পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল বুলি ৺ৰেমন ৰাভাই (গাঁও বুঢ়া, ৰাংশী) মোৰ আগত ব্যক্ত কৰা কথা। “নয় বইনী নাৰানী জগৰ বায়নি কাকায়নি হগো ৰে হগো হগো।” এইটো ৰাভা সকলৰ পাংবা নৃত্যৰ গীত। সেয়ে সাত বইনী গোসানী ভগৱতী আইৰ লগত নিশ্চয় সাঙোৰ খাই থাকিব আৰু থকাতো নিশ্চিত। সেই বাবে পাহাৰৰ নাম “সাত বইনী পাহাৰ” নাম পাইছে। এই পাহাৰৰ নামটো আজি কালিৰ দিনত দিয়া নাম নহয়। ই পূৰ্বৰে পৰা মাতি থকা নাম। কিন্তু কোনো এটা দিনৰ পৰা এই গোসানীক পূজা দিয়া বাদ পৰিল আৰু আজি আমি পাহৰি গ’লোঁ।

 সাত বইনী পাহাৰৰ টিঙত যে- মানুহৰ বসবাসৰ ভূমি আছিল, সেইটো ৺ৰেমন ৰাভাই (গাঁও বুঢ়া, ৰাংশী) শিশু অৱস্থাত দেখা পাইছিল বুলি মোৰ আগত ব্যক্ত কৰিছিল। এই সাত বইনী পাহাৰত মানুহৰ বসবাস থকা সময়ত ৰেমন ৰাভাৰ বয়স পাঁচ / ছয় বছৰীয়া আছিল। পথাৰত খেলিবলৈ ওলালে দেখাটো তেওঁৰ সোপনত দেখা যেন লাগে বুলি ব্যক্ত কৰিছিল। ৺ৰেমন ৰাভা যোৱা ইং ১৬/১১/১৯৮৪ তাৰিখত ১০৫ বছৰ বয়সত মৃত্যু হয়। গতিকে তেওঁৰ জন্ম ইং ১৬/১১/১৮৭৯ চনত হ'ব লাগিব। সেই চনলৈ এই পাহাৰত মানুহৰ বসবাস যে আছিল এইটো থাৱৰ কৰিব পাৰি।

 যোৱা ইং ১৯৯০ চনত “আইথান মধ্য ইংৰাজী বিদ্যালয়”খন প্ৰথমে এই পাহাৰৰ টিঙতে বান্ধে। বিদ্যালয়ৰ ঘৰ বান্ধিবৰ বাবে মাটি খান্দতে কিছুমান পিতলৰ খাৰু আৰু অন্যান্য সৰু সৰু অচিনাকি বস্তু পোৱা হৈছে। বাৰে বাৰে বতাহৰ কবত বিদ্যালয়ৰ ঘৰৰ চাল ভাঙি পৰাত যোৱা ......... চনৰ পৰা পাহাৰৰ নামনিত বন্ধা হ’ল। বিদ্যালয়ৰ ঘৰ বন্ধাৰ আগতে এই পাহাৰটোত বাঁহ ৰুই দিয়া হৈছিল। তাৰ আগতে ঠাই ডৰা এৰা পৰি আছিল যদিও দুই এজনে মাতিমাহৰ খেতিও কৰা দেখা গৈছিল।

*** ***

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১৯