পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিভিন্ন গাঁৱৰ পৰা পৰিয়াল আহি বসবাস কৰিবলৈ লোৱাত আৰু পৰিয়ালৰ সতি-সন্ততিৰ পৰিয়াল বাঢ়ি অহাত এতিয়া বৃহৎ চুবুৰী হৈ পৰিল। কিছুসংখ্যক পৰিয়াল মেঘালয়ৰ গাৰো পাহাৰ জিলাত সোমাই পৰিল। বাহিৰৰ পৰা উঠি অহা বাবে এনে পৰিয়াল সকলৰ খেতিৰ মাটি কম। মেঘালয়ৰ গাৰো পাহাৰৰ জিলাৰ অন্তৰ্গত সোমাই পৰা পৰিয়াল সকলে নিজকে খাচ দেউৰীপাৰা বুলি লিখিবলৈ আৰম্ভ কৰিছে।

পৰিয়াল আৰু জনসংখ্যাঃ

 উপৰ দেউৰীপাৰা চুবুৰীটোত বৰ্ত্তমান ৰাভা পৰিয়াল ৮৯ টা। পুৰুষ ২০৪ জন আৰু মহিলা ১৯৮ জন। গাৰো পৰিয়াল ১ টা। পুৰষ ০০ জন, মহিলা ০২ জনী। এই গাৰো পৰিয়ালটো কমলা বাগান ৰখিব আহি তাতেই নিগাজিকে থাকিবলৈ লয়। ইং ১৯৭৫-৭৬ চনত তেওঁলোক আহে। তেওঁলোক বলবলাৰ বাসিন্দা আছিল।

চৰকাৰী চাকৰিয়ালঃ শিক্ষক এজন, নাৰ্চ এজনী, অঙ্গনৱাদী এজনী, চিপাহী এজন।

আলচিয়া পুখুৰীঃ

দামৰা-মেন্দিপাথাৰ আলিবাটৰ গাতে লাগি থকা উপৰ দেউৰীপাৰা চুবুৰীটোৰ সোঁমাজতে এটি পুখুৰী আছে। এই পুখুৰীৰ দীঘ ১৬৯ ফুট, পুতল ৯০ ফুট = ১৫২১০ বৰ্গ ফুট। ই ৰাজহুৱা পুখুৰী। সেই পুখুৰীটোৰ নাম আলচিয়া পুখুৰী। পুখুৰীটোৰ কাষতে জনজাতীয় সাংস্কৃতিক ভৱন আৰু অঙ্গনৱাদী কেন্দ্ৰ আছে। এই পুখুৰীটোৰ পৰা পঞ্চাশ মিটাৰ মান মেন্দিপাথাৰ দিশত গলে নলবাৰী ৰেল ষ্টেচনত যোৱা আলিবাট পাব আৰু পুখুৰীটোৰ পৰা তিনিশ মিটাৰমান পূৱ পিনে দামৰাৰ দিশত গলে পাহাৰৰ কেকুৰি আৰু ওপৰত ৰেল লাইনৰ উৰণীয়া সেতু (Over bridge ) পাব। এই আলচিয়া পুখুৰীৰ কিছু কিংবদন্তী

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/৬