পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 শ্ৰীশ্ৰী ভগৱতী আই থানৰ পশ্চিমত যিটো পাহাৰ আছে তাক লতুমা পাহাৰ বা ৰাৱণ পাহাৰ বুলি কয়। যোৱা ইং ১৯৬৫ চনৰ পৰা এই পাহাৰত নিম্ন দেউৰীপাৰা চুবুৰীটোৰ পৰা নতুনকৈ পৰিয়াল আহি ঘৰ বান্ধিবলৈ লয়। অৱশ্যে এতিয়ালৈ এই চুবুৰীটোৰ তেনে কোনো স্পষ্ট নামাকৰণ হোৱা নাই।

 ওখ টিলা ভূ-খণ্ডক পাহাৰ বোলে। লুতুপ-তুপা টিলা কাৰণে পাতি ৰাভাৰ ভাষাত লুতুমা পাহাৰ আৰু কছাৰী সকলে লুথুমা হাজৌ বুলি কয়। দ্বিতীয়তে ৰাৱণ ৰাভা নামৰ এজন ৰাভা মানুহে পাহাৰৰ দক্ষিণ অংশত ঘৰ বান্ধি বসবাস কৰিছিল বাবে ৰাৱণ পাহাৰ বুলিও কয়। এই পাহাৰত থাকোতে গোসাইৰ ৰাস্তা বুলি সন্দেহ কৰি থাপা গাঁৱলৈ উঠি গ’ল। বৰ্ত্তমান এই চুবুৰীটোত ৰাভা পৰিয়াল ৪টা। পুৰুষ ১২ জন আৰু মহিলা ১৩ জনী কছাৰী পৰিয়াল ১৭ টা। পুৰুষ ৩৯ জন আৰু মহিলা ৩৫ জনী৷

চৰকাৰী চাকৰিয়ালঃ- নাই

নিম্ন দেউৰীপাৰা ৰাভা সকলৰ লাঙা থানঃ- নিম্ন দেউৰীপাৰা আৰু উপৰ দেউৰীপাৰা ৰাভা সকল আদিতে একেটা সমাজ আছিল। সময়ত দুটা হ'ল। যেতিয়া দুটা হ'ল— তেতিয়া নিম্ন দেউৰীপাৰাৰ ৰাভা সকলে আইথান ঝৰাৰ পাহাৰৰ কাষত লাঙা থানটো পাতে। অৱশ্যে আজি কালি লাঙা পূজা কৰা এৰি দিয়াত সেই স্থানত ৺মেচতা বড়োৱে পুখুৰী খান্দিলে।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১৫