পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধাৰে খাব লগীয়া হয়। সেই কাৰণে অভাৱ পূৰণৰ বাবে এক দবল হলেও কাতি মহীয়া ধান ৰুই বিপদৰ পৰা সকাহ পায়। সেই ধানবোৰ হ’ল— দুৰিয়া ধান, কেঙেৰা ধান আদি। বাছমতি ধান আনুমানিক ইং ২০০০ চনৰ পৰা আমাৰ ইয়াত আহি পাইছে।

শালিধান কটাৰ সময়ঃ আঘোন মাহৰ প্ৰথম তাৰিখত নতুন ধান কটাৰ নিয়ম।এই নিয়মকে ধান আগলোৱা বুলি কয়। ধান আগলোৱা ধৰ্মীয় নিয়ম অনুযায়ী বহুতো পালন কৰিবলগীয়া নিয়ম আছে। যেনে ধান আগলোৱা গোসাইয়ৰ বাবে প্ৰসাদ তুলি থোৱা, নবীন খোৱা(নতুন ভাত খোৱা) আৰু নিজৰ খেতিপথাৰৰ ধান সম্পূৰ্ণৰূপে ঘৰত আনি পোৱাত পালন কব্বি লগীয়া নিয়ম। এইবোৰ অৱশ্যে ইং ২০১৭ চনলৈ শকৰা বিশ শতাংশ ঘৰ মানুহে পালন কৰি আছে। আজি কালি ধৰ্মীয় নিয়ম নীতি মানি চলিবলৈ টানপোৱা হৈছে।

 গাঁৱত যেতিয়া ট্ৰেক্টৰ নাছিল; তেতিয়া যি কোনো ধান যেনে— আহু ধান, পৰমা ধান, কাতিমহীয়া ধান আৰু শালি ধান এইবোৰ ধান গৰুৰে মৰণা মাৰি শেষ কৰা হৈছিল। আঘোন মাহত শালিধানবোৰ মৰণা দিয়াৰ বাবে প্ৰতিযোগিতামূলক হৈছিল। কোনে কিমান ৰাতিত উঠি মৰণা দিবপাৰে তাৰে প্ৰতিযোগিতা চলিছিল। সেয়ে যি জনে যিমান ৰাতি সাৰপায় সি মৰণা দিবলৈ গৰু ভাগ পায় আৰু যি জনে মৰণা দিবলৈ মনযোগ নকৰে সি মৰণা দিবলৈ গৰু ভাগ নাপায়।

জীৱন নিৰ্ব্বাহঃ আঘোণ মাহত শালিধান পোৱা যায়। এই মাহত খেতিয়কৰ কুকুৰৰ মূৰত ধান। কথাটো সঁচা কিন্তু উৎপাদিটো শস্যবোৰ বছৰেকৰ মূৰত দিবলগীয়া সমূহ দিওতে শেষ পায়। উৎপাদিত শস্য পৰিয়ালৰ কাপোৰ কানি কিনোওতে ভালেখিনি ধান বিক্ৰী কৰিবলগীয়া হয়। ইং ২০১৭ চনৰ জানুৱাৰী মাহত শালি ধান বিক্ৰী কৰিলে পোৱা হৈছিল প্ৰতি মোনত গঢ়ে ৪০০.০০ টকা। অভাৱত পৰিলে জমি বিক্ৰীকৰা, সুতৰ তলত জমি বন্দক থোৱা প্ৰথা পূৰ্ব্বৰে পৰা চলি আহিছে। ডামৰা আৰু কৃষ্ণাইৰ ঘোঁৰাপোটা মৌজাৰ অন্তৰ্গত গোৱালপৰীয়া মহাজন সকলে বহুত খেতিৰ জমি বন্ধকতলৈ দখল কৰি নামজাৰি কৰি লোৱা দেখা যায়। দেউৰীপাৰা গাঁৱত সেই প্ৰথা গ্ৰহণ কৰা নাছিল। ইং ১৯৭৫ চনৰ আগত বজাৰত কাৱলী সকলৰ পৰাও বহু লোকে মাহে প্ৰতি শতকৰা ১৫% ৰ পৰা ২০% টকা সুতৰ হাৰত ঋণলোৱা আমি কব পাৰো। জমি বিক্ৰী, সুতৰ তলত বন্দক থোৱা আৰু কাৱলী সকলৰ মাহে প্ৰতি শতকৰা ১৫%-২০% টকা সুতৰ হাৰত ঋণ লোৱাতকৈ এক কুইণ্টল ধানত একবিঘা জমি একবছৰৰ বাবে কৰ্তনীত থোৱা প্ৰথা অতিকৈ ভাল। এই প্ৰথাটোক কৰালি বুলি কয়। এই কৰালি প্ৰথা আনুমানিক যোৱা ইং ১৯৬৪ চনৰ পৰা এই অঞ্চলত প্ৰচলিত হৈছিল। কিন্তু এই প্ৰথাত মহাজন

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২৫