তিৰুতাৰ আত্মদান কাব্য/দশম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ১১২ ]
দশম সৰ্গ।
কমতাপুৰ ধ্বংস কাব্য (page 3 crop)

⸻Wild with despair, I shed a topious ide
0f flowing tears and thus with sighs replied:
Fly'st thou loved shade, while I thus fondly mourm?
Turn to my arms, to my embraces turn.”
 ⸻Pope's Translation of Homer's “Odyssey.’
    কল্পনা! কবিৰ প্ৰাণ! পদত তোমাৰ।
 ই মিনতি আজি মোৰ, কোৱাঁ, দেবি! মোক
 ক’ত আছে গদা আজি? আছে কেনেকই
 সহি আপোনাৰ সতী তিৰুতাৰ শোক?
 অশেষ যাতনা ভুঞ্জি শত্ৰুৰ হাতত
 কুঁৱৰীতো গ’ল আজি তিয়াগি সংসাৰ?
 এনুৱা কালত গদা ক’ত আছে গ’ই?
 সহিছে কিৰূপে শোক হৃদয়ে গদাৰ
 আহাঁ৷ দেবি! কোৱাঁ মোক, দেখুৱাঁ গদাক,
 নকৰিবা বেলা-মোৰ বিলম্ব নসয়,

[ ১১৩ ]

মিনতি কৰিছো অত তথাপি তোমাৰ,
মোলই অলপোনেকি কৰুণা নহয়?
স্বৰ্গীয় কৰুণা, দেবি! হিয়াত তোমাৰ,
বিৰাজ কৰিছে তাত অমৃতৰ ধাৰ;
অনন্ত তোমাৰ দয়া অনন্ত কৰুণা,
দয়া কৰি, দেবি! মোৰ পূৰোৱা কামনা।
তোমাৰ প্ৰসাদে, দেবি! কতনো কবিয়ে
স্বৰ্গৰ দেৱতা আানি ৰাখে জগতত,
মৰ্ত্ত্যৰ মানৱ লই তোমাৰ কৃপাত
আনন্দ মনেৰে থয় স্বৰ্গৰ মাজত॥
দয়াকৰা যদি তুমি, নাই এনে কাম
নোৱাৰে কবিয়ে যাক সমাধা কৰিব;
নাই ছবি এনেকুৱা ক’তো ত্ৰিলোকত
কবিৰ তুলীয়ে যাক নোৱাৰে আঁকিব॥
আহাঁ দেবি! যাওঁ আজি নামচাৰ ফালে,
আছে জানো তাতে গদা প্ৰাণৰ ভয়ত,
অকাল মৃত্যুৰ কথা সতী তিৰুতাৰ

[ ১১৪ ]

শুনি জানো দুখে আজি কান্দিছে শোকত॥
 *  *  *  *
 *  *  *  *


   নামচাৰ এটা জুৰৰি দাতিত
এজুপি ডাঙ্গৰ গছৰ তলত,
ভাবি প্ৰিয়সীৰ যাতনা বিষম
বহি আছে গদা বিষাদ মনত॥
বহুৰাতি হ’ল তথাপিও নাই
দুচকুত আজি টোপনি গদাৰ;
বিয়াকুল মনে কান্দিছে শোকত
টুকিছে সঘনে চকুলো দুধাৰ॥
কান্দিছে শোকত চকুলো টুকিছে,
ঘনে ঘনে থাকি হৃদয় কপিছে॥
কিন্তু গদাপাণি নাই জনা, হায়!
আৰু যে কুঁৱৰী সংসাৰত নাই॥
কুৱৰী যে আজি তিয়াগি সংসাৰ,

[ ১১৫ ]

তিয়াগি আশেষ যাতনাৰ ঠাই,
দেৱী মূৰ্ত্তি ধৰি গইছে স্বৰ্গত
দুৰ্ভগীয়া গদা একো জনা নাই॥
নাই জনা গদা এতিয়াও একো,
কুঁৱৰী যে আজি-শত্ৰুৰ হাতত
অশেষ যাতনা ভুঞ্জি অৱশেষে
বিৰাজিছে আজি স্বৰ্গৰ মাজত॥
নাই জনা গদা এতিয়াও একো
মাথোঁ দুখে শোকে কৰিছে ক্ৰন্দন,
কান্দি কান্দি হায়! দুখ বেজাৰত
অৱশেষে তাতে কৰি শয়ন॥
আহিলে গদাৰ চকুত টোপনি,
লাহে লাহে হ’ল টোপনি মগন,
টোপনিতে গদা গছৰ তলত
দেখা পালে এটি অপুৰ্ব্ব সপন॥


দেখা পালে, যেন সেই দৰে ৰাণী”

[ ১১৬ ]

হাৰাশাস্তি হই টঙ্গালি চেপাত
হ’লগত প্ৰাণা, সুখী তথাপিও
উছৰ্গি দেহাটী স্বামীৰ সেৱাত॥
দেখা পালে যেন আকাশৰ পৰা
দেৱকন্যা সৱে হাঁহি মনে আহি,
চাপিলে ওচৰ দুখিনী ৰাণীৰ
বজাই মধুৰ সুললিত বাঁহি॥
এটী দেৱকন্যা ক’লে কুঁৱৰীক,
“নাকান্দিবা সতি! অন্ত হ’ল দুখ॥
“নালাগে ভুঞ্জিব আৰু সংসাৰৰ
“অশেষ যাতনা নিদাৰুণ শোক।
“গোলোক-স্বামীয়ে বৈকুণ্ঠৰ পৰা
“দিছে এয়া, সতি! ৰথ পাঠিয়াই,
“উঠা, দেবি! তাতে, কৰাঁ আৰোহণ॥
ধীৰে ধীৰে ৰথ আনিলে চপাই॥
অন্য এজনাই ক’লে কুঁৱৰীক,
“জগতৰ আায়ে দিছে পঠিয়াই,

[ ১১৭ ]

“এয়া পিন্ধা সতি! দেৱ সাজ পাৰ,”
কুঁৱৰীক দিলে সাজ উলিয়াই॥
“আপুমি লক্ষীয়ে” ক’লে আন এটি,
“দিছে বাছি বাছি এয়া অলঙ্কাৰ
“পিন্ধা খাৰু মণি থুৰিয়া কাণত,
“দেৱৰ গহনা বস্তু দেৱতাৰ।”
ধীৰে ধীৰে উঠি পিন্ধিলে কুঁৱৰী
ৰঙ্গে সাজপাৰ অলঙ্কাৰ লই
এটা দেৰকক্সায় বান্ধিলে ৰাণীৰ
ইন্দ্ৰৰ থোপাটী মনোহৰ কষ্ট॥
“পোলোম জীয়াৰী” ক’লে এজনাই,
“বাসবৰ প্ৰিয়া অতি সাদৰত
“দিছে পঠিয়াই পাৰিজাত পাহি,
“পিন্ধা এয়া সতি! সাদৰে মূৰত॥”
ধীৰে ধীৰে উঠি পিন্ধিলে কুঁৱৰী
ৰঙ্গে অলঙ্কাৰ সাজ-পাৰ লই।
এটী দেৱকন্যায় বান্ধিলে ৰাণীৰ

[ ১১৮ ]

সুন্দj খোপাটী মনোহৰ কই॥
আন এজনাই মধুৰ বচনে
ক’লে কুঁৱৰীক, “পিন্ধা কপালত
“এইয়া সেন্দুৰ দিছে পঠিয়াই
“আপুনি ৰতিয়ে আনন্দ মনত”।
সেন্দুৰ টেমা দিলে উলিয়াই
ৰঙ্গমনে ফোট পিন্ধিলে কুঁৱৰী;
ৰথখনিআনি দেৱকন্যা সবে
তুলিলে ৰাণীক ৰথত আদৰি॥


   ঘুৰিলে ৰথৰ চকবি চাৰিটী
চলে ৰথখনি সত্ববে গমনে;
ৰথৰ ওপবে দেখি প্ৰিয়সীক
ক’লে গদাপাfণ কৰুণ বচনে
"কিয়া যোৱা, প্ৰিয়ে। দুৰ্ভগাক এৰি?
“তুমি যে গদাৰ পৰাণৰ ধন?
"মোকো লই যোৱা লগতে তোমাৰ,

[ ১১৯ ]

“কিয় কৰা ভাজি অকলে গমন?
“ৰ’বা দেৱকণ্যা! ৰোঁৱাহে অলপ,
“দুৰ্ভগাক লাগি এখন্তেক ৰোৱাঁ;
“ৰ’বাছো, অলপ, পৰাণৰ প্ৰিয়ে!
“কিয় আজি মোক এৰি থই যোৱা?”
“কি কৰিম, নাথ!” কুঁৱৰীৱে ক’লে
“দেৱকন্যা সৱে জানো কিবা ছলে,
“ভুলাই দাসীক তুলিলে ৰথত,
“অনিলে অকলে আকাশ মাজত॥
“নামি যাব খোজোঁ, নোৱাৰো নামিব,
“লাহে লাহে ৰথ উঠিলে, বহুত,
“কেউফালে চাঁও, নাই বাট-পথ
“ছয়াময়া মাথো দেখিছো চকুত॥”


   এনেতে এজনা দেৱকন্যাই
ধীৰে বীৰে ক'লে গদালই চাই:-
“নাকান্দিবা, ৰজা! নোপোৱা ৰাণীক

[ ১২০ ]

“নোপোৱা মৰ্ত্ত্যত আৰু প্ৰিয়সীক॥
“বৈকুণ্ঠ-ঈশ্বৰী জগতৰ আই,
“তেওঁৰ আজ্ঞাত ল’লোহি ৰাণীক,
“নাকান্দিবা, ৰজা! নকৰিবা দুখ,
“নোপোৱা ইয়াত আৰু প্ৰিয়সীক॥”
ধীৰে দেৱকণ্যা ৰ’ল মনে মনে,
ৰথ খনি গই উঠিলে বহুত,
বিষাদ মনেৰে চাই আছে গদা
শোকে তাপে টুকি চকুলো চকুত॥
ৰাণীয়েও, হায়! স্বোৱামীক এৰি
কান্দিব’ ধৰিলে বিষাদ মনত;
কয় দেৱকণ্যা, “কিয় কান্দা, সতি?
“কিয়নো চকুলো টুকিছা শোকত?
“মহা পাপে ভৰা দুখ সংসাৰ
“তিয়াগি আহিলা, কান্দা, সতি! কিয়?
“ৰ’বাছো অলপ, পাবা অলপতে
“স্বৰ্গ সুখ ময়, সুখ স্বৰগীয়॥

[ ১২১ ]

“চিৰ সুখ তাত চিৰ শান্তি আছে,
“অমৃতৰ নই বইছে সদাই,
“নাই তাত দুখ, নাই তাত শোক,
“তাত সংসাৰৰ সন্তাপে নাপায়॥
“দয়াৰ সাগৰ গোলোক ঈশ্বৰ
“অনন্ত জ্যোতিৰে সদাই বিৰাজে,
“দাতিতে প্ৰভুৰ শোভে তাত, সতি!
“লক্ষ্মী সৰস্বতী মনোহৰ সাজে॥
“কিয় কান্দা, সতি? দেখি সেই ৰূপ
“গুছিব তোমাৰ হৃদয়ৰ হৃদয়ৰ দুখ;
“অনন্ত হেঁপাহ পূৰ্ণ হ’ব, সতি!
“কিয় কান্দা মিছা? নকৰিবা শোক॥
“স্বৰ্ণ সিংহাসন থইছে লক্ষ্মীয়ে
“নিজে বীণাপানী গাঁথিছে সঙ্গীত,
“স্ত্ৰীৰ আত্মদান”! “জয় পতিব্ৰতা!!”
“বাজি “কচ্ছপীয়ে” কৰিব মোহিত॥

[ ১২২ ]


   “কিয় কান্দা, সতি! তুমি আহিছা স্বৰ্গত?
“সংসাৰৰ অত্যাচাৰ নাইকিয়া য’ত;
“য’ত নাই শোক তাপ, প্ৰাণৰ বেদনা,
“য’ত নাই বিষময় পাৰ্থিব লাঞ্ছনা॥
“কিয় কান্দা, সতি?⸻⸻
“নাই তাত ভিন পৰ সকলো সমান,
“নাই তাত শক্ৰ মিত্ৰ, অপূৰ্ব বিধান;
“মাই তাত দ্বন্দ-হাই (বিহ হলাহল)
“নাই তাত কুলক্ষণ, ঘোৰ অমঙ্গল॥
“সিদেশত নাই মাটি, ফুলময় ঠাই,
“অমৃতৰ নই বলে পানী তাত নাই
“নাই তাত দিন ৰাতি, নাই অন্ধকাৰ,
“সদাই পোহৰ তাত স্বৰ্গীয় বিভাৰ।
“লাখে লাখে ফুলে তাত পাৰিজাত ফুল,
“গাঁথে মালা দেৱকন্যা গাঁথন অতুল॥
“কোকিলীৰ সুৰে স’তে সুৰটী মিলাই,

[ ১২৩ ]

“মনোহৰ গীত গায় ফুলনী ভৰাই॥
“নাকান্দিবা, সতি! তুমি নকৰিবা শোক,
“প্ৰভুৰ চৰণ পালে যাব শোক দুখ॥
“সমৰপি দিবা প্ৰাণ প্ৰভুৰ পাৱত,
“নোপোৱা কধিও আৰু সন্তাপ মনত॥”


   এই বুলি ৰথ খেদিলে বেগাই,
পালে গই ৰথ স্বৰ্গৰ দুৱাৰ,
আপুনি লক্ষীয়ে আহিলে ওলাই
মুছিলে ৰাণীৰ চকুলো দুধাৰ॥


   সাদৰি লক্ষ্মীয়ে চাই বুলিলে ৰাণীক
“সংসাৰত ভুঞ্জি বহু বাতনা কেলেশ
“আহিছা স্বৰ্গত, আই! নকৰিবা শোক,
“সুখৰ স্বৰগ এই সুখ ময় দেশ॥
“আঁহা আই! সুখে থাকা স্বৰ্গৰ মাজত
“সাবিত্ৰী জানকী, শৈব্যা সতীৰ কাষত,

[ ১২৪ ]

“আছে য’ত দময়ন্তী দ্ৰোপদী সুখত
“আঁহা, আই! থাকাঁ সুখে তুমি সি থানত॥


   “নন্দন বনৰ পৰা আনি পাৰিজাত ফুল
“গাঁথিছে সুন্দৰ মালা আজি বিজয়াই,
“অতি হাবিয়াস কৰি তোমাক পিন্ধাম বুলি
“আনিছে সি মালাধাৰি থালত ভৰাই॥
“আঁহা, আই! নাকান্দিবা নকৰা মনত দুখ,
‘খোপাত পিন্ধাই দিওঁ আঁহা, মালাধাৰি।
বিষাদ ব্যাকুলা হই আৰু নকৰিবা শোক
“নুটুকিবা আৰু, আই! চকুলো দুধাৰি॥

১০


   “বহু ক্লেশে বহু দুখে দুখ ভাগৰত
“পিয়াহ আতুৰা হই আহিছা বাটত
“আঁহা আই! কৰা পান সুখেৰে অমৃত
“এৰি দিয়া শোক, হোৱা আনন্দিত চিত॥
“পথশ্ৰমে, ৰ’দ তাপে ওলাইছে ঘাম;

[ ১২৫ ]

“আঁহা, আঁহা! দেৱকন্যা বিচিব তোমাক
“সুন্দৰ চামৰে স’তে মুছিব সাদৰে
“তোমাব মুখৰ এই ঘামৰ টোপাক॥”

১১


   অন্তহ’ল কমলাৰ কথা মধুময়,
আকউ চলিলে ৰথ ঘৰ-ঘৰ-কই;
ঘৰ্ ঘৰ্ ঘৰ্ কৰি বাজিলে চকৰি
শুনি সি শবদ গদ উঠিলে চিয়ঁৰি॥
সাৰ পালে গদাপাণি লুকালে সপোন,
চকু মেলি চাই দেখে ৰাতিটী পুৱালে;
সপোনৰ কথা ভাবি হই বিয়াকুল,
নামচা পৰ্ব্বত এৰি আকউ ওলালে॥

⸺–––⸺