পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


মানবীৰ ৰূপ ধৰি দেখালা মৰ্ত্ত্যত
“তিৰুতাৰ আত্মদান” ভকতি পতিত,
সতী তিৰুতাৰ ধৰ্ম্ম জগত–মাজত॥
যোৱা, দেবি! -------
তুমি যোৱাঁ গই, ——
তোমাৰ নিমিত্তে, হায়! নাকান্দো অলপো,
কান্দিব অনন্ত কালে কাৰণে তোমাৰ!
থাকে মানে চন্দ্ৰ সূৰ্য্য আকাশ মাজত
টুকিব জগতে• হায়! চকুলো দুধাৰ।
কব যিমান দিন অসমীয়া জাতি
ভাৰতত ৰ’ব নাম অসম ভূমিৰ,
থাকিব তোমাৰ ছবি হৃদয়ত অঁকা
ততদিন হেৰা সতি! আসাম বাসীৰ॥
কৰ্ম্মদশাবলে, সতি! যদিওবা আজি
নিদিয়ে তোমাৰ সতি-সন্ততিক বাট
পঠাৰৰ পকাধানে! যদিও আহোম
সাম্ৰাজ্য বিহীন হই হীন অৱস্থাত