পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰম্বুকপাৰা গাঁও। কেনেকৈ এক নম্বৰ আৰু দুই নম্বৰ ধনীৰ শ্ৰেণীত পৰিল? ইয়াৰ বিৱৰণীটো এনে ধৰণৰ— এই গাঁও দুখনত জমি নথকা পৰিয়াল এটাও আছিল। সকলো পৰিয়ালৰে উপৰ্যুপৰি খেতিৰ জমি আছিল। জমিডোৰা নিজে নিজে উলিয়াই লোৱা। জমি ডৰা নিজে নিজে উলিওঁৱা বুলি এইটোৱেই প্ৰমাণ কৰে যে— এটা এটা জমিডোৰাত, সিহঁতৰ নিজৰ নিজৰ বংশধৰ ভিতৰতেই ভাগ বতোৰোৱা হোৱা দেখা যায়।

 পৰিয়াল আৰু জনসংখ্যাঃ নিম্ন দেউৰীপাৰা চুবুৰীটোত বৰ্ত্তমান ৰাভা পৰিয়াল ৯ টা, পুৰুষ ১৮ জন আৰু মহিলা ২০ জনী। কছাৰী পৰিয়াল ২৩ টা, পুৰুষ ৪৫ জন মহিলা ৬৮ জনী।

চৰকাৰী চাকৰিয়ালঃ শিক্ষক এজন, অঙ্গনৱাদী কৰ্মী এজনী আৰু আছা কৰ্মী এজনী।

 নিম্ন দেউৰীপাৰা চুবুৰীখনৰ উত্তৰ-পশ্চিম দিশত নিচেই কাষতে লাগি থকা ৰক্ষাকালীৰ গোসাইৰ থান আছে। এই গোসাইক কেতিয়াৰ পৰা পূজা কৰি আহিছে সেইটোৰ চুবুৰীৰ ৰাইজে সঠিক ভাৱে কব নোৱাৰে। আদিতে গোসাইৰ থানখন দেউৰীপাৰা-বৰপাথাৰ আলিবাটৰ পূৱ ফালে আছিল। আনুমানিক যোৱা ইং ১৯৬৯/৭০ চনত শালী জমিৰ মালিক ৺চানজাং বড়োৰ সতে জমিডোৰা সাল-সলনি কৰি সম্প্ৰতি নিম্ন দেউৰীপাৰা-দালোৱাবাৰী আলিবাটৰ উত্তৰত থানটো পতা হ’ল। সেই গোসাইক আদিতে হেনো ৰাভা-কছাৰীয়ে লগ লাগি একে লগে পূজা কৰিছিল। কিন্তু কোনোবা এটা দিনত কাজিয়া হোৱাত ৰাভা সকলে সহযোগ কৰা এৰি দিলে। এই গোসাই বেদৰ নিয়ম অনুসাৰে পূজা কৰা হয়; কিন্তু বামণধাৰী নহয়।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২