পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিম্ন দেউৰীপাৰা প্রাথমিক বিদ্যালয়ঃ

 নিম্ন দেউৰীপাৰা চুবুৰীটোৰ সোঁমাজতে “নিম্ন দেউৰীপাৰা প্রাথমিক বিদ্যালয়”। বিদ্যালয়খন বড়াে মাধ্যম । যােৱা ইং ১৯৭২ চনত আৰম্ভ কৰা বিদ্যালয়ৰ প্রথম প্রধান শিক্ষক (বিনােদ আৰু স্বৰূপৰ তথ্য মতে) শ্ৰীবীৰেণ বসুমতাৰী (খেদেলাপাৰা), তাৰপিছত শ্ৰীকল্পনা বড়াে (খাৰা, দুধনৈ) তাৰ পিছত শ্ৰীঅতুল বসুমতাৰী (শিয়ালমাৰী, দুধনৈ), পিছত শ্ৰীসর্বেশ্বৰ মুছাহাৰী (দেউৰীপাৰা), তাৰ পিছত শ্রীপৰেশ বসুমতাৰী (উপৰতলা), তাৰ পিছত চিত্তৰঞ্জন বসুমতাৰী (বগুলামাৰী), তাৰপিছত শ্রীজগমােহন ব্রহ্ম (খাৰা,দুধনৈ), তাৰপিছত শ্রীটিকেন বসুমতাৰী (চেঁচাপানী), শ্রীদিলীপ বড়ো (উপৰতলা), শ্রীসূৰ্য্য দৈমাৰী (মেজেংপাৰা), শ্রী.... (ধূপধৰা), তাৰ পিছত শ্রীনিৰূপ দৈমাৰী (মােৱামাৰী)। শ্রীসূৰ্য দৈমাৰীৰ কাৰ্যকালত ইং ০৭-০২-১৯৮৬/৮৭ তাৰিখত বিদ্যালয়খন চৰকাৰীকৰণ কৰা হয় ।

নিঃ দেউৰীপাৰা অঙ্গনবাদী কেন্দ্রঃ নিম্ন দেউৰীপাৰা অঙ্গনৱাদী কেন্দ্র, নিম্ন দেউৰীপাৰা প্রাথমিক বিদ্যালয়ৰ একে সৌহদৰ ভিতৰতে লাগি আছে। যােৱা ইং ২০০২ চনৰ পৰা অঙ্গনৱাদী কেন্দ্ৰটো আৰম্ভ কৰা হয়। কেন্দ্ৰটোত শ্ৰীললিতা...... ই প্রথম কর্মী। বৰ্ত্তমান কেন্দ্ৰটোৰ কৰ্মী শ্ৰীমনিকা খাখলাৰী আৰু সহকর্মী শ্রীকিৰণী স্বর্গীয়াৰী ।

দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা/৩