পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এই বুলি গদাপাণি কুঁৱৰীৰ হাত ধৰি

ইনাই-বিনাই শোকে কান্দিব ধৰিলে!
স্বামীৰ কেলেশ জানি পতি-প্ৰাণা কুঁৱৰীয়ে।
স্বামীৰ পাৱত ধৰি দুখেৰে বুলিলেঃ—

“মহাৰাজ! প্ৰাণনাথ। জয়মতী-প্ৰাণ!

“মোৰ দোষে ঘনে ঘনে চকুত তোমাৰ
“ওলাইছে চকু পানী, তিতিছে হৃদয়,
“পেলোৱা মুছি, হে নাথ! চকুলো দুধাৰ॥
“পুখুৰীৰ পদ্ম ফুল লৰে বতাহত,
“তল যায় কেতিয়াবা, অকউ ওলায়,
“কি দুখ পদ্মৰ তাত? কিন্তু জঁয় পৰে
“যেতিয়া প্ৰাণব প্ৰাণ, বেলি মাৰ যায়॥
“তোমাৰো প্ৰিয়সী, নাথ! দুখুনী কুঁৱৰী
“নাই বোলা “একো জ্বালা শাস্তিৰ জ্বালাক,
“বাঢ়িছে মাথোন মোৰ হৃদয়ৰ দুখ,