পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেথলিক গীৰ্জাঃ

এইটো কেথলিক সকলোৰে গিৰ্জা। ৺ভৰত ৰাভা মৃত্যুৰ পিছত পুত্ৰ-কন্যা সকলে ভেটিৰ আধা অংশ বিক্ৰী কৰাত কেথলিক ধৰ্মীয় লোক সকলে কিনি লৈ এই গীৰ্জা ইং ........ চনত নিৰ্মাণ কৰে৷


COJC:-

এইটো Church of Jesus Christ আদিতে ইয়াত আলচিয়া ৰজাৰ দিনত বন ধৰ্মৰ কঞ্চ গোসাইৰ থান আছিল। কঞ্চ গোসাই খেতি ও জীৱন ধৰ্ম দেৱতা। সেই বাবে খেতি পথাৰৰ মালিকে খেতি পথাৰ উলিয়াব পৰা নাছিল আৰু পথাৰৰ পশ্চিম পাৰত কঞ্চৰ থানটো পাতিছিল। ইং ১৯৯৯ চনৰ পৰা এই চুবুৰীত প্ৰথম COJC দীক্ষা গ্ৰহণ কৰা হয়৷

অঙ্গনৱাদী কেন্দ্ৰ, উপৰ দেউৰীপাৰা

এই উপৰ দেউৰীপাৰা অঙ্গনৱাদী কেন্দ্ৰটো আলচিয়া পুখুৰীৰ উত্তৰ পাৰত। যোৱা ২০০৭ ইং চনৰ পৰা কেন্দ্ৰটো আৰম্ভ হৈ সম্প্ৰতি চলি আছে। এই কেন্দ্ৰটোৰ কৰ্মী শ্ৰীকল্পনা ৰাভা আৰু সহকৰ্মী শ্ৰীঊষা ৰাভা।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১৩