পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দামৰা-মেন্দিপাথাৰ আলিবাটৰ দক্ষিণত; য'ত এতিয়া ৰেলষ্টেচনৰ কাৰ্য্যলয় অৱস্থিত তাৰ উত্তৰ দিশত আছিল। সেই ঠাই ডৰাত এতিয়া শ্ৰীমলেন ৰাভাই ৰবৰৰ খেতি কৰি আছে। জমিডৰা কমিটিৰ ৰাইজৰ লগত সাল-সলনি কৰি লোৱাত দেউৰীপাৰা গাঁৱৰ মাজত বন্ধা হ’ল। বৰ্ত্তমান ফটোত দেখা ঘৰটো একেবাৰে পিছৰ কালচোৱাত বন্ধা ঘৰৰ ফটো। এই ঘৰটি আগতে ইংৰাজী এল চাইজৰ আছিল। সেই এল চাইজৰ ঘৰটি ছোটমাটিয়া গাঁৱৰ ৺আনা ৰাভাক বিক্ৰ কৰা হৈছে আৰু সেই টকাৰে আৰু লগত মজুত থকা টকাৰে গোৱালপাৰাৰ আসাম ক্লাৱৰ অনুৰূপত বান্ধিবলৈ হাবিলাস কৰিছিল; কিন্তু দুৰভাগ্যক্ৰমে হৈ নুঠিল।

কঞ্চ থানঃ উপৰ দেউৰীপাৰা চুবুৰীত চুবুৰীটোৰ দক্ষিণত এটি কঞ্চ থান আছিল। বৰ্ত্তমানৰ COJC গীৰ্জা য'ত অৱস্থিত তাত আদিতে কঞ্চৰ থান আছিল। কঞ্চ, এইটো বোন (Pean)*1 ধৰ্মৰ এটি গোসাই। এতিয়া বোন ধৰ্ম কি? সেইটোৰ বিষয়ে বিৱৰণী দিবলৈ হলে দীঘলী হ'ব। মই যি জানিছোঁ—বুজিছোঁ সেইটোহে উয়াত উল্লেখ কৰিম। বোন ধৰ্ম মতে পৰম দেৱতা মহাদেৱ (শিৱ) তেওঁৰ গাহৰি, কুকুৰা চৰাই আদিৰে বলি দি পূজা কৰা হয়। এনেবোৰ পূজা মঙ্গোলীয় গোষ্ঠীৰ মানুহবোৰে পূজা অৰ্চনা কৰিছিল, কৰি আহিছে আৰু আজিও কৰি আছে।

(Pean)*1 অসমৰ সাংস্কৃতিক ইতিহাস-পৃঃ 147

 খেতিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে ভাৰতৰ উত্তৰ-পূৱ অঞ্চলৰ জনজাতীয়লোক সকলে আজিলৈও এই ধৰ্ম মতে চলি আছে। কঞ্চ দেৱতা, খেতি ও জীৱন ধৰ্ম দেৱতা। হিন্দুৰ শাক্তিয় ধৰ্মৰ “ধৰ্মঠাকুৰ”ক যেনেদৰে বগা নিচান তৰিব লাগে, ঠিক তেনেদৰে কঞ্চ দেৱতাক বগা চৰাইৰে বলি আগবঢ়াই পূজা অৰ্চনা কৰিব লাগে। ধৰ্মঠাকুৰে যেনেদৰে মানুহৰ বিপদৰ সন্মুখীন হলে দেখা দিয়ে, ঠিক তেনেদৰে কঞ্চদেৱতাও মানুহক কিবা এটাৰ অভাস দিয়ে।

 আলচিয়া ৰজাৰ দিনত তাতে হেনো (COJC ৰে গীৰ্জা থকা ঠাইত) কঞ্চ দেৱতাৰ থান আছিল। সেইবাবে ঠাই ডোখৰত খেতি পথাৰ উলিওৱা নাছিল। খেতি পথাৰৰ মালিকে থানটো পশ্চিম পাৰত স্থাপন কৰি পূজা কৰিছিল আৰু পুৰণা থানৰ ঠাইডোখৰত নলবাৰীৰ মেজেং গাৰোৰ গিৰিয়েক লবাৰচোন মোমিনে চৰ্ত এৰি দিয়া নাছিল। সময়ে সময়ে চাফা কৰি ৰাখিছিল। তেওঁ হ’ল ৺বথপ ৰাভা আৰু কঞ্চ থানটো খেতি পথাৰৰ পশ্চিম দিশত পথাৰৰ পাৰত থানপাতি পূজা কৰি থাকিল।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১২