পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আইথান ঝৰা আৰু মাজে দাৰাঃ

নিজৰাৰ পানী বহল ভাবে বোৱা নলাটোকে ঝৰা (ঝৰণা > জৰণা) বুলি কওঁ। শ্ৰী শ্ৰী ভগৱতী আইৰ থান ( মন্দিৰ )ৰ পাহাৰ আৰু তাৰ নিচেই ওচৰতে থকা লুতুমা পাহাৰৰ কাষেদি যিটো ঝৰা বৈ আছে সেইটোৱেই হ’ল “আইথান ঝৰা”। এই ঝৰাৰ উৎপত্তি ৰাংশী গাঁৱৰ পশ্চিমত উত্তৰ-দক্ষিণাকৈ খেতিপথাৰ আছে আৰু খেতি পথাৰৰ পশ্চিম দিশত যিবোৰ পাহাৰ আছে সেইবোৰৰ পানীয়ে আইথান ঝৰাৰ উৎপত্তিৰ স্থল বুলিব পাৰি। সেই পানীৰ ঝৰাটিয়ে মেন্দিপাথাৰ-দামৰা আলিবাটক ৰাংশী গাঁৱৰ শ্মশানত অতিক্ৰম (Cross) কৰি কিছুদূৰ বৈ গৈ পশ্চিম ফালে গতি কৰি পুনৰ উত্তৰ মূৱা হৈ ৰেল লাইন অতিক্ৰম (Cross ) কৰি লুতুমা পাহাৰৰ কাষে কাষে চেঁচাপানী -থবলপাৰা আলিবাটক আইথান পূজা কমিটিৰ কাৰ্যালয়ৰ নিচেই কাষতে অতিক্ৰম কৰি নিম্ন দেউৰীপাৰা চুবুৰীটোৰ কাষেদি ডাঙা পাথাৰ ( ডাঙৰ পথাৰ) নামৰ খেতি পথাৰত পানী যোগানৰ সুবিধা কৰি তুলিছে। এই ঝৰাটিয়ে মেন্দিপাথাৰ-দামৰা আলিবাটক য'ত অতিক্ৰম কৰিছে তাত এটি পুল/দলং (Bridge) আৰু শ্মশান আছে। এই ঠাই ডোখৰক “বানা চিকা” বুলি কোৱা হয়। কেনেকৈ বানা চিকা নাম দিয়া হ’ল, সেইটো আমি অজ্ঞ। এই বানা চিকাৰ উত্তৰে অৰ্থাৎ ঝৰাৰ নামনি ভাগত “বীৰ দামল” বুলি এটি দামল (জান) আছে। এই দামলৰে আইথান পাহাৰ আৰু সাতবইনী পাহাৰৰ মাজেদি খেতিপথাৰত পানী যোগানৰ বাবে এটি সৰুকৈ দাৰা ( নলা ) আছে। এই দাৰাটিক মাজেদাৰা বুলি কয়। এই মাজে দাৰাটি ৰেল লাইন অতিক্ৰম কৰি আইথান পাহাৰৰ কাষে কাষে বৈ গৈ খেতি পথাৰত পানী যোগানৰ সুবিধা কৰি দিছে।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২০