পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চ) ভোগ বা জহা ধানঃ বগৰীভোগ, তুলসী ভোগ - - -।

প্ৰজেক্টটোৰ পৰা পোৱা ধান সমূহঃ বৈজ্ঞানিক পদ্ধতিৰে হৰমণ সলনি কৰি উলিওৱা ধান সমূহকে প্ৰজেক্টটোৰৰ ধান বুলি কোৱা হয়। যেনে— I R-৪, টাইচুং, চকেট - - -।

 ক) আহু ধানবোৰক পাহাৰৰ ওপৰত, বাকৰি মাটিত (বাখাৰা মাটিত) এধলিয়া মাটি (উঠান শুকান মাটি) বোৰত খেতি কৰা হয়। ধানৰ গুটি সিঁচাৰ পিছত বনবোৰ নিৰণি দিব লগা হয়। নিৰণি দিয়াৰ সময়ত আহু তুলিত ঘুমাৰু ফল আমি খাবলৈ পাইছিলোঁ। ঘুমাৰু এবিধ বাঙি জাতীয় সৰু সৰু ফল। বৰ্ত্তমান আহু ধানৰ খেতি এৰি দিয়া হল বাবে এনে ঘুমাৰু ফুল দেখা নেযায়।

 খ) পৰমা খেতি। আমাৰ এই অঞ্চলত ইং ২০০০ চনলৈ পৰমা ধানৰ খেতি কৰি থকা দেখা গৈছিল। আজিও (২০১৭ চন) এই খেতি কিছুমান গাঁৱত খেতি কৰি থকা দেখা যায়। এঢলিয়া মাটি আৰু দ মাটিত ইয়াক খেতি কৰা হয়। ইং ১৯৬৫-৯০ চনলৈ আগুৰি ফৰমা ধানৰ খেতি কৰা বহুত দেখা গৈছিল। আগুৰি পৰা খেতিৰ অৰ্থ হল-আগতিয়াকৈ কৰা খেতি। শালিজমিত আগতিয়াকৈ বহাগ মাহত খেতি লগাই শাওঁন মাহত খেতি চপাই আনি পুনৰ শালি ধানৰ খেতি কৰা পদ্ধতি। এনে খেতি বৰ্ত্তমান ইং ২০১৭ চনত দেখা পোৱা নেযায়।

 গ) কাতি মহীয়া ধান। কাতি মাহত খেতি কৰা ধান। এঢলীয়া মাটি বাবে দ মাটিটো ইয়াৰ খেতিভাল হয়। কিন্তু উৎপাদনৰ পৰিমাণ শালি ধানৰ তুলনাত কিছু কম কাৰণে এই ধানৰ পৰিবৰ্ত্তে শালি ধানৰ খেতিটোকেই কৰে।

 ঘ) শালি ধানৰ খেতি। আমি জনা দিনটোত থলুৱা জাতৰ শালি ধানেই সৰহ আছিল। থলুৱা জাতৰ শালি ধানবোৰ বহাগ মাহৰ পৰা আহাৰ মাহৰ শেষলৈকে কঠিয়া পাৰিব পৰা যায়; কিন্তু আঘোন মাহত এই ধানবোৰ পকিব অৰ্থাৎ শালি ধানৰ গেৰ ওলোৱা আৰু পকাটো নিৰ্দ্দিষ্ট সময় লয়। সেয়ে শালি ধানৰ পাৰি থোৱা কঠিয়াবোৰ উভালি আনি বকাত ৰই পুনৰ ৰই থোৱা ধানৰ গছাক উভালি খেতিপথাৰত ভালদৰে ৰুৱ লাগে। এনে কৰা কাৰ্যকে “জাৱা কঠিয়া” ৰুৱা বুলি কয়। শালি ধানৰ কঠিয়া জাৱালে ভাল ফচল পোৱা যায়। বৰ্ত্তমান (২০১৭ চনত) থলুৱা জাতৰ শালি ধানৰ খেতি নাই বুলিয়েই কব পাৰি। কৰে যদিও শতকৰা দহশতাংশ মানহে পোৱা যাব।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২৩