নৱম খণ্ড: বলিছলন
॥ নৱম খণ্ড॥
॥ বলিছলন॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
বোলা ৰাম ৰাম ভাৱিয়ো ৰাম ৰাম।
পৰম মধুৰ বাণী লৈতে অনুপাম॥ ৫২॥
পদ॥
শুক মুনি বদতি শুনিয়ো পৰীক্ষিত।
বামনৰ বাক্যে বলি সুতল পুৰীত॥
নিয়মিলা দানৱক বিষ্ণুধৰ্ম্ম কই।
আপুনি থাকিলা পাছে মুখ্য গৃহ লই॥ ৬০৯॥
দিব্য ভোগ যতেক আপুনি লৱৈ লাগ।
বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ॥
এড়িয়া বিষয় ভোগ প্ৰহাদৰ নাতি।
সদায় থাকন্ত দিব্যসভা এক পাতি॥ ৬১০॥
মাধৱৰ চক্ৰে আসি ভৈলা সভাসদ।
যাহাৰ ভয়ত দৈত্যগণ নিশবদ॥
প্ৰহাদে কহন্তে শুনি থাকে কৃষ্ণ কথা।
দ্বাৰত আপুনি হৰি থাকন্ত সৰ্ব্বথা॥ ৬১১॥
শ্যামল শৰীৰ শিৰে কিৰীটি উজ্জল।
কমললোচন চাৰু মকৰ কুণ্ডল॥
কণ্ঠত কৌস্তুভ কৰে কঙ্কণ কেয়ূৰ।
কটিত মেখলা পাদপঙ্কজে নূপুৰ॥ ৬১২॥
গাৱে পীতবস্ত্ৰ যেন অগনিৰ জ্বালা।
আপাদলম্বিত গলে জ্বলে বনমালা॥
প্ৰসন্ন বদনে হৰি কৰে ধৰি গদা।
বলিৰ সন্মুখ হুয়া থাকন্ত সৰ্ব্বদা॥ ৬১৩॥
হৰি দৰশনত নিৰ্ম্মল ভৈলা মতি।
কৃষ্ণৰ চৰণে অনুক্ষণে বাঢ়ে ৰতি॥
ভৈলন্ত বিমুখ বলি বিষয় সুখত।
সদায়ে কৃষ্ণৰ নাম নুগুচৈ মুখত॥ ৬১৪॥
উঠি কতো কীৰ্ত্তন কৰন্ত তাল ধৰি।
দৈত্যগণে বেঢ়ি বাৱৈ চৌপাশে চাপৰি॥
প্ৰহাদে শিখান্ত গাৱৈ গোৱিন্দৰ গীত।
পৰম আনন্দে দৈত্যপতি কৰে নৃত্য॥ ৬১৫॥
গোৱিন্দক দেখিয়া আনন্দে দ্ৰৱৈ চিত্ত।
হৰিষে লোতক স্ৰৱৈ তনু লোমাঞ্চিত॥
হোন্ত নিশবদ গদগদ কৰৈ মাত।
প্ৰেম ভাৱ উপজি পড়ন্ত ঢাত ঢাত॥ ৬১৬॥
ভকতৰ বশ্য হৰি আকলিয়া বলি।
কতো আতি হৰিষে হাসন্ত খলখলি॥
কতো হুকহুক কৰি কৰন্ত ক্ৰন্দন।
কতো গীত গান্ত বিৰোচনৰ নন্দন॥ ৬১৭॥
কতো হৰি বুলি গেৰিয়ান্ত ইন্দ্ৰসেন।
উঠি উঠি পড়ন্ত নাচন্ত বাউল যেন॥
কতো মৌন হুয়া পৃথিৱীত পড়ি থাকে।
কৰয় কীৰ্ত্তন তাক বেঢ়ি দৈত্যজাকে॥ ৬১৮॥
হেন ভক্তিভাৱে দৈত্যেন্দ্ৰৰ দিন যায়।
বলি সম ভাগ্যৱন্ত ত্ৰৈলোক্যত নাই॥
জগতকে পৱিত্ৰ কৰন্ত দৈত্যপতি।
হৰিয়ো বিস্ময় দেখি বলিৰ ভকতি॥ ৬১৯॥
অন্তৰীক্ষে মহিমা বখানে সিদ্ধ মুনি।
হেনতো বৈষ্ণৱ কৈতো দেখি নতু শুনি॥
সদায় থাকন্ত দামোদৰ যাৰ কাছে।
বলিসম ভাগ্যৱন্ত আন কোন আছে॥ ৬২০॥
মাধৱৰ পাৱত অৰ্পিলা আপুনাক।
বলিসে জিনিলে ইটো দুৰ্জ্জয় মায়াক॥
এহি বুলি পুষ্প বৰিষন্ত ঘনে ঘনে।
বোলা হৰি হৰি সৱে সভাসদগণে॥ ৬২১॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥ ত্ৰাহি হৰি পড়িলো পায়
উপায় পৰমানন্দ দিয়া।
নসহে সংসাৰ তাপে আৰ মোৰ হিয়া॥ ৫৩॥
পদ॥ শুকমুনি নিগদতি শুনিয়োক কুৰুপতি
বৈষ্ণৱ বলিৰ দেখি কৰ্ম্ম।
বড় বড় দৈত্যগণ কৰৈ হেন আলোচন
কিনো বিপৰীত ভৈল ধৰ্ম্ম॥
ইটো মূৰ্খ দৈত্যৰাজ এড়িলেক ৰাজকাজ
শত্ৰুৰ সদায় লৱৈ নাম।
আন নাহি হৰি বিনে নাচৈ গাৱৈ ৰাত্ৰি দিনে
কৰৈ কিনো গৰিহিত কাম॥ ৬২২॥
ছাড়িল দৈত্যৰ নীতি ভৈল বিষ্ণুৰেসে ভিতি
জানা আক পাইলেক বিবুদ্ধি।
হৰি বুলি মৰৈ মাত্ৰ নভৈল একোৰে পাত্ৰ
যেন ভৈল শোৱৰ আষুধি॥
আটাসতে গল ফাড়ৈ যেন কাণে সূচি তাড়ৈ
সৰ্ব্বদায়ে শুনে হৰি কথা।
কিবা কদৰ্থনা চাঞো আসা উঠি ঘৰে যাঞো
হৰিনাম নুশুনোহো যথা॥ ৬২৩॥
কুলধৰ্ম্মে ভৈল হীন হেন বাতুলৰ চিহ্ন
আহান সেৱাত নাহি ফল।
হেন কণাকণি কৰি উঠি গৈল ঘৰাঘৰি
কতো কতো দানৱ নিষ্খল॥
শ্ৰৱণে আনন্দ কৰৈ কীৰ্ত্তনে পাতক হৰৈ
হৰিনাম মুকুতিদায়ক।
পাতকে শুনিবে নেদৈ যেন কিলাই কোবাই খেদৈ
দুষ্ট শঠ অধৰ্ম্মী জনক॥ ৬২৪॥
পৰম মঙ্গল ৰাম নাম ইটো অনুপাম
বৈষ্ণৱৰ যাক শুনি তুষ্টি।
দৈত্যগণ দুৰাচাৰে তাক কি শুনিতে পাৰে
উচপিচ কৰি গৈল উঠি॥
বলিৰ নুশুনৈ হাক দানৱৰ বিচেষ্টাক
মাধৱৰ চক্ৰে দেখি আছে।
জ্বলৈ যেন সূৰ্য্য কোটি বিম্বাদ শবদে উঠি
ক্ৰোধে খেদি গৈলা পাছে পাছে॥ ৬২৫॥
কৃষ্ণৰ কিঙ্কৰে ভণে শুনিয়োক সৰ্ব্বজনে
স্থিৰ বুদ্ধি কৰি গুণা মনে।
আজি কালি কৰি দিন গৈল আয়ু ভৈল ক্ষীণ
যাইবে লাগে যমৰ কৰণে॥
যতেক সংসাৰ নয় সৱে স্বপ্ন মায়াময়
অন্তকে কেশত আছে ধৰি।
ভাৰতত জন্ম পাই বিলম্বক নুযুৱাই
সদায় ঘুষিয়ো হৰি হৰি॥ ৬২৬॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥ ও হৰি দেহু দৰিশন শিৱ সনাতন
তোহ্মাৰ চৰণে ধৰো।
তুৱা গুণনাম ছাড়ি আন কাম
কৰিয়া মিছাতে মৰো॥ ৫৪॥
পদ॥ দৈত্যৰ পুৰীত পশিল ত্বৰিত
বাঘে যেন ধৰে খেদি।
যত দ্ৰোহিয়াৰ ৰক্ষা নাহি তাৰ
পেহ্লাৱৈ মাথাক ছেদি।
কাৰো নাক কাণ কৰে খান খান
কাৰো কঙ্কালক কাটে।
হাত ভৰি টাঙ্গি কৰয় চৌৰাঙ্গী
পড়ি গড়াগড়ি বাটে॥ ৬২৭॥
কাৰো জিহ্বা আনি কাটে টানি টানি
ধৰি দুই চক্ষু কাঢ়ে।
কাৰো দান্ত সাৰে কদৰ্থিয়া মাৰে
দৈত্যৰ লাগ নছাড়ে।
কাৰো বুকু ছিৰি তপত ৰুধিৰি
ভুঞ্জাৱৈ গৃধ্ৰ শৃগাল।
অধৰ্ম্মে গ্ৰাসিল ক্ষণেকে নাশিল
দৈত্য ভৈল বুন্দামাল॥ ৬২৮॥
বিষ্ণুৰ চক্ৰৰ নভৈল ভাগৰ
হস্তী যেন মাৰৈ মাখি।
পুত্ৰ ভাৰ্য্যা এৰি মৰো জীঞো কৰি
কতো পলায় প্ৰাণ ৰাখি॥
ই তিনি লোকত ভ্ৰময় ভয়ত
চক্ৰো পাছে পাছে ফুৰৈ।
হেৰ পাইলে বুলি মৰয় সমূলি
দানৱে দান্ত নুঘূৰৈ॥ ৬২৯॥
ব্ৰহ্মাক লাগিল শৰণ মাগিল
হাতে দান্তে খেৰ তুলি।
চক্ৰক ডৰাই কেহো নেদে ঠাই
বলিৰ দ্ৰোহিয়া বুলি॥
বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰী
কহিতো নাপাইল খুজি।
বলিৰ চৰণে পশিল শৰণে
দুনাই সৱে মান্য বুজি॥ ৬৩০॥
ভণিল শঙ্কৰে শুনা সৱ নৰে
যতেক বিষয় ভোগ।
পুত্ৰ দাৰা ধন শৰীৰ স্বজন
সৱাৰ আছে বিয়োগ॥
তাৰ চিন্তা এড়ি চিন্তিয়োক হৰি
অন্তকে পাইলেক পৰা।
এড়ি আন কাম বোলা ৰাম ৰাম
সুখে ভৱনদী তৰা॥ ৬৩১॥
॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥ গৰুড়কেতু ত্ৰাণহেতু ৰাম তুমি নাৰায়ণ।
জানি লৈলো তোমাত শৰণ॥ ৫৫॥
পদ॥ এহিমতে চক্ৰে ধৰি কাটি মাৰি বশ্য কৰি
কতো দানৱক দিলে আনি।
দৈত্যগণো ত্ৰাস হুয়া কাণ-মুণ্ড নলাড়িয়া
থাকিল বলিৰ বাক্য মানি॥
কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্ৰতি প্ৰতি
শুনিয়োক সমস্ত দানৱ।
যিটো হৰিকথা কৱৈ হৰিনাম সদা লৱৈ
সিসে মোৰ পৰম বান্ধৱ॥ ৬৩২॥
কৰযোৰে বোলো হেৰা অসুৰ স্বভাৱ এৰা
হৰি ভকতিত দিয়া চিত্ত।
মুখে হৰিনাম স্মৰৈ হৃদয়ত ৰূপ ধৰৈ
তাহাৰ ভৃত্যৰো মঞি ভৃত্য॥
শুনিয়োক জ্ঞাতিলোক সৱে কৃপা কৰা মোক
হৰি স্মৰি হুয়ো পৰিত্ৰাণ।
নুহি তেৱে পাইবা ফল এহি বুলি মহাবল
ভকতৰ পাতিলা দেৱান॥ ৬৩৩॥
কোনে হৰিকথা কৱৈ কোনে কৈত নাম লৱৈ
নিতে কৰৈ ওৱাচিল বাঙ্কী।
যাহাৰ নুপজে ভাৱ তাহাৰ জীৱন নাৱ
চেঙ্গি দিয়া মাৰৈ প্ৰাণ টাঙ্কি॥
ফুৰৈ পাইক ঘৰে ঘৰে সবংশকে বেঢ়ি ধৰে
যাহাৰা নলৱৈ হৰিনাম।
সৰ্ব্বস্ব আগ্ৰহি লৱৈ জীয়ে মানে সাঞ্চ থৱৈ
গলাত লগাৱৈ বৰ চাম॥ ৬৩৪॥
কীৰ্ত্তনত চিত্ত নেদি গ্ৰাম্যকথা কৱৈ যদি
তাহাৰ কাণত সূচি তাড়ৈ।
হৰি ভকতিক এড়ি হাসৈ উপহাস্য কৰি
চৱৰতে তাৰো গাল ফাড়ৈ॥
সুমৰিবে নাহি ইছা ডৰতে ভটকে মিছা
জানি তাৰ জিহ্বা বিন্ধৈ টানি।
যিবা থাকৈ মৌন হুই তাৰ গলে দেই জুই
কেনে নোবোলস হৰি বাণী॥ ৬৩৫॥
অৱসৰ নাই ৰাতি প্ৰতি ঘৰে ঘৰে মাতি
ফুৰৈ কটোৱাল বাটে ঘাটে।
কটকে বজাৱৈ ভেৰী জাগ জাগ নিদ্ৰা এড়ি
হৰি বোল হৰি বোল ঝাণ্টে॥
ৰাজাৰ দণ্ডিত থাকি সুতলপুৰীক ঢাকি
নিৰন্তৰে কৰৈ হৰি ঘোষ।
আন গৃহকৃত্য এৰি হৰি বুলি পাৰৈ গেড়ি
শুনি মিলৈ বলিৰ সন্তোষ॥ ৬৩৬॥
॥ পঞ্চম কীৰ্ত্তন॥
ঘোষা॥ হৰিৰাম হৰিৰাম ঘোষিও ভাই
সংসাৰ সাগৰে তৰ।
ৰামপাৱনাৱ কাছতে আছয়
মিছাতে ডুবিয়া মৰ॥ ৫৬॥
পদ॥ এহিমতে তৈত আছে যত দৈত্য
এড়িল আন আলাপ।
কৰৈ হৰিধ্বনি হৰিকথা শুনি
শৰীৰ ভৈল নিষ্পাপ॥
কৃষ্ণৰ চৰণ সেৱৈ অনুক্ষণ
অক্ষয় পুণ্যক সাঞ্চৈ॥
বলিৰ প্ৰসাদে অতি অপ্ৰমাদে
সুতলপুৰীত বঞ্চৈ॥ ৬৩৭॥
সিটো দৈত্যেশ্বৰে মাধৱত পৰে
নিচিন্তিলা আন কাম।
শয়নে ভোজনে সচিতে সপোনে
নেড়িলা হৰিৰ নাম॥
সুদৃঢ় ভকতি ভাৱে দৈত্যপতি
কৰিলা কৰ্ম্ম নিৰ্মূল।
সংসাৰক তৰি পুৰুষ উদ্ধাৰি
নিস্তাৰিলা দৈত্যকুল॥ ৬৩৮॥
বলিৰ সদৃশ নাহি সুপুৰুষ
বৈষ্ণৱতে সাৰতৰ।
যাৰ যশোৰাশি থাকিল প্ৰকাশি
যাৱে চন্দ্ৰ দিৱাকৰ॥
শুক নিগদতি কহিলো সম্প্ৰতি
বলিৰ চৰিত্ৰ যত।
যিবা শুনৈ পঢ়ৈ তাকো পাপে এড়ৈ
সুখে তৰৈ সংসাৰত॥ ৬৩৯॥
নমো নাৰায়ণ জগত কাৰণ
খণ্ডিয়ো সংসাৰ ভয়।
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
ভাগৱত পদচয়॥
শুনা বুধলোক ক্ষমিয়োক মোক
পদত দূষণ দেখি।
যাৰ জ্ঞান নাই যিমতে চেঞ্চায়
মূৰ্খৰ দোষ নেলেখি॥ ৬৪০॥
মোৰ পদ বুলি নেৰিবা সমূলি
বিচাৰি দেখিবা পাছে।
মোক্ষৰ নিদান অমৃত সমান
কৃষ্ণকথা আতে আছে॥
হেন অনুমানি কৃষ্ণৰ কাহিনী
শুনিয়া হুয়ো সন্তোষ।
আন কাম এৰি সমজ্যায়ে বেঢ়ি
কৰিয়োক হৰি ঘোষ॥ ৬৪১॥
॥ বলিছলন সমাপ্ত॥ ৯॥