পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লুকাই আছে। এই চুবুৰীটোত আদিতে মানুহৰ বসতিপূৰ্ণ নগৰ (বজাৰ) আছিল। আলচিয়া নামৰ এজন ৰজা আছিল। আগৰ দিনত যি জনক অঞ্চলৰ মানুহে মানি চলিছিল, তেওঁকেই ৰজা বুলি জ্ঞান কৰিছিল। এই আলচিয়া ৰজাৰ পালি-প্ৰহৰী সকলে খেতিৰ কাম নকৰিছিল। তেওঁলোকে মাটিৰ বাচন-বৰ্ত্তন গঢ়ি বেপাৰ-বাণিজ্য কৰিছিল। মাটি খান্দি খান্দি মাটিৰ বাচন-বৰ্ত্তন গঢ়াত ই খালৰ সৃষ্টি কৰি পুখুৰীৰ গঢ় লোৱাত আলচিয়া পুখুৰী বুলি নাম পালে। সেই দিনৰ তেওঁলোকত নগৰ (বজাৰ) হেনো, বৰ্ত্তমান ৰেল ষ্টেচনৰ ৰেল লাইনৰ উৰণীয়া সেতু (Over bridge) অতিক্ৰম কৰিলে যি ভূমি ডৰা পায়; তাতেই তেওঁলোকৰ নগৰ (বজাৰ) চলিছিল। আজিও সেই ঠাইত বহুত মাটিৰ বাচন-বৰ্ত্তন খোলা পোৱা যায়। এই ঠাইখনৰ আশে পাশে এনেকি পাহাৰৰ ওপৰটো বহুত মাটিৰ বাচন-বৰ্ত্তন ভগ্ন খোলা দেখিবলৈ পোৱা যায়। সেয়ে এইটোৱেই প্ৰমাণ কৰে যে, আলচিয়া এজন অষ্ট্ৰিক গোষ্ঠীৰ লোক আছিল যেন অনুমান হয়।

 আলচিয়া ৰজাৰ এই খালক, মৰাপাট পচন কাৰ্যত ব্যৱহাৰ কৰিছিল। কোনোবা এটা চনত চেঁচাপানী গাঁৱৰ পূৰ্ণ ৰাভাই পঞ্চায়তৰ সদস্য হৈ থকা কালত মৰাপাট পচনৰ বাবে চৰকাৰী অনুদান পোৱাত ৰাইজে পুখুৰী আকাৰত খান্দি লোৱা হ'ল আৰু লেলা ৰম্বুকপাৰা গাঁৱৰ শ্ৰীহৰেশ্বৰ বসুমতাৰী গ্ৰামসেৱক হৈ থাকোতে চৰকাৰী অনুদান পোৱাত পুখুৰীটো পূৰ্ণ ৰূপত গঢ়ি তোলা হ’ল (আনুমানিক- ইং ১৯৭৪/৭৫ চন)

 ৰাংশী গাঁৱৰ নিবাসী ৺ৰেমন ৰাভাই মোৰ আগত ব্যক্তি কৰা মতে— বুঢ়া সকলে তেওঁক কৈছিল তাতহেনো হীৰা জাতিৰ লোক আছিল। সেই বাবে হীৰাপাৰা বুলিহে নাম থব দিছিল।

কিছুমান লোকে ইয়াত “মাহাদেব” পাহাৰ বুলি কয়। উপৰ দেউৰীপাৰা চুবুৰীটোৰ দক্ষিণত গাতে লাগি থকা এটি ওখ পাহাৰ আছে। এই পাহাৰটোক মহাদেৱ পাহাৰ (মাহাদেব পাহাৰ) বোলে। এই পাহাৰৰ টিঙত মহাদেৱৰ থান আছিল বুলি এটি কিংবদন্তী আছে। শ্ৰী শ্ৰী ভগবতী

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/৭