সমললৈ যাওক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মানুহৰ নাই য’ত খিয়লা-খিয়লি,
যোৱাঁ ৰাণি! থাকাঁগই তুমি সিঠাইত॥
যোৱাঁ, মাতৃ!
য’ত নাই ল’ৰাৰজা দুষ্ট চাউডাঙ্গ,
য'ত নাই সংসাৰৰ বিপদ অহিত,
নালাগে ভুঞ্জিব য’ত যাতনা বিষম,
যোৱাঁ, আই! থাকাঁগই তুমি সি ঠাইত॥
যি ঠাইত কেতিয়াও অত্যাচাৰ নাই,
সকলোৰে সদাচাৰ য’ত দেখা যায়;
যলই অলেখ জীৱ যাবৰ আশাত
আশাব নাৱত উঠে কাল-সাগৰত,
(কোটীৰ মাজত কিন্তু এটাা দুটা যায়)
যোৱাঁ, মাতৃ! যোৱাঁ গই তুমি সেই ঠাই॥
যোৱাঁ, দেবি!⸻⸻⸻
তুমি⸻⸻⸻⸻
দেখুবালা জগতৰ তিৰুতা জাতিক
পতিপৰায়ণতাৰ চৰিত্ৰ মহত,