পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আইথান পাহাৰঃ

শ্ৰীশ্ৰী ভগৱতী মন্দিৰটোকে আইথান বুলি কয়। এই আইথান যিটো পাহাৰত আছে সেই পাহাৰটোকে আইথান পাহাৰ বুলি কয়। শ্ৰীশ্ৰী ভগৱতী আইক কেতিয়াৰ পৰা পূজা কৰি আহিছে সেইটো কোৱা সম্ভৱ নহয়। মৌজাৰ অন্তৰ্গত থকা ৰাভা, কছাৰী সম্প্ৰদায়ৰ লোক সকলে পূৰ্বৰে পৰা ইয়াক

শ্ৰী শ্ৰী ভগৱতী আইৰ মন্দিৰ

পূজা কৰি আহিছে আৰু ৰাভা সম্প্ৰদায়ৰ লোক সকলে বংশানুক্ৰমে দেউৰী (পূজাৰী) নিৰ্ব্বাচন কৰি পূজা কৰি আছিল যদিও ৺ভূবিন ৰাভা নামৰ দেউৰী মৃত্যুৰ পিছত সিহঁতৰ বংশত তেনে উপযুক্ত দেউৰী নোপোৱাত দেউৰীৰ বংশানুক্ৰমৰ লানি চেৰাই ৰাভা সম্প্ৰদায়ৰ উপযুক্ত ব্যক্তিক দেউৰী পাতি পূজা কৰি আছে। আমি জনাত কামান ৰাভা, ৰামান ৰাভা, খাছা ৰাভা, ভূবিন ৰাভা, কামাৰ সিং (থালমাং) ৰাভা, পক্ষীন্দ্ৰ ৰাভা, ভৱেন্দ্ৰ ৰাভা, শ্ৰীউমেশ ৰাভা আৰু বৰ্ত্তমানৰ শ্ৰীলোহিত ৰাভা দেউৰী (পূজাৰী)। ব্ৰাহ্মণৰ হাতে ইয়াক পূজা দিয়া নহয় আৰু ইয়াত তেনে হোমাদি বা যজ্ঞ কৰা নহয়। বছৰেকত দুবাৰ পূজা কৰা হয়। ১। ভৰ পূজা আৰু ২। জেঠ মহীয়া পূজা।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১৬