ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
॥ ষোড়শ খণ্ড॥
॥ জৰাসন্ধৰ যুদ্ধ॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
নমো দামোদৰ হৰি।
নিয়োক নাথ উদ্ধাৰি॥ ১০৪॥
পদ॥
বোলন্ত শুকে শুনা পৰীক্ষিত।
কহিবো কৃষ্ণৰ আৰো চৰিত॥
মৰিল কংস তাৰ ভাৰ্য্যা দুই।
পিতৃগৃহে গৈল বিধৱা হুই॥ ১২৮৬॥
শুনিয়ো পিতৃ কি কহিবো আমি।
মাৰিলন্ত কৃষ্ণে আহ্মাৰ স্বামী॥
শুনি জৰাসন্ধে ক্ৰোধিল আতি।
তেইশ অক্ষৌহিণী সাজৈ পদাতি॥ ১২৮৭॥
বেঢ়িল চতুৰ্ভিতি মথুৰাক।
দেখি ভয় ভৈলা যাদৱজাক॥
নৰনাৰীগণো আসি লৱৰি।
সেনাক চাৱে ৰণচাঙ্গে চড়ি॥ ১২৮৮॥
সাগৰ সঙ্কাশ দেখি পদাতি।
ত্ৰাসতে কম্পিল হৃদয় আতি॥
বুলিলা মাধৱে নিৰ্ভয় বাণী।
কৰিলা আলোচ জ্ঞাতিক আনি॥ ১২৮৯॥
কৃষ্ণৰ বাক্যে সৱে ভৈল স্বস্থ।
বৈকুণ্ঠৰ পৰা নামিল ৰথ॥
আইল অস্ত্ৰচয় চক্ৰ প্ৰমুখ্যে।
কৃষ্ণক নমিলা আসি দাৰুকে॥ ১২৯০॥
পৰিল লাঙ্গল মূষল বাণ।
কৰিলা দোভায়ে পাছে পয়ান॥
ৰথে চড়ি কৃষ্ণ বেগে বজাইলা।
শৰ কৰি শত্ৰুসেনা ভঙ্গাইলা॥ ১২৯১॥
কাটিলা ৰথ হস্তী পতিচয়।
শোণিতে নদী প্ৰৱহাইলা তয়॥
পৰম লীলায়ে শত্ৰু সংহৰি।
ফুঙ্কিলা পাঞ্চজন্য কৰে ধৰি॥ ১২৯২॥
পাছে বলো ঘোৰ সমৰ কৰি।
মাগধ ৰাজাক জীৱন্তে ধৰি॥
মাৰিবাক চান্ত কোবাই সমূলি।
বাধিলা কৃষ্ণে আক ৰাখা বুলি॥ ১২৯৩॥
কৃষ্ণৰ বচনে ৰাখিল কন্ধ।
দেশক পাছে গৈল জৰাসন্ধ।
নযায় নুপুহায় কৃষ্ণত হাৰি।
আনিলা সৱে ৰাজা হাঙ্কাৰি॥ ১২৯৪॥
দঢ়াই আপুনাক মাস তিনি।
লড়িল সাজি তেইশ অক্ষৌহিণী॥
বেঢ়িল গৈয়া দুনাই মথুৰাক।
যমুনা তীৰে ৰৈল ৰাজাজাক॥ ১২৯৫॥
কাঠগড় বান্ধি বঞ্চিল ৰাতি।
নাচৈ গাৱৈ ৰঙ্গে যত পদাতি॥
মাধৱে পাচে সৱে ৱাৰ্ত্তা পাইলা।
দুনাই যুজিবাক মাগধ আইলা॥ ১২৯৬॥
যদুবীৰগণো আনিলা মাতি।
আলোচিলা কৃষ্ণে সমস্তে ৰাতি॥
আপুন সেনা তিনিভাগ কৰি।
নিয়োজিলা সৱে বীৰক হৰি॥ ১২৯৭॥
সাৰণ গদক বলো দদাক।
পঠাইলা বাম পাশে যুজিবাক॥
উদ্ধৱ সাত্যকি অনেক ৰথে।
বেঢ়িল সেনাক দক্ষিণ পথে॥ ১২৯৮॥
কতো সেনা লৈয়া কৃষ্ণে আটোপে।
সমুখে মাগধক ধাইলা কোপে॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ১২৯৯॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥
এ হৰি নাৰায়ণ মাধৱে গতি।
কৃষ্ণৰ চৰণে মোৰ নছাড়োক মতি॥ ১০৫॥
পদ॥
মগধ ৰাজাৰ সেনা সাগৰ সঙ্কাশ।
সুখে ৰহি আছে পায়া পথতে প্ৰয়াস॥
কতো হাসৈ মাতৈ কতো আছৈ নিদ্ৰা পাৰি।
হয় হস্তী ৰথ বান্ধি আছে শাৰী শাৰী॥ ১৩০০॥
নাহি যুদ্ধ সাজ হয় হস্তীৰ পিঠিত।
নতু আনি জোড়ৈ ঘোৰা ৰথ যুঁৱলিত॥
সুদাহাতে বসি আছৈ যত ৰাজাচয়।
সিবেলাত নতু হোন্ত আদিত্য উদয়॥ ১৩০১॥
হেন ঊষা সময়ত পাছে যদুৰায়।
পশিলা সেনাৰ মাজে নিসান কোবাই॥
সিংহনাদ কৰি হৰি ধনুক টঙ্কাৰি।
বৰষিলা দিব্য অস্ত্ৰচয়ক মুৰাৰি॥ ১৩০২॥
কালান্তক সম দেখি কৃষ্ণক প্ৰত্যেক।
ধকবক কৰৈ আতি নৃপতি যতেক॥
নাহি শ্ৰুতি বুদ্ধি চাৱৈ উলটি পালটি।
মাধৱৰ শৰে আসি ফুটে চটচটি॥ ১৩০৩॥
বামপাশে খেদি আসি বলো মহাবলী।
শত্ৰুৰ সেনাক সৱে লৈ যান্ত নিদলি॥
সাত্যকি দক্ষিণ পথে দেখি দিলা ধাৰ।
কৰিবাক লাগিলা শত্ৰুক বুন্দামাৰ॥ ১৩০৪॥
কৰন্ত কন্দল ঘোৰ তিনি ভিতি বেঢ়ি।
মহাভয়ে কতো সেনা পলায় ৰণ এড়ি॥
কতো প্ৰাণ ছাড়ি পৰৈ পৃথিৱীত ঢলি।
শত্ৰুক সন্মুখ হুয়া ধাৱৈ কতো বলী॥ ১৩০৫॥
ৰাজাগণে দেখৈ সেনা বিভঙ্গে ভাগিল।
অনাযুদ্ধকাছে ৰণ কৰিবে লাগিল॥
কতো বাসা এড়ি পলাই পশিল বনত।
ত্ৰাহি বুলি পড়ে কতো কৃষ্ণৰ আগত॥ ১৩০৬॥
যিটো ৰাজাগণে আগবাঢ়ি দিলা ৰণ।
তাৰ স্কন্ধ ছেদ কৰিলন্ত নাৰায়ণ॥
মাগধৰ সেনাগণ সাগৰ সঙ্কাশ।
ক্ষণেকে ভাঙ্গিল সৱে হুয়া মহাত্ৰাস॥ ১৩০৭॥
বলভদ্ৰ সাত্যকি মাধৱ মহাৰথ।
খেদিলা পাছত পাঞ্চ প্ৰহৰৰ পথ॥
হয় হস্তী ৰথ ৰত্ন লাগে মানে পাইলা।
মথুৰাত নিয়া মহাৰাজাত যোগাইলা॥ ১৩০৮॥
মাধৱত যুদ্ধ হাৰি জৰাসন্ধ নৃপ।
ৰাজাগণে সমে গৈলা বাণৰ সমীপ॥
প্ৰাণমিত্ৰ বুলি বাণে কৰিলা সৎকাৰ।
জৰাসন্ধে নিৱেদিলা দুঃখ আপুনাৰ॥ ১৩০৯॥
শুনা দৈত্যপতি কিনো ভৈল বিসঙ্গতি।
ৰাত্ৰি চুৰি কৰি আসি গোপাল দুৰ্ম্মতি॥
জিনিয়া খেদিলা মোক বহুদূৰ পথ।
নিলেক মোহোৰ সৱে হয় হস্তী ৰথ॥ ১৩১০॥
তোহ্মাৰ পাশক আইলো শুনা দৈত্যৰায়।
কৃষ্ণক যুজিবো মোৰ হুয়োক সহায়॥
তুমি সম প্ৰাণমিত্ৰ নাহিকে আহ্মাৰ।
কৃষ্ণশত্ৰুসাগৰত কৰা মোক পাৰ॥ ১৩১১॥
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে॥
শুনা সৰ্ব্বজন আৰ কেদিন জীৱন।
বোলা হৰি হৰি আছে যাৱত চেতন॥ ১৩১২॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥
ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম।
নমো ৰাম হৃষীকেশ হৃষীকেশ হৰি॥ ১০৬॥
পদ॥
পাছে বলিসুত বাণ।
দিলা হেন সমিধান॥
মোৰ যত ৰাজ্যভাৰ।
তোহ্মাৰেসে অধিকাৰ॥ ১৩১৩॥
এহি বুলি দৈত্যপতি।
অসংখ্যাত হয় হস্তী॥
দিলা দৈত্যসেনা ৰথ।
পূৰি তাৰ মনোৰথ॥ ১৩১৪॥
সিটো সেনা লৈয়া সঙ্গে।
মাগধ চলিলা ৰঙ্গে॥
ৰথ ধ্বজ গজ বাজী।
পৰম প্ৰাৰম্ভে সাজি॥ ১৩১৫॥
লগে লৈয়া সেনা ঝাক।
বেঢ়িলেক মথুৰাক॥
ধৰ মাৰ কৰৈ ৰোল।
বাৱৈ বেঢ়ি ঢাক ঢোল॥ ১৩১৬॥
মথুৰাবাসীৰ ভয়।
দেখি কৃষ্ণ কৃপাময়॥
বীৰগণ কৰি সাজ।
নগৰৰ ভৈলা বাজ॥ ১৩১৭॥
বলভদ্ৰ ক্ৰোধে ৰাগি।
ধাইলা মাগধক লাগি।
কৰিলা দুৰ্ঘোৰ ৰণ।
সংহৰিলা বৈৰগণ॥ ১৩১৮॥
যত আইলা ৰাজাজাক।
একলে গোপালে তাক॥
মাৰিলা সমৰ সাজে॥
হত ভৈল সামৰাজে॥ ১৩১৯॥
বলভদ্ৰে জৰাসন্ধে॥
যুজিলন্ত মালবন্ধে॥
প্ৰহাৰে অনেক ভাৱে।
ছাণ্ডি ধৰি পাৱে পাৱে॥ ১৩২০॥
পাছে বলো সন্ধুকিয়া।
মাগধক আস্ফালিয়া॥
এড়াইলা উলটা বান্ধে।
লাঙ্গল ভেজইলা কান্ধে॥ ১৩২১॥
আঝুৰি আনিলা কাছে।
মূষল উচায়া পাছে॥
মুণ্ড ভাঙ্গিবাক চান্ত।
সেহিবেলা শুনিলন্ত॥ ১৩২২॥
পড়িল আকাশী বাক।
নমাৰা নমাৰা আক॥
শুনি বলো সৰ্ব্বজান।
ৰাখি মাগধৰ প্ৰাণ॥ ১৩২৩॥
এড়িলা দাৰুণ যুদ্ধ।
ৰথে চড়ি হলায়ূধ॥
কৃষ্ণে সমে লড়ি গৈলা।
মথুৰা প্ৰৱেশ ভৈলা॥ ১২২৪॥
এহিমতে ৰাম হৰি।
বিপক্ষক ক্ষয় কৰি॥
যত পাইলা অলঙ্কাৰ।
কিৰীটি কুণ্ডল হাৰ॥ ১৩২৫॥
যাদৱ ৰাজাক দিলা।
মনুষ্যৰ দেখাই লীলা॥
কৰিলন্ত ক্ৰীড়া হৰি।
ভকতৰ প্ৰীতি কৰি॥ ১৩২৬॥
পাছে জৰাসন্ধ ৰাজা।
যুদ্ধ হাৰি হুয়া লজ্জা॥
দেশে গৈল অধোমুখে।
নাযায় নপুহায় দুঃখে॥ ১৩২৭॥
দুনাই দুনাই দেয় ধাৰ।
হাৰিল সতেৰ বাৰ॥
তথাপি নভৈল লজ্জা।
আৰকা যোৰাৱে প্ৰজা॥ ১৩২৮॥
সাধিবো ইবাৰ জয়।
এহি বুলি দুৰাশয়॥
সাজে চতুৰঙ্গ দল।
নজানে কৃষ্ণৰ বল॥ ১৩২৯॥
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্ব্বজনে॥
মাধৱৰ জন্ম কৰ্ম্ম।
আতপৰে নাহি ধৰ্ম্ম॥ ১৩৩০॥
অদ্যাপি নুপজৈ বুদ্ধি।
কলিযুগে মহৌষধি॥
কৃষ্ণ ৰাম নাম বাণী।
কেনে হেলা কৰা জানি॥ ১৩৩১॥
যত মহা যজ্ঞ দান।
তপ জপ তীৰ্থ স্নান।
কেহো নোহে আক সৰি।
ডাকি বোলা হৰি হৰি॥ ১৩৩২॥
॥ জৰাসন্ধৰ যুদ্ধ সমাপ্ত॥ ১৬॥