱাটো বা লিখাটো তাচ্ছিল্য। চেঁচাপীন গাঁৱৰ “কিথপ ৰাভা”ই এই নামটি দিয়া। তেখেত সকলে মদ খাই মাতালামি হৈ কাজিয়া কৰি যুঁজ-বাগৰ কৰি লেংটা হৈ পৰাত নামটো দিলে। সেয়ে আজিও যি সকলে লাংটিয়াপাৰা বুলি কয় বা লিখে তেখেত সকলক আমি তাচ্ছিল্য কৰা বুলি ভাবো আৰু লিখিলে মুৰ্খবুলি জ্ঞান কৰোঁ। [ ৩৫ ]

 এইটো নলবাৰী ৰেল ষ্টেচনৰ ফটো। এই ৰেল ষ্টেচন উপৰ দেউৰীপাৰা চুবুৰীত অৱস্থিত। যোৱা ইং ২০১২ চনৰ পৰা কাম আৰম্ভ কৰি ২০১৪ চনৰ ৩০ নবেম্বৰত নৰেন্দ্ৰ মোদীয়ে দুৱাৰ মুকলি কৰে।


 

যায় দিন ভাল, আহে দিন কালঃ

যায় দিন ভাল, আহে দিন কাল। এইটো এটা সাঁথৰ। অতীতৰ দিনবোৰ বিপদ-বিঘিনীৰ মাজেৰে অতিক্ৰম কৰি আহিল যদিও বিপদ অতিক্ৰম কৰাৰ পিছত আজিও সুন্দৰ ভাৱে চলি আছে। বৰঞ্চ শিক্ষা ও দেশৰ উন্নতিৰ লগে লগে আমিও ভালদৰে জীৱন নিৰ্ব্বাহ কৰিব পাৰিছোঁ। কিন্তু আহি থকা দিনবোৰত কেনেধৰণৰ সমস্যা আহে সেইবোৰহে চিন্তা কৰিবলগীয়া। জন সংখ্যা বঢ়াৰ লগে লগে বাস কৰি থাকিবলৈ ঠাই নোহোৱা হ’ল। নগৰ চহৰ আদিবোৰত ঘৰ বান্ধিবলৈ ঠাই নাপাই Flat কিনি থাকিব লগীয়া হ'ল। হয়তো আমাৰ গাৱঁলীয়া ঠাইবোৰতো সেই লেখীয়া হ'ব। হোৱাটো স্বাভাৱিক। গতিকে তেনেধৰণৰ চলিবলৈ আমাৰ বুদ্ধি-বৃত্তি উদ্ভৱ হবনে?

**** ****

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।