পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ধনহীন মানহীন যদিও অহোম
“কি-এক পদাৰ্থ” আজি হিন্দু সমাজত
আসামৰ, কিন্তু, দেবি! হ’ব গৌৰবিত
আহোমব নাম তযু সতীত্ব বলত॥
পতিব্ৰতা মহাধৰ্ম্ম তাৰ প্ৰভাৱত
তযু আশীৰ্ব্বাদবলে তোমাৰ সন্তান
নিজ নিজ ভূল ত্ৰুটী কৰি সংশোধন
আচৰিব আপোনাৰ জাতিব কল্যাণ॥
যদিওবা অকালত ডুবিছে, হে সতি!
আহোম সৌভাগ্য-ৰবি, বিষাদৰ ছাঁই
আৱৰিছে আহোমক, যদিওবা আজি
পূৰ্ব্বৰ সম্পদ আৰু আহোমৰ নাই
তোমাৰ সুকীৰ্ত্তিবলে, জগত মাজত
আাহোমৰ হ’ব ঠাই ওপৰ খাপত॥