সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান

ৱিকিউৎসৰ পৰা
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ সপ্তম খণ্ড॥

॥ গজেন্দ্ৰ উপাখ্যান॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

ৰাম ৰাম ৰাম। হৰি ৰাম ৰাম॥ ৩৯॥

পদ॥

ৰাজাক সাদৰি মুনি বুলিলা বচন।

শুনা পৰীক্ষিত কুৰুকুলেৰ নন্দন॥

পৰম মধুৰ মাধৱৰ গুণচয়।

শুনা সাৱধানে হৌক পাপৰ প্ৰলয়॥ ৪৭৩॥

ক্ষীৰ সাগৰৰ মাজে ত্ৰিকূট পৰ্ব্বত।

প্ৰকাশন্তে আছে তিনি লোকত বেকত॥

সুৱৰ্ণ ৰজত লোহা জ্বলৈ তিনি শৃঙ্গ।

চক্ষুত চমক লাগৈ দেখিতে বিৰিঙ্গ॥ ৪৭৪॥

আনো যত শৃঙ্গ ৰত্নে কৰৈ তিৰিমিৰি।

দশোদিশ প্ৰকাশিয়া শৌভৈ শুক্লগিৰি॥

অযুত যোজন জুৰি জ্বলৈ গিৰিবৰ।

উছিত দেখিয় দশ হাজাৰ প্ৰহৰ॥ ৪৭৫॥

ক্ষীৰ সাগৰৰ ঢৌ চৌভিতি উথলে।

পখালে পৰ্ব্বত সুশীতল দুগ্ধজলে॥

থানে থানে আছে ভূমি অনেক উদ্যান।

ফুলে জকমক গন্ধে নাহিকে সমান॥ ৪৭৬॥

নদী নদ অশেষ বিশেষ সৰোবৰ।

স্ফটিক নিৰ্ম্মল জল দেখি মনোহৰ॥

বিদ্যাধৰীসৱে তাতে নামি কৰৈ স্নান।

পখালে শৰীৰ বৱৈ সুগন্ধিত ঘ্ৰাণ॥ ৪৭৭॥

পৰম আমোদ গন্ধ উথলে সদায়।

দশোদিশ জুৰি তাৰ বায়ু বহি যায়॥

দেখি সুশোভন বৰুণৰ৫০ উপবনে।

যাত নিতে ক্ৰীড়ে দেৱ দিৱ্য নাৰীগণে॥ ৪৭৮॥

শাল তাল তমাল মন্দাৰ পাৰিজাত।

চম্পক অশোক আনো পুষ্প অসংখ্যাত॥

আম জাম লেবু জৰা জামীৰ খাজুৰি।

বেল নাৰিকল তাল তাম্বূল পাকড়ি॥ ৪৭৯॥

অগৰু চন্দন পদ্ম সৰল সোণাৰু।

আনো যত তৰুতৃণ সৱে কল্পতৰু॥

ছয় ঋতু এক কালে বসন্ত উদয়।

ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয়॥ ৪৮০॥

বহয় মলয়া বায়ু আমোদিত মন।

নৃত্য গীত কৰৈ তৈতে অপেস্বৰাগণ॥

হৰি গুণ গীত গাৱৈ গন্ধৰ্ব্ব কিন্নৰে।

পাপ দূৰ হৌক হৰি বোলা নিৰন্তৰে॥ ৪৮১॥


॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

ৰাম দামোদৰ হৰে।

সেৱকে কাতৰ কৰে॥ ৪০॥

পদ॥

বনৰ সিটো বিতোপন নাম।

কহিতে যাহাৰ নাহি উপাম॥

তাহাৰ মাজে সৰোৱৰ এক।

সাগৰ সঙ্কাশ দেখি প্ৰত্যেক॥ ৪৮২॥

সৱৰ্ণময় পদ্ম আছে জুড়ি।

ভ্ৰমৰে মধু পিয়ৈ তাতে পৰি॥

ৰাজহংস আদি যতেক পক্ষী।

পৰি পৰি থাকৈ নযায় উপেক্ষি॥ ৪৮৩॥

কুমুদ ইন্দু উতপল ফুল।

ফুলি আছে গন্ধে নাহিকে তুল॥

চৌভিতি বেঢ়ি আছৈ তৰুবনে৫১।

কহিবে নাম তাৰ কোনজনে॥ ৪৮৪॥

কদম্ব ৰঘু নাগেশ্বৰ গাছে।

ফুলে ঝকমক বেঢ়িয়া আছে॥

মালতী মধাই জাঁই যূতি যত।

পাৰিজাত মু্‌খ্য বৃক্ষ সমস্ত॥ ৪৮৫॥

বহৱৈ বসন্ত মলয়া বাৱ।

কোকিলে তেজে সুললিত ৰাৱ॥

সেহি বনমাজে গজেন্দ্ৰ আছে।

অনেক হস্তী ফুৰৈ আগে পাছে॥ ৪৮৬॥

যতেক বৃক্ষ বেত বাংশ খৰি।

ফুৰন্তে ভাঙ্গি নেয় মড়মড়ি॥

যাৰ গন্ধ পাইলে সিংহো পলায়।

যতেক পশু ডৰে জীৱ যায়॥ ৪৮৭॥

মদ জল ধাৰা বহিয়া যায়।

ভ্ৰমৰে তাক সেৱৈ সৰ্ব্বদায়॥

চৰন্তে ফুৰন্তে ক্ৰীড়ন্তে যাই।

ৰহিলা গজেন্দ্ৰ ভাগৰ পাই॥ ৪৮৮॥

দুগুণে পীড়িল ৰবি কিৰণে।

লড়িল দুনাই জলপান মনে॥

পৰ্ব্বত কাম্পৈ গজেন্দ্ৰৰ ভিৰে।

পদ্মগন্ধ পাইল জলৰ তীৰে॥ ৪৮৯॥

নামিল গৈয়া সৰোৱৰ মাজে।

চৌভিতি হস্তীসমে গজৰাজে॥

পদ্মৰ ধূলায়ে সুগন্ধি জল।

পিলেক তৃষ্ণায়ে হুয়া বিকল॥ ৪৯০॥

অগাধ জল আতিশয় জুৰ।

গজেন্দ্ৰ পাৰৈ ঘনে ঘনে বুৰ॥

হস্তিনী সমে কৰৈ জলক্ৰীড়া।

খণ্ডিল সমস্তে ৰৌদ্ৰৰ পীড়া॥ ৪৯১॥

হস্তী হস্তিনীক কৰাৱৈ স্নান।

পিয়াৱৈ জল গৃহস্থৰ ঠান॥

দায়ায়ে পুত্ৰ ভাৰ্য্যা সমে ৰঙ্গে।

গৰ্ব্বে জলক্ৰীড়া কৰৈ মাতঙ্গে॥ ৪৯২॥

বিষয় সুখত ভৈলেক ভোল।

নেদেখে মৃত্যু আসি পাইলে কোল॥

জলত গজেন্দ্ৰে ক্ৰীড়ৈ উল্লাসে।

দেখিল তাক পাছে মহাগ্ৰাসে॥ ৪৯৩॥

ক্ৰোধে ধায়া আসি দিলে কামোৰ।

সিবেলা দুহানো ভৈল আজোৰ॥

গজেন্দ্ৰক গ্ৰাহে আজুৰি টানে।

হস্তীয়ো গ্ৰাহক আজুৰি আনে॥ ৪৯৪॥

যতেক বল আছে মানে দিল।

গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ মিলিল॥

দুইৰো অদভূত যুদ্ধ দেখিত।

ত্ৰিদশ দেৱ ভৈলা ভয়ে ভীত॥ ৪৯৫॥

দেখন্তে আতিশয় অসদৃশ।

যুজন্তে সহস্ৰ গৈল বৰিষ॥

জগতে আছে এক দৃষ্টি কৰি।

শুনা সভাসদ ঘুৰিও হৰি॥ ৪৯৬॥


॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

কৃষ্ণ ৰাম জয় জগবন্ধু জগন্নাথ।

কৃষ্ণৰ চৰণে বন্দী ৰৌক মোৰ মাথ॥ ৪১॥

পদ॥

শুক নিগদতি কথা শুনা নৃপবৰ।

মিলিল অদ্ভূত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ॥

আকাশত দেৱগণে দেখন্ত বিস্ময়।

গ্ৰাহ গজেন্দ্ৰৰ কাৰো নাহি ভঙ্গ জয়॥ ৪৯৭॥

কতো কালে গজেন্দ্ৰৰ বল ভৈল হানি।

গ্ৰাহৰ বাঢ়িল বল পিয়া স্বাদ পানী॥

শ্ৰান্ত ভৈল গজৰাজ যুজিতে নপাৰে।

চিহঁৰৈ হস্তিনীসৱে বেঢ়ি চাৰি পাৰে॥ ৪৯৮॥

আনো যত দন্তাল স্বামীৰ ঘোৰ দুঃখে।

ৰাখিত নপাৰি কাৰো বাক্য নাসৈ মুখে॥

দেখিয়া গজেন্দ্ৰে আপুনাৰ মৃত্যু ভয়।

ৰাখন্তা নাহিকে আৰ পুত্ৰ ভাৰ্য্যাচায়॥ ৪৯৯॥

সঙ্কট বেলাত তাৰ সদবুদ্ধি ভৈল।

কি ভৈল কি ভৈল বুলি গুণিবাক লৈল॥

আমি হেন গজেন্দ্ৰ জগতে যাক কহে।

মহাগৰ্বে ভ্ৰমন্তে পাইলেক জলগ্ৰাহে॥ ৫০০॥

সহস্ৰ বৎসৰ যিটো যুজো অপ্ৰয়াসে।

জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশে॥

আমাক ৰাখিৱে আৱে কমন বান্ধৱ।

অন্তকালে গতি মোৰ কেৱলে মাধৱ॥ ৫০১॥

মহাবলৱন্ত কাল ভূজঙ্গক ভয়ে।

যাক সেৱা কৰন্ত সদায়ে যোগীচয়ে॥

পলায় জগতৰে মৃত্যু যি প্ৰভুক ডৰে।

যাক ভয়ে চন্দ্ৰ-সূৰ্য্য পৱন সঞ্চৰে॥ ৫০২॥

হেন জগন্নাথ অনাথৰ ইষ্টদেৱ।

হৰি বিনে আৱৰ তাৰন্তা নাহি কেৱ॥

এহি বুলি মৰণত নভৈল বিকল।

শুণ্ডে মেহাই ধৰিলন্ত সুৱৰ্ণ কমল॥ ৫০৩॥

পৰম আনন্দে মাধৱত দিয়া চিত্ত।

গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত॥

যাক শুনি তৰৈ সুখে ঘোৰ নৰকক।

অন্তকালে পাই হেন মাধৱ বন্ধুক॥ ৫০৪॥

শুণ্ডে মেহাই পদ্মগোট উপৰক তুলি।

গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি॥

শুনি শীঘ্ৰে চৰি হৰি গৰুড়ৰ স্কন্ধে।

ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে॥ ৫০৫॥

গৰুড়ৰ নামি হৰি পৰম বিক্ৰমে।

শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে॥

চক্ৰ ধৰি তেখনে ছিৰিলা গ্ৰাহ মুখ।

হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ॥ ৫০৬॥

হস্তী গুচি তৈতে চতুৰ্ভূজ ৰূপ ভৈলা।

গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা।

কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি।

পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লড়ি॥ ৫০৭॥

কৃষ্ণ পৰশনে গ্ৰাহো শাপক নিস্তৰি।

দিব্য ৰূপ ধৰিয়া স্বৰ্গক গৈলা লড়ি॥

শুনা কৃষ্ণ কথা জন্ম নকৰিও বৃথা।

হৰিৰ চৰিত্ৰ আত নাহিকে অন্যথা॥ ৫০৮॥

দুৰ্ল্লভ মনুষ্য জন্ম পাইবা কত ভাগে।

সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে॥

যত দেখা ধন জন সৱে বিষ্ণুমায়া।

আকাশত সঞ্চৰে মেঘৰ যেন ছায়া। ৫০৯॥

কৃষ্ণ কথা শ্ৰৱণ কীৰ্ত্তনে ভৱ তৰি।

হেন জানি সদায়ে ঘুষিয়ো হৰি হৰি॥

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্বলোক॥

বোলা হৰি হৰি সৱে পাতক চাড়োক॥ ৫১০॥

॥ গজেন্দ্ৰ উপাখ্যান সমাপ্ত॥ ৭॥