তিৰুতাৰ আত্মদান কাব্য/নৱম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৮৮ ]

নৱম সৰ্গ।
⸺৹৹০৹৹⸺

“⸺Tis so-Heaven wills, and my hour is nigh!”
⸻Pope’s Translation of Homer’s “Illiad”

“⸺And now she sees him! fast the tear drops flow
Her accent stiffl’d with the sobs of woe;
She faints, she falls (her inmost heart-strings mov’d)
Despairing shricks, repeats the name beloved
Gentler and gentler heaves her anguish'd breast
  * * * *
Fond she embraced him, —wild with grief & sigh
The straind him closer to her heart and died”
⸻⸻⸻⸻⸻Voltare.

    মহা অৰণ্যৰ মাজে কাঠ-চিতা চাউডাঙ্গে
 পতি প্ৰাণা কুঁৱৰীক দিছে নানা যাতনা।
 জোপাৰ আঁৰৰ পৰা ৰাণীৰ কেলেশ দেখি
 গদাপাণি মনে মনে বিলাপিছে কতনা॥

[ ৮৯ ]

প্ৰাণৰ মায়াত কিন্তু ওলাব নােৱাৰে তেওঁ
প্ৰাণৰ ভয়ত দেহা লুকুৱাই ৰাখিছে!
ওলালেই জানাে পাছে বেৰি ধৰে শতুৰুৱে,
এই ভয়ে তেওঁ, হায়! লুকায়েই চাইছে!!
কত চৰ কত ভুকু পৰিছে ৰাণীৰ গাত
টঙ্গালি-চেপাত ৰাণী গত প্ৰাণা হইছে!
তথাপি নকয় একো স্বোৱামীৰ কথা ৰাণী
লাহৰি দেহত, হায়! সকলােকে সহিছে!!
লাহৰি পিঠিত কত চাবুক চমটা পৰে,
চিগিছে পিঠিৰ ছাল! তেজে ৰঙ্গা হইছে
শাস্তিত অথিৰ হই কান্দিছে কেৱল ৰাণী,
নিৰ্জ্জন অৰণ্য, হায়! কান্দোনেৰে ভৰিছে!!
ৰাণীৰ দুখত যেন হই আজি বিষাদিত
অৰণ্যৰ গছ লতা বিয়াকুল হইছে!!
দেখিব নােৱাৰি আৰু নিৰ্দ্দয় যাতনা এনে
জগতৰ চকু সূৰ্য শােকে অস্ত গইছে!

[ ৯০ ]

 * * * * *

এনে নিদাৰুণ ছবি জানাে ঢাকিবৰ মনে

মহা অন্ধকাৰে আহি ভৰিলে জগত!
এন্ধাৰ দুপৰ নিশা, শুলে চাউডাঙ্গ,
এনেতে আহিল গদা ৰাণীৰ কাষত॥
দেখিলে, ৰাণীৰ হ’ল প্ৰাণ, হায়ু! ওষ্ঠাগত
পৰি আছে জগাকাঠ অৰণ্য-মাজত!
নাই মত নাই বােল মুখত ৰাণীৰ,
দীঘল উসাহ মাথোঁ বলিছে নাকত!!
ৰাণীৰ অৱস্থা দেখি হ’ল গদা বিয়াকুল,
পানি একাঁজলি আনি দিলেহি মুখত;
জ্ঞান পালে কুঁৱৰীয়ে, চকু মেলি চাই
দেখিলে প্ৰাণৰ প্ৰাণ স্বামীক আগত॥

যাৰ কাৰণেই তেওঁ ভুঞ্জিছে যাতনা,

যাৰ কাৰণেই আজি প্ৰাণ যায়-যায়!
তেনুৱা স্বামীক দেখি চকুৰ আগতে,

[ ৯১ ]

 মহাশোকে কুঁৱৰীয়ে বুলিবে ৰিনাই;
 “মহাৰাজ। প্ৰাণনাথ! বঙ্গহৰদেও! : (১)
 “ৰান্ধি বাঢ়ি আৰু ভাত নিদিব৷ সোই!
 “অত দিন গ’ল, আৰু কেৱলে .@দিন
 “মই অভাগিণীমাথ! থাকিম জীৱাই।
 “ৰাতি পুRালেই, নাথ! কাইলই মোৰ
 দিদয় চাউডাঙ্গে বধিব জীৱন!.
 কিয়নো মিছাতে আহিএনুৱা কালত
 “চাপিছা গঞৰ কাষ? যোৱাপ্ৰাণধন।
 ‘বৰ ভাগ হোৱ। ”
গদাপাণি————“প্ৰিয়ে -শ্য থিক! মোক।
 “কাপুৰুষ!—তিকাক যাতনা ভুঞ্জাই
 “কি কাজ পৰাণ ৰাখি }, নৰকী পৰাণ,
 “নাই যাৰ, প্ৰাণেশ্বৰি। নৰকতো ঠাই॥”
জয়-—“বৰ ভাগ্য নাথ। অন্তিম কালত

(১) ওপৰ শ্ৰেনীৰ আহোম সকলৰ তিৰুতাই গিৰিয়েকক
   ‘বঙ্গহৰ দেও” বুলি মাতে।

[ ৯২ ]

 “দেখিলো তোমাৰ আজি যুগল চৰণ,
 “অতি ভাগ্যৱতী মই, স্বামী-মুখ চাই।
 “আনন্দে হবিষ মনে এবিম জীৱন॥
 “ঘাতন৷ কি, প্ৰাণনাথ? যাতনা নহয়।
 “এই মোৰ; এই মোৰ যোৱামীব সেবা;
 “স্বামীৰ নিমিত্তে প্ৰাণ যাত্ম। দেহ মন।
 “তিৰুতাৰ, হায়, নাথ! তাত দুখ কিবা?
 “নহয় দুখৰ দিন মোৰ আজি, নাথ!
 “আনন্দৰ দিন মোৰ, নিমিত্তে তোমাৰ,
 “তোমাৰ সেৱাতে এই দেহা নিয়োজিত
 “ছ দাসীব, প্ৰাণনাথ!
গদা ⸻⸻—‘নিমিত্তে গদাৰ
 “ই দশা তোমাৰ আজি! নোৱাৰে। সহিব
 “আৰু মই, প্ৰাণেশ্বৰি! নাথাকো লুকাই;
 “যি কৰে কবোক মোকে, এৰক তোমাক,
 “মাৰে, মোকে চাউডাঙ্গে মাৰক কোবাই।”
জয়—“তিৰুতাৰ ধৰ্ম্ম, নাথ! দিয়। তিৰুতাক

[ ৯৩ ]

“পালন কৰিবলই, নিমিত্তে স্বামীৰ
"( স্বামীৰ কাৰ্য্যত লাগি, স্বামীৰ সেৱাত )
মৰণতো মহা সুখ। তিৰুতা জাতিৰ॥
“কিন্তু, নাথ! আৰু তুমি মাথাকা ইয়াত,
“শ ক্ৰৰে দেখিলে হ’ব তোমাৰ বিলাই।
“পলোৱ। পলোবা তুমি, গুছি যোৱা গই,
“নগা-পৰ্ব্বতত গই থাকিৰা লুকাই।
যি কৰিছে চাউডাঙ্গে মোকেই কৰক,
“যি সহিছো, আৰু, নাথ। সহিয়ে থাকিম,
“মোক কৰা অত্যাচাৰ কৰিলে তোমাক,
“কেনেকই প্ৰাণনাথ! সহিব পাৰিম?
"শত্ৰুৰ বে তৰ কোৰ পৰিছে। সহিব,
“কটা ঘ তে কলাখাৰ ম’হাও সহিম,
“মোক কৰা অত্যাচাৰ কৰিলে তোমাক,
কেনেকই, প্ৰাণনাথ সহিব পাৰিম? »
“তিৰুতাৰ জন্ম, নাথ। স্বামীৰ নিমিতে,
“স্বামীৰ মুখৰ অৰ্থে তিৰুতাৰ ধন,

[ ৯৪ ]

( প্ৰেম ভাল পে) আৰু সৰ্ব্বস্ব তিৰীৰ,
“মন প্ৰাণ; তিৰুতাৰ তিব্বত৷ জনম।
‘সকলো স্বামীৰ জাৰ্থ, তিৰী জনমত
তিৰীৰ নিজস্ব ঘূলি একো মাই স্ত্ৰীৰ;
“তিৰুতাৰ ৰূপ গুণ দৌন্দৰ্য্য অমিয়া।
“সকলো স্বামীৰে অৰ্থে সকলো স্বামীৰ।
তিৰুতাৰ সকলো স্বামীৰ
“কি ন্ত নাথ! স্কোৱামীৰ নহয় তিৰুতা
“ভেংগ বিলাসৰ মাত্ৰ বস্তু সংসাৰত
“নেহে স্বামী তিৰুতাৰ সামগ্ৰী খেলাৰ

  • ( প্ৰেমৰ পুতলি মাথো' ) তিৰী জনমত।

তিৰু তাৰ স্বামীস’তে অচ্চেদ্য বম্বম,
“অপু ৰ উদ্দেশ্য অহে উদ্দেশ্য মহত
সিদ্ধ হয়, লতে ফল কৰি আত্মদান
‘স্বামীৰ মঙ্গল অৰ্থে, স্বীয়ে জীৱনত॥
“তিৰুতাৰ স্বামী, নাথ! জীৱম ,
“পতি বিনে তিফতাৰ নাই একো ধন,

[ ৯৫ ]

“মাই সুখ তিকতা, গৌৰৱ সন্মান
“স্বামী বিনে তিৰুতাৰ জীৱন্তে মৰণ।
"তিকতাৰ ধৰ্ম্ম স্বামী-স্বামী কম স্বাৰ
“গুক্তি মুক্তি তিৰুতাৰ সকলোটি পতি;
“মহা পীঠ মছ৷ তীৰ্থ স্বামী তিকতাৰ
“স্বৰ্ম্ম অৰ্থ কাম মোক্ষ অন্তিমৰ গতি॥

  • পতিব্ৰত—পতি সেবা বা তিৰুতাৰ

“তোমাৰ কুঁৱৰী সেই ধনে ধনবৰ্তী
‘সি ধনৰ পৰ৷ মোক নকৰা বঞ্চিত;
“স্ববিছোঁপাৱত, নাথ! কৰিছে। মিনতি।”

এই বুলি ব্ৰবীয়ে কালিৰ ধৰিলে “শোকে;

শোকত অধীৰ হই বুলিলে গদাই;–
“শত বিক, প্ৰণেশ্বৰি।। মোৰ জীৱনত
‘নৰকতো৷ আৰু পেৰ ক’তে৷ ঠাই নাই॥

[ ৯৬ ]

“প্ৰ ‘দম nকতাক যাতনা ভুঞ্জাই এনে
“হিতে নৰকিয়ে খোজে থাকিব জীয়াই;
“ত। লম পাপী নাই জগত-মাজত,
“ঘমে? নিদিয়ে তাক নবকতে৷ ঠাই॥
“‘মই, প্ৰিয়ে! ভাগ্য গুণে তোমাক অন্ধ।ঙ্গী ৰূপে
“পূৰ্ব জনমৰ ফলে পাইছিলো, হায়!
“কেনুৱা যে , মই কি কই বৰ্ণাম?
“ভাঙ্গিলে সি মুখ কিন্তু কণ বিধতাই!!
“সপোনতো ভবা নাই হ’ব। বুলি এনে দশা
“মোৰ কাৰণেই তুমি যাতনা ভুঞ্জিবা,
“মোৰ দোষে চকু পানী ওলাব চকুত,
“মোৰ দোষতেই তুমি কেলেশ সহিবা॥
“মাই কাজ আৰুপ্ৰিয়ে! মোৰ এই পৰাণও,
নপলাওঁ আৰু, মই-সিজে ধৰা দিম!
“কি কাজ পৰাণ ৰাখি? কেলেশ ভুঞ্জাই
“তোমাহেন তিৰুতাক কি ৰূপে থাকিম? ”

[ ৯৭ ]

এই বুলি গদাপাণি কুঁৱৰীৰ হাত ধৰি

ইনাই-বিনাই শোকে কান্দিব ধৰিলে!
স্বামীৰ কেলেশ জানি পতি-প্ৰাণা কুঁৱৰীয়ে।
স্বামীৰ পাৱত ধৰি দুখেৰে বুলিলেঃ—

“মহাৰাজ! প্ৰাণনাথ। জয়মতী-প্ৰাণ!

“মোৰ দোষে ঘনে ঘনে চকুত তোমাৰ
“ওলাইছে চকু পানী, তিতিছে হৃদয়,
“পেলোৱা মুছি, হে নাথ! চকুলো দুধাৰ॥
“পুখুৰীৰ পদ্ম ফুল লৰে বতাহত,
“তল যায় কেতিয়াবা, অকউ ওলায়,
“কি দুখ পদ্মৰ তাত? কিন্তু জঁয় পৰে
“যেতিয়া প্ৰাণব প্ৰাণ, বেলি মাৰ যায়॥
“তোমাৰো প্ৰিয়সী, নাথ! দুখুনী কুঁৱৰী
“নাই বোলা “একো জ্বালা শাস্তিৰ জ্বালাক,
“বাঢ়িছে মাথোন মোৰ হৃদয়ৰ দুখ,

[ ৯৮ ]

"প্ৰাণনাথ!—দেখি মই ব্যাকুল তোমাক॥
“অনায়াসে সহি আছে৷ শস্তি দোৰঘোৰ,
“বা কি মন্ত্ৰণা, মই আনন্দে সহিম,
“না কান্দিব৷ কিন্তু, নাথ। নকৰিবা শোক,
“তোমাব বিলাই দেখি কিৰূপে থাকিম?”

ইদৰে বনত দুয়ে কত কথা পাতিছে,

দুয়োটিয়ে শোকে দুখে কতনানো৷ কান্দিছে!
চাউডাঙ্গে গম পাই, হাই মাৰি উঠিলে,
দুখুনী ৰাণীয়ে পুন্ত কাকূতিত ধৰিলে;
“পলোৰ পলোৱা, নাথ! উঠ। বোৰ, পলোৱ।।
"পাছত বিপদ হ'ব, যোৱা পুনু লুকুৰ।
প্ৰাণৰ মায়াত পুনু গদাপাণি সুকালে,
উঠি চাই চাউডাঙ্গে ক’তে৷ কাকো নাপালে।

[ ৯৯ ]

 * * * * *


ৰাতি প্ৰায় তিনি পৰ! এনে সময়তে
চাউডাঙ্গে কুঁৱৰীক আকউ ধৰিলে
দিবলই মহা শাস্তি। “ক’ত গ’ল গদা?
“স্বামী তোৰ?” এই বুলি ঘনাই গুধিলে॥
তথাপি নকয় ৰাণী স্বোৱামীৰ কথা
অনায়াসে চৰ ভুকু সহিছে দেহত
জোপাৰ আঁৰত থাকি দেখিছে গদাই,
তিৰুতাৰ এনে দুখ সহে কি প্ৰাণত?
সহিব নোৱাৰি গদা প্ৰাণ আশা এৰি
ছদ্মবেশে (নগাবেশে) বাহিৰ ওলালে;
জোপাৰ আঁৰৰ পৰা, ধীৰে ধীৰে গই
অচিনাকি ভাও ধৰি কুঁৱৰীক ক’লে
“কিয়নো সহিছ, আই! ইমান কেলেশ?
“নকৱ কিয়নো তোৰ স্বোৱামীৰ কথা?
“লাহৰি দেহুত তই কিয় সহ দুখ?

[ ১০০ ]

“পৰাণত, আই! তোৰ নাইনে কি বেথা?”
শোকে তাপে ৰাণীয়েও খঙ্গমুৱা কই
ক’লে অচিনাকি ভাৱে, “নকওঁ যা মই
“স্বোৱামীৰ কথা, মোৰ।. তোৰ কিনো হ’ল?
“মৰিলে মৰিম মই, মোৰ প্ৰাণ, গ’ল॥
“ডালোৱা নগাটো। তই, থাক পৰ্ব্বতত
“নাজানে নাগিনী তোৰ স্বামী. কেনে ধন!
“কি জানিবি মোল তই, সতী তিৰুতাৰ?
“মইতো নহওঁ তোৰ নাগিনী, দুৰ্জ্জন?
“পৰ্ব্বতৰ নগা তই, গুছি যা তালই,
“যত আছে চাঙ্গ তোৰ পৰ্ব্বত-মাজত;
“সুখেৰে তই তাত খাই থাকগই,
“নামাৰিবি শেল আৰু মোৰ হৃদয়ত॥
“* * * * *
“* * * * *


পুৱ৩ীৰ দোকামোকা, দুষ্ট চাউডাঙ্গে

[ ১০১ ]

 বহুপৰ চাই, নগা যেন দেখিয়েই,
 (ছদ্মবেশী গদাপাণি চিনিব নোৱাৰি)
 পৰ্ব্বতৰ নগা তাকে শুধিলে সন্দেহ
 “কোন পৰ্ব্বতৰ পৰা আহিছ অ’ হাজি
 “ক’ত যাব লাগে এই পুৱতী বেলিকা
 “আমাৰ মানুহ এটা গইছে পলাই
 “পৰ্ব্বতৰ ফালে তই, নাপালিনে দেখা”
গদা—“গাভৰুৰ পৰা (১) হাজি আহিছো, অ’ মাই,
 “আহোতে আহোতে মোৰ ৰাতি শেষ হ’ল;
 "ক’তো দেখো কাকো মই দেখাকে নাপালো,
 “আহোতে বাটত, জানো আন বাটে গ’ল॥
 “বাৰু, যদি কৰবাত তাক দেখা পাও
 “তহতক কোনোমতে দিয়াম বাতৰি।”
 এই বুলি গদাপাণি এৰি সেই ঠাই,
 লাহে লাহে আৰ হ’ল আতৰি, আতৰি॥
 * * * * *


(১) গাভৰু পৰ্ব্বতৰ পৰা

[ ১০২ ]

 * * * * *

১০

আতৰিলে ফেঁহুজালি (ৰঙ্গচুৱা উষা)

ৰঙ্গাৰ’দ লই পূবে ওলালে বেলিটি
নাই আৰু দোকানোকা, ভৰিলে জগত
সোণালী কিৰণে স’তে, অনন্ত জেউতী॥
ওলালে আকউ গদা আন বেশ ধৰি,
(সহিব নোৱাৰি দুখ প্ৰাণ প্ৰিয়সীৰ)
পুনুক’লে,—“কিয়, আই! খাৱ মিছা দুখ
“কিয়নো নকৱ তই কথা স্বোৱামীৰ”
ৰাণীয়ে ক’লে পুনু “জানো কেনি গ’ল
“ক’ম কেনেকই, পেহা? (২) মই দেখা নাই


(২) ওপৰত কৈ অহা হৈছে, ইয়াৰ আগৰ বাৰ গদাপাণিয়ে নগাৰ বেশধৰি কুঁৱৰীৰ দেখা দিছিলহি, কিন্তু এইবাৰ তেওঁ সৰ্ব্ব সাধাৰণ ভাবেহে দেখা দিয়াত কুঁৱৰী বিচুৰ্ত্তি হ’ল। কেনেকই তেওঁৰ স্বামী তাৰ পৰা আঁতৰি যাব, তেওঁ ইয়াকেহে ভাবিবলৈ ধৰিলে! স্বামীক তাৰ পৰা আঁতৰাই পঠাবলৈ মন কৰি, তেতিয়াই কথাটো সাজি গদা [ ১০৩ ]

“গুছি যোৱাঁ তুমি মাথোঁ, তিৰী বধ লাগে!
“মাৰে মোক চাউডাঙ্গে মাৰক কোবাই॥
“* * * * *
“* * * * *
সূৰুজক শাক্ষী কৰি ক’লে গদাপণি
আপোন মনতে, “প্ৰভু! তুমি দেখিছাই,
“ইমান ক’লোহি মই আহি কুঁৱৰীক,
“কিয় সহাঁ দুখ? মোক দিযাঁ দেখুৱাই॥


পাণিৰ ফালে চাই ক'লে, -“পেহা! ক’ৰ মানুহ ক’লৈ গ’ল মইনো “কেনেকৈ ক’ম? যাবৰ সময়ত তেওঁতো মোক কই যোৱা নাই “যাহক, বধলাগে! তুমি ইয়াৰ পৰা গুছি যোৱা, মোৰ মনত বৰ “বিষাদ লাগিছে।”” জয়মতীয়ে স্বামীক “পেহা:” বুলি মতাত, চাউস্তাঙ্গ বিলাকে গদাপাণিক চিনিব নোবাৰিলে। গদাপাণিয়েও “পেহা” বুলি মতাৰ ভেদ বুজি, বৰ দুখ বেজাৰেৰে তাৰ পৰা গুছি গ’ল। জয়মতী কুঁৱৰীয়ে তেওঁৰ স্বামীক “পেহা’” বুলি সম্বোধন কৰিছিল, সম্ভভতঃ সেই কাৰনেইহে আজি কালি মানুহে কথাত কয়:–

“যেনেহে পাবহি কালৰ বেহা৷
“পাটীৰ তিৰুতাই বুলিব পেহা॥”

[ ১০৪ ]

“তথাপি, নকয় তেও, নিদিয়ে দেখাই,
“নিজে ধৰা দিব খোজোঁ, বাধা দিয়ে তেওঁ
“নাই কিবা আৰু মোৰ একো প্ৰত্যবাস
“নিজা দোসে মৰে ৰাণী, দোষী নোহে কেও॥”
এই বুলি গদাপাণি বিয়াকুল চিত
ধীৰে ধীৰে ল'লে খোজ নামস
দেখোঁতে দেখোঁতে হ’ল নোহোৱা আকউ,
গছ গছনিৰ আৰে গদাক কালে
অকউ অথিৰ হ’ল দুখুণী কুঁৱৰী;
ধৰিলে আকউ শাস্তি কৰিব ৰাণীক
নিৰদয় চাউডাঙ্গে, বুলিলে আকউ
“দেখাই দে গদাপাণি তোৰ স্বোৱামীক॥”
তেজেৰে ৰাঙ্গলী ৰাণী প্ৰাণ যায়-যায়!!
তথাপি নকয় তেওঁ কথা, স্বোৱামীৰ,
আপুনি সহিছে দুখ, আপুনি মৰিছে,
স্বোৱামীত লাগি, হায়! আপুনি অস্থিৰ॥
যত শোধে চাওডাঙ্গে তত উঠে খঙ্গ

[ ১০৫ ]

ৰাণীৰ মনত হায়! বীৰাঙ্গনা-দৰে
তেজ গৰ্ব্ব ভাবে তেওঁ বুলিলে শেহত;
“মুৰুখ। মদপি! দুষ্ট! জানিবি কিৰূপে
“যি চকুৰে তিৰুতাই চাই স্বোৱামীক?
“কাটি-কাটি খাৰ ঘঁহ কটা ঘাত মোৰ,
“মাৰ মাৰ্ কাট কাট্ এই দুখিণীক॥
“কাটি কাটি মাংস যদি দিয় কুকুৰকো,
“তথাপি নিচিন্তো মই স্বামীৰ অহিত,
“মোৰ পৰা তাৰ একো সিদ্ধিকে নাপাৰ॥
“স্বামী মোৰ মহাগুৰু, আৰাধ্য দেৱতা
“প্ৰাণ যায়, তথাপিও নিচিন্তো অহিত!
“কাট যদি কাট মোক, নাপাৱ নিশ্চয়
“সি কথাৰ সিদ্ধি কিন্তু ৰাণীৰ গুৰিত॥”

১২

এই বুলি কুঁৱৰীয়ে ৰ’ল মনে মনে;

নিৰদয় চাউডাঙ্গ জলন্ত অনল!
ভাবিলে, “নিশ্চয় ৰাণি একোকে নকয়

[ ১০৬ ]

“শুধি থকা মিছা, একো নাইকিয়া ফল॥”
এই ভাবি চাউডাঙ্গে ধৰিলে আকউ
টঙ্গালিৰ চেপাদিব’ দুখিনী ৰাণীক!
চেপাত অস্থিৰ হই, হায়! অকালত
পৰাণ ত্যজিলে ৰাণী ভাবি স্বোৱামীক॥
স্বামীৰ চৰণ চিন্তি আনন্দ মনত,
আহোম কুলক কৰি মৰ্ত্ত্যত উজ্বল,
নশ্বৰ জীৱন এৰি, লভিলে পাছত,
দয়াময় ঈশ্বৰৰ চৰণ যুগল॥
এৰি ৰাণী পৃথিবীৰ ঘৃননীয় সঙ্গ,
ৰাখি মহা সদকীৰ্ত্তি চিৰস্মৰণীয়,
“তিৰুতাৰ আত্মদান” শিকাই নাৰীক,
লভিলে প্ৰভুৰ পাছে চৰণ স্বৰ্গীয়॥

১৩

যোৱা, ৰাণি!⸻⸻⸻

য’ত নাই সংসাৰৰ বিষময় ছবি,
য’ত নাই শোক দুখ বিষাদিত চিত,

[ ১০৭ ]

মানুহৰ নাই য’ত খিয়লা-খিয়লি,
যোৱাঁ ৰাণি! থাকাঁগই তুমি সিঠাইত॥
যোৱাঁ, মাতৃ!
য’ত নাই ল’ৰাৰজা দুষ্ট চাউডাঙ্গ,
য'ত নাই সংসাৰৰ বিপদ অহিত,
নালাগে ভুঞ্জিব য’ত যাতনা বিষম,
যোৱাঁ, আই! থাকাঁগই তুমি সি ঠাইত॥
যি ঠাইত কেতিয়াও অত্যাচাৰ নাই,
সকলোৰে সদাচাৰ য’ত দেখা যায়;
যলই অলেখ জীৱ যাবৰ আশাত
আশাব নাৱত উঠে কাল-সাগৰত,
(কোটীৰ মাজত কিন্তু এটাা দুটা যায়)
যোৱাঁ, মাতৃ! যোৱাঁ গই তুমি সেই ঠাই॥
যোৱাঁ, দেবি!⸻⸻⸻
তুমি⸻⸻⸻⸻
দেখুবালা জগতৰ তিৰুতা জাতিক
পতিপৰায়ণতাৰ চৰিত্ৰ মহত,

[ ১০৮ ]

তিৰুতাৰ আত্মদন কাব্য।
কি-এক অপূৰ্ব্ব ভাব সতী-হৃদয়ৰ.
পতি-প্ৰেম! কি মাধুৰ্য্য অতুল মৰ্ত্ত্যত॥
পবিত্ৰ কৰিলা তুমি মৰ্ত্ত্যভূমি, সতি!
পতিৰ মঙ্গল অৰ্থে কৰি আত্মদান।
জন্মভূমি তৰু, দেবি! হ’ব গৌৰবিত
যাবচ্চন্দ্ৰ দিবাকৰ গাই তযু গান॥
শিক্ষা দিলা জগতক⸻⸻
সতী তিৰুতাৰ প্ৰেম শান্তি-নিকেতন
শোকে তাপে-ভৰা এই সংসাৰ মাজত,
নথকাহেঁতেন, দেবি! সি প্ৰবিত্ৰ প্ৰেম
হ’ল হয় মৰিশালি গোটেই জগত॥
পতিপ্ৰেম তিৰুতাৰ নথকাহেঁতন,
নহ’লহেঁতেন বাস-যোগ্য মানৱৰ
ই জগত ই সংসাৰ দুখে-শোকে ভৰা
সতীপ্ৰেম শান্তি মাথো এই জগতৰ॥
যোৱা, দেবি!⸻⸻
পঢ়িছোঁ বহুত, দেবি! শুনিছোঁ বহুত

[ ১০৯ ]

বহুসতী ৰমণীৰ কাহিনী শুন্দৰ,
স্বামী-পাগলিনী কিন্তু নাই দেখা মই
তোমা-দৰে আৰু সতী (নান্দনী দক্ষৰ)॥
স্বামী কুৎসা পতিনিন্দা শুনিব নোৱাৰি।
পতি অৰ্থে দেহত্যাগ কৰিছিলে সতী;
স্বামীৰ মঙ্গল— অৰ্থে, স্বামী পাগলিনি!
আত্মদান কৰি তুমি ৰাখিলা সুকীৰ্তি॥
সতীৰ, গলিত দেহ! খণ্ডে খণ্ডে পৰি
শত শত মহা তীৰ্থ উৎপত্তি মৰ্ত্ত্যত
তযু আশীৰ্বাদবলে হোক ঘৰে ঘৰে
জন্ম শত জয়মতী আসাম মাজত॥
যোৱাঁ, সতী।⸻⸻⸻
সাবিত্ৰী জানকী অদি দময়ন্তী সতী
সিঠাইত আছে সুখে হই হৰষিত;
চিৰসুখ চিৰশান্তি বিৰাজিছে তাত,
যোৱাঁ, সতি! থাকাগই তুমি সিঠাইত॥
মানবী নোহোৱা তুমি, দেবী অৱতাৰ,

[ ১১০ ]

মানবীৰ ৰূপ ধৰি দেখালা মৰ্ত্ত্যত
“তিৰুতাৰ আত্মদান” ভকতি পতিত,
সতী তিৰুতাৰ ধৰ্ম্ম জগত–মাজত॥
যোৱা, দেবি! -------
তুমি যোৱাঁ গই, ——
তোমাৰ নিমিত্তে, হায়! নাকান্দো অলপো,
কান্দিব অনন্ত কালে কাৰণে তোমাৰ!
থাকে মানে চন্দ্ৰ সূৰ্য্য আকাশ মাজত
টুকিব জগতে• হায়! চকুলো দুধাৰ।
কব যিমান দিন অসমীয়া জাতি
ভাৰতত ৰ’ব নাম অসম ভূমিৰ,
থাকিব তোমাৰ ছবি হৃদয়ত অঁকা
ততদিন হেৰা সতি! আসাম বাসীৰ॥
কৰ্ম্মদশাবলে, সতি! যদিওবা আজি
নিদিয়ে তোমাৰ সতি-সন্ততিক বাট
পঠাৰৰ পকাধানে! যদিও আহোম
সাম্ৰাজ্য বিহীন হই হীন অৱস্থাত

[ ১১১ ]

ধনহীন মানহীন যদিও অহোম
“কি-এক পদাৰ্থ” আজি হিন্দু সমাজত
আসামৰ, কিন্তু, দেবি! হ’ব গৌৰবিত
আহোমব নাম তযু সতীত্ব বলত॥
পতিব্ৰতা মহাধৰ্ম্ম তাৰ প্ৰভাৱত
তযু আশীৰ্ব্বাদবলে তোমাৰ সন্তান
নিজ নিজ ভূল ত্ৰুটী কৰি সংশোধন
আচৰিব আপোনাৰ জাতিব কল্যাণ॥
যদিওবা অকালত ডুবিছে, হে সতি!
আহোম সৌভাগ্য-ৰবি, বিষাদৰ ছাঁই
আৱৰিছে আহোমক, যদিওবা আজি
পূৰ্ব্বৰ সম্পদ আৰু আহোমৰ নাই
তোমাৰ সুকীৰ্ত্তিবলে, জগত মাজত
আাহোমৰ হ’ব ঠাই ওপৰ খাপত॥