পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 বহুপৰ চাই, নগা যেন দেখিয়েই,
 (ছদ্মবেশী গদাপাণি চিনিব নোৱাৰি)
 পৰ্ব্বতৰ নগা তাকে শুধিলে সন্দেহ
 “কোন পৰ্ব্বতৰ পৰা আহিছ অ’ হাজি
 “ক’ত যাব লাগে এই পুৱতী বেলিকা
 “আমাৰ মানুহ এটা গইছে পলাই
 “পৰ্ব্বতৰ ফালে তই, নাপালিনে দেখা”
গদা—“গাভৰুৰ পৰা (১) হাজি আহিছো, অ’ মাই,
 “আহোতে আহোতে মোৰ ৰাতি শেষ হ’ল;
 "ক’তো দেখো কাকো মই দেখাকে নাপালো,
 “আহোতে বাটত, জানো আন বাটে গ’ল॥
 “বাৰু, যদি কৰবাত তাক দেখা পাও
 “তহতক কোনোমতে দিয়াম বাতৰি।”
 এই বুলি গদাপাণি এৰি সেই ঠাই,
 লাহে লাহে আৰ হ’ল আতৰি, আতৰি॥
 * * * * *


(১) গাভৰু পৰ্ব্বতৰ পৰা