পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বহুসতী ৰমণীৰ কাহিনী শুন্দৰ,
স্বামী-পাগলিনী কিন্তু নাই দেখা মই
তোমা-দৰে আৰু সতী (নান্দনী দক্ষৰ)॥
স্বামী কুৎসা পতিনিন্দা শুনিব নোৱাৰি।
পতি অৰ্থে দেহত্যাগ কৰিছিলে সতী;
স্বামীৰ মঙ্গল— অৰ্থে, স্বামী পাগলিনি!
আত্মদান কৰি তুমি ৰাখিলা সুকীৰ্তি॥
সতীৰ, গলিত দেহ! খণ্ডে খণ্ডে পৰি
শত শত মহা তীৰ্থ উৎপত্তি মৰ্ত্ত্যত
তযু আশীৰ্বাদবলে হোক ঘৰে ঘৰে
জন্ম শত জয়মতী আসাম মাজত॥
যোৱাঁ, সতী।⸻⸻⸻
সাবিত্ৰী জানকী অদি দময়ন্তী সতী
সিঠাইত আছে সুখে হই হৰষিত;
চিৰসুখ চিৰশান্তি বিৰাজিছে তাত,
যোৱাঁ, সতি! থাকাগই তুমি সিঠাইত॥
মানবী নোহোৱা তুমি, দেবী অৱতাৰ,