পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দক্ষিণ-পশ্চিম কোণত য'ত দোকান বোৰ আছে তাত এটা নাদ আছে। সেই নাদ বৰ্ত্তমান পকি হ'ল আৰু ৪। গাঁৱৰ উত্তৰ-পূৱ কোণত এটা নাদ আছিল। সেই নাদটো পাথাৰৰ গিৰিজনে খেতিপথাৰ কৰি পেলালে। পাহাৰৰ এই নিজৰাৰ পানী গাঁৱখনৰ আদি অৱস্থাৰ পৰাই আজিলৈকে পানী খাই আছে।

এই লাঙা থানটো আদিতে চুবুৰীটোৰ উত্তৰ-পূৱ কোণত; য'ত শ্ৰীকেশৱ ৰাভা আৰু শ্ৰীবিষ্ণু ৰাভাৰ ভেটি মাটি আছে। তাৰ উত্তৰত এই লাঙা থানটো আছিল আৰু তাত থকা নাদৰ পানীকে পূজাত ব্যৱহাৰ কৰিছিল৷

 এই নাদ ১৯৭৭ চনলৈ ব্যৱহাৰ কৰিছিল। এতিয়া পথাৰৰ গিৰি জনে খেতি পথাৰ কৰি পেলালে। সেই সময়ত নিম্ন দেউৰীপাৰা ৰাভা আৰু উপৰ দেউৰীপাৰাৰ পাতি (হাবায়, লেমা) ৰাভা সকলে একেটা গিয়াতি আছিল। পিছত কোনোবা এটা দিনত বৰ্ত্তমানৰ এই লাঙা থানৰ স্থানত অনা হ'ল। থানটো ইয়ালৈ অনাৰ পিছতো এটা নিম্ন দেউৰীপাৰা ৰাভা আৰু উপৰ দেউৰীপাৰা পাতি ৰাভা সকলে একেটা গিয়াতি হই আছিল। বৰ্ত্তমান এই থানখন আলচিয়া পুখুৰীৰ উত্তৰে চটো পাহাৰৰ পাৰত। চটো পাহাৰ, ডাঙাৰ পাথাৰ, এইটো গোৱালপৰীয়া স্থায়ী ভাষাৰ শব্দ। সৰু পাহাৰ, ডাঙৰ পথাৰ এইটো হ'ল— অসমীয়া মান্য ভাষাৰ শব্দ।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১০