অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
লেখক শ্ৰীমন্ত শংকৰদেৱ
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ অষ্টাদশ খণ্ড॥

॥ মুচুকুন্দ স্তুতি॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

ৰামক নাম আতি অনুপাম।

ৰামক নাম ৰামক নাম॥ ১০৯॥

পদ॥

ৰাজাত কহন্ত শুকে কথাক।

মান্ধাতাৰ পুত্ৰ জানিবা তাক॥

ইক্ষাকু বংশত ভৈলন্ত জাত।

মুচুকুন্দ নামে জগতে খ্যাত॥ ১৩৫৪॥

অসুৰত ভয়ে দেৱতাজাক।

ৰাজাক বোলন্ত ৰাখা আহ্মাক॥

নৃপতি পাছে ভৈলা স্বৰ্গপাল।

ৰাখিলা ত্ৰিদশক চিৰকাল॥ ১৩৫৫॥

যেৱে সেনাপতি কাৰ্ত্তিক ভৈলা।

ৰাজাক দেৱে বুলিবাক লৈলা।

এৱে মুচুকুন্দ কৰা বিশ্ৰাম।

কৰিলা আহ্মাৰ দুষ্কৰ কাম॥ ১৩৫৬॥

সমস্ত ৰাজ্যভোগ পৰিহৰি।

ৰাখিলা আহ্মাক নিদ্ৰাক এড়ি॥

তোহ্মাৰ আৱে পুত্ৰ পৌত্ৰগণ।

জ্ঞাতি মিত্ৰ আৰ সেৱক জন॥ ১৩৫৭॥

পৃথিৱীত কেহো নাহিকে ভালে।

সৱাকো সংহৰি নিলেক কালে॥

মোক্ষ ব্যতিৰেকে লৈয়োক বৰ।

বিষ্ণুসে মোক্ষৰ হোন্ত ঈশ্বৰ॥ ১৩৫৮॥

বুলিলা দেৱক ৰাজা প্ৰণামি।

নলাগে বৰ নিদ্ৰা কৰো আমি॥

বোলন্ত এহি হৌক দেৱগণে।

নিদ্ৰাত জগাৱৈ আসি যিজনে॥ ১৩৫৯॥

হৈৱেক ভস্ম তযু দৰশনে।

মৰিল যৱন এহি কাৰণে॥

পাছে মাধৱে কৰি অল্প হাসি।

নৃপতিক দেখা দিলন্ত আসি॥ ১৩৬০॥

ৰাজা মুচুকুন্দে কৃষ্ণক দেখি।

পৰম বিস্ময়ে চান্ত নিৰেখি॥

উদিত চন্দ্ৰৰ যেন প্ৰকাশ।

শ্যামল দেহে শোভে পীতৱাস॥ ১৩৬১॥

শ্ৰীবৎস পান্তি শোভে বক্ষস্থলে।

সূৰ্য্য সম জ্বলে কৌস্তুভ গলে॥

কৰ্ণত মকৰ দোলে কুণ্ডল।

পদ্মসম শোভে মুখমণ্ডল॥ ১৩৬২॥

অৰুণ লোচন পঙ্কজ পাসি।

নুগুচে সদা মুখে অল্প হাসি॥

দশন পান্তি মুকুতাৰ শাৰী।

প্ৰলম্ব স্থল জ্বলে ভুজ চাৰি॥ ১৩৬৩॥

প্ৰকাশে কণ্ঠত পদ্মৰ মালা।

কটিত ৰত্নৰ শোভে মেখলা॥

পদযুগ যেন পঙ্কজ কোষ।

শুনি সুৱৰ্ণৰ নূপুৰ ঘোষ॥ ১৩৬৪॥

ত্ৰৈলোক্যত ৰূপে নাহিকে সম।

মৃগেন্দ্ৰৰ যেন লীলা বিক্ৰম॥

শৰীৰৰ জৌতি লাগে আখিত।

দেখি মুচুকুন্দ ভৈলা শঙ্কিত॥ ১৩৬৫॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

কৃষ্ণকথা শুনা সমস্ত জনে॥

কৰিয়ো কীৰ্ত্তন আলাস এড়ি।

বোলা হৰি হৰি সমাজে বেঢ়ি॥ ১৩৬৬॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥ ৰাম কৃষ্ণ গোৱিন্দ।

ত্ৰাহি হৰি মুকুন্দ॥ ১১০॥

পদ॥

পাছে মুচুকুন্দ ৰায়।

সোধে মাধৱক চাই॥

কোন তুমি থাকা কৈত।

কি কাৰ্য্যে ভ্ৰমিছা ঐত॥ ১৩৬৭॥

পদ্মপত্ৰ সম ভৰি।

কণ্টকত কেন কৰি॥

ফুৰা গিৰি গহ্বৰত

নুবুজো তোহ্মাৰ মত॥ ১৩৬৮॥

কিবা ইন্দ্ৰ সূৰ্য্য শশী।

মূৰ্ত্তি ধৰি আছা আসি॥

ব্ৰহ্মা বিষ্ণু ত্ৰিনয়ন।

তাসম্বাৰ একজন॥ ১৩৬৯॥

আসি আছা তুমি স্বামী।

মূৰ্ত্তি দেখি বোলো আমি॥

জন্ম কৰ্ম্ম গোত্ৰ নাম।

কৈয়ো যদি আছে কাম॥ ১৩৭০॥

আহ্মাৰ শুনিয়ো কথা।

ইক্ষবাকু বংশত তথা॥

মান্ধাতাত ভৈলো জাত।

মুচুকুন্দ নামে খ্যাত॥ ১৩৭১॥

উজাগৰে শ্ৰান্ত হুয়া।

গহ্বৰত আছো শুয়া॥

মোক জগাই কোন জনে।

ভস্ম ভৈল তাৱক্ষণে॥ ১৩৭২॥

তোহ্মাক দেখিলো পাছে।

দেহা প্ৰকাশন্তে আছে॥

তোহ্মাৰ দুঃসহ জৌতি।

নিষ্প্ৰভ কৰিলে আতি॥ ১৩৭৩॥

দেখি মহা চমৎকাৰ।

সুুধিবে নৱাৰো আৰ॥

এহি বুলি মৌন ভৈলা।

মাধৱে কহিবে লৈলা॥ ১৩৭৪॥

মোৰ জন্ম কৰ্ম্ম যত।

কোনে কহি পাৱৈ অন্ত॥

তথাপিতো নৃপবৰ।

শুনা কথা ইজন্মৰ॥ ১৩৭৫॥

প্ৰাৰ্থিলন্ত প্ৰজাপতি।

ধৰ্ম্মক ৰাখিবে প্ৰতি॥

যদুকুলে ভৈলো জাত।

বসুদেৱ মোৰ তাত॥ ১৩৭৬॥

আতেসে পণ্ডিত লোকে।

বাসুদেৱ বোলে মোকে॥

কালনেমি দৈত্য বংশ।

ভৈল আসি ৰাজা কংস॥ ১৩৭৭॥

লীলায়ে মাৰিলো তাক।

আনো যত দৈত্যজাক॥

বধিলো সমৰে সৱে।

দুৰ্জ্জন যৱন এৱে॥ ১৩৭৮॥

তযু তেজে ভস্ম ভৈল।

মহাভাৰ দূৰ গৈল॥

তোমাকেসে দয়াতৰে।

আইলো ঐকে একেশ্বৰে॥ ১৩৭৯॥

তুমি মোৰ প্ৰিয়তৰ।

যেহি লাগে লৈয়ো বৰ॥

কহিয়োক অভিপ্ৰায়।

ভক্তৰ দুৰ্ল্লভ নাই॥ ১৩৮০॥

কৃষ্ণৰ কিঙ্কৰে ভণে।

শুনিয়োক সৰ্ব্বজনে॥

সমস্ত সমাজে ঢাকি।

হৰি হৰি বোলা ডাকি॥ ১৩৮১॥

॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥ ও হৰি নমো নাৰায়ণ

চৰণে মাগো তৰণ উপায়।

তোহ্মাৰ ভকতি বিনে বাসুদেৱ

বৃথা আয়ু বহি যায়॥ ১১১॥

পদ॥ পাছে মুচুকুন্দে কৃষ্ণক জানিলা

গৰ্গৰ বাক্য সুমৰি।

পৰি তুতি আতি কৰিবে লাগিলা

চৰণে প্ৰণাম কৰি॥

মায়ায়ে মোহিত হুয়া যিটোজন

নভজৈ প্ৰভু তোহ্মাক।

সুখক আশায়ে গৃহবাসে থাকৈ

দৈৱে বঞ্চিলেক তাক॥ ১৩৮২॥

ভাৰতে দুৰ্ল্লভ নৰদেহা পায়া

নভজৈ তোহ্মাৰ পাৱ।

গৃহ অন্ধকূপে পড়িয়া থাকয়

পশুৰ যেন স্বভাৱ॥

ৰাজ্য ছিৰী মদে ভৈলোহো প্ৰমত্ত

দেহে আত্মা বুদ্ধি ভৈল।

পুত্ৰ দাৰা ধন আহাৰ চিন্তায়ে

বিফলে জনম গৈল॥ ১৩৮৩॥

গৃহ ঘট সম দেহত নৃপতি

বোলাওঁ কৰি চটিমতি।

তোহ্মাক নগণি হয় হস্তী ৰথে

পৃথিৱী ফুৰো পৰ্য্যটি॥

বিষয় চিন্তায়ে পৰম প্ৰমত্ত

থাকে মহামোহ দৰ্পে।

তুমি অপ্ৰমত্ত হেলে মাৰা তাক

এন্দুৰক যেন সৰ্পে॥ ১৩৮৪॥

সুৱৰ্ণৰ ৰথে যিটো হস্তীস্কন্ধে

ফুৰয় ৰাজা বোলাই।

কালে প্ৰাণ গৈলে সেহিটো শৰীৰ

হোৱৈ বিষ্ঠাপলু ছাই॥

যিটো সাৰ্ব্বভৌম সিংহাসনে থাকে

সামৰাজে সেৱা কৰৈ।

স্ত্ৰীৰ অধীন হুয়া সিটো প্ৰভু

গৃহতে থাকিয়া মৰৈ॥ ১৩৮৫॥

দুনাই ইন্দ্ৰ হৈবো বুলিয়া অনেক

কৰৈ কায়ক্লেশ দুঃখ।

সিটো অভিলাষ ব্যৰ্থ হোৱৈ তাৰ

কহিতো নাহিকে সুখ॥

যাহাৰ সংসাৰ গুচিবেক তাৰ

মিলয় সাধু সঙ্গতি।

যেৱে সাধু সঙ্গ ভৈল তেৱে প্ৰভু

তোহ্মাত উপজৈ মতি॥ ১৩৮৬॥

কিনু অনুগ্ৰহ কৰিলা মাধৱ

গুচাই মোৰ ৰাজ্যভাৰ।

মহাজ্ঞানী গণে আকেসে বাঞ্ছয়

মনত বিৱেক যাৰ॥

নৱাঞ্ছোহো আন মাধৱ তোহ্মাৰ

চৰণ সেৱাত পৰে।

মুকুতিদাতাক আৰাধি খুজিবে

আন বৰ কোন নৰে। ১৩৮৭॥

হেন জানি প্ৰভু যত সুখ ভোগ

দূৰতে তেজিয়া থৈলো।

পৰম পুৰুষ তোহ্মাৰ চৰণে

সদায়ে শৰণ লৈলো॥

সংসাৰ চক্ৰত চিৰকালে ভ্ৰমো

তোহ্মাত নভৈল বোধ।

একোৱে প্ৰকাৰে সুখ শান্তি নাই

নিজিনিলো কাম ক্ৰোধ॥ ১৩৮৮॥

প্ৰণতপালক তোহ্মাৰ চৰণে

লৈলোহো আৱে শৰণ।

ভয় শোক মৃত্যু গুচয় যিমতে

ৰক্ষা কৰা নাৰায়ণ॥

হেন তুতি কৰি মুচুকুন্দ ৰাজা

কৃষ্ণক প্ৰণামি আছে।

প্ৰণতপালক দেৱ সনাতন

ৰাজাক মাতিলা পাছে॥ ১৩৮৯॥

ভণিল শঙ্কৰে শুনা সৰ্ব্ব নৰে

নকৰিও জন্ম বৃথা।

শ্ৰৱণতে সুখে মোক্ষপদ পায়

শুনা হেন কৃষ্ণ কথা।

হৰিৰ কীৰ্ত্তন কৰিয়া পাপৰ

মুণ্ডত মাৰিয়ো বাড়ি।

আন কাম এড়ি বোলা হৰি হৰি

পলাওক পাতক ছাড়ি॥ ১৩৯০॥

॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥

মন ৰাম বোল ৰাম বোল ৰাম বোল ৰাম।

চিত্তে চিন্ত চতুৰ্ভুজ চতুৰ্ভুজ হৰি॥ ১১২॥

পদ॥

মাধৱে বোলন্ত শুনা মুচুকুন্দ ৰায়।

তোহ্মাৰ নিৰ্ম্মল মতি ভৈল সমুদায়॥

প্ৰলোভিলো বৰ লোৱা বুলি বাৰম্বাৰ।

তথাপিতো কিছু বাঞ্ছা নভৈল তোহ্মাৰ॥ ১৩৯১॥

বৰ দিবে চাহিলো তোহ্মাক দায়া পদে।

ভকতক লন্দ্ৰিবাক নপাৰে শ্ৰীমদে॥

যোগক অভ্যাসে যিটো ভকতিক এড়ে।

তাহাৰেসে মন দুনাই বিষয়ত পড়ে॥ ১৩৯২॥

মোত চিত্ত দিয়া পৰ্য্যটিয়ো বসুমতী।

তোহ্মাৰ আহ্মাত আছে একান্ত ভকতি॥

ক্ষত্ৰিয়ৰ ধৰ্ম্মত থাকিয়া নৃপবৰ।

কৰি আছা বধ তুমি জন্তু বহুতৰ॥ ১৩৯৩॥

শ্ৰৱণে কীৰ্ত্তনে মোক কৰিয়া আশ্ৰয়।

তপ কৰি এৱে সিটো পাপ কৰা ক্ষয়॥

আউৰ জনমত তুমি হুইবা দ্বিজবৰ।

মোক পাইবা আসি ৰাজা তেজি কলেবৰ॥ ১৩৯৪॥

পূৰ্ব্বত অনেক যজ্ঞে যজি আছা মোক।

মই ৰক্ষা কৰিবো নিৰ্ভয়ে চলিয়োক॥

হেন অনুগ্ৰহ আজ্ঞা পায়া মাধৱৰ।

কৰিলা কৃষ্ণক প্ৰদক্ষিণ নৃপবৰ॥ ১৩৯৫॥

চৰণে প্ৰণামি বাজ ভৈলা গহ্বৰৰ।

দেখে ক্ষুদ্ৰ ভৈল সৱে বৃক্ষ পশু নৰ॥

পাইল কলি যুগে আসি মানি মহাৰথ।

ধৰিলন্ত উত্তৰ দিশক লাগি পথ॥ ১৩৯৬॥

ভৈলন্ত নিঃশঙ্ক তপ আচৰিবে মনে।

কৰিলা একান্ত চিত্ত কৃষ্ণৰ চৰণে॥

বদৰিকাশ্ৰমে গৈয়া ধৰিয়া সমাধি।

থাকিলন্ত মুচুকুন্দ কৃষ্ণক আৰাধি॥ ১৩৯৭॥

পাছে দুনাই আসিয়া মাধৱ মথুৰাক।

মাৰিলন্ত তিনিকোটি যৱন সেনাক॥

তাৰ ধন মানে সৱে বলদ জোড়াইল।

দ্বাৰকাত নিয়া যদুৰাজাত যোগাইল॥ ১৩৯৮॥

তেইশ অক্ষৌহিণী সেনা সাজিয়া প্ৰবন্ধে।

সেহি সময়ত খেদি আইল জৰাসন্ধে॥

পৰম আটোপে মহাকোপে আসে ধাই।

দেখি লৰ দিলা ৰাম কৃষ্ণ দুয়ো ভাই॥ ১৩৯৯॥

মনুষ্য চেষ্টাক দেখাই যেন ভয়াতুৰ।

ভৰিগতি দুয়ো পলাই গৈলা বহুদূৰ॥

হেন দেখি ৰঙ্গে আসি মাগধ নিষ্খলে।

ধৰ বুলি পাছে পাছে খেদে সমদলে॥ ১৪০০॥

পলাইবে নপাৰি যেন ৰাম দামোদৰে।

আৰোহিলা পৰ্ব্বতৰ উছিত শিখৰে॥

পৰ্ব্বতক বেড়িয়া সসৈন্যে জৰাসন্ধে।

লগাইলেক জুই তাত অনেক প্ৰবন্ধে॥ ১৪০১॥

এঘাৰ যোজন সিটো পৰ্ব্বত উছিত।

তাৰপৰা ডেৱে দুয়ো নামিলা ভূমিত॥

নলক্ষিলে কেৱে শত্ৰু সেনা তাসম্বাক।

ৰঙ্গে ৰাম কৃষ্ণ দুয়ো গৈলা দ্বাৰকাক॥ ১৪০২॥

দগ্ধ ভৈলা ৰাম কৃষ্ণ মানি মহাবলী।

জৰাসন্ধো সসৈন্যে দেশক গৈল চলি॥

নজানয় ঈশ্বৰৰ বলৰ প্ৰমাণ।

শত্ৰু বুদ্ধি খেদে সিটো পৰম অজ্ঞান॥ ১৪০৩॥

কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।

কৃষ্ণৰ কীৰ্ত্তন নছাড়িবা একো নৰে॥

পাপ সাগৰত ইসে কৰিবে নিস্তাৰ।

বোলা হৰি হৰি হৌক পুৰুষ উদ্ধাৰ॥ ১৪০৪॥

॥ মুচুকুন্দ স্তুতি সমাপ্ত॥ ১৮॥