পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপৰ দেউৰীপাৰা গাঁও বাসী লোকক পাহাৰৰ দুটি নিজৰাই ঘাইকৈ জীৱন ধাৰণত আৰু প্ৰাণ ৰক্ষাত সুন্দৰকৈ তুলিছে ৷ অঞ্চলটোত, পানীৰ অভাৱ গাঁও এই উপৰ দেউৰীপাৰা গাঁৱৰ দৰে খৰাংপীড়িত গাঁও নাই। এই কথা অঞ্চলবাসী লোকে জানে। আদিৰে পৰা গাঁৱখনত পানীৰ অভাৱ।

আলচিয়াপুখুৰীৰ দক্ষিণ-পশ্চিম কোণত থকা
খৰাঙত পানী খোৱা নাদ

কাতি মাহৰ পৰা এই নিজৰা দুটিত গাঁৱৰ ডেকাবোৰে কমলা টেঙা খাই গাধোৱাৰ মনৰে আৰু লগৰীয়াবোৰক লগ কৰাৰ মানসৰে এই নিজৰাটিত গা ধুবলৈ আহে। তেতিয়া পাহাৰবোৰত বহু ঠাই ব্যাপি কমলাৰ গছ আছিল। ফাগুন মাহৰ পৰাই কিছুমানৰ নাদৰ পানী শুকায়। তেতিয়াৰ পৰাই এইটো নিজৰাৰ পানী কান্ধত কুঢ়িয়াই ইয়াৰ পানী খোৱা হয়। অৱশ্যে পুত্ৰ-সন্তানবোৰে মাক-বাপেকৰ পৰিয়ালৰ পৰা বেলেগ হৈ নাদ খান্দাত কিছুমান ব্যক্তিৰ ওচৰতে পানী পোৱা হ'ল আৰু এইটো নিজৰাৰ পানী খোৱাৰ পৰা ৰক্ষা পৰিল। গাঁৱখনত আদিতে চাৰিটা কুৱা আৰু এটা নিজৰাৰ পানী খাবলৈ বাধ্য হবলগীয়া হৈছিল। সেই নাদ আৰু নিজৰা হ’ল- ১। স্কুল বাকুৰিৰ নাদ। এই স্কুল বাকৰিৰ নাদ আজিও মৰাশ শ্মশানত পেলাই আহিলে শ্মশানৰ পৰা অহা মানুহ সকলে তাতেই গা-পা ধুই আহে। সেই নাদ, খৰাঙত পানীৰ অভাৱতহে খান্দা নাদ। তাত বহু বছৰৰ পিছতহে স্কুল বাকুৰীৰ ইং ১৯৬০ চনত পকি নাদটো চৰকাৰৰ পৰা অনুদান পোৱা। ২। শ্ৰীকৰ্মেশ্বৰ ৰাভাৰ ৰবৰ বাগান আৰু শ্ৰীগোপাল ৰাভাৰ পুখুৰীৰ সীমাত পাহাৰৰ পৰাত এটা চাৰি/পাঁচ হাত জোখৰ সৰু নাদ আছিল। ৩। আজিও আলচিয়া পুখুৰীৰ পৰা সত্তৰ মিটাৰমান দূৰত

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/৯