সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ সপ্তৱিংশ খণ্ড॥

॥ ভাগৱত-তাৎপৰ্য্য॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥ কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত।

নাম ধৰ্ম্ম কৰিলা বিদিত॥ ১৬৭॥

পদ॥ সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱ যত

হৰিনাম কৰিলা গুপুত।

কিনো কৃপাময় হৰি নামক বেকত কৰি

কলি পাপ কৰিলা লুপুত॥

যিটো মহা ম্লেছজাতি সিয়ো শুদ্ধ হোৱৈ আতি

মুখে মাত্ৰ হৰিনাম লয়।

কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া

ৰহিল সমস্ত ধৰ্ম্মচয়॥ ২০১৯॥

ইটো কলিকাল ঘোৰ পাপৰ নাহিকে ওৰ

আত হিত চিন্তিলা প্ৰজাৰ।

জগতৰে পাপ হৰৈ স্মৰণে নিস্তাৰ কৰৈ

হেন নাম কৰিলা প্ৰচাৰ॥

দোষৰ সাগৰ কলি আত হৰিনাম লই

ধৰ্ম্ম অৰ্থ পাৱৈ মোক্ষ কাম।

সমস্তকে দায়াতৰে আৱে দেৱ দামোদৰে

বিদিত কৰিলা হৰিনাম॥ ২০২০॥

মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপ তীৰ্থ কোটি শত

হৰিনাম অধিক সৱাতে।

কিনো ভাগ্য কিনো ভাগ্য হেন হৰিনাম লাগ

পাইলা লোক মুখত সাক্ষাতে॥

যিটো নাম নেৰৈ মুখে পাইলে মোক্ষ মহাসুখে

জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ।

গুৰু ভৈল জগতৰে কৰিলেক সিটো নৰে

কোটি কোটি পুৰুষ উদ্ধাৰ॥ ২০২১॥

পাতক শুখান বন হৰিনাম হুতাশন

ক্ষেণেকতে দহি কৰৈ ছন্ন।

হেন নাম প্ৰচাৰিলা পাতকীক নিস্তাৰিলা

পৰম কৃপালু নাৰায়ণ॥

দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি

লৈয়ো এক শৰণ সাক্ষাত।

যাৰ ইছা মোক্ষ পাইবে নলাগে দূৰক যাইবে

আছা হৰি সৱাৰো হিয়াত॥ ২০২২॥

কৃষ্ণৰ কিঙ্কৰে কহে হৰি নামে পাপ দহে

ৰামনাম সৱাতো অধিক।

যিটো জনে নাম স্মৰৈ সকল পাতক হৰৈ

অনায়াসে পাৱৈ মুকুতিক॥

জগত নিস্তাৰ হেতু কৰিলা গৰুড়কেতু

ইবাৰ বিদিত হৰিনাম।

আয়ু যায় আলেজালে কেতিক্ষণে ধৰে কালে

নিৰন্তৰে বোলা ৰাম ৰাম॥ ২০২৩॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

মাধৱ বান্ধৱ উদ্ধাৰা বাপ।

কতনো সহিবো সংসাৰ তাপ॥ ১৬৮॥

পদ॥

বোলন্ত শুকে শুনা নৃপবৰ্য্য।

বাঢ়য় স্কন্ধৰ যি তাতপৰ্য্য॥

কৃষ্ণ বিনে নাই অপৰ দেৱ।

জানিয়া কৃষ্ণক কৰিয়ো সেৱ॥ ২০২৪॥

যাহাৰ আছে পুণ্য অসংখ্যাত।

সিসে পাতে কাণ কৃষ্ণ কথাত॥

সেহিসে কৃষ্ণক বোলৈ আপোন।

শুনিয়ো কৃষ্ণ দেৱতাৰ গুণ॥ ২০২৫॥

ভকতে যত লৱৈ গুণ নাম।

তাহাৰ মালা গান্থি অনুপাম॥

পিন্ধন্ত কণ্ঠত কৰি উৎসৱ।

হেনসে ভকত বন্ধু মাধৱ॥ ২০২৬॥

যি জনে যায় হৰিনাম সেৱি।

পাছত ফুৰৈ যত দেৱ দেৱী॥

যতেক তীৰ্থে তাক তুতি কৰৈ।

তাৰ বায়ু পাপ সমস্ত হৰৈ॥ ২০২৭॥

যিজনে ফুৰৈ নাম উচাৰি।

তাৰ পাছে পাছে ভ্ৰমন্ত হৰি॥

বৎসক স্নেহে যেন ধেনু ধায়।

ভজিয়ো জানি হেন হৰি পায়॥ ২০২৮॥

একজনে যদি নাম উচৰে।

শুনে মানে পাপ সৱাৰো হৰে॥

হেনসে আশ্চৰ্য্য দেৱতা হৰি।

যাহাৰ নাম লৈলে মাত্ৰ তৰি॥ ২০২৯॥

অনিছাতো যিটো বিষ্ণুক কহে।

তাহাৰো সমস্ত পাতক দহে॥

প্ৰেমে ভজে যিটো কৃষ্ণৰ পাৱ।

কহিবো তাহাৰ কত প্ৰভাৱ॥ ২০৩০॥

সংসাৰ গৰ্ত্তে পৰি আছৈ লোক।

মোহত অন্ধ নেড়ায় দুঃখ শোক॥

কাল ভুজঙ্গে দংশি লৱৈ প্ৰাণ।

কৃষ্ণ বিনে কোনে কৰিবে ত্ৰাণ॥ ২০৩১॥

যতেক দেখা খোজ সমুদায়।

হস্তীৰ খোজত সৱে লুকায়॥

এহিমতে যত বিশ্ব সমস্ত।

কৃষ্ণতে জানা সৱে যায় অস্ত॥ ২০৩২॥

আতি পাতকীও কৰি হৰিষ।

ধিৱাৱৈ কৃষ্ণক এক নিমেষ॥

ভৈল পুণ্যশালী সিয়ো বিচিত্ৰ।

পৱিত্ৰকাৰীকো কৰে পৱিত্ৰ॥ ২০৩৩॥

সম্পদকো জানা নুহি সম্পদ।

জানা আপদকো নুহি আপদ॥

পৰম সম্পদ হৰি ভকতি।

আপদ জানা হৰি বিৰকতি॥ ২০৩৪॥

মহাপাপী আতি অধম জাতি।

তাকো নামে কৰে পৱিত্ৰ আতি॥

হেনসে নাম ধৰ্ম্ম শিৰোমণি।

পাপ অৰণ্যৰ যেন অগনি॥ ২০৩৫॥

কলিত পৰম উপায় নাম।

একেদায়ে সিজৈ ত্ৰিতয় কাম॥

উপজৈ পুণ্য পাপ হোৱৈ দূৰ।

মিলৈ মহামোক্ষ সুখ প্ৰচুৰ॥ ২০৩৬॥

কলিত লোকৰ মলিন মতি।

নোপজয় আন পুণ্য সম্প্ৰতি॥

নামেসে মৰণ সম্বল কলিত।

নামেসে পৰম ধৰ্ম বিত॥ ২০৩৭॥

হেনজানি তেজি বিষয় ধান্ধা।

হৰিৰ নামক গলত বান্ধা॥

কতপুণ্যে পাই মনুষ্য তনু।

ইহাক বিফল নকৰা পুনু॥ ২০৩৮॥

মোহ নিদ্ৰা এড়ি লোৱা চেতন।

কৃষ্ণৰ সেৱাত কৰা যতন॥

সত্বৰে কৰা পৰলোক কাম।

ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম॥ ২০৩৯॥

॥ ভাগৱত-তাৎপৰ্য্য সমাপ্ত॥ ২৭॥