পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“শুধি থকা মিছা, একো নাইকিয়া ফল॥”
এই ভাবি চাউডাঙ্গে ধৰিলে আকউ
টঙ্গালিৰ চেপাদিব’ দুখিনী ৰাণীক!
চেপাত অস্থিৰ হই, হায়! অকালত
পৰাণ ত্যজিলে ৰাণী ভাবি স্বোৱামীক॥
স্বামীৰ চৰণ চিন্তি আনন্দ মনত,
আহোম কুলক কৰি মৰ্ত্ত্যত উজ্বল,
নশ্বৰ জীৱন এৰি, লভিলে পাছত,
দয়াময় ঈশ্বৰৰ চৰণ যুগল॥
এৰি ৰাণী পৃথিবীৰ ঘৃননীয় সঙ্গ,
ৰাখি মহা সদকীৰ্ত্তি চিৰস্মৰণীয়,
“তিৰুতাৰ আত্মদান” শিকাই নাৰীক,
লভিলে প্ৰভুৰ পাছে চৰণ স্বৰ্গীয়॥

১৩

যোৱা, ৰাণি!⸻⸻⸻

য’ত নাই সংসাৰৰ বিষময় ছবি,
য’ত নাই শোক দুখ বিষাদিত চিত,