পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শালপাৰা গাঁৱৰ ৰাজেন ৰংখ (শ্ৰীঅহৰ বাণ্ঠোৰ বাপেক) দুয়ো দৰংগিৰিৰ দক্ষিণত থকা খাৰখুটাত মাইনৰ স্কুলত পঢ়িবলৈ গৈছিল। খাৰখুটা মাইনৰ স্কুল, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ মাজৰ স্তৰ। তেওঁলোকে ঘৰৰ পৰাই অহা যোৱা কৰি পঢ়িছিল। শালপাৰা গাঁৱৰ ৰাজেন ৰংখয়ে বাতিপুৱাৰ ভাত খাই ওলাই আহে নিন্ন দেউৰীপাৰা আনন্দমোহন ৰাভাৰ ঘৰত আৰু আনন্দমোহন ৰাভাই গৰু মেলাৰ লগে লগে হাল এৰি দি ঘৰত ভাত-পানী খাই দুয়ো একে লগে আইথান হৈ থবলপাৰা > নিয়াৱলী > পাহাৰতুলী > দামৰাৰ খেকেৰেং>চিলুক মেণ্ডিমা > পাহাৰ অতিক্ৰম কৰি খাৰখুটাত মাইনৰ স্কুলত উপস্থিত হয়। এইটো তেওঁলোকৰ আজিৰ দিনত কৃতিত্ব। এনেদৰে তেখেত সকলৰ শিক্ষা জীৱনৰ বহুতো সমস্যাৰ কথা আছে। শেষত তেওঁলোক শিক্ষকতা কৰি স্বইচ্ছাই অৱসৰ লয়।

 উপৰ দেউৰীপাৰা চুবুৰীৰ সুৰেশ ৰাভাই বি, এ, পাছ কৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ একাউন্টটেন্ট্ পদত চাকৰি কৰি গোৱালপাৰা চহৰত স্থায়ী ভাৱে থাকিবলৈ লয় আৰু নিম্ন দেউৰীপাৰা চুবুৰীৰ শ্ৰীৰূপনাথ খাখলাৰীয়ে বি, এ, পাছ কৰি Assam Health Service ত চাকৰি কৰি বৰ্ত্তমান গুৱাহাটী মহানগৰীত স্থায়ী ভাৱে থাকিবলৈ লয়।

কৃষ্টি-সংস্কৃতিঃ অনুমানিক ইং ১৯২১/২২ চনৰ পৰা দেউৰীপাৰা গাঁৱত ভাৰি গানৰ দলটিয়ে আজিলৈয়ো কৃষ্টি-সংস্কৃতি ৰূপে থিয় হৈ আছে। ইয়াৰ উপৰিও পূজা ও বিয়া-সবাহত প্ৰয়োজনীয় ভাৱে ঢোলৰ দলটি নিম্ন দেউৰীপাৰা আৰু উপৰ দেউৰীপাৰা এই দুয়োটা চুবুৰীত ইং ১৯৯০ চনলৈ আছিল। এতিয়া নিম্ন দেউৰীপাৰা চুবুৰীটোৱে পুনৰ শিকিবলৈ হাতত হৈছে। ৰাভা-কৃষ্টি ও নাট্যভিনয়ৰ দল উপৰ দেউৰীপাৰা চুবুৰীত যোৱা ইং ১৯৯৪ চনৰ পৰা ...... চনলৈ আছিল যদিও সময়ৰ সোঁতত হেৰাই গ'ল।

খেলা-ধুলাঃ খেলাধুলাৰ দিশত নিম্ন দেউৰীপাৰা চুবুৰীটো লেখত লবলগীয়া। ফুটবল আৰু ভলীবল খেলাৰ ক্ষেত্ৰত উপৰ দেউৰীপাৰাতকৈ নিম্ন দেউৰীপাৰ চুবুৰীৰ পাৰদৰ্শিতা বেচি।

লাংটিয়াপাৰাঃ উপৰ দেউৰীপাৰা চুবুৰীটোক লাংটিয়াপাৰা বুলি কোৱাটো বা লিখাটো তাচ্ছিল্য। চেঁচাপীন গাঁৱৰ “কিথপ ৰাভা”ই এই নামটি দিয়া। তেখেত সকলে মদ খাই মাতালামি হৈ কাজিয়া কৰি যুঁজ-বাগৰ কৰি লেংটা হৈ পৰাত নামটো দিলে। সেয়ে আজিও যি সকলে লাংটিয়াপাৰা বুলি কয় বা লিখে তেখেত সকলক আমি তাচ্ছিল্য কৰা বুলি ভাবো আৰু লিখিলে মুৰ্খবুলি জ্ঞান কৰোঁ।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২৮