পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তিৰুতাৰ আত্মদন কাব্য।
কি-এক অপূৰ্ব্ব ভাব সতী-হৃদয়ৰ.
পতি-প্ৰেম! কি মাধুৰ্য্য অতুল মৰ্ত্ত্যত॥
পবিত্ৰ কৰিলা তুমি মৰ্ত্ত্যভূমি, সতি!
পতিৰ মঙ্গল অৰ্থে কৰি আত্মদান।
জন্মভূমি তৰু, দেবি! হ’ব গৌৰবিত
যাবচ্চন্দ্ৰ দিবাকৰ গাই তযু গান॥
শিক্ষা দিলা জগতক⸻⸻
সতী তিৰুতাৰ প্ৰেম শান্তি-নিকেতন
শোকে তাপে-ভৰা এই সংসাৰ মাজত,
নথকাহেঁতেন, দেবি! সি প্ৰবিত্ৰ প্ৰেম
হ’ল হয় মৰিশালি গোটেই জগত॥
পতিপ্ৰেম তিৰুতাৰ নথকাহেঁতন,
নহ’লহেঁতেন বাস-যোগ্য মানৱৰ
ই জগত ই সংসাৰ দুখে-শোকে ভৰা
সতীপ্ৰেম শান্তি মাথো এই জগতৰ॥
যোৱা, দেবি!⸻⸻
পঢ়িছোঁ বহুত, দেবি! শুনিছোঁ বহুত