পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শ্ৰীশ্ৰী ভগৱতী আইৰ মন্দিৰ

১। ভৰ পূজাঃ মাঘবিহুৰ এসপ্তাহৰ আগতে এই পূজা কৰা হয়। আগতে পুহ মাহৰ ২১ তাৰিখৰ সন্ধ্যা অধিবাস আৰম্ভ কৰি ২৩ তাৰিখৰ আবেলি পৰত পূজা সমাপন কৰা হয়। কিন্তু পূজাৰ কাম-কাজ লগতে ভক্ত ৰাইজৰ সমাগম বাঢ়ি অহা কাৰণে ইয়াৰ পিছৰ দিনত ৰাতি পুৱা সময়ত সামৰা হয়। Leap yearৰ বেলিকা তাৰিখ পৰিবৰ্ত্তন হ'ব পাৰে।

২। জেঠ মহীয়া পূজাঃ মৌজাবাসী ৰাইজৰ সুবিধা অনুযায়ী জেঠমাহৰ যিকোনো তাৰিখত অম্বুবাচিৰ চুৱা নপৰাৰ আগতে এই পূজা সমাপন কৰিব লাগে। এই পূজা সন্ধিয়া অধিবাস তাৰ পিছৰ দিনা পূজা আৰম্ভ কৰি আবেলি পৰত পূজা সামৰা হয়।

 এই আই থান পাহাৰৰ টিঙত মহাদেৱৰ মন্দিৰ আছে। মন্দিৰত দেখাত এটা সাধাৰণ শিল যেন দেখি যদিও প্ৰকৃততে ই কি শিল আমি সাধাৰণ মানুহে কব নোৱাৰোঁ আৰু লগত এটা বগা বৰণৰ শিল আছে। এই শিল শালগ্ৰাম শিলা বুলি অনুমান কৰিব পাৰি। এই শালগ্ৰাম শিলাক সময়ত দেখিবলৈ পোৱা যায় আৰু সময়ত থাপনাৰ তলত সোমাই পৰে। ই দেৱৰ এক লৌকিক গুণ। তাৰ পৰা নামি আহোঁতে দুৱৰী ঠাকুৰৰ থান পোৱা যায়। দুৱৰী ঠাকুৰৰ থাপনাত এটা সাধাৰণ শিলৰ শিলা যেন দেখা পোৱা যায়। আমি সাধাৰণ মানুহে এই শিলাক কি বিধৰ শিল তাক ঠাৱৰ কৰিব নোৱাৰোঁ। তাৰ পৰা নামি আহিলে

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১৭