প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
লেখক শ্ৰীমন্ত শংকৰদেৱ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
কীৰ্তন ঘোষা

প্ৰথম খণ্ড

চতুৰ্ব্বিংশতি অৱতাৰ

প্ৰথম কীৰ্ত্তন


!!ঘোঁষা!!

জয় হৰি গোবিন্দ নাৰায়ন ৰাম কেশৱ হৰি!

ৰাম ৰাম কেশৱ হৰি !!১!!

পদ!!

প্ৰথমে প্ৰনামো ব্ৰহ্মৰূপী সনাতন!

সৰ্ব্ব অৱতাৰৰ কাৰন নাৰায়ন!!

তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত!

যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত!!১!!

মস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত!

উদ্ধাৰিলা চাৰি বেদ প্ৰলয়জলত!!

সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া!

নধৰিলে সমুদ্ৰে তোমাৰ মস্যকায়া!!২!!

কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষিৰোদঢ়ি তীৰে!

লক্ষ প্ৰহৰৰ পথ যুৰিলা সৰিৰে!!

কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে!

ধৰিলা মন্দৰ গিৰি প্ৰভু পৃস্ঠভাগে!!৩!!

দিব্য যজ্ঞঁবাৰাহ স্ৱৰূপে ভৈলা তুমি!

লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি!!

তোমাক কৰিলে যুদ্ধ হিৰন্যাক্ষ বীৰি!

অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে চিৰি!!৪!!

আদি দৈত্য হিৰন্যকশিপু বলিয়াৰ !

নৰহিঙ্ঘ ৰূপে হিয়া বিদাৰিলা তাৰ!!

কৰিলা নিৰ্ভ্ভয় পাইলা ত্ৰিদষে উৰ্ল্লাস!

ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আস্ৱাস!!৫!!

বামন স্ৱৰূপে অদিতিৰ বাক্য পালী!

ইন্দ্ৰক স্থাপিলা চলে বলিক নিকালী!!

ত্ৰৈলোক্যক আক্রমি ছৰনৰ গতি!

তযু পাদোদকে গঙ্গা ভৈলা উতপতি!!৬!!

!!দ্বিতীয় কীৰ্ত্তন!!


ঘোষা!!

যদুমনি যাদয় যাদয় যাদয়ানন্দ হৰি!!২!!

পদ!!

ভৈলাহা পৰশুৰাম নামে অৱতাৰ!

প্ৰদক্ষিন কৰি ভুমি তিনি সাতবাৰ!!

ক্ষত্ৰিয়ক কাতিলা পৰসু কৰে ধৰি!

নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্দৰি!!৭!!

শ্ৰীৰাম ৰূপে কৌশল্যাতে অৱতৰি!

বনবাস খপিলা পিতৃৰ বাক্য ধৰি!!

বিৰাধ কৱন্ধ মাৰিচৰ লৈলা প্ৰান!

খৰ দূষনক প্ৰভু কৰিলা নিৰ্য্যান!!৮!!

একপাট সৰে বালি সঙ্কলিলা জীৱ!

তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰিৱ!!

লঙ্কাত পসিলা সাগৰত বান্ধি হেতু! [হেতু = সেতু]

বঢ়িলা ৰাৱন সিতাহৰনৰ হেতু!!৯!!

মাৰিলা ৰনত আৰূ ৰাক্ষস অনেক!

ভক্ত বিভিষনক কৰিলা অভিষেক!!১০!!

সম্বৰিলা সিতা দষৰথৰ বচনে!

অযোধ্যাক আসিলা সভাৰ্য্যে ৰঙ্গমনে!!

কৰিলাহা ৰাজ্য দশ হাজাৰ বৎসৰ!

লগে স্ৱৰ্গ্গে নিলা সৱে অযুধ্যা নগৰ!!১১!!

ৰোহিনিত ভৈলা হলিৰাম অৱতাৰ!

দ্বিৱিধৰ প্ৰান লৈলা মুস্ঠিৰ প্ৰহাৰ!!

প্ৰলম্ব মুস্ঠিক ৰুক্মা দন্তবক্র বীৰ!

লিলায়ে মাৰিয়া ভাৰ হৰিলা ভুমিৰ!!১২!!

বোদ্ধ অৱতাৰে বেদপন্থ কৰি চৰ্ন্ন!

বামানয় সাস্ত্ৰে মোহি আছা সৰ্ব্বজন!!

নিচিন্তে চৰন নাম নলয়ে তোমাৰ!

সদায়ে প্ৰমত্ত লোক পাষণ্ড় আচাৰ!!১৩!!

কলিৰ সেষত হৈবা কল্কি অৱতাৰ!

কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ!!

সবাকু বঢ়িবা বৌদ্ধগন যত আছে!

কলিৰ সেষত সত্য প্ৰবৰ্ত্তাইবা পাছে!!১৪!!


!! তৃতীয় কীৰ্ত্তন!!

ঘোঁষা!!

নৰহৰি গোবিন্দ গোবিন্দ গোবিন্দ ৰাম!!৩!!

সনতকুমাৰ অৱতাৰে তুমি হৰি!

ফুৰিলা দুস্কৰ ব্ৰহ্মচৰ্য্য ব্ৰত ধৰি!!

পৃথু ৰাজা তোমাত সুধিলা মহাজ্ঞাঁন!

সমস্ত তত্ত্ৱক তুমি কৰিলা বাখ্যান!!১৫!!

ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ!

পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ!!

যাক আচৰিলে মহা মুক্ষ পদ পাই!

হৰিৰ কীৰ্ত্তন কৰি ফুৰা বিনা বাই!!১৬!!

ভৈলা আৰূ অৱতাৰ নৰনাৰায়ন!

কৰিলা দুস্কৰ তপ চিতৰ সোধন!!

তোমাক মুহিবে কামদেৱে আইলা সাজি!

দৰ্পচুৰ কৰিলা ঊলতি গৈলা লাজি!!১৭!!

কপিল স্বৰূপে আৰূ ভৈলা অৱতাৰ!

লুপ্ত ভৈল জ্ঞাঁন তাক কৰিলা প্ৰছাৰ!!

তোমাৰ প্ৰসাদে যোগ জানি দেৱহুতি!

তোমাৰ চৰন চিন্তি লভিলা মুকুতি!!১৮!!

দত্তাত্ৰেয় নামে ভৈলা অত্ৰিয় তনয়!

পুছিলন্ত যোগ যদু অলৰ্ক হৈহয়!!

তিনিয়ো ৰাজাত কৈলা যোগৰ যুগুতি!

তোমাৰ প্ৰসাদে পাইল পৰম মুকুতি!!১৯!!

যজ্ঞঁ অৱতাৰে ভৈলা দেৱতাৰ ৰায়!

জামা নামে দেৱগন লগত সহায়!!

স্ৱায়ম্ভুব মনুৰ দিনত তুমি হৰি!

ইতু ত্ৰিজগতক আছিলা ৰক্ষা কৰি!!২০!!

পুত্ৰ ভৈলা নাভিৰ ঋৰ(ষ*)ভ নামে তুমি!

যৰযোচৰ্য্যা কৰি পয্যতিলা ভুমি!!

পৰম জ্ঞাঁনিৰ পথ দেখাইলা আপোনী!

পৰম পদক পাৱে যাক জানি সুনি!!২১!!

অৰাজক ভৈল নস্ট হোয়ে সবে প্ৰজা!

দেখি তুমি ভৈলা পৃথু নামে আদি ৰাজা!!

পৃথিবীক ধৰিয়া দোহিলা সবে ৰস!

জগতকে ব্যাপিল তোমাৰ মহাযশ!!২২!!

সাগৰ মথন্তে অমৃতৰ ঘট ধৰি!

ধনন্তৰি নামে অৱতাৰ ভৈলা হৰি!!

যত বৈদ্যসাস্ত্ৰছয় কৰিলা প্ৰকাশ!

যাহাক জানিলে হয় ব্যাঢ়ি বিনাষ!!২৩!!

ধৰিলাহা সংসাৰমোহনি নাৰিবেষ!

দুষ্ট দৈত্যগনক মোহিলা হৃষিকেশ!!

ভকত দেৱক পান কৰাইলা অমৃত!

তোমাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃত্যকৃত্য!!২৪!!


!! চতুৰ্থ কীৰ্ত্তন!!

ঘোঁষা!!

মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি!!৪!!

প্দ!!

ব্যাস নামে ভৈলা সত্যৱতিৰ সন্ততি!

দেখিলাই(হ*?) প্ৰজা ভৈল আতি অল্পমতি!!

কৰিলা অনেক শাখা চাৰিয়ো বেদৰ!

পুৰান ভাৰত সাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ!!২৫!!

গজেন্দ্ৰক গিলে ঘোৰ গ্ৰাহে বলে ধৰি!

তোমাত শৰন লৈলে আৰ্ত্তনাদ কৰি!!

শুণ্ডে় মেঢ়াই পদ্মগোট উপৰক তুলি!

গজেন্দ্ৰে শৰন লৈলা ত্ৰাহি হৰি বোলী!!২৬!!

শুনি সিঘ্ৰে চৰি তুমি গৰূড়ৰ কন্ধে!

ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে!!

গৰূডৰ নামি তুমি পৰম বিক্রমে!

শুন্দে ধৰি তৰক তুলিলা গ্ৰাহে সমে!!২৭!!

আথেবেথে চক্রে চিৰিলাহা গ্ৰাহমুন্ড!

তোমাৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ!!

হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা!

গলে বনমালা হাতে ছাৰি অস্ত্ৰ লৈলা!!২৮!!

তোমাক নমিলা গৈয়া দন্দয়তে পৰি!

পাৰিসদ হুয়া বৈকুণ্ঠক গৈলা লড়ি!!

তযু দৰষনে গ্ৰাহে সাপক নিস্তৰি!

বিমানে স্বৰ্গক গৈলা দিব্য ৰূপ ধৰি!!২৯!!

হৱগ্ৰৃৱ নামে আৰূ ভৈলা অৱতাৰ!

তপ্ত সুবৰ্ন্নৰ বৰ্ন্ন সৰিৰ তোমাৰ!!

তোমাৰ সুন্দৰ সিতু মামিকাৰ হন্তে!

বাজ ভৈল চাৰি বেদ নিস্ৱাস কাঢ়ন্তে!!৩০!!

সপত্নি মাতৃৰ বাক্য বিদাৰি মন!

ধ্ৰূবে আসি আৰাধিলে তোমাৰ চৰন!!

ত্ৰৈলোক্যৰ ওপৰে তাহাঙ্ক থৈলা ঠাপি!

গোধিকাৰ পুৰ্চ্ছভাগে দেখিয়ো অদ্যাপী!!৩১!!

দেৱে দৈত্যে আনিবেক নোৰ়া(ৱা*)ৰে মন্দৰ!

অপ্ৰয়াষে আনি তুমি মথিলা সাগৰ!!

দানৱক যুজিলা দেৱৰ হুয়া ভিতি!

তোমাৰ প্ৰসাদে ইন্দ্ৰে সাধিলা জয়তি!!৩২!!

কৃষ্ণৰ ৰহস্য জন্ম সুনা সৰ্ব্বজনে!

মোক্ষপদ সাধ যাৰ শ্ৰৱন কীৰ্ত্তনে!!

কৃষ্ণৰ কিঙ্কৰে ভনে শঙ্কৰে সম্প্ৰতি!

বোলা হৰি হৰি পাপ যাউক অধুগতি!!৩৩!!

!! চতুৰ্ব্বিংশতি অৱতাৰ সমাপ্ত!!১!!