পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

Khas Deuripara Assamess L.P. School

যোৱা ইং ২০০২ চনত এই বিদ্যালয়খন স্থাপন কৰা হয়। এই বিদ্যালয়খন মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ অন্তৰ্গত আছে বাবে খাচ দেউৰীপাৰা অসমীয়া প্ৰাঃ বিদ্যালয় নামাকৰণ কৰিছে। বিদ্যালয়খনৰ ভেটি মাটিডৰা ৺গোচাই ৰাভাৰ ভেটি মাটি আছিল। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম শ্ৰীৰাজীৱ ৰাভা আৰু সহঃ শিক্ষক জনৰ নাম শ্ৰীপূৰ্ণ ৰাভা।

উপৰ দেউৰীপাৰা মহিলা সমিতিঃ উপৰ দেউৰীপাৰা চুবুৰীটোত এটি মহিলা সমিতি আছিল। আনুমানিক ইং ১৯৭২ চনৰ পৰা ১৯৯১ চনলৈ এই মহিলা সংগঠনটো সক্ৰিয় হৈ আছিল। নাম আছিল— উপৰ দেউৰীপাৰা মহিলা সমিতি। সম্পাদিকা ৺সমিত্ৰা ৰাভা। তেওঁ আদিৰ পৰা অন্তলৈ সম্পাদিকাৰ দায়িত্ব পালন কৰিছিল। এই সমিতিৰ জৰিয়তে মহিলাৰ সৱলীকৰণ, শিশু-মাতৃৰ খাদ্য যোগান ধৰা হৈছিল।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/১৪