পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাক। ম’হৰ গাড়ী, মটৰ গাড়ী আদি অনা-নিয়া কৰিবৰ বাবে বহলকৈ ৰাখি থোৱা ৰাজহুৱা আলিবাট। এনে গপ্তা আইথান ঝৰাৰ পৰা থবলপাৰা গাঁৱলৈ আছিল। আইথান ঝৰাৰ পৰা দাবিলী-দেউৰীপাৰা দোকান আলিবাটত সংযোগ আলিবাটটো পূৰ্বতে পথাৰৰ আলি*2থুক্-চি ৰাভা সকলৰ দেৱী। এটাহে আছিল। পখীন্দ্ৰ ৰাভা গাঁও বুঢ়া হৈ থকা কাৰ্যকালত পথাৰৰ গিৰিহঁতৰ সতে আলোচনা কৰি আলিবাট নিৰ্মাণ কৰে আৰু চেঁচাপানী-থবলপাৰা আলিবাটটো মৌজা ৰাইজৰ দ্বাৰা শ্ৰমদান কৰি মাটি উঠাই সম্পূৰ্ণ কৰা হয়। এই আলিবাট নিৰ্মাণ কৰা আনুমানিক ইং ১৯৬৬/৬৭ চনত। সম্প্ৰতি ইং ২০১৭ চনত থবলপাৰাৰ পৰা উপৰ দেউৰীপাৰা চুবুৰীটোলৈ পিচ কৰা হ’ল আৰু এতিয়াও বাকী শিল-বালিৰ আলিবাট হৈয়ে আছে।

কৰ্ম সংস্কৃতি আৰু জীৱন নিৰ্ব্বাহঃ

 কৰ্ম সংস্কৃতি আৰু জীৱন নিৰ্ব্বাহ বুলিলে মই স্বচক্ষুৰে দেখা কৰ্ম সমূহ আৰু জীৱন ধাৰণৰ গতি সমূহৰ বিষয়ে কিছু উল্লেখ কৰিব বিচাৰিছোঁ। গতিকে মোৰ জীৱন্ত কালত হৈ যোৱা দিনবোৰৰ কথা লিখিব বিচাৰিছোঁ।

 ইং ১৯৬০-৮০ চনলৈ এই অঞ্চলৰ খেতিয়াক সকলে ৰাতি কুকুৰা চৰাইৰৰ ডাক শুনাৰ লগে লগে ভৰ বাৰিষাত গৰু হাল লৈ হাল মাৰিবলৈ ওলায়। সেই দিনত থলুৱা জাতৰ ধানকে সৰহভাগে খেতি কৰিছিল। থলুৱা জাতৰ ধান সমূহ ধান বিশেষে নিজৰ নিজৰ সময় অনুযায়ীহে গেৰ ওলায় আৰু পকিবলৈ ধৰে। ইং ১৯৬৫-৮০ চনলৈ এনেকুৱা হাল বোৱা দেখা পাইছিলো যে— দুপৰীয়া ১০-১১ বজালৈকে হাল বাইছিল; কিন্তু ২০১৭ চনত ট্ৰেক্টৰৰ সংখ্যা সৰহ হোৱাত এতিয়া গৰু আৰু ম’হৰ দ্বাৰা হাল বোৱা সংখ্যা কমি গ’ল। হয়তো পিছৰ কালচোৱাত নোহোৱাই হ’ব। আমি জনাত আমাৰ এই অঞ্চলৰ থলুৱা ধানবোৰ হ’ল

ক) আহু ধান, বাইগুন গুটি, বালি ভুবৰি, চাৰেমা, গুৰিয়া আৰু বাঙাল দাৰি - -

খ) পৰমা ধানঃ বগা পৰমা, ৰঙা পৰমা, বিলচা - - -।

গ) কাতি মহিয়া ধানঃ দৰিয়া, কেঙেৰা, কাতিশালি - - -।

ঘ) শালি ধানঃ (মতা) পাৰফুকা, কেহৰ, কাছিৰি কুচুৰি, চিৰগুটি, ঝুল, লাউ বকা, হাতীমাউল,
 গমঠা - - -
 (পাতি) হাতীদাত, সোনাঝুল, গাৰোবাও, বালাম - - -৷

ঙ) বৰাধানঃ হলুং বৰা, আমঠংকা বৰা, মাখালেকা বৰা, চন্দাবৰা - - -।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২২