একাদশ খণ্ড: ৰাস-ক্ৰীড়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ একাদশ খণ্ড॥

॥ ৰাস-ক্ৰীড়া॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

বোল হৰি ৰাম মুকুন্দ মুৰাৰি।

বিনা হৰিনামে ভৱ তৰিতে নপাৰি॥ ৬৮॥

পদ॥

শুকমুনি বদতি শুনিয়ো পৰীক্ষিত।

কহো ৰাসক্ৰীড়া কথা কৃষ্ণৰ চৰিত॥

শৰত কালৰ ৰাত্ৰি আতি বিতোপন।

ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন॥ ৮০৭॥

ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্ব দিশ হন্তে।

কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জ্জন্তে॥

অখণ্ডমণ্ডল চন্দ্ৰ দেখিলন্ত হৰি।

কুঙ্কমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি॥ ৮০৮॥

বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত।

সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত॥

শুনি কামে উত্ৰাৱল হুয়া গোপীগণে।

দিলেক লৱড় গীত ধ্বনি নিৰীক্ষণে॥ ৮০৯॥

কৰ্ণত কুণ্ডল দোলে বেগত হান্ঠিতে।

চিত্তত ধৰিলা কৃষ্ণে চলে অলক্ষিতে॥

কতো গোপী যায় গাই দোহনক এড়ি।

আখাতে থাকিল দুগ্ধ চৰু সৈতে পড়ি॥ ৮১০॥

পীয়ন্তে আছিল শিশু তাহাকো নগণি।

পতি শুশ্ৰূষাকো এড়ি যায় কতোজনী॥

কতো গোপী আছিল স্বামীক পৰশন্তে।

আধা ভুঞ্জা হুয়া কতো যায় লৱড়ন্তে॥ ৮১১॥

কৃষ্ণৰ শ্ৰৱণে যেন হৰিদাসগণে।

এড়ে কাম্য কৰ্ম্ম সৱে তদগত মনে॥

কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন।

পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ॥ ৮১২॥

হাতত নূপুৰ আড়ৈ কঙ্কালত হাৰ।

কৰি বিপৰ্য্যয় পিন্ধৈ বস্ত্ৰ অলঙ্কাৰ॥

তথাপি কৃষ্ণক পাইলা গোপিকাসকল।

ভকতৰ কৰ্ম্ম যেন নভৈল বিফল॥ ৮১৩॥

নিবাৰয় পতি পিতৃ১১৯ ভ্ৰাভৃ আগ ভেণ্টে।

গোৱিন্দে হৰিল চিত্ত তথাপি নুলটে॥

বিমোহিত হুয়া সৱে লৱড়ে গোপিনী।

হৰি ভকতক যেন নলন্দ্ৰে বিঘিনি॥ ৮১৪॥

যাইবে নপাই গৃহমধ্যে কতো গোপীগণ॥

মনে ধৰি কৃষ্ণক কৰিল আলিঙ্গন॥

অনেক জন্মৰ কৰ্ম্মবন্ধ কৰি ক্ষীণ।

এড়ি তনু তেখনে কৃষ্ণত গৈল লীন॥ ৮১৫॥

পুছে পৰীক্ষিতে শুনি মিলিল সংশয়।

জাৰ বুদ্ধি মাধৱক সেৱৈ গোপীচয়॥

তথাপি মোক্ষক পাইলে কিনো বিপৰ্য্যয়।

বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়॥ ৮১৬॥


॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

ভৱহাৰী হৰি তাৰহু মুকুন্দ মুৰাৰি।

জনম মৰণ ক্লেশ সহিতে নপাৰি॥ ৬৯॥

পদ॥

শুক নিগদতি ৰাজা শুনা মহাশয়।

গোপিকাৰ মোক্ষ দেখি নুহিবা বিস্ময়॥

দ্বেষ কৰি শিশুপালে লভিল মুকুতি।

বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি॥ ৮১৭॥

বিষ বুলি অমৃতক পিলে যিটো নৰ।

নুহিবেক হেন জানা অজৰ অমৰ॥

যেন তেন মতে মাত্ৰ স্মৰোক সতত।

এতেকে মুকুতি পাৱে কহিলো বেকত॥ ৮১৮॥

ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত।

যাত হন্তে পাৱৈ মোক্ষ স্থাৱৰ পৰ্য্যন্ত॥

নিৰপাৰ হৰিৰ ভকতি নুহি বৃথা।

গোপী গোপালৰ আৱে শুনা পাছ কথা॥ ৮১৯॥

যেৱে সৱে সমীপ পাইলেক গোপনাৰী।

তাসম্বাক বাক্যে মোহি বুলিলা মুৰাৰি॥

কুশলে কি আইলা কৈয়ো ব্ৰজৰ কল্যাণ।

প্ৰিয় কৰ্ম্ম কৰো কিবা কহিয়ো নিদান॥ ৮২০॥

দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি।

ঐত নথাকিবা তোৰা সৱ তিৰীমতি।

তোমাসাক নেদেখিয়া পিতৃমাতৃচয়।

তাসম্বাৰ মনে মহা মিলিব সংশয়॥ ৮২১॥

দেখিলাহা ইটো বিকশিত বৃন্দাবন।

শশাঙ্কে ধৱল নৱ পল্লৱে শোভন॥

উলটি ব্ৰজক যাহা কান্দে শিশুগণ।

তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন॥ ৮২২॥

উপপতি সমে ক্ৰীড়া গৰিহিত কৰ্ম্ম।

স্বামীৰ শুশ্ৰূষা কুলস্ত্ৰীৰ মহাধৰ্ম্ম॥

যদিবা আহ্মাক স্নেহে আইলা গোপীগণ।

মোক আৱে দেখিলা সিজিল প্ৰয়োজন॥ ৮২৩॥

বিদূৰতে থাকি কৰৈ শ্ৰৱণ কীৰ্ত্তন।

বাঢ়ৈ মোত ভকতি নিৰ্ম্মল হোৱে মন॥

দেখন্তে শুনন্তে সদা হেলা হোৱে মতি।

জানিয়া গৃহতে থাকি কৰিও ভকতি॥ ৮২৪॥

কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ।

পাইলন্ত দুৰন্ত চিন্তা বিষণ্ণ১২২ বদন॥

ওলমাইল মুখ আতি পাইয়া দুঃখ বৰ।

সঘনে নিশ্বাস কাঢ়ে শুখাইল অধৰ॥ ৮২৫॥

কুচৰ কুঙ্কুম মানে লোতকে তিতিল।

থাকিল নিচুকি মুখে বচন হৰিল॥

চৰণে ভূমিক লেখে দেখে তমোময়।

বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়॥ ৮২৬॥


॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

গোপাল কৃষ্ণ কৰহু ত্ৰাণ॥

তোহ্মাক নেদেখি নসহে প্ৰাণ॥ ৭০॥

পদ॥

শোকক তম্ভায়া গোপীসকলে।

মলচিলা মুখ আখি আঞ্চলে॥

গদগদ মাত মুখে নোহ্লায়।

বুলিবে লাগিলা কৃষ্ণক চাই॥ ৮২৭॥

ভকত বৎসল তোহ্মাক জানি।

কেনে বোলা হেন ঘাতুক বাণী॥

সমস্ত বিষয় এড়িয়া স্বামি।

ভজিলো তোহ্মাৰ চৰণে আমি॥ ৮২৮॥

ভজিয়ো আহ্মাক মিলোক ভাগ।

নকৰা নাথ ভকতক ত্যাগ॥

কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম্ম।

তোহ্মাতে থাকোক সিসৱ ধৰ্ম্ম॥ ৮২৯॥

জগতৰে বন্ধু আতমা তুমি।

সমস্ত ধৰ্ম্মৰ আপুনি ভূমি॥

তুমি আত্মা হেন জানি সম্প্ৰতি।

তোমাতেসে কৰে ভকতে ৰতি॥ ৮৩০॥

নলাগৈ পতি পুত্ৰ দুঃখহেতু।

হুয়োক প্ৰসন্ন গৰুড়কেতু॥

কৰিছো আশা যিটো চিৰকাল।

নকৰিও তাক ভঙ্গ গোপাল॥ ৮৩১॥

হৰিলা চিত্ত নথাকয় ঘৰে।

হস্ত দুই গৃহকৃত্য নকৰে॥

তোহ্মাক এড়িয়া নচলৈ ভৰি।

ব্ৰজক গৈয়া কি কৰিবো হৰি॥ ৮৩২॥

জ্বলৈ কামানল তোহ্মাৰ গীতে।

নুমায়োক তাক অধৰামৃতে॥

নুহি বিৰহতে দহিয়া তনু।

লভিবো তোমাৰ সমীপ পুনু॥ ৮৩৩॥

হুয়োক প্ৰসন্ন জগনিৱাস।

সৱ তেজি কৈলো তোহ্মাতে আশ॥

নমাৰা পুৰিয়া ঈষত হাসি।

পুৰুষভূষণ কৰিয়ো দাসী॥ ৮৩৪॥

অলকা আবৃত তোহ্মাৰ মুখ।

অধৰ সুধাক দেখন্তে সুখ॥

ভ্ৰুৱযুগ তযু ঈষত হাসি।

দেখি তাক প্ৰভু ভৈলোহো দাসী॥ ৮৩৫॥

তোহ্মাৰ শুনিয়া অমৃত গীত।

নুহিবে মোহ কোন স্ত্ৰীৰ চিত্ত॥

আছোক আন বৃক্ষ পশু পক্ষী।

প্ৰেমে পুলকিত তোহ্মাক দেখি॥ ৮৩৬॥

দেৱৰ ৰক্ষক যেন মুৰাৰি।

ব্ৰজৰো তুমি দুঃখ ভয়হাৰী॥

জানিয়া জুৰায়ো আহ্মাৰ প্ৰাণ।

শিৰত হস্তপদ্ম দিয়া দান॥ ৮৩৭॥

কামে বশ্য হুয়া গোপী যতেক।

বুলিলা বিহ্বল বাক অনেক॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

বোলা হৰি হৰি সমস্ত জনে॥ ৮৩৮॥









॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥

গোৱিন্দ দেৱ বিনে নাহি কেৱ।

গোৱিন্দ দেৱ গোৱিন্দ দেৱ॥ ৭১॥

পদ॥

গোপীৰ শুনিয়া আকুল বাণী।

ভৈলন্ত সদয় সাৰঙ্গপাণি॥

হাসিয়া বোলন্ত এৰিয়ো তাপ।

গোপীক ক্ৰীড়িলা জগত বাপ॥ ৮৩৯॥

কৃষ্ণৰ সদয় দৃষ্টিক দেখি॥

প্ৰফুল্লমুখী ভৈলা সৱে সখী॥

দৰশাই লীলা ভাৱ ভ্ৰূভঙ্গে।

কৃষ্ণক চৌভিতি বেঢ়িলা ৰঙ্গে॥ ৮৪০॥

গোপীৰ মধ্যে শোভে দামোদৰ।

তাৰাৰ মধ্যে যেন শশধৰ॥

গলত অম্লান পঙ্কজমালা।

বেঢ়িয়া গুণ গাৱৈ গোপবালা॥ ৮৪১॥

আপুনি গাৱন্ত গীত মোহন।

ফুৰন্ত ৰঞ্জি দিব্য বৃন্দাবন॥

যমুনা বালি দেখি সুকোমল।

পদ্মগন্ধি বাত আতি শীতল॥ ৮৪২॥

গোপীগণ লৈয়া নামিলা তাত।

কৰিলা ক্ৰীড়া কৃষ্ণে অসংখ্যাত॥

বাহুমেলি কাকো আলিঙ্গি ধৰি।

কাৰো স্তন নখে পৰশৈ হৰি॥ ৮৪৩॥

মুখ চায়া কাৰো তোলন্ত হাস।

মাতন্ত কাকো কৰি পৰিহাস॥

লন্ত বস্ত্ৰ কাঢ়ি বঢ়ায়া ৰঙ্গ।

বেকত কৰন্ত গুপুত অঙ্গ॥ ৮৪৪॥

ধৰিয়া কাৰো কণ্ঠে বাহু মেলি।

কৰিলা অনেক অনঙ্গ কেলি॥

আনন্দে গোপীৰ বঢ়ায়া কাম।

ৰমিলা গোপীনাথ আৱিশ্ৰাম॥ ৮৪৫॥

কৃষ্ণত হন্তে মহামান পায়া।

বুলিলা গৰ্ব্বে সৱে গোপজায়া॥

আমাৰ সম সুভাগিনী নাই।

ভৈলন্ত অধীন যাদৱৰায়॥ ৮৪৬॥

গোপীৰ মহা অহম্মম ভাৱ।

দেখি নসহিলা কৃষ্ণৰ গাৱ॥

তাসম্বাৰ দৰ্প্প হৰিবে মনে।

ভৈলা অন্তৰ্দ্ধান তৈতে তেখনে॥ ৮৪৭॥

কৃষ্ণক নপাই পাছে গোপীচয়।

মিলিল সন্তাপ ভৈলন্ত ভয়॥

যেন যূথপক নেদেখি বনে।

কান্দৈ আৰ্তৰাৱে হন্তিনীগণে॥ ৮৪৮॥

কৃষ্ণৰ সদয় কটাক্ষ হাসে।

মোহন আলাপ গতি বিলাসে॥

হৰিল চিত্ত পাসৰিল মৰ্ম্ম।

কৰিবে লাগিলা কৃষ্ণৰ কৰ্ম্ম॥ ৮৪৯॥

কৃষ্ণৰ ঠানে কৰৈ লীলাগতি।

সদয় হাস্যে চাৱৈ কাকো প্ৰতি॥

মঞিসে কৃষ্ণ দেখ গোপীগণ।

অন্যোঅন্যে গোপী বোলৈ বচন॥ ৮৫০॥

একত্ৰ হুয়া মহাপ্ৰেমভাৱে।

গোৱিন্দ গুণ গাৱৈ আৰ্ত্তৰাৱে॥

বিচাৰি ফুৰৈ সিটো বৃন্দাবনে।

কৃষ্ণ কৃষ্ণ বুলি উন্মত্ত মনে॥ ৮৫১॥

যিটো হৰি আছা জগত ব্যাপি।

বৃক্ষত তাঙ্ক সোধে পাশ চাপি॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

বোলা হৰি হৰি সমস্তজনে॥ ৮৫২॥

॥ পঞ্চম কীৰ্ত্তন॥

ঘোষা॥

কৈত পাইবো প্ৰাণ গোপাল আমি।

হৰাইল অৰুণলোচন স্বামী॥ ৭২॥

পদ॥

উচ বৃক্ষ দেখি সোধৈ সাদৰি।

শুনিয়ো অশ্বত্থ বট পাকড়ি॥

যাহন্তে দেখিলা নন্দকুমাৰ।

নেন্ত চুৰি কৰি চিত্ত আমাৰ॥ ৮৫৩॥

হে কুৰুবক অশোক চম্পা।

কহিয়ো কথা কৰা অনুকম্পা॥

মানিনীৰ দৰ্প কৰিয়া চূড়।

জানাহা কৃষ্ণ যান্ত কত দূৰ॥ ৮৫৪॥

ওবা তুলসী সমিধান দিয়া।

তুমি গোৱিন্দৰ চৰণপ্ৰিয়া॥

যাহন্তে দেখিলা নন্দকুমাৰ।

প্ৰাণতো অধিক প্ৰিয় আহ্মাৰ॥ ৮৫৫॥

হে জাই যূথী সখী মালতী।

কৃষ্ণ পৰশে কি লভিলা গতি॥

সমস্তে গোপীৰ জীৱন ধন।

দেখিলা যাহন্তে নন্দনন্দন॥ ৮৫৬॥

হে আম জাম বেল বকুল।

নাহি উপকাৰী তোহ্মাৰ তুল॥

কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ।

কোৱা কৈক গৈল প্ৰাণ আহ্মাৰ॥ ৮৫৭॥

কিনো তপ ওবা কৰিলা ভূমি।

কৃষ্ণৰ চৰণ পৰশি তুমি॥

মিলি আছৈ আতি আনন্দ ভাৱ।

দেখো ৰোমাঞ্চিত তোহ্মাৰ গাৱ॥ ৮৫৮॥

পূৰ্ব্বতো বৰাহে আছৈ আলিঙ্গি।

তুমি সৰ্ব্বকালে কৃষ্ণৰ সঙ্গী॥

দেখিছা কৃষ্ণক জানো নিশ্চয়।

কহিয়ো আহ্মাত হুয়া সদয়॥ ৮৫৯॥

মৃগপত্নী সখী দেখিলা হৰি।

তোহ্মাৰ নেত্ৰৰ আনন্দকাৰী॥

যান্ত প্ৰিয়া সমে গতি বিলাসে।

হেৰ কুন্দ গন্ধ কুঙ্কুম বাসে॥ ৮৬০॥

কতো গোপী বোলৈ শুনিয়ো বাণী।

লতাত কৃষ্ণৰ পুছা কাহিনী॥

কৃষ্ণৰ নখৰ পৰশ পাই।

দেখো পুলকিত সমস্তে কায়॥ ৮৬১॥

বোলৈ বাক্য সৱে উন্মত্তভাৱে।

কৃষ্ণক বনত বিচাৰি চাৱে॥

কৃষ্ণগুণ গান্তে প্ৰেম উপজৈ।

কৃষ্ণতে মন সমুদায় মজৈ॥ ৮৬২॥

সমস্তে বিহ্বল হুয়া গোপিনী।

কৰৈ কৃষ্ণলীলা কতো আপুনি॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

বোলা হৰি হৰি সমস্ত জনে॥ ৮৬৩॥


॥ ষষ্ঠ কীৰ্ত্তন॥

ঘোষা॥

বন্দো মন্দৰধাৰী।

গতি মতি মোৰ তুমি মুৰাৰি॥ ৭৩॥

পদ॥

পূতনাৰ বেশে কতোজনী দেয় স্তন।

কতো শিশুকৃষ্ণ হুয়া শোষয় জীৱন॥

কতোগোপী থাকৈ হেন শকট আকাৰে।

কৃষ্ণ হুয়া ওভতাৱৈ চৰণ প্ৰহাৰে॥ ৮৬৪॥

কতো গোপী বসৈ শিশুকৃষ্ণৰূপ ধৰি।

তৃণাৱৰ্ত্ত হুয়া কতো গোপী নেয় হৰি॥

কৃষ্ণ হুয়া কেহোজনী ফুৰৈ আণ্ঠুকাঢ়ি।

কঙ্কালত ঘাঘৰ-ঘুঘুৰা কৰৈ শাৰী॥ ৮৬৫॥

কতো কতো হুই ৰাম কৃষ্ণ দুই ভাই।

কতো বৎস হুই তাকে ফুৰন্ত চৰাই॥

কতো গোপী বক যেন চুম্পি থাকৈ ভিৰি।

কৃষ্ণ হুয়া কতোজনী তাঙ্ক মাৰৈ ছিৰি॥ ৮৬৫॥

কতোজনী কৃষ্ণ হুয়া বাৱৈ বাংশী তুলি।

বেঢ়িয়া প্ৰশংসে কতো ধন্য ধন্য বুলি॥

বাংশীৰ নিসানে গাই ডাকৈ নাম ধৰি।

কতো গোপীগণ আসৈ হাম্বাৰাৱ কৰি॥ ৮৬৭॥

কতোজনী বাহু থৈয়া গোপিকাৰ গলে।

কৃষ্ণময় হুয়া কতো আনন্দতে চলে॥

জান গোপীগণ মই কৃষ্ণ যদুপতি।

দেখ দেখ ইটো মোৰ কেন লীলাগতি॥ ৮৬৮॥

নকৰিবা ভয় বুলি কতো গোপী মাতে।

মই কৃষ্ণ আছো কি কৰিবে বৃষ্টি বাতে॥

গাঁৱৰ আঞ্চল তুলি থাকৈ এক কৰে।

ধৰিলো মন্দৰ হেৰ চাপ নিৰন্তৰে॥ ৮৬৯॥

কেহো বোলে কালি দমো মই যদুনাথে।

ভৰি দিয়া উঠে কতো গোপিকাৰ মাথে॥

সত্ত্বৰে অন্তৰ ঐৰ সৰ্প দুৰাচাৰ।

দুষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ॥ ৮৭০॥

কেহোজনী বোলৈ আৱে দেখা গোপীচয়।

বনজুই বেঢ়িলেক মিলিল সংশয়॥

চক্ষু মুদি থাকা সৱে সাধিবো কল্যাণ।

মঞি কৃষ্ণে এতিক্ষণে নিবো নিজস্থান॥ ৮৭১॥

কেহো বোলৈ দেখ দেখ দধিৰ বিলাই।

ভাণ্ড ভঙ্গা কৃষ্ণক ধৰিলো খেদি পাই।

আউৰ যেন নখাস লৱণু চুৰি কৰি।

উডুখলে বান্ধৈ কেহো গোপিকাক ধৰি॥ ৮৭২॥

এহিমতে কৃষ্ণচেষ্টা কৰৈ গোপীগণে।

কৃষ্ণক খোজন্তে ফুৰৈ পশি বৃন্দাবনে॥

দেখিল কৃষ্ণৰ খোজচয় পৃথিৱীত।

ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত॥ ৮৭৩॥

পাছে সৱে গোপিকা পঞ্জাল নেয় গুড়ি।

দেখৈ কৃষ্ণখোজে স্ত্ৰীৰ খোজ আছে পৰি॥ ১২৫

দেখি দুঃখে অধিক আকুল ভৈল মন।

বোলা হৰি হৰি আছে যাৱত চেতন॥ ৮৭৪॥


॥ সপ্তম কীৰ্ত্তন॥

ঘোষা॥

আৰ নেদেখিবো ৰে জীৱেৰ জীৱন বনমালী।

কোথা গৈল গোপাল হৃদয়ে অগ্নি জালি॥ ৭৪॥

পদ॥

দেখ সখী খোজে কোন জনী যায় সঙ্গে।

কৃষ্ণৰ কান্ধত হাত দিয়া লীলা ৰঙ্গে॥

নিশ্চয়ে জানিলো আৰাধিলে দেৱ হৰি।

তাইক লগে নেন্ত আমি সমস্তকে এড়ি॥ ৮৭৫॥

দেখা সখীসৱ ধন্য কৃষ্ণপদধূলি।

ব্ৰহ্মা হৰে শিৰে ধৰৈ শুদ্ধ হঞো বুলি॥

আসা আমি কৰো এহি ধূলা অভিষেক।

দেখিবো পৱিত্ৰ হুয়া কৃষ্ণক প্ৰত্যেক॥ ৮৭৬॥

আউৰ জনী বোলৈ কিবা কহ গোপীগণ।

তাইৰ খোজ দেখিয়া আকুল কৰৈ মন॥

কৃষ্ণৰ অধৰামৃত সৰ্ব্বস্ব সৱাৰে।

চুৰি কৰি নিয়া তাই ভুঞ্জে একেশ্বৰে॥ ৮৭৭॥

আৱে ঐত তাইৰ খোজ নাকলিয়া ভালে।

তৃণে বিন্ধিলেক সুকোমল ভৰিতলে॥

প্ৰাণতো অধিক প্ৰিয়া দুঃখ পাৱৈ বুলি।

কোলাত লইয়া যান্ত আলগাই তুলি॥ ৮৭৮॥

গোপীক বহন্ত কিনো কামাতুৰ হৰি।

দেখা দেখা ঐত পোত গৈয়া আছে ভৰি॥

ঐত নমাই থৈলন্ত প্ৰিয়াক মহাশয়।

দেখা তাইৰ অৰ্থে আনিলন্ত পুষ্পচয়॥ ৮৭৯॥

পাড়িল গেন্ধৱা চড়াই১২৭ ফুল ভৰি ফান্দি।

অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি॥

হেৰা দেখা তাইক ঐত উৰুত বৈসাই।

বান্ধিলন্ত খোপা কামাতুৰ যদুৰায়॥ ৮৮০॥

আঁৰিল খোপাত তাইৰ ফুল চতুৰ্ভিতি।

দেখা আছিলন্ত বসি গোপিকা সহিতি॥

শুক নিগদতি ৰাজা শুনিও শ্ৰৱণে।

পূৰ্ণকাম হৰি ক্ৰীড়িলন্ত যি কাৰণে॥ ৮৮১॥

দেখাইলন্ত দুঃখ কামাতুৰ পুৰুষৰ।

স্ত্ৰীৰো দুৰ্জ্জন ভাৱ শুনা আতপৰ॥

চলি যায় যিটো গোপী কৃষ্ণৰ লগত।

মহাগৰ্ব্বভাৱ তাইৰ বাঢ়িল মনত॥ ৮৮২॥

কৃষ্ণক আশায়ে আইলা যত গোপীজাক।

সৱাকো এড়িয়া কৃষ্ণে ভজিলা আহ্মাক॥

সমস্তে নাৰীত শ্ৰেষ্ঠ আপুনাক মানি।

মহাদৰ্পে কৃষ্ণক বুলিলা হেন বাণী॥ ৮৮৩॥

চলিতে নপাৰো আউৰ মই এক ভৰি।

যৈকে মন নিয়া আৱে যেন লাগে কৰি॥

শুনি হেন হৰিয়ো বুলিলা তাইক হাসি।

যাইবে যেৱে নপাৰা কান্ধত উঠা আসি॥ ৮৮৪॥

শুনি উঠিবাক তাই গৈল কাছিপাৰি।

দেখি অন্তৰ্দ্ধান ভৈলা তথাতে মুৰাৰি॥

কান্দৈ আৰ্ত্তৰাৱে গোপী কৃষ্ণক নেদেখি।

হা নাথ কৈক গৈলা হামাক উপেক্ষি॥ ৮৮৫॥

তোমাৰেসে দাসী মই জানা নাৰায়ণ।

অনাথৰ নাথ মোক দিয়া দৰিশন॥

গোপীগণে গোৱিন্দৰ খোজ নেয় গুড়ি।

সমীপতে দেখৈ স্ত্ৰী কান্দৈ দুঃখে পড়ি॥ ৮৮৬॥

সমস্তে সখীতে তাই কহিল বৃত্তান্ত।

যেন মতে তাইক এড়িলন্ত কৃষ্ণকান্ত॥

শুনিয়া বিস্ময় আতি ভৈলা যত সখী।

নিৱৰ্ত্তিলা সৱে ঘোৰ অন্ধকাৰ দেখি॥ ৮৮৭॥

কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰে আলাপ।

কৃষ্ণগুণ গায়া কৰৈ কৃষ্ণৰে বিলাপ॥

পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰৈ।

কৃষ্ণময় হুয়া কৃষ্ণচেষ্টা মাত্ৰ কৰৈ॥ ৮৮৮॥

কৃষ্ণপদ পঙ্কজে নিবিড় কৰি চিত্ত।

দুনাই যমুনাৰ সৱে নামিলা বালিত॥

কৃষ্ণক প্ৰাৰ্থয় গোপী এক ঠাই হুই।

বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই॥ ৮৮৯॥


॥ অষ্টম কীৰ্ত্তন॥

ঘোষা॥ মোহন দেহু দৰিশন গোপাল প্ৰাণ

পেখো মুখ কমল।

সংসাৰ তাৰণ তোহ্মাৰ চৰণ

নভজি জনম বিফল॥ ৭৫॥

পদ॥ কৃষ্ণত নৈৰাশ হুয়া গোপীচয়

বালিত নামি দুনাই।

কৃষ্ণ দৰশন মনে গীত গাৱৈ

কৃষ্ণৰ গুণ বৰ্ণাই॥

তোহ্মাৰ জনম নিমিত্তে অধিক

গোকুল বাঢ়ৈ সম্পূৰ্ণে।

লক্ষ্মীয়ো সাক্ষাতে ব্ৰজত বঞ্চন্ত

সুখে আছৈ সৰ্ব্বজনে॥ ৮৯০॥

তোহ্মাতেসে প্ৰাণ সুম্পি গোপীচয়

চাই ফুৰো দশোদিশ।

গুচোক নিকাৰ প্ৰাণৰ বল্লভ

দেখা দিয়া জগদীশ॥

শৰত কালৰ বিকাশ পদ্মৰ

উদৰৰ শ্ৰীক নিন্দে।

হেনয় নেত্ৰৰ কটাক্ষে আহ্মাক

মাৰিছা তুমি গোৱিন্দে॥ ৮৯১॥

নিকিনিলা দাসী ভজিলোহো আসি

গীততে হুয়া দগধ।

কটাক্ষে মাৰিলে বধ কি নলাগে

অস্ত্ৰে কাটিলেসে বধ॥

বিষময় জল অঘ পূতনাত

ৰাখিলা বৃষ্টিতো হন্তে।

চক্ৰবাত বন- বহ্নি আনো ভয়ে

তাৰিলা তুমি অনন্তে॥ ৮৯২॥

আৱে কেনে মন- মথৰ হাতত

আহ্মাক মৰাৱা স্বামি।

তোহ্মাৰ চৰণ যেৱে দেখা পাওঁ

পুনৰপি জীওঁ আমি॥

নুহিকা যশোদা নন্দন গোৱিন্দ

নিশ্চয়ে বুলিলো বাক।

তুমি সমস্তৰে বুদ্ধি সাক্ষী সখি

প্ৰাৰ্থিলা ব্ৰহ্মা তোহ্মাক॥ ৮৯৩॥

জগত ৰাখিবে লাগি যদুকুলে

আপুনি ভৈলা উদিত।

শুনা মহাভাগ ভকতক ত্যাগ

কৰিবে নুহি উচিত॥

বিনাশৈ সংসাৰ ভয় ভকতৰ

পূৰৈ মনোৰথ যত।

হেন হস্তপদ্ম আনি প্ৰাণনাথ

দিয়োক আসি শিৰত॥ ৮৯৪॥

হে ব্ৰজধন দুখহাৰী হৰি

আমি কিঙ্কৰীক ভজ।

মোহন হসিত কটাক্ষে সহিত

দেখায়ো মুখ পঙ্কজ॥

সমস্ত প্ৰাণীৰ পাপ হৰে যিটো

আছিলা কালিৰ ফণে।

কামক মৰ্দ্দিয়া হেন পাদপদ্ম

অৰ্পিয়ো আমাৰ তনে॥ ৮৯৫॥

পঙ্কজলোচন নেদেখি তোহ্মাৰ

মৰো হেৰা সৱে দাসী।

মধুৰ বচনে অধৰ অমৃতে

আহ্মাক জীয়ায়ো আসি॥

তযু কথামৃতে দগ্ধকো জীয়াৱৈ

শ্ৰৱণে দেয় মুকুতি।

সকাম কৰ্ম্মীক আত তুছ কৰৈ

জ্ঞানী কৰৈ তাকে তুতি॥ ৮৯৬॥

যিটোজনে সদা হেন কথা কৱৈ

সি সি দান দেয় জীৱ।

ভৈলোহো হেনয় সুহৃদে বঞ্চিত

দেখা দিয়া সদাশিৱ॥

শুনিয়ো কপটী সংঙ্কেত আলাপ

নুগুচৈ আৰ হিয়াৰ।

তোমাৰ সদয় হাস্য দৰশনে

মুহিল মন আহ্মাৰ॥ ৮৯৭॥

তোহ্মাকেসে লাগি সৱ গোপীচয়

স্নেহে বিয়াকুল মতি।

তুমি পুনু প্ৰভু কপট আচৰা

আহ্মাত কোন যুগুতি॥

ব্ৰজ হন্তে ধেনু চাৰিবাক যাহা

আহ্মাৰ মনে আসুখ।

জোনো পাদপদ্মে তৃণ শিলা লাগি

প্ৰাণনাথে পান্ত দুঃখ॥ ৮৯৮॥

তোহ্মাৰ চিন্তায়ে দিন বহি যায়

গধুলি গোপাল আসি।

অলকা আবৃত গো-ৰজে ৰঞ্জিত

দেখাৱা মুখ প্ৰকাশি॥

পুনু পুনু দেখাই বদন পঙ্কজ

মনত অৰ্পা মদন।

তোহ্মাৰ সঙ্গতি নপাই দুঃখে ৰাতি

জাগিয়া চিন্তো চৰণ॥ ৮৯৯॥

আহ্মাৰ হৃদয় জানি কৃপাময়

এড়িয়ো কপট মতি।

দিয়া দৰিশন আহ্মাৰ জীৱন

ৰাখিয়োক যদুপতি॥

কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে

হৰিপাৱে কৰা ৰতি।

শুনা সৰ্ব্বজন এড়া আন মন

ঘুষিয়ো হৰি সম্প্ৰতি॥ ৯০০॥


॥ নৱম কীৰ্ত্তন॥


ঘোষা॥

পদ্মপাণি হামি কাহা যাওঁ কৃষ্ণ কৈত পাওঁ।

গোৱিন্দ বিনে বৃথা জনম গোৱাওঁ॥ ৭৬॥

পদ॥

ভকত কামদ পাদপদ্ম মনোৰম।

সেৱা সময়ত যিটো আতি সুখতম॥

হৰয় বিপদ যাক কৰিলে স্মৰণ।

আহ্মাৰ তনত হেন অৰ্পিয়ো চৰণ॥ ৯০১॥

বিনাশে সমস্তে শোক সুৰতি বঢ়াৱে।

সাৰ্ব্বভৌম ৰাজাৰ সুখকো পাসৰাৱে॥

সুললিত বাংশী আতি চুম্বি আছৈ যাক।

হেনয় অধৰামৃত দিয়োক আহ্মাক॥ ৯০২॥

তোহ্মাৰ সংযোগে মনে মিলৈ মহাসুখ।

ক্ষণেকে নেদেখি পাঞো আতি চিন্তা দুঃখ॥

এতেকে সৱাকে তেজি ভজিলো তোহ্মাক।

এড়িলা কোননো সতে তুমি আমাসাক॥ ৯০৩॥

যেৱে দিৱসত তুমি ফুৰা বৃন্দাৱনে।

তোহ্মাক নেদেখি যুগ যাই অৰ্দ্ধক্ষণে॥

সন্ধ্যাত তোহ্মাৰ মুখ দেখি এড়াঞো ক্লেশ।

কিনো মন্দ ব্ৰহ্মা তাতো স্ৰজিলা নিমেষ॥ ৮০৪॥

তযু গীতে আতি মন মুহিল আহ্মাৰ।

পতি পুত্ৰ ভ্ৰাতৃকো কৰিলো পৰিহাৰ॥

আমাৰ সাধিবা গতি মনে হেন মানি।

তোহ্মাৰ সমীপ পাইলো প্ৰভু চক্ৰপাণি॥ ৯০৫॥

তুমি বিনা আছে আৰ ধূৰ্ত্ত কোনজন।

মাতি আনি নিশাত এড়িলা নাৰীগণ॥

কাহাক দুষিবো ইসি অভাগ্য কপাল।

আমাৰ হৃদয় ৰোগ গুচায়ো গোপাল॥ ৯০৬॥

তোহ্মাৰ সুমৰি সিটো ৰহস্য আলাপ।

কৰে কামানলে আতি হৃদয়ত তাপ॥

লক্ষ্মীৰ নিৱাস সিটো দেখি উৰঃস্থল।

দুনাই দুনাই হোৱে মন আমাৰ বিহ্বল॥ ৯০৭॥

ব্ৰজৰ জনৰ দুঃখ হৰিবাক প্ৰতি।

ভৈলা অৱতাৰ হৰি তোহ্মাৰ সম্প্ৰতি॥

হেনজানি ক্ষণেকো নেড়িবা যদুৰায়।

তোমাক নেদেখি হেৰা প্ৰভু প্ৰাণ যায়॥ ৯০৮॥

হে প্ৰভু তযু পাদপদ্ম সুকুমাৰ।

লাসে লাসে ধৰো যাক তনত আহ্মাৰ॥

সিটো পাৱে বিজুবনে ফুৰা কেন কৰি।

শিলা খোলা লাগি জোনো পীড়া কৰে ভৰি॥ ৯০৯॥

ইহাকেসে সুমৰন্তে প্ৰভু প্ৰাণ যায়।

তুমিসি আমাৰ জীৱ প্ৰাণ সমুদায়॥

এতেক বোলন্তে উপজিল প্ৰেমভাৱ।

কান্দে কৃষ্ণ বুলিয়া পাৰয় দীৰ্ঘৰাৱ॥ ৯১০॥

গাৱৈ গীত কতো নয়নৰ বহে নীৰ।

হা কৃষ্ণ কৃষ্ণ ৰড়ি চিত্ত নোহে থিৰ॥

কৃষ্ণক নেদেখি গোপী সমস্তে বিহ্বল।

বোলা হৰি হৰি পাপ যাওক ৰসাতল॥ ৯১১॥


॥ দশম কীৰ্ত্তন॥

ঘোষা॥

হেৰ’ পাইলো পাইলো ৰে প্ৰাণধন মুকুন্দ

মুৰাৰি।

দিয়া দেখা দামোদৰ জীৱন হামাৰি॥ ৭৭॥

পদ॥

গোপিকাৰ দেখি প্ৰেমভাৱ বিপৰীত।

ভৈলন্ত গোপাল আতি আকুলিত চিত্ত॥

আনন্দ বঢ়ায়া গোপীগণৰ মধ্যত।

পৰম মধুৰ মূৰ্ত্তি ভৈলন্ত বেকত॥ ৯১২॥

হাসো হাসো কৰৈ আতি বদন কমল।

শ্যামতনু পীত বস্ত্ৰে দেখিতে উজ্জল॥

চিকিমিকি কৰৈ অলঙ্কাৰৰ দীপিতি।

গলত পদ্মৰ মালা দেখন্তে তৃপিতি॥ ৯১৩॥

দেখি ৰূপ মদনৰো মোহন সাক্ষাত।

উঠিল আনন্দে সৱে গোপী অসংখ্যাত॥

গুচিল বিৰহ দুঃখ দ্ৰৱ ভৈল চিত্ত।

প্ৰাণকো দেখিয়া যেন তনু উল্লসিত॥ ৯১৪॥

কতো গোপীগণ গৈয়া কৃতাঞ্জলি কৰি।

থাকিল কৃষ্ণৰ হস্তপঙ্কজত ধৰি॥

কতো আথেবেথে গৈয়া ধৰৈ বাহু কান্ধে।

কতো গোপী গৈয়া মোহ হুয়া গলে বান্ধে॥ ৯১৫॥

আগ হুয়া কেহো চোবা লৱৈ হাত পাতি।

চক্ষু পকাই চাৱৈ কতো কৰি মুখ কাতি॥

মদনে মৰ্দ্দয় কতো গোপিকাৰ মন।

স্তনত অৰ্পয় নিয়া কৃষ্ণৰ চৰণ॥ ৯১৬॥

এক দৃষ্টি কৰি কতো কতো গোপীগণে।

মুখ পঙ্কজক পিৱৈ তৱধ নয়নে॥

নাহিকে তৃপিতি যদি পিয়ন্ত সততে।

কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে॥ ৯১৭॥

নেত্ৰে চাই কেহোজনী নেয় হৃদয়ক।

কৃষ্ণক আলিঙ্গি ভৈল সৰ্ব্বাঙ্গে পুলক॥

বহৱৈ আনন্দে নয়নৰ নীৰ ঝৰি।

মহাযোগী জনে যেন থাকৈ ধ্যান কৰি॥ ৯১৮॥

এহি মতে কৃষ্ণক চাহন্তে গোপীগণ।

মিলি গৈল উৎসৱ শীতল তনু মন॥

এড়াইল বিৰহ তাপ আনন্দে ভৰিল।

ভকতক পায় যেন সংসাৰী তৰিল॥ ৯১৯॥

শোক এড়ি গোপীগণে বেঢ়িলে চৌভিতি।

মধ্যত কৰন্ত কৃষ্ণে অধিকে দীপিতি॥

পাছে সৱে গোপিকাক লৈয়া বনমালী।

আনন্দে নামিলা গৈয়া যমুনাৰ বালি॥ ৯২০॥

পুষ্পিত মন্দাৰ কুন্দ গন্ধে হুয়া ভোল।

মধুমত্ত অনেক ভ্ৰমৰে কৰৈ ৰোল॥

শৰত চন্দ্ৰৰ কান্তি আতি সুকোমল।

দেখি মহা সন্তোষিত গোপিকাসকল॥ ৯২১॥

তথাতে বসিয়া মাধৱক মধ্য কৰি।

ভৈল পূৰ্ণকাম সৱে সন্তাপ নিস্তৰি॥

প্ৰাণবন্ধু মাধৱক কৰিয়া সন্মান।

আঞ্চল পাতিয়া দিলা বসিবাৰ স্থান॥ ৯২২॥

বসিলন্ত তাতে অন্তৰ্য্যামী দেৱ হৰি।

ত্ৰিভুৱন মোহন মধুৰ ৰূপ ধৰি॥

কৰিলা শুশ্ৰূষা গোপীগণে মান্য কৰি।

কতো লৈয়া কোলাত কৃষ্ণৰ জান্তৈ ভৰি॥ ৯২৩॥

কান্ধত বাহুক থৈয়া কতোজনী ঘসে।

কতো লীলা কটাক্ষে চাহৱে প্ৰেমৰসে॥

কতোহো প্ৰণয় কোপে দেয় সমিধান।

বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ॥ ৯২৪॥


॥ একাদশ কীৰ্ত্তন॥

ঘোষা॥

শাৰঙ্গপাণি প্ৰভু ভগৱন্ত।

নজানো তোহ্মাৰ মায়াৰ অন্ত॥ ৭৮॥

পদ॥

পাছে গোপীগণে আতি সাদৰি।

কৃষ্ণৰ ৰঙ্গে জান্তৈ হাত ভৰি॥

ছলে পৰিহাস কৰিয়া তথা।

প্ৰণয় কোপে সোধৈ সৱে কথা॥ ৯২৫॥

কতো মনুষ্যে ভজৈ ভজন্তাক।

নভজৈ যিবা কেহো ভজৈ তাক॥

ভজন্তা নভজন্তা দুইকো আসি।

নভজয় কোনে কৈয়ো প্ৰকাশি॥ ৯২৬॥

গোপীৰ শুনি গূঢ় অভিপ্ৰায়।

দিলন্ত উত্তৰ যাদৱৰায়॥

শুনা সখীসৱ আহ্মাৰ বাক।

যিজনে মাত্ৰ ভজৈ ভজন্তাক॥ ৯২৭॥

সুহৃদ নুহি নাহি তাৰ ধৰ্ম্ম।

আপুন অৰ্থে মাত্ৰ কৰৈ কৰ্ম্ম॥

যিজনে ভজৈ নচাই উপকাৰ।

সুহৃদ সেহি ধৰ্ম্ম সিজৈ তাৰ॥ ৯২৮॥

ভজৈ নভজৈ দুইটো নেদৈ মন।

আছৈ চাৰি বিধ শুনা লক্ষণ॥

যিটো ব্ৰহ্মজ্ঞানী দেখৈ সৱে মিছা।

যিজন পূৰ্ণ ভোগে নাহি ইছা॥ ৯২৯॥

গুৰুদ্ৰোহী যিটো একো নমানৈ।

যিটো মহামূৰ্খ কিছু নজানৈ॥

নভজৈ দুইকো এহি চাৰিজন।

কহিলো নিষ্ঠে মই গোপীগণ॥ ৯৩০॥

কৃষ্ণৰ বাক্য শুনি সৱে সখী।

কৰৈ হাস্য অন্যোঅন্যে নিৰেখি॥

বোলন্ত দুনাই কৃষ্ণে বুজি কাজ।

সখীসৱ আমি চাৰিতো বাজ॥ ৯৩১॥

ভকতেসে মোৰ সুহৃদ প্ৰাণ।

যিহেতু নভজো শুনা নিদান॥

সদায় চিন্তোক মোক নপাই।

বিহ্বল যেন ধন হৰুৱাই॥ ৯৩২॥

তোমৰা সৱে মোৰ অৰ্থে আতি।

এড়িলা বেদ ধৰ্ম্ম যত জ্ঞাতি॥

বাঢ়োক তোহ্মাৰ প্ৰেম ভকতি।

ভৈলো অন্দৰ্দ্ধান এহি যুগুতি॥ ৯৩৩॥

নকৰা অসূয়া স্বৰূপ জানি।

আছোক ইটো শুনা সত্যবাণী॥

দুস্ত্যজ গৃহৰো এড়িয়া পাশ।

ভজিলা মোক কৰি অভিলাষ॥ ৯৩৪॥

ভৈলোহো বশ্য মই তোমাসাৰ।

চিৰকালে শুজা নযায় ধাৰ॥

যেৱে সৱে এড়া আপুন দায়।

তেৱেসে মোৰ ঋণ শুজা যায়॥ ৯৩৫॥

অমৃত বৰিষে কৃষ্ণৰ বাক।

জুৰাইল শুনি সৱে গোপীজাক॥

এৰাইল সমস্তে বিৰহ তাপ।

বোলা হৰি হৰি হৰোক পাপ॥ ৯৩৬॥


॥ দ্বাদশ কীৰ্ত্তন॥

ঘোষা॥

ৰাম কৰে ৰাসকেলি গোপাল গোপীসঙ্গে।

হৰি বোল হৰি বোল নিৰন্তৰে ৰঙ্গে॥ ৭৯॥

পদ॥

শুক নিগদতি পাছে গোৱিন্দ তহিতে।

আৰম্ভিলা ৰাসক্ৰীড়া গোপিকা সহিতে॥

দুহোঁ গোপী মাজে এক ভৈলন্ত মাধৱ।

প্ৰৱৰ্ত্তিলা তথা ৰাসক্ৰীড়া মহোৎসৱ॥ ৯৩৭॥

ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি।

সৱে বোলে মোকেসে আলিঙ্গি আছে হৰি॥

আসিলা সভাৰ্য্যে যত দেৱগণ মানে।

জুৰিয়া আকাশ আতি অসংখ্য বিমানে॥ ৯৩৮॥

মাধৱৰ ৰাসক্ৰীড়া চাৱৈ এক দৃষ্টি।

বাৱৈ দেৱে দুন্দুভি কৰিয়া পুষ্পবৃষ্টি॥

প্ৰধান গন্ধৰ্ব্ব অপেস্বৰায়ে সহিত।

মহাৰঙ্গে গাৱৈ গোৱিন্দৰ গুণ গীত॥ ৯৩৯॥

কৃষ্ণ সমে নাচৈ সৱে সন্তোষে গোপিনী।

বলয়া নূপুৰ বাঝৈ ঝণকে কিঙ্কিণী॥

প্ৰকাশ কৰয় কৃষ্ণ গোপীৰ মধ্যত।

সুৱৰ্ণ মণিৰ মাজে যেন মৰকত॥ ৯৪০॥

কৃষ্ণ সমে ৰঙ্গে আতি নাচৈ গোপীজাক।

নানা ভঙ্গি চৰণ চলায়া ফুৰৈ পাক॥

হস্তকো নচাৱৈ তুলি কৰি লয়লাস।

ভ্ৰূৱযুগ ক্ষেপিয়া কটাক্ষে কৰৈ হাস॥ ৯৪১॥

ঝলমল কুণ্ডল গলত আসি পৰৈ।

হালৈ কৃশ কঙ্কাল তনৰো বস্ত্ৰ লৰৈ॥

শিথিল মেখলা খোপা মুখে ঘৰ্ম্মজল।

গাৱৈ কৃষ্ণগুণ গীত গোপিকাসকল॥ ৯৪২॥

কৃষ্ণৰ অসংখ্য মূৰ্ত্তি জলৈ মেঘনয়।

প্ৰকাশে বিজুলী যেন তাত গোপীচয়॥

ঘৰ্ম্মজলে কণিকা গৰ্জ্জনে ভৈল গীত।

আকাশৰ পৰা দেৱে দেখৈ বিপৰীত॥ ৯৪৩॥

কৃষ্ণ আলিঙ্গন পাই অশেষ হৰিষ।

কৃষ্ণগুণ গীতে পূৰিলেক দশোদিশ॥

এহিমতে নৃত্যগীতে কৃষ্ণক তুষিলা।

সাধু সাধু বুলিয়া মাধৱে প্ৰশংসিলা॥ ৯৪৪॥

তাসম্বাক বহুমান দিলন্ত মাধৱ।

আনন্দে আকুল মিলৈ মহা মহোৎসৱ॥

গোপীৰ বৃত্তান্ত কথা শুনা আতপৰে।

বোলা হৰি হৰি সামাজিকে নিৰন্তৰে॥ ৯৪৫॥


॥ ত্ৰয়োদশ কীৰ্ত্তন॥

ঘোষা॥

পদ্মপাণি গোপীৰঞ্জন দুঃখ ভঞ্জন দেৱ।

তোহ্মাৰ চৰণ বিনে গতি নাহি কেৱ॥ ৮০॥

পদ॥

কতো গোপী ভৈল আতি ভাগৰে আকুল।

সোলকয় বলয়া খোপাৰ খসৈ ফুল॥

কৃষ্ণতে আউজি জিৰাৱয় কৰি কেলি।

আতি প্ৰীতি কন্ধত ধৰিয়া বাহু মেলি॥ ৯৪৬॥

উৎপল সুগন্ধি কৃষ্ণবাহু স্কন্ধে লই।

ঘনে ঘনে আনি গোপৰমণী সুঙ্গয়॥

ৰোমাঞ্চিত তনু আনন্দিত আতি মন।

ভোল হুয়া দেয় কৃষ্ণ বাহুত চুম্বন॥ ৯৪৭॥

নাচন্তে চলন্তে লড়ৈ মকৰ কুণ্ডল।

তাৰে ৰশ্মি শোভিত কৃষ্ণৰ গণ্ডস্থল॥

তাতে লগাই কতো গোপী পাতৈ মুখ আনি।

নৃত্যৰ ভঙ্গীত চোবা দেন্ত চক্ৰপাণি॥ ৯৪৮॥

নাচন্তে শব্দ কৰে নূপুৰ মেখলা।

মহাশ্ৰান্ত হুয়া কতো কতো গোপবালা॥

কৃষ্ণ হস্তপঙ্কজ পৰম সুখকৰ।

তাক ধৰি থৱে নিয়া স্তনৰ ওপৰ॥ ৯৪৯॥

লক্ষ্মীৰ ৰমণ যিটো ঈশ্বৰ মুৰাৰি।

তাহাঙ্ক বল্লভ পাইলে যত গোপনাৰী।

কৃষ্ণে ধৰি আছে কণ্ঠে দুয়ো বাহু মেলি।

পৰম উৎসৱে আতি কৰে ৰাসকেলি॥ ৯৫০॥

অলকা পঙ্কতি চাৰু কৰ্ণ উতপলে।

শোভৈ সৱে বদন পঙ্কজ ঘৰ্ম্ম জলে॥

কৃষ্ণে সমে নাচৈ আতি উৎসৱে গোপিনী।

বাজয় বলয়া বাদ্য নূপুৰ কিঙ্কিণী॥ ৯৫১॥

গোপীৰ নৃত্যত ভৈল ভৰি কৰতাল।

বেঢ়িয়া গুঞ্জৰৈ যেন ভ্ৰমৰে গীতাল॥

শিৰকো কম্পাৱৈ খসে খোপাও আউল।

তুষ্ট হুয়া কেশে বৰিষয় যেন ফুল॥ ৯৫২॥

এহিমতে গোৱিন্দে নৃত্যৰ দেন্ত ভঙ্গি।

কতো গোপিকাক গৈয়া ধৰন্ত আলিঙ্গি॥

কতো গোপিকাৰ কৰে পৰশন্ত স্তন।

কটাক্ষে নিৰীক্ষি কাকো কৰন্ত চুম্বন॥ ৯৫৩॥

আপোন লাৱণ্য কলা কৌশল সুগন্ধি।

সমস্তে গোপীত অৰ্পি ক্ৰীড়িলা প্ৰৱন্ধি।

নপাৰিলে গোপীগণে মোহিবে কৃষ্ণক।

ছায়ায়ে সহিতে যেন ওমলে বালক॥ ৯৫৪॥

কৃষ্ণৰ ক্ৰীড়াত বিমোহিত গোপবালা।

খসে অলঙ্কাৰ কাৰো ছিণ্ডি পৰৈ মালা॥

সোলকয় খোপা নবান্ধয় তাকো তুলি।

নসম্বৰে বস্ত্ৰ কতো কুচৰো কাঞ্চলি॥ ৯৫৫॥

দেৱনাৰীগণে দেখি কেশৱৰ কেলি।

মোহ হুৱা পৰে বিমানতে ঢলি ঢলি॥

ক্ৰীড়া দেখি চন্দ্ৰো কামে বিমোহিত আতি।

তম্ভাইলন্ত ৰথ নুপুহায় সিটো ৰাতি॥ ৯৫৬॥

যত গোপী তত কৃষ্ণ হুয়া কৰৈ ক্ৰীড়া।

সমস্তে গুচাইলা গোপিকাৰ কাম পীড়া॥

পূৰ্ণকাম হৰি ভৈলা ভকতৰ বশ্য।

হৰি হৰি বুলি তৰা কহিলো ৰহস্য॥ ৯৫৭॥


॥ চতুৰ্দ্দশ কীৰ্ত্তন॥

ঘোষা॥

যাদৱ জগজীৱন ৰাম।

আপুনি গোপীৰ পূৰিলা কাম॥ ৮১॥

পদ॥

ৰতিশ্ৰান্ত ভৈল যত গোপিনী।

দেখি হস্তপদ্মে হৰি আপুনি॥

কৃপায়ে সৱাৰো মাৰ্জিলা মুখ।

মিলিল মনে মহোৎসৱ সুখ॥ ৯৫৮॥

কৃষ্ণকো বেড়ি আসৈ সৱে সখী।

অমৃত সমান হাস্যে নিৰেখি॥

কৰি পূজা ৰঙ্গে ৰঞ্জিয়া চিত্ত।

গাইলন্ত গোৱিন্দৰ গুণ গীত॥ ৯৫৯॥

তাসম্বাৰ শ্ৰম গুচাইবে প্ৰতি।

সঙ্গে লৈয়া সৱ ব্ৰজযুৱতী॥

যমুনা জলত নামিলা হৰি।

চৌভিতি ভ্ৰমৰে সেৱৈ গুঞ্জৰি॥ ৯৬০॥

শ্ৰান্ত হুয়া যেন মাতঙ্গ ৰাজে।

হস্তিনী সমে ক্ৰীড়ে জলমাজে॥

গোপালো লোক মৰ্য্যাদাক এড়ি।

কৰন্ত গোপী সমে জলখেড়ি॥ ৯৬১॥

কৃষ্ণক আৱৰি গোপীসকল।

হাসিয়া সিঞ্চৈ যমুনাৰ জল॥

বদনপদ্ম চায়া প্ৰেমদৃষ্টি।

কৰিলা দেৱে দেখি পুষ্প বৃষ্টি॥ ৯৬২॥

জলত গোপীক কৃষ্ণে ক্ৰীড়িলা।

ভ্ৰমন্ত যেন গজেন্দ্ৰৰ লীলা॥

গোপীগণ লৈয়া উঠিয়া পাছে।

ভ্ৰমন্ত বনে যমুনাৰ কাছে॥ ৯৬৩॥

জলে স্থলে পুষ্প সুৰভি বাসে।

চৌপাশে গোপী চলৈ লয়লাসে॥

ভ্ৰমৰে যোগান ধৰৈ গুঞ্জৰি।

কৰিলা ৰাসক্ৰীড়া দেৱ হৰি॥ ৯৬৪॥

এহিমতে যত শৰত ৰাতি।

শশাঙ্কে ধৱল শীতল আতি॥

সৱাতো ক্ৰীড়িলা গোপী সহিত।

বিস্ময় হুয়া পুছে পৰীক্ষিত॥ ৯৬৫॥

ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি।

ইকাৰ্য্যে ভৈলা অৱতাৰ আসি॥

ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি।

ক্ৰীড়িলা কেনে পৰ গোপনাৰী॥ ৯৬৬॥

হোৱন্ত হৰি যদি পূৰ্ণকাম।

কৰিলা কেনে গৰিহিত কাম॥

ছেদিয়ো সংশয় কৈয়া বৃত্তান্ত।

দিলন্ত শুনিয়া শুকে সিদ্ধান্ত॥ ৯৬৭॥

শুনিয়ো সৰ্ব্বজনে ৰাস ক্ৰীড়া।

বঞ্চিবা যেৱে সংসাৰৰ পীড়া॥

কৃষ্ণৰ কিঙ্কৰে কহে সম্প্ৰতি।

বোলা হৰি হৰি একান্ত মতি॥ ৯৬৮॥

॥ পঞ্চদশ কীৰ্ত্তন॥

ঘোষা॥

ৰাম ৰাম বুলি তৰা।

ভাই অন্তকে পাইলেক পৰা॥ ৮২॥

পদ॥

পৰম ঈশ্বৰে কৰৈ অকৰ্ম্ম।

তেজস্বীত কিছু নাহি অধৰ্ম্ম॥

সৰ্ব্বভক্ষ বহ্নি সৱাকো শোষে।

তথাপিতো কিছু নোচোৱৈ দোষে॥ ৯৬৯॥

ঈশ্বৰ নুহি যিটো মূঢ়মতি।

ই কৰ্ম্ম কৰি যাইৱে অধোগতি॥

হৰক দেখি বিষ খায় আনে।

সিজন জানা মৰি মায় প্ৰাণে॥ ৯৭০॥

দেহত যাৰ নাহি অহঙ্কাৰ।

তাৰেসে কৰ্ম্মত গুচৈ বিকাৰ॥

জগতৰে হৰি পৰম ঈশ।

ই কৰ্ম্মে তাঙ্ক কৰিবেক কিস॥ ৯৭১॥

যাৰ পাদপদ্ম চিন্তি সাম্প্ৰতে।

ছিণ্ডে কৰ্ম্মবন্ধ হেলে ভকতে॥

ধৰিছা লীলা তনু হেন হৰি।

শুনা কথা তাত সংশয় এড়ি॥ ৯৭২॥

জগত অন্তৰ্য্যামী নাৰায়ণ।

তান কোন পৰদাৰগমন॥

যাহাৰ স্মৰণে পাতক মোষে।

তাঙ্ক কি কৰিবে ইসৱ দোষে। ৯৭৩॥

শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।

আকে শুনি হৌক নিৰ্ম্মল মতি॥

ভকতৰ পদে আপুনি হৰি।

ক্ৰীড়িলা ৰঙ্গে নৰদেহা ধৰি॥ ৯৭৪॥

মোহিলা গোপক কৃষ্ণৰ মায়া।

কাষতে আছৈ দেখে নিজ জায়া॥

নকৰৈ কৃষ্ণক অসূয়া কেৱ।

জগত ঈশ হেন কৃষ্ণ দেৱ॥ ৯৭৫॥

যেৱে হৈবে খোজে প্ৰভাত ৰাতি।

বোলন্ত যায়োক গোপীক মাতি॥

কৃষ্ণক এড়িবে নাহিকৈ মন।

আসুখে গৃহক কৰৈ গমন॥ ৯৭৬॥

ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ।

একান্ত চিত্তে শুনৈ যিটো নৰ॥

কৃষ্ণত ভকতি বাঢ়িবে তাৰ।

কামসাগৰে সুখে হৈব পাৰ॥ ৯৭৭॥

ইটো কাম জয় কৃষ্ণৰ কথা।

শুনা নৰদেহা নকৰা বৃথা॥

কৃষ্ণৰ কিঙ্কৰে কহে প্ৰলাপ।

বোলা হৰি হৰি হৰোক পাপ॥ ৯৭৮॥


॥ ষোড়শ কীৰ্ত্তন॥

ঘোষা॥

এ যাদৱ যাদৱ দীনদয়াল। ১৩৪

তুমিসি আহ্মাৰ গতি মুকুতি গোপাল॥ ৮৩॥

পদ॥

এহিমতে ক্ৰীড়াতে ৰজনী যায় ক্ষয়।

দিন ভৈলে বিৰহে আকুল গোপীচয়॥

কৃষ্ণ যান্ত বনে তাঙ্ক নেদেখি আসুখে।

কৃষ্ণ গুণ গায়া দিন বঞ্চৈ মহাদুঃখে॥ ৯৭৯॥

নিস্তাৰ কাৰক নাহি হৰিনাম বিনা।

কতো গোপী বোলৈ সখী কৃষ্ণ কথা শুনা॥

বাম বাহুত বাম কপোল থাপিয়া।

মধুৰ বেণুক আনি অধৰে অৰ্পিয়া। ৯৮০॥

ৰন্ধমধ্যে কোমল আঙ্গুলিচয় চালি।

যেতিক্ষণে বাংশীডাক দেন্ত বনমালী।

তাক শুনি দেৱনাৰী সমস্তে মূৰ্ছিত।

কামবাণে চিত্ত আতি হুয়া জৰ্জ্জৰিত॥ ৯৮১॥

বস্ত্ৰ নসম্বৰে মহামোহ হুয়া পৰে।

স্বামীৰ কাষতে পাছে লজ্জা হোৱৈ বৰে॥

হেন হৰি বিৰহ সহিবো কেন মতে।

আউৰ গোপী বোলৈ সৱে সখীৰ আগতে॥ ৯৮২॥

যাৰ উৰঃস্থলে ছটা দেখিয়া লক্ষ্মীৰ।

শ্যামল মেঘত যেন বিজুলী সুস্থিৰ॥

হেন হৰি যেখনে বাংশীক নাদ কৰৈ।

গৰু মৃগগণৰো তেখনে চিত্ত হৰৈ॥ ৯৮৩॥

দান্তে তৃণ ধৰি কৰ্ণ ওপৰক তুলি।

চক্ষু মুদি থাকৈ যেন চিত্ৰৰ পুতলী॥

আমি কেনে জীৱো হেন কৃষ্ণক নেদেখি।

আউৰ গোপী বোলৈ শুন শুন সৱে সখী॥ ৯৮৪।

মাথাত ময়ূৰপুছ পল্লৱ কৰ্ণত।

মল্লৱেশে হৰি গেৰু ঘষিয়া গাৱত॥

নাম ধৰি ধেনুক ডাকন্ত বাংশীৰাৱে।

নদীসৱো শুনি স্তম্ভি থাকৈ মৌনভাৱে॥ ৯৮৫॥

আমি যেন নপায়া কৃষ্ণৰ পদৰেণু।

কম্পাৱৈ তৰঙ্গ হস্ত প্ৰেমে পুনু পুনু॥

কতো গোপী বোলৈ সখীসৱ শুন শুন।

গোপগণে যেখনে বৰ্ণাৱৈ কৃষ্ণগুণ॥ ৯৮৬॥

বাংশীৰ নিস্বানে হৰি ডাকি আনা ধেনু।

শুনি তৰুলতা প্ৰেমে পুলকিত তনু॥

ফল ফুল ভৰে নম্ৰ হুয়া মধু স্ৰৱৈ।

ভৈলা আত্মা সাক্ষাতে বৃক্ষৰ ভাৱে কৱৈ॥ ৯৮৭॥

কিমতে বৰ্ত্তিবো হেন কৃষ্ণক নেদেখি।

আউৰ গোপী বোলৈ মোৰ কথা শুনা সখী॥

দিব্য গন্ধ তুলসীৰ কৰি মধুপান।

ভ্ৰমৰে গুঞ্জৰি ধৰৈ কৃষ্ণক যোগান॥ ৯৮৮॥

সুন্দৰ অধৰে যেৱে কৰে বাংশীধ্বনি।

মোহ হুয়া কমল বনৰো পক্ষী শুনি॥

হৰিক উপাসৈ আসি স্থিৰ কৰি চিত্ত।

চক্ষু মুদি আনন্দতে মৌনে শুনে গীত॥ ৯৮৯॥

পক্ষীয়ো মোহক যায় যাৰ বাংশী শুনি।

কিমতে ধৰিবো প্ৰাণ হেন হৰি বিনি॥

কেহো গোপী বোলৈ সখী শুনিয়ো কাহিনী।

ৰামে সমে পৰ্ব্বতত চড়ি চক্ৰপাণি॥ ৯৯০॥

সৱাকো হৰিষ কৰাই পূৰি বাংশীনাদ।

মিত্ৰ বুলি কৰৈ মেঘে মধুৰ সম্বাদ॥

ছত্ৰ ধৰি উপৰে বৰিষে দিব্য ফুল।

হেন হৰি বিয়োগে কি নুহিবো আকুল॥ ৯৯১॥

কতো গোপী যশোদাত কহৱৈ অদ্ভূত।

বেণুবাদ্যে কুশল তোহ্মাৰ প্ৰিয় সুত॥

যেখনে বাংশীক চুম্বি তোলৈ স্বৰ জাতি।

ব্ৰহ্মা ৰুদ্ৰ আদি দেৱো মোহ হোৱৈ আতি॥ ৯৯২॥

শুনি থাকৈ একচিত্তে নমায়া কন্ধৰ।

নিশ্চয় কৰিবে নোৱাৰন্ত তাল স্বৰ॥

হেন হৰি বিয়োগে কিমতে ধৰো প্ৰাণ।

বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ॥ ৯৯৩॥


॥ সপ্তদশ কীৰ্ত্তন॥

ঘোষা॥

ত্ৰাহি হৰি কি এ কৃষ্ণ

গোপাল কৃপাল পাৱে ধৰো।

কৰা হৰি কৰুণা ইবাৰ যেন তৰো॥ ৮৪॥

পদ॥

কেহো বোলৈ সখী মোৰ বাক্যে কৰা মতি।

ব্ৰজত ফুৰন্তে হৰি লীলা গজগতি॥

ধ্বজ বজ্ৰ পঙ্কজ খোজতে বান্ধি যায়।

কৰন্ত ভঙ্গিক যেৱে আমাসক চাই॥ ৯৯৪॥

কৃষ্ণৰ কটাক্ষ কামে মনক মৰ্দ্দয়।

থাকো থিয় হুয়া আমি যেন বৃক্ষচয়॥

খসে খোপা সম্বৰিবে বস্ত্ৰকো নোৱাৰি।

শুনা সখী বুলি মাতৈ আউৰ গোপনাৰী॥ ৯৯৫॥

এক প্ৰিয় গোপৰ কান্ধত হস্ত থই।

গৰুক গণন্ত কদাচিত মণি লই॥

পিন্ধিয়া লগত গন্ধ তুলসী মালাক।

যেৱে সেহি বেলাত বাংশীৰ দেন্ত ডাক॥ ৯৯৬॥

শুনি কৃষ্ণসাৰ হৰিণৰ ভাৰ্য্যাগণে।

কৃষ্ণৰ সমীপ চাপৈ উত্ৰাৱল মনে॥

গুণ সমুদ্ৰক পায়া নযায় পুনৰপি।

এড়িলো গৃহৰ আশা যেন আমি গোপী॥ ৯৯৭॥

হেন হৰি বিৰহে কিমতে প্ৰাণ ৰৱৈ।

যশোদাক চাই কতো গোপী কথা কৱৈ॥

কুন্দ পুষ্পে ভূষি তনু মলয় চন্দনে।

গোধনে আবৃত হুয়া তোহ্মাৰ নন্দনে॥ ৯৯৮॥

হৰিষ বঢ়ায়া যেৱে ক্ৰীড়ৈ যমুনাত।

গাৱৈ গীত গন্ধৰ্ব্বে মলয়া বহে বাত॥

পুষ্পচয় সিঞ্চৈ শিৰে কৰিয়া সন্মান।

হেন হৰি বিৰহে কিমতে ধৰো প্ৰাণ॥ ৯৯৯॥

আনন্দে কহয় কৃষ্ণ আসিবাক দেখি।

আমাৰ সুহৃদ হৰি হেৰা আসে সখী॥

গোধুলি গোধন সৱে কৰি এক ঠাই।

আইল প্ৰাণ গোৱিন্দ বাংশীত গীত গাই॥ ১০০০॥

পথত প্ৰণামৈ ব্ৰহ্মা আদি দেৱজাক।

আহ্মাক হিংসায়ে নেদে শীঘ্ৰে আসিৱাক॥

জুৰুৱাইবে লাগি পাছে আমাৰ হৃদয়।

দৈৱকী নন্দন চন্দ্ৰ ভৈলন্ত উদয়॥ ১০০১॥

কতো আথেবেথে বোলৈ গোপিকা বচন।

দেখ গোৱিন্দৰ মদে চঞ্চল লোচন॥

কুণ্ডলৰ কান্তি জ্বলৈ বদন পাণ্ডুৰ।

যেন সন্ধ্যা সময়ে উদিত শশধৰ॥ ১০০২॥

আহ্মাৰ দিনৰ তাপ হৰিবাক প্ৰতি।

আইলা বনমালী গজৰাজ লীলাগতি॥

এহিমতে ব্ৰজৰ যুৱতী প্ৰতি নিত।

একান্তে অৰ্পিল গোপালতে প্ৰাণ চিত্ত॥ ১০০৩॥

দিনসৱ বঞ্চৈ গোৱিন্দৰ গুণ গাই।

তাসম্বাৰ সম ভাগ্যৱতী আৰ নাই॥

পাইলে মহোদয় কৰ্ম্মবন্ধ ছেদ ভৈল।

মহামুনি গুৰু শুকে নৃপতিত কৈল॥ ১০০৪॥

ইটো ৰাসক্ৰীড়া কেলি নামে কামজয়।

কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়॥

আক শুনৈ ভণৈ যিটো জনে অৱিশ্ৰাম।

বাঢ়িবে ভকতি আতি জিনিবেক কাম॥ ১০০৫॥

কৃষ্ণৰ কিঙ্কৰে কহে শুনা নিৰন্তৰ।

কলিযুগে ভাগ্যে ভাৰতত ভৈলা নৰ॥

হৰি ভকতিত যেৱে কৰা দৃঢ়মতি।

ইজন্মত নিশ্চয়ে পৰম পাইবা গতি॥ ১০০৬॥

ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত।

চাৰিও বেদৰ জানা এহি সাৰতত্ত্ব॥

ৰাম নাম অমৃত সততে কৰা পান।

বোলা হৰি হৰি কেতিক্ষণে পৰে প্ৰাণ॥ ১০০৭॥


॥ অষ্টাদশ কীৰ্ত্তন॥

ঘোষা॥

যাদৱ জগমোহন ৰাম।

ভকত বৎসল তোহ্মাৰ নাম॥ ৮৫॥

পদ॥

শৰত কালে চন্দ্ৰাৱলী ৰাতি।

দিব্য ৰাসক্ৰীড়া কৰিলা আতি॥

পঞ্চম ৰাগে গাইলা গীত হৰি।

শুনি মোহ ভৈল গোপ সুন্দৰী॥ ১০০৮॥

ঘৰবাৰী এড়ি লৱৰৈ ভোলে।

তন হলফল কুণ্ডল দোলে॥

বাইলাহা বাংশী পশি বৃন্দাবনে।

চৌপাশে বেঢ়ি নাচৈ গোপীগণে॥ ১০০৯॥

জয় কৃষ্ণ বুলি বাৱৈ চাপৰি।

গোপীৰ মধ্যে প্ৰকাশন্ত হৰি॥

যেহেন সুৱৰ্ণ মণি মাজত।

প্ৰকাশি আছে মহা মৰকত॥ ১০১০॥

দোহো গোপী মাজে এক গোপাল।

নূপুৰৰ বাদ্য ভৰি কৰতাল॥

হাতত হাতে ধৰি গোপনাৰী।

নাচিলা অনঙ্গ ৰঙ্গে মুৰাৰি॥ ১০১১॥

সজল মেঘ মাধৱৰ কায়।

গোপীগণ ভৈল বিজুলী প্ৰায়॥

অলঙ্কাৰে কৰৈ মধুৰ ঘোষ।

শুনিয়া মনত মিলৈ সন্তোষ॥ ১০১২॥

গোপীৰ গলে ধৰি বাহু মেলি।

কৰিলা অনেক অনঙ্গ কেলি॥

শ্ৰম দেখি কতো আঞ্চলে বিঞ্চৈ।

যমুনা জলে নামি জল সিঞ্চৈ॥ ১০১৩॥

পূৰিল গোপীগণ মনোৰথ।

ক্ৰীড়া দেখি চন্দ্ৰো ৰাখিল ৰথ॥

মোহিত ভৈল যত দিব্য নাৰী।

ৰাখিলা গোপীক যক্ষক মাৰি॥ ১০১৪॥

ধায়া আসিলেক অৰিষ্ট বীৰ।

মেদিনী নসহে খুড়াৰ ভিৰ॥

দেখি আস্ফালিলা শিঙত ধৰি।

তাৰো প্ৰাণ লৈলা ঘাৰ মুচৰি॥ ১০১৫॥

খেদি অসিলেক কেশী অসুৰ।

হেষণি শুনি কাম্পে গোপপুৰ॥

লাঞ্জৰ ছাটিত মেঘ উড়াই।

দেখিয়া প্ৰভু তাক গৈলা ধাই॥ ১০১৬॥

পাছে চণ্ড বেগে অসুৰ আসি।

হানিলেক লাঠি ভৰি উল্লাসি॥

এড়াইলা তাঙ্ক শ্ৰম কৰি হৰি।

আছাৰি পেহ্লাইলা পাৱত ধৰি॥ ১০১৭॥

আসিল কেশী দুনাই বেন্ত বাই।

বাম বাহু তাৰ মুখে ভৰাই॥

বঢ়াইলা প্ৰভু আতি বৰ বেগে।

ভেণ্টিল গল যেন গৰ্ভৰোগে॥ ১০১৮॥

ভূমিত পড়িল চেতন হৰি।

চক্ষু ওলোটায়া আছাড়ৈ ভৰি॥

মৰিল অসুৰ ছাদি ৰুধিৰ।

বাজ ভৈল বাহু ফাটি শৰীৰ॥ ১০১৯॥

কেশী বধ দেখি হাসি হৰিষে।

ব্ৰহ্মা আদি দেৱে পুষ্প বৰিষে॥

কংসৰ বোলে যত দৈত্য আসে।

মৰৈ জুইত যেন পতঙ্গ ঝাসে॥ ১০২০॥

এহিমতে সৱে অসুৰ মাৰি।

ফুৰিলা বৃন্দাবনে গৰু চাৰি॥

গোধূলি পড়ি ৰঞ্জৈ মুখ আখি।

মাথাত পিন্ধিলা মৈৰাৰ পাখি॥ ১০২১॥

গুঞ্জাৰ থোপাক কাণত আৰি।

কাষত লৈয়া শিঙা বেত বাড়ি॥

মোহন বাংশী বেৰটিত থই।

ব্যঞ্জন ভাত বাম হাতে লই॥ ১০২২॥

ভোজন কৰা তুমি যদুৰাজে।

বসিয়া ৰঙ্গে গোপশিশু মাজে॥

কোনে বুজিবেক তোহ্মাৰ লীলা।

কটাক্ষে ভূমিৰ ভাৰ হৰিলা॥ ১০২৩॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

গোপালকেলি শুনা সৰ্ব্বজনে॥

মোক্ষ পাইবা যেৱে সংসাৰ তৰি।

সঘনে ডাকি বোলা হৰি হৰি॥ ১০২৪॥

॥ ৰাস-ক্ৰীড়া সমাপ্ত॥ ১১॥