একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
লেখক শ্ৰীমন্ত শংকৰদেৱ
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্রীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

৷৷একৱিংশ খণ্ড৷৷

৷৷বিপ্ৰপুত্ৰ আনয়ন৷৷

৷৷প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

মন বোল ৰাম শ্ৰীৰাম জয় জয় ৰাম৷৷১২৭৷৷

পদ৷৷

শুকমুনি বদতি শুনিয়ো পৰীক্ষিত৷

এক দিনা যেন ভৈল দ্বাৰকাপুৰীত৷৷

এক বিপ্ৰপত্নীৰ উপজি পুত্ৰ গুটি৷

ভূমিক চুইলেক মাত্ৰ প্ৰাণ গৈল ছুটি৷৷১৫২৭৷৷

মৃতক পুত্ৰক বিপ্ৰে কোলে তুলি লই৷

কান্দিল অনেক ৰাজদুৱাৰত থই৷৷

ৰাজাকো ভৰ্ৎসন্ত আতি কৰি অহঙ্কাৰ৷

ইটো দুষ্ট দুৰ্জ্জন ক্ষত্ৰিয় কুলাঙ্গাৰ৷৷১৫২৮৷৷

কোথেৰ পাপীষ্ঠ ব্ৰহ্মদ্বেষী মন্দকৰ্ম্ম৷

শঠবুদ্ধি কৰৈ ইটো অনেক অধৰ্ম্ম৷৷

পৰম লুভীয়া ৰাজা জগতকে মোষে৷

মৰিল তনয় মোৰ ইহাৰেসে দোষে৷৷১৫২৯৷৷

এহি বুলি গৈল দ্বিজ গৃহক উলটি৷

এহিমতে উপজি মৰিল আৰগুটি৷৷

তাকো নিয়া পেহ্লাইলন্ত ৰাজাৰ দুৱাৰে৷

পূৰ্ব্বৱতে নিন্দিলন্ত বচন প্ৰহাৰে৷৷১৫৩০৷৷

এহিমতে বিপ্ৰৰ মৰিল পুত্ৰ নৱ৷

ভৰ্ৎসন্ত ব্ৰাহ্মণে দুৱাৰত পেহ্লাই শৱ৷৷

আছন্ত অৰ্জ্জুন বসি কেশৱৰ কাছে৷

হেন শুনি ব্ৰাহ্মণক মাতিলন্ত পাছে৷৷১৫৩১৷৷

কি কাৰণে পুত্ৰ শোকে কান্দা দ্বিজবৰ৷

তোহ্মাৰ ৰাজ্যত তেৱে নাহি ধনুৰ্দ্ধৰ৷৷

যাহাৰ ৰাজ্যত শোকে কান্দে দ্বিজগণ৷

নুহিকে ক্ষত্ৰিয় সিটো নটৰ লক্ষণ৷৷১৫৩২৷৷

বুজিয়োক বিপ্ৰ আৱে মোৰ কেনে কক্ষা৷

তোহ্মাৰ পুত্ৰক মই কৰিবোহো ৰক্ষা৷৷

ৰাখিবে নোৱাৰো যেৱে শুনা মহাভাগ৷

অগনিত প্ৰৱেশি কৰিবো তনুত্যাগ৷৷১৫৩৩৷৷

শুনি বিপ্ৰে অৰ্জ্জুনক বুলিলা বচন৷

যাক ৰাখিবাক নোৱাৰিলা নাৰায়ণ৷৷

ৰাম কামদেৱ অনিৰুদ্ধে নাটৈ যাক৷

তাত যত্ন কৰা ইটো মিছা গৰ্ব্ববাক৷৷১৫৩৪৷৷

অৰ্জ্জুনে বোলন্ত মই নোহো হলায়ূধ৷

নোহো বাসুদেৱ কামদেৱ অনিৰুদ্ধ৷৷

আমাৰ অৰ্জ্জুন নাম দশোদিশে জানে৷

গাণ্ডীৱ ধনুক মোৰ জগতে বখানে৷৷১৫৩৫৷৷

শঙ্কৰকো তুষি আছো মোৰ পৰাক্রমে৷

যদি কোপে আটোপে আসন্ত সাজি যমে৷৷

তাঙ্কো জিনি তোহ্মাৰ পুত্ৰক দিবো আনি৷

গৈলন্ত সঞ্জাত দ্বিজে শুনি হেন বাণী৷৷১৫৩৬৷৷

অৰ্জ্জুনৰ বচনত হুয়া ভয়হীন৷

প্ৰীত হুয়া গৃহত আছন্ত কতো দিন৷৷

প্ৰসৱৰ কাল আসি মিলিল দুনাই৷

ত্ৰাহি ধনঞ্জয় বুলি ব্ৰাহ্মণে চেঞ্চাই৷৷১৫৩৭৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাখা কি দয়াময় মোক যদুৰায়৷

তোহ্মাত ভকতি বিনা বৃথা আয়ু যায়৷৷১২৮৷৷

পদ৷৷

শুনি পাৰ্থে আথেবেথে গৈল দঢ় হুই৷

কৰিলন্ত আচান্ত পৱিত্ৰ জল ছুই৷৷

ইষ্টদেৱ শঙ্কৰক নমিলা অৰ্জ্জুন৷

দিব্য অস্ত্ৰ স্মৰি গাণ্ডীৱত দিলা গুণ৷৷১৫৩৮৷৷

টঙ্কাৰিয়া দিব্য অস্ত্ৰচয়ক ঝাকিলা৷

অধো উৰ্দ্ধে সিটো সূতিগৃহক ঢাকিলা৷৷

নাথাকিল সন্ধি চাইলা আঞ্জৰ পাঞ্জৰ৷

গৃহক ঢাকিয়া শৰে সাজিলা পিঞ্জৰ৷৷১৫৩৯৷৷

সেহি বেলা উপজিল বিপ্ৰৰ কুমাৰ৷

পৃথিৱীত পৰিয়া কান্দিলা বাৰম্বাৰ৷৷

তেখনে অদৃশ্য ভৈল শৰীৰ সহিতে৷

নাকলিলা কেৱে তাক আগতে তহিতে৷৷১৫৪০৷৷

দেখি পাছে বিপ্ৰে পুত্ৰশোকৰ ঝমক৷

কেশৱৰ আগত ভৰ্ৎসিলা অৰ্জ্জুনক৷৷

মই কেন মূঢ় দেখিয়োক সৰ্ব্বজনে৷

কৰিলো সঞ্জাত নপুংসকৰ বচনে৷৷১৫৪১৷৷

সবংশে কেশৱে নোৱাৰিলে ৰাখিবাক৷

আৰ কোনে পৰিত্ৰাণ কৰিৱে আহ্মাক৷

বিধিৰ বিপাকে যিটো দৈৱে ভৈল নাশ৷

কিনো মূৰ্খ তই তাক ৰাখিবাক চাস৷৷১৫৪২৷৷

ধিক ধনঞ্জয় ধিক গাণ্ডীৱ তোহ্মাৰ৷

মিছা কাৰ্য্যে কিসক কৰিলি অঙ্গীকাৰ৷৷

বিকৰ্থনা অনেক কৰিল দ্বিজবৰ৷

শুনি নসহিল অৰ্জ্জুনৰ কলেৱৰ৷৷১৫৪৩৷৷

ধনু তুলি ধৰি পাছে মহা বিদ্যা কৰি৷

তেখনে আণ্টাইল গৈয়া যমৰ নগৰী৷৷

পাতপাত কৰি বিচাৰিলা মহাভাগ৷

বিপ্ৰৰ পুত্ৰক তৈতো নপাইলেক লাগ৷৷১৫৪৪৷৷

ইন্দ্ৰৰ নগৰে গৈয়া বিচাৰিলা পশি৷

তৈতো বিপ্ৰপুত্ৰক নপাইলা মহাযশী৷৷

অগনি বৰুণ বায়ু চন্দ্ৰ নিঋতিৰ৷

সৱাৰো থানক বিচাৰিলা মহাবীৰ৷৷১৫৪৫৷৷

বিতবিত কৰিলন্ত সাতো পাতালক৷

তৈতো খুজি নপাইলন্ত বিপ্ৰৰ পুত্ৰক৷৷

একোস্থানে বিচাৰিবে নথাকিল ঠাই৷

উলটিয়া দ্বাৰকাক আসিলা দুনাই৷৷১৫৪৬৷৷

ভ্ৰষ্ট ভৈল অঙ্গীকাৰ জানিয়া নিশ্চয়৷

অগনিত জাম্প দিবে যান্ত ধনঞ্জয়৷৷

হেন দেখি সখিক ধৰিলা হৰি আসি৷

মৰিবাক নিদিয়া বুলিলা পাছে হাসি৷৷১৫৪৭৷৷

দেখাইবো দ্বিজৰ সৱে পুত্ৰক তোহ্মাক৷

নকৰিয়ো ঝাস সখি ৰাখা আপুনাক৷৷

তোহ্মাৰ বিপুল কীৰ্ত্তি থাকিবে লোকত৷

মোহোৰ বচনে নকৰিবা প্ৰাণ হত৷৷১৫৪৮৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি৷

হৰিনাম বিনে আৰ নাহি কাৰো গতি৷৷

বেদৰ প্ৰমাণ বাণী জানি সৰ্ব্বজন৷

বোলা হৰি হৰি কৰি অনেক যতন৷৷১৫৪৯৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

শ্ৰীৰাম মাধৱ ৰাঘৱ ৰঘুপতি৷৷১২৯৷৷

পদ৷৷

অৰ্জ্জুনক বুলি হেন বাণী৷

দিব্য ৰথে চড়ি চক্রপাণি৷৷

ধৰিল উত্তৰ দিশৰ পথ৷

অৰ্জ্জুনে ডাকন্তে যান্ত ৰথ৷৷১৫৫০৷৷

সাতোখান পৃথিৱী এড়াইল৷

গৈয়া সাতো সাগৰ চড়াইল৷৷

ধৰি মহা মনোজৱ১৬৪ গতি৷

ভৈলা লোকালোকৰ সিভিতি৷৷১৫৫১৷৷

প্ৰৱেশিলা ঘোৰ অন্ধকাৰে৷

ঘোৰা আৰ যাইবাক নপাৰে৷৷

হেন দেখি যোগেশ্বৰ হৰি৷

আগক হানিলা চক্র ধৰি৷৷১৫৫২৷৷

মহাৰশ্মিপুঞ্জে পোসৰাই৷

আগত আন্ধাৰ ফাৰি যায়৷৷

যেন ৰাঘৱৰ শৰজাক৷

বিদাৰয় ৰাক্ষস সেনাক৷৷১৫৫৩৷৷

হাজাৰেক সূৰ্য্য যেন জ্বলৈ৷

তাহাৰ পাচত ঘোৰা চলৈ৷৷

ঘোৰ তম তৰিয়া সত্বৰে৷

জ্যোতিপুঞ্জ পাইলা তাত পৰে৷৷১৫৫৪৷৷

ৰশ্মি লাগি চক্ষু ফুটে দেখি৷

মুদিলা অৰ্জ্জুনে দুয়ো আখি৷৷

তাক এড়ি জল পাইলা গই৷

ঘোৰ ঊৰ্ম্মি বায়ু উথলয়৷৷১৫৫৫৷৷

পাছে ধনঞ্জয় যদুৰাজে৷

প্ৰৱেশিলা সেহি জলমাজে৷৷

দুয়ো গৈয়া দেখিলা প্ৰত্যেক৷

স্ফটিকৰ স্তম্ভ হাজাৰেক৷৷১৫৫৬৷৷

দিৱ্যগৃহ প্ৰকাশন্তে আছে৷

পশিলা ভিতৰ তাৰ পাছে৷৷

অনন্তক গৈয়া ভৈলা ভেট৷

তুলি আছে হাজাৰেক ফেঁট৷৷১৫৫৭৷৷

ফণামণি কৰৈ তিৰিমিৰি৷

প্ৰকাশন্ত যেন শুক্ল গিৰি৷৷

তান শৰীৰত সুখাসনে৷

প্ৰকাশন্ত বসি নাৰায়ণে৷৷১৫৫৮৷৷

সুন্দৰ শৰীৰ মেঘ শ্যাম৷

পীতবস্ত্ৰে আতি অনুপাম৷৷

প্ৰসন্ন বদন মনোহৰ৷

আয়ত লোচন ৰুচিকৰ৷৷১৫৫৯৷৷

শিৰত কিৰীটি ৰত্নময়৷

তাৰ ৰশ্মি শোভৈ কেশচয়৷৷

জ্বলৈ গণ্ড মকৰ কুণ্ডলে৷

প্ৰকাশৈ শ্ৰীবৎস বক্ষস্থলে৷৷১৫৬০৷৷

কণ্ঠত কৌস্তুভ নৱ সূৰ্য্য৷

প্ৰলম্ব বৰ্ত্তুল অষ্টভুজ৷৷

কেয়ূৰ কঙ্কণে সুশোভিত৷

বনমালা আপাদলম্বিত৷৷১৫৬১৷৷

পদ দুই পঙ্কজৰ কান্তি৷

পাসি ভৈল আঙ্গুলিৰ পান্তি৷

জ্বলে আতি নখচন্দ্ৰচয়৷

ভকতৰ প্ৰকাশে হৃদয়৷৷১৫৬২৷৷

সুনন্দ প্ৰমুখ্যে পাৰিষদে৷

চৌপাশে উপাসে নিশবদে৷৷

চক্র আদি অস্ত্ৰে মূৰ্ত্তি ধৰি৷

সেৱা কৰে বিষ্ণুক আৱৰি৷৷১৫৬৩৷৷

পুষ্টি আদি ঋদ্ধি দিব্য কাছে৷

মাধৱক আৰাধন্তে আছে৷৷

ভণিল শঙ্কৰে কৃষ্ণপদে৷

হৰি হৰি বোলা সভাসদে৷৷১৫৬৪৷৷

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম বোল ৰাম বোল লোকাই৷

ৰামনাম বিনা বান্ধৱ নাই৷৷১৩০৷৷

পদ৷৷

অদ্ভূত ৰূপ দেখি ধনঞ্জয়৷

কম্পিল শৰীৰ ভৈলা বিস্ময়৷৷

আত্মাক কৃষ্ণে দৰশন পাই৷

পড়ি প্ৰণামিলা মাথা দৱাঁই৷৷১৫৬৫৷৷

অৰ্জ্জুনো দণ্ডৱতে পড়ি আগে৷

নমিলা গৈয়া আতি অনুৰাগে৷৷

বিষ্ণুৰ পৰম মহিমা দেখি৷

কৰিলা কৰযোৰ দুয়ো সখি৷৷১৫৬৬৷৷

দেখিয়া পাছে দুইকো চক্রপাণি৷

হাসিয়া হেন বুলিলন্ত বাণী৷৷

তোমৰা নৰ নাৰায়ণ দুই৷

ভৈলা অৱতাৰ মনুষ্য হুই৷৷১৫৬৭৷৷

ধৰ্ম্মক দ্বিজক ৰাখিবে লাগি৷

ব্ৰহ্মাদেৱে দুইকো নিলন্ত মাগি৷৷

পৃথিৱীৰ সৱে ভাৰ সংহৰি৷

আসা মোৰ ঠাইক সত্বৰ কৰি৷৷১৫৬৮৷৷

তোমৰা দুইক দেখিৱাক মন৷

আনিলো সৱে দ্বিজপুত্ৰগণ৷৷

ভৈলো দেখাদেখি এ চিৰকালে৷

পৃথিৱীক এড়ি আসা সকালে৷৷১৫৬৯৷৷

যদি পূৰ্ণকাম দুয়ো তোমৰা৷

সৃষ্টিৰ অৰ্থে আসি তপ কৰা৷৷

হাসিয়া এহি বুলি চক্রপাণি৷

ব্ৰাহ্মণৰ দশ ছৱাল আনি৷৷১৫৭০৷৷

দিলন্ত কৃষ্ণ অৰ্জ্জুনৰ হাতে৷

নমিলা পাছে দুয়ো প্ৰণিপাতে৷৷

তোহ্মাৰ আজ্ঞাক পালিবো স্বামী৷

থাকিয়ো গৃহক লড়িলো আমি৷৷১৫৭১৷৷

এহি বুলি কৃষ্ণ অৰ্জ্জুন দুই৷

উঠিলা ৰথত আনন্দ হুই৷৷

ব্ৰাহ্মণৰ সৱে পুত্ৰক লৈলা৷

পুৰণি পথে দ্বাৰকাক গৈলা৷৷১৫৭২৷৷

পাছে ধনঞ্জয় প্ৰতিজ্ঞা পালি৷

দিলন্ত দ্বিজৰ দশো ছৱালি৷৷

মৰা পুত্ৰগণ পায়া ব্ৰাহ্মণে৷

পৰম আনন্দ মিলিল মনে৷৷১৫৭৩৷৷

সভাৰ্য্যে ওলায়া যেন নাচন্ত৷

অৰ্জ্জুন ধন্য বুলি বখানন্ত৷৷

কৃষ্ণৰ প্ৰসাদে বীৰ বিজয়৷

এড়াইল দাৰুণ মৰণ ভয়৷৷১৫৭৪৷৷

বিষ্ণুৰ তেজ দেখি ধনঞ্জয়৷

ভৈলন্ত মনত আতি বিস্ময়৷৷

পৌৰুষ পুৰুষৰ কিছু নুই৷

কৃষ্ণৰ প্ৰসাদে সমস্ত হুই৷৷১৫৭৫৷৷

এহি বুলি বীৰে দঢ়ায়া মতি৷

একান্তে কৰিলা হৰি ভকতি৷৷

এহিমতে হৰি জগতগুৰু৷

সম্যকে ভকতৰ কল্পতৰু৷৷১৫৭৬৷৷

দুৰ্জ্জন জনৰ চিন্তিয়া মাৰ৷

লীলায়ে হৰিলা ভূমিৰ ভাৰ৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

কৰিয়ো কীৰ্ত্তন সমস্ত জনে৷৷১৫৭৭৷৷

আতপৰে ধৰ্ম্ম নাহিকে আন৷

ব্যাসৰ বচন বেদ প্ৰমাণ৷৷

হেন জানি সুখে গৃহতে থাকি৷

হৰি হৰি বোলা সমাজে ঢাকি৷৷১৫৭৮৷৷

৷৷বিপ্ৰপুত্ৰ-আনয়ন সমাপ্ত৷৷২১৷৷