পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমতলত --- খেলাৰাম, মেলাৰাম, জগন্নাথ ঠাকুৰ, পাগলা ঠাকুৰ, সোনাৰায়, ৰূপাৰায়, আয়ৰুতী, বায়ৰুতী আদি দেৱ-দেৱীৰ থাপনা পোৱা যায়। এই দেৱ-দেৱীৰ সোঁফালে শ্ৰীশ্ৰী ভগৱতী আইৰ থাপনা।

 শ্ৰীশ্ৰী ভগৱতী আইৰ দুজনী বেটী। গঙ্গা আৰু মায়া। গঙ্গা আৰু মায়াক বৰ্ত্তমান মন্দিৰৰ পশ্চিমত থকা আইথান ঝৰাত (জৰণাত) দুটা গোসাইৰ ভাগ দি পূজা দিয়ে। মানে জল কুৱৰীৰ নামত ভাগটি আগবঢ়ায়।

শ্ৰীশ্ৰী ভগৱতী আইৰ পূজা কমিটিঃআমি জনাত মৌজাৰ গাঁও বুঢ়া সকলৰ দায়িত্বত পূজা পৰিচালনা কাৰ্য্য চলি আহিছে। সম্প্ৰতি গাঁও বুঢ়া সকলৰ প্ৰশাসনীয় ক্ষমতা নাই যদিও পূজাৰ ক্ষেত্ৰত মৌজা ৰাইজে সম্পূৰ্ণ চৰ্ত দিয়া আছে। অৱশ্যে এই চৰ্ত গণতান্ত্ৰিক পদ্ধতিৰে চলে। পূৰ্ব্বতে গাঁও বুঢ়া সকল বংশানুক্ৰমে আছিল বুলি শুনিছিলোঁ। এতিয়া এই পদ্ধতি নাই। গাঁও বুঢ়া সকলৰ মাজত এজন বড়-গাঁওবুঢ়া আছিল। এতিয়াও আছে যদিও তেওঁক আজি কালি সভাপতি ৰূপে গণ্য কৰা হয়। পূজা কমিটিৰ গাঁও বুঢ়া সকলৰ মাজত পূৰ্ব্বতে সৰকাৰ নিয়োগ কৰা হৈছিল।

আজিও তদ্ৰুপ চেক্ৰেটাৰী/সম্পাদক নিৰ্বাচন কৰি লোৱা হয়। চাৰা (অন্য মৌজাত কঠিয়াল বুলি জনাজাত ) আছে। পূৰ্বতে সম্পাদকক দৰমহা বা অন্যান্য লাম-চাম একো দিয়াৰ ব্যৱস্থা নাছিল। এতিয়া দিয়া হ'ল আৰু চাৰা জনক বছৰেকত দৰমহা দিয়া হয়৷

সাত বইনী পাহাৰঃ

সাত বইনী বুলি কলে— অসমীয়াত সাত ভনী বুজায়। বইনী বুলি কোৱা শব্দটো আমাৰ সাতাম পুৰুষীয়া ভাষাৰ শব্দ। সেয়ে সাত বইনী পাহাৰ বুলিয়ে কব লাগিব। শ্ৰীশ্ৰী ভগৱতী আইৰ যি কেইজন বইনী আছে; তাৰে সাত বইনী দেৱীৰ থান— এই পাহাৰত আছিল। এই সাত বইনী পাহাৰটো হ’ল শ্ৰীশ্ৰী ভগৱতী আইৰ মন্দিৰ থকা পাহাৰৰ পূৱ ফালে নিচেই গাতে লাগি থকা পাহাৰটো। এই পাহাৰৰ দক্ষিণ-পশ্চিম কোণত সাত বইনী দেৱীৰ থান

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১৮