পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰাণৰ মায়াত কিন্তু ওলাব নােৱাৰে তেওঁ
প্ৰাণৰ ভয়ত দেহা লুকুৱাই ৰাখিছে!
ওলালেই জানাে পাছে বেৰি ধৰে শতুৰুৱে,
এই ভয়ে তেওঁ, হায়! লুকায়েই চাইছে!!
কত চৰ কত ভুকু পৰিছে ৰাণীৰ গাত
টঙ্গালি-চেপাত ৰাণী গত প্ৰাণা হইছে!
তথাপি নকয় একো স্বোৱামীৰ কথা ৰাণী
লাহৰি দেহত, হায়! সকলােকে সহিছে!!
লাহৰি পিঠিত কত চাবুক চমটা পৰে,
চিগিছে পিঠিৰ ছাল! তেজে ৰঙ্গা হইছে
শাস্তিত অথিৰ হই কান্দিছে কেৱল ৰাণী,
নিৰ্জ্জন অৰণ্য, হায়! কান্দোনেৰে ভৰিছে!!
ৰাণীৰ দুখত যেন হই আজি বিষাদিত
অৰণ্যৰ গছ লতা বিয়াকুল হইছে!!
দেখিব নােৱাৰি আৰু নিৰ্দ্দয় যাতনা এনে
জগতৰ চকু সূৰ্য শােকে অস্ত গইছে!