পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জীৱন নিৰ্ব্বহঃ নিজৰ বংশ বা চিনাকী অচিনাকী মাজত আদান প্ৰদান থকাটো চলি থাকিবই লাগিব আৰু চলি থকাটো প্ৰয়োজন।


ৰাজহুৱা বা ব্যক্তিগত
সমাজ পৰিচালনাঃ

 

পূৰ্ব্বতে ৰাজহুৱা বা ব্যক্তিগত সমাজ পাতিলে জোঙা মদ, মাংস-ভাত আদিৰ ব্যৱস্থতা আছিল বুলি আমি শুনিবলৈ পাইছিলোঁ। কিন্তু অনুমানিক ১৯৫০-৬০ চনৰ পৰা এই জোঙা মদ, মাংস-ভাত খোৱা প্ৰথাটো নাই যদিও ৰাজহুৱা বা ব্যক্তিগত ভাৱে শাৰিৰীক পৰিশ্ৰমৰ বেলিকা ৰাজহুৱা বা ব্যক্তিগত ভাৱে জোঙা মদ, মাংস-ভাত খোৱাটো এতিয়ালৈকে চলি আছে। উদাহৰণ স্বৰূপে কিবা এটা জাতীয় অনুষ্ঠানটো পতা হ’ল। সেই অনুষ্ঠান চলি থকাত জোঙা মদ খোৱাটো বন্ধ কিন্তু অনুষ্ঠাটো সামৰাৰ পিছত শাৰীৰিক পৰিশ্ৰমৰ বাবদ ৰাইজহৈ বা সদস্য সকল লগহৈ মদ-ভাত খোৱাটো আজিও চলি আছে। পূৰ্ব্বতে জোঙাত থোৱা বৰামদ, জোঙাত থোৱা মাথামদ আৰু থালিত থোৱা জগুলি (মদৰ ভাত) এইবোৰ খাইছিল। আজিৰ মানুহে এনেবোৰ খাদ্য খাব নোৱাৰা হ’ল! হজম কৰিব নোৱাৰাৰ বাবে ফটিকা (চুলাই) মদটোকে বেছিকৈ খোৱা দেখা যায়। মাটি জোঙা পৰিবৰ্তে প্লাষ্টিক বাল্টিটোকেহে ব্যৱহাৰ কৰা দেখা যায়। এই জোঙা মদৰ পৰিবৰ্তে চুলাই মদৰ ব্যৱহাৰ আৰু মাটিৰ জোঙাৰ পৰিবৰ্তে প্লাষ্টিক বাল্টিত মদ তৈয়াৰ কৰা প্ৰথাটো ইং ২০০০ চনৰ পৰা বৃদ্ধি পাইছে বুলি কব লাগিব। আমাৰ গাঁৱৰ মানুহে বিড়ি, চিগাৰেট আৰু চাদা খায়। কিন্তু কানি, ভাঙ, গাজা অন্যান্য অঞ্চলতকৈ কম খায়। আমাৰ গাঁৱত কানি, ভাঙ, গাজা খাই অভ্যস্থ হোৱা ব্যক্তি নাই!

জীৱন নিৰ্ব্বাহঃ

 কু-অভ্যাসবোৰ সমাজে এৰিব লাগিব। তেতিয়াহে ব্যক্তিগৰ জৰিয়তে সমাজ উন্নত হ’ব পাৰিব।

শিক্ষাঃ শিক্ষাৰ দিশত দেউৰীপাৰা গাঁৱৰ মন কৰিবলগীয়া। আনুমানিক ইং ১৯২২/২৩ চনত নিম্ন দেউৰীপাৰ চুবুৰীৰৰ আনন্দমোহন ৰাভা, (শ্ৰীধীৰেশ্বৰ ৰাভাৰ বাপেক ) আৰু

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২৭