সমললৈ যাওক

চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন

ৱিকিউৎসৰ পৰা
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ চতুৰ্থ খণ্ড॥

॥ ধ্যান বৰ্ণন॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

ত্ৰাহি গোপাল কৃপাল স্বামি।

মজিলো ভৱ জলধিত আমি॥ ১১॥

পদ॥

এক মনে শুনা হৰিৰ ধ্যান।

বৈকুণ্ঠ নামে আছে মহাথান॥

শাৰী শাৰী ৰঞ্জে বিমানচয়।

বৈদূৰ্য্য হীৰা মৰকতময়॥ ১৪৬॥

চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি।

নজানি যাত পশি দিন ৰাতি॥

চাৰু সৰোবৰ নিৰ্ম্মল জল।

সুগন্ধি পদ্ম শোভে উতপল॥ ১৪৭॥

আছৈ ৰাজহংস সমূহে ৰঞ্জি।

লীলায়ে মৃণাল ভুঞ্জৈ উভঞ্জি॥

পাৰে পাৰিজাত মলয়া বাৱ।

চটকে ত্যজে সুললিত ৰাৱ॥ ১৪৮॥

ভ্ৰমৰগণে গাৱৈ হৰি গীত।

বৈষ্ণৱগণ শুনি আনন্দিত॥

হেন বৈকুণ্ঠৰ মাজত পাছে।

উছিত ৰত্ন মন্দিৰেক আছে॥ ১৪৯॥

বৈদূৰ্য্য স্তম্ভ স্ফটিকৰ বাৰ।

মাণিক্য কপাট হীৰাৰ দ্বাৰ॥

কাটিলা জিঞ্জিৰি সুৱৰ্ণাৱলী।

বিচিত্ৰ মণি মৰকত স্থলী॥ ১৫০॥

পদ্মৰাগ ৰত্নে লগাইলা চৌতি।

কোটি সূৰ্য্য যেন গৃহৰ জৌতি॥

বিচিত্ৰ চন্দ্ৰাতপ আছে টানি।

আঁৰিলা মুৰাৰি মুকুতা মণি॥ ১৫১॥

হেন মন্দিৰে ৰত্ন সিংহাসনে।

আছন্ত বসি প্ৰভু নাৰায়ণে॥

চৌপাশে সেৱে পাৰিষদ যত।

মৌক্তিক ছত্ৰ ধৰি ওপৰত॥ ১৫২॥

ধৱল চামৰে দুপাশে বিঞ্চৈ॥

সঘনে সুৰভি কুসুম সিঞ্চৈ॥

চৰণে অনেক ভকতি ভাৱে।

উপাসন্ত লক্ষ্মী জগত মাৱে॥ ১৫৩॥

চৈতন্যময় শুদ্ধ ৰূপ ধৰি।

পৰম আনন্দে আছন্ত হৰি॥

আতি চমৎকাৰ ৰূপ বিপুল।

কন্দৰ্প কোটি যাক নোহে তুল॥ ১৫৪॥

কোটি ইন্দু সম আছৈ প্ৰকাশি।

স্মৰণে দহৱৈ পাতক ৰাশি।

ভকতৰ বন্ধু জগত বাপ।

বোলা হৰি হৰি হৰোক পাপ॥ ১৫৫॥


॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

কৰুণা সিন্ধু ভকত বন্ধু।

ৰূপে তুল নোহে কোটি ইন্দু॥ ১২॥

পদ॥

স্থিৰ বুদ্ধি কৰি ভকতজনে।

প্ৰত্যেক অঙ্গক চিন্তিবে মনে॥

চৰণ পদ্ম দেখি সুখী হুই।

অৰুণ আতি পদতল দুই॥ ১৫৬॥

অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ।

দেখি চিহ্ন তাতে মিলৈ উৎসৱ॥

চৰণ পঙ্কজ আছে প্ৰকাশি।

আঙ্গুলি পান্তি তাৰ ভৈল পাসি॥ ১৫৭॥

দেখিয়া ৰত্নৰ পাকৰি নয়।

প্ৰকাশৈ তাতে নখচন্দ্ৰচয়॥

ৰতনে উজ্জল উঝণ্টি যত।

নূপুৰ প্ৰকাশৈ পাদপৃষ্ঠত॥ ১৫৮॥

ৰত্নৰ হোড়ৰ জ্বলে জন্দ্ৰাত।

উৰু কৰিকৰ সম সাক্ষাত॥

কটিত প্ৰকাশৈ বসন পীত।

বান্ধিছা মেখলা ৰত্নে ৰঞ্জিত॥ ১৫৯॥

নাভি সৰোৰুহ ৰুচিৰ কান্তি।

হৃদয়ে প্ৰকাশৈ শ্ৰীবৎস পান্তি॥

উৰঃস্থলে লক্ষ্মী দিলন্ত দেখা।

কষটিত যেন সোণাৰ ৰেখা॥ ১৬০॥

পীত বস্ত্ৰে শোভৈ শ্যামল কায়।

তড়িত-জড়িত জলদ প্ৰায়।

বহল হৃদয়ে মুকুতা হাৰ।

প্ৰকাশৈ জিলিমিলি পেচন্দাৰ॥ ১৬১॥

চিকিমিকি কৰৈ ৰত্ন উজ্জলা২৪।

আপাদলম্বী গলে বনমালা॥

তাহাৰ মধুগন্ধে হুয়া ভোল।

বেঢ়িয়া মধুকৰে কৰে ৰোল॥ ১৬২॥

চাৰু চতুৰ্ভুজ শোভে সুঠান।

ললিত বলিত নীল মোলান॥

কেয়ূৰ কঙ্কণ বলয়া তাতে।

প্ৰকাশৈ নৱ কিশলয় হাতে॥ ১৬৩॥

ৰত্নৰ শলাকা আঙ্গুলি পান্তি।

আঙ্গুষ্ঠীচয় তাতে কৰে কান্তি॥

অৰুণ নখ চন্দ্ৰমাৰ শাৰী।

শঙ্খ চক্ৰ গদা পঙ্কজধাৰী॥ ১৬৪॥

গলত গলপতা সাতসৰি।

উড়ৈ নৱগুণ পীত উত্তৰী॥

শ্যামল শৰীৰে শোভৈ অধিক।

ময়ূৰ পুছ যেন চিকমিক॥ ১৬৫॥

কম্বুকণ্ঠে শোভৈ কৌস্তুভ মণি।

প্ৰভাতে উদিত আদিত্য যেনি॥

পূৰ্ণচন্দ্ৰ ৰুচি মুখমণ্ডল।

কৰ্ণত মকৰ দোলে কুণ্ডল॥ ১৬৬॥

তাৰ ৰশ্মি জ্বলৈ গণ্ড পাণ্ডুৰ।

ৰুচিৰ চিবুক চাৰু অধৰ॥

প্ৰৱাল ৰত্নে যেন কৰৈ কান্তি।

সুন্দৰ দন্ত মুকুতাৰ পান্তি॥ ১৬৭॥

সদায় নুগুছৈ ঈষত হাস।

নাসা তিলফুল সম প্ৰকাশ॥

অৰুণ লোচন পঙ্কজ পাশি।

ধনু সম আছৈ ভ্ৰূৱ প্ৰকাশি॥ ১৬৮॥

ৰত্নময় কৰৈ তিলকে কান্তি।

কপালে লম্বিত অলকা পান্তি॥

ৰঞ্জৈ শিৰে ৰত্নময় মুকুট।

চূড়ামণি ৰত্নে প্ৰকাশৈ জুট॥ ১৬৯॥

তাৰ মাজে ৰত্ন পঙ্গজ মালা।

উজ্জল মুখ লাগি তাৰ জ্বালা॥

হেন মনোহৰ ৰূপ নিৰেখি।

থাকিব সমস্ত অঙ্গক দেখি॥ ১৭০॥

মস্তকৰ পৰা পাদ পৰ্য্যন্তে।

নমাইব মনক দুনাই দেখন্তে॥

ধ্বজ বজ্ৰ পদ্ম অঙ্কুশ যৱে।

প্ৰদক্ষিণে নমি পৰিব পাৱে॥ ১৭১॥

এতেকে হুইবেক পৰম সিদ্ধি।

হৰিসে জানা জগতৰ নিধি॥

হেলায়ে সংসাৰ তৰিবা পুনু।

নকৰা বিফল মনুষ্য তনু॥ ১৭২॥

দৃঢ় কৰি ধৰা হৰিৰ পাৱ।

পাপ সাগৰত এহিসে নাৱ॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

হৰি হৰি বোলা সমস্ত জনে॥ ১৭৩॥

॥ ধ্যান বৰ্ণন সমাপ্ত॥ ৪॥