পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলোৰ লাভ নেথাকে বুলি এতিয়া পুনৰ সুতৰ তলতে বন্দক লব লাগিছে। কৰ্তনীত জমি লব নখোজে।

মাঘ বিহুৰ পৰা বহাগ বিহুলৈঃ শালিধান কটা হলে মাঘ বিহু আহি পৰে। মাঘ বিহুটোকে গাঁৱলীয়া খেতিয়ক সকলে বছৰৰ কাম-কাজৰ শেষ সীমা বুলি গণ্য কৰে। খেতি কামৰ বাবে অনা হালোৱা-ৰুৱণী সকলোক দৰ্মহা দি বিদায় দিয়ে আৰু আগন্তক বছৰৰ বাবে কামৰ পৰিকল্পনা কৰে। আগন্তক বছৰৰ বাবে গৃহস্থই খৰি সংগ্ৰহ, নতুন ঘৰ বন্ধা বা মেৰামতি কৰা, হালোৱা-ৰুৱণি বিচৰা, হাল বাবৰ বাবে গৰু, ম’হ ঠিক কৰা কৰ-নাঙল তৈয়াৰ কৰা ইত্যাদিৰ কামবোৰ হাতত লয়। ১৯৭০ চনৰ আগচোৱাত আজিৰ দৰে ঘৰে ঘৰে টিন আৰু চিমেন্টৰ ঘৰ কম আছিল। সেই দিনত টিন আৰু চিমেন্ট আছিল যদিও বাঁহ আৰু খেৰৰ ঘৰেই শতকৰা ৮০ ভাগ আছিল, সেই বাবে খৰাঙৰ বতৰত খৰি, খেৰ, বাঁহ আদিৰ বাবে ওচৰৰ পাহাৰত সংগ্ৰহৰ বাবে গৈছিল। মাজে মাজে বনৰ জীৱ-জন্তুৰ চিকাৰ কৰিছিল। ইং ১৯৭০ চনলৈ উপৰ দেউৰীপাৰা গাঁৱৰ মানুহবোৰে শগৰা পহু, বনৰীয়া গাহৰি, কেটেলা পহু, গুই চিকাৰ কৰিছিল। হৰিণ, শগৰাপহু, বনৰীয়া গাহৰি এইবোৰ এতিয়া নাই কাৰণে এনে চিকাৰ কৰা এৰি দিয়া হ’ল; লগতে এইবোৰ জন্তুৰ বাবে তৈয়াৰ কৰা জাল সমূহ নাই আৰু জাল বনাবও নাজানিব। খৰাঙত আঠাৰে পখী পানী খোৱা ফান্দপতা, কপৌ চৰাইক জালত ফান্দপাতা এইবোৰ চিকাৰ আজিও কৰি থকা দেখা যায়।

জীৱন নিৰ্ব্বাহঃ সকলো ব্যক্তিয়ে চিকাৰ নকৰে; এই সময় চোৱাত আগন্তক বছৰৰ বাবে পৰিকল্পনা কৰি নতুন পথ সুগম কৰি লয়।

গুচতি (আলহি) খোৱাঃ গুচতি বা আলহি খোৱা প্ৰথাটো আগৰে পৰা চলি আহিছে। আৰু আজিও চলি আছে। কিন্তু ধৰণ কৰণ সলনি হৈছে। আগত দোকান পোহাৰ নাছিল বাবে আলহিয়ে পিঠা বা আখৈ ভাজি আনিছিল আৰু কেতিয়াবা আলহিয়ে ঘৰত আবু আতাৰ লগত ফৰিবলৈ গলে এনেবোৰ খাদ্য তৈয়াৰ কৰি দিছিল। একেবাৰে একোদিব নোৱাৰিলে কুকুৰা চৰাই বাহৰ পৰা কণীটোকে ঘৰত আহি ভাজি খাবলৈ চোলাৰ মোনাত সুমোৱাই দিছিল। বৰ্ত্তমানো আলহিৰ এনে মৰম স্নেহ আছে কেৱল পিঠা-আখৈ সলনি দোকানৰ বিস্কুট পাকেট আৰু কুকুৰা চৰাইৰ কণীৰ সলনি দুই-এক টকা পইচা নাতি-নাতিনীৰ হাতত দিয়া দেখা যায়। ইং ২০০০ চনৰ পৰা দেশত বাইক, কাৰ, মটৰ গাড়ী আৰু মবাইল ফোনৰ প্ৰচলন বৃদ্ধি পোৱাত আলহি আহিলে বা আলহিৰ ঘৰত গলে ৰাতি কটোৱা অভ্যাস কমি গ’ল। ম’বাইল ফোন থকাৰ বাবে আলোহিৰ ঘৰত যোৱাটোও কমি গ’ল। প্ৰয়োজনত ফোনত ঘৰৰ পৰাই কথা পাতে।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/২৬