এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
* * * * *
২
মহা অন্ধকাৰে আহি ভৰিলে জগত!
এন্ধাৰ দুপৰ নিশা, শুলে চাউডাঙ্গ,
এনেতে আহিল গদা ৰাণীৰ কাষত॥
দেখিলে, ৰাণীৰ হ’ল প্ৰাণ, হায়ু! ওষ্ঠাগত
পৰি আছে জগাকাঠ অৰণ্য-মাজত!
নাই মত নাই বােল মুখত ৰাণীৰ,
দীঘল উসাহ মাথোঁ বলিছে নাকত!!
ৰাণীৰ অৱস্থা দেখি হ’ল গদা বিয়াকুল,
পানি একাঁজলি আনি দিলেহি মুখত;
জ্ঞান পালে কুঁৱৰীয়ে, চকু মেলি চাই
দেখিলে প্ৰাণৰ প্ৰাণ স্বামীক আগত॥
৩
যাৰ কাৰণেই আজি প্ৰাণ যায়-যায়!
তেনুৱা স্বামীক দেখি চকুৰ আগতে,