পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

২ নং গিয়াতিৰ লাঙা থানঃ

২নং গিয়াতিৰ লাঙা থানখন আদিতে দামৰা-মেন্দিপাথাৰ আলিবাটৰ কাষতেই আছিল। য'ত এতিয়া ৰেল ষ্টেচনৰ সীমাত।

৺হিতেশ ৰাভা আৰু শ্ৰীক্ষীৰেণ ৰাভাই দোকান ঘৰ বান্ধি ভাৰা দি আছে। তেতিয়াই আছিল ২ নং গিয়াতিৰ আদি লাঙা থান। এই থানটো এতিয়া আলচিয়া পুখুৰীৰ পোনে পোনে দক্ষিণ দিশত ৰেললাইনৰ সেতু (Over bridge) অতিক্ৰম কৰিলেই আলিবাটৰ পূৱত গাতে লাগি থকা দেখা যায়৷

দেউৰীপাৰা-চেঁচাপানী
জ্ঞানোদয় পুথিভঁৰালঃ

এই পুথি ভঁৰাল সেই দিনৰ বহু কিতাপ থকা আৰু নিয়মিয়াকৈ চলি থকা এখন আদৰ্শমূলক পুথিভঁৰাল আছিল৷ আদিতে এই পুথি ভঁৰালখন

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১১