পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 * * * * *

১০

আতৰিলে ফেঁহুজালি (ৰঙ্গচুৱা উষা)

ৰঙ্গাৰ’দ লই পূবে ওলালে বেলিটি
নাই আৰু দোকানোকা, ভৰিলে জগত
সোণালী কিৰণে স’তে, অনন্ত জেউতী॥
ওলালে আকউ গদা আন বেশ ধৰি,
(সহিব নোৱাৰি দুখ প্ৰাণ প্ৰিয়সীৰ)
পুনুক’লে,—“কিয়, আই! খাৱ মিছা দুখ
“কিয়নো নকৱ তই কথা স্বোৱামীৰ”
ৰাণীয়ে ক’লে পুনু “জানো কেনি গ’ল
“ক’ম কেনেকই, পেহা? (২) মই দেখা নাই


(২) ওপৰত কৈ অহা হৈছে, ইয়াৰ আগৰ বাৰ গদাপাণিয়ে নগাৰ বেশধৰি কুঁৱৰীৰ দেখা দিছিলহি, কিন্তু এইবাৰ তেওঁ সৰ্ব্ব সাধাৰণ ভাবেহে দেখা দিয়াত কুঁৱৰী বিচুৰ্ত্তি হ’ল। কেনেকই তেওঁৰ স্বামী তাৰ পৰা আঁতৰি যাব, তেওঁ ইয়াকেহে ভাবিবলৈ ধৰিলে! স্বামীক তাৰ পৰা আঁতৰাই পঠাবলৈ মন কৰি, তেতিয়াই কথাটো সাজি গদা