পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
॥ পৰিশিষ্ট-১॥
॥ সহস্ৰনাম-বৃত্তান্ত॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
কি কৰিলো কি কৰিলো ভকতি নকৰি।
অন্তকে পাইলেক আসি১৭৪ ৰক্ষা কৰা হৰি॥ ১॥
পদ॥
নকৰিলো শিৰে মাধৱক নমস্কাৰ।
ইটো মাথা গোট মোৰ ভৈল মহাভাৰ॥
কৰ্ণ দুই আছন্তে নুশুনিলো হৰি কথা।
দোগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা॥ ১॥
জিহ্বা মোৰ আছন্তে নলৈলো ৰামনাম।
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম॥
নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ।
সম্যকে জানিলো দুয়ো আখি অন্ধকূপ॥ ২॥
যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ ভাসে পাখি।
হৰিৰূপ নেদেখিলো পাইলো তেহ্ন আখি॥
হৰিপদ তুলসীৰ নলৈলোহো ঘ্ৰাণ।
জীৱন্তে মৰিলো নাসা ভাঠিৰ সমান॥ ৩॥
পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ।
প্ৰভুৰ পূজাক নকৰিলো একবাৰ॥
কৃষ্ণকৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ।
ইটো হস্ত বাহু মৃতক শৱৰ॥ ৪॥
পাৱ দুই আছন্তে নগৈলো ক্ষেত্ৰস্থান।
মোৰ পাৱ ভৈল বৃক্ষ শিফাৰ সমান॥
হা হা দয়াময় মোৰ কি কৰিলা গতি।
এভো তুৱা নাম লৈতে হৌক মোৰ মতি॥ ৫॥
কৰ্ম্মদোষে যিবা জন্ম হোৱৈ সংসাৰত।
তাতো নছাড়োক চিত্ত তুৱা চৰণত॥
সদায়ে ঘোষোক ৰামনাম মোৰ মুখে।
সংসাৰ সাগৰ তেৱে তৰো মহাসুখে॥ ৬॥
সকল জগত তযু মায়ায়ে মোহিত।
তোহ্মাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত॥
পুত্ৰ দাৰা নিহলে বান্ধিলে দুয়ো ভৰি।
মৰন্তে আছন্ত তবু নোবোলওঁ হৰি॥ ৭॥
দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো।
তোহ্মাক নেসেৱি বৃথা জনম গোৱাইলো॥
নিচিন্তিলো একবাৰ তোহ্মাৰ চৰণ।
তৰু বন জীয়ে যেন আহ্মাৰ জীৱন॥ ৮॥
বিষয়ত ভোল হুয়া কৰিলোহো ভোগ।
তাৰ ফলে শৃগাল শ্বানৰ ভৈলো যোগ॥
ভৱ তৰিবাক যোগ্য লভিলো শৰীৰ।
বিষয় বাতাসে পায়া কৰিলে অস্থিৰ॥ ৯॥
কৰে টলবল দেহা কেনে হুইবো পাৰ।
এভো দাস বুলি মোক কৰিয়ো উদ্ধাৰ॥
সুকবি শেখৰ তুৱা দাসৰ যে দাস।
কাতৰ কৰোহো দিয়ো চৰণত বাস॥ ১০॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥
ৰাম জগবন্ধু ত্ৰাহি গোপাল।
দাস উদ্ধাৰিয়ো দীনদয়াল॥ ২॥
পদ॥
কৃষ্ণৰ চৰণে কৰি প্ৰণাম।
পদ্মপুৰাণৰ সহস্ৰ নাম॥
আমি বিৰচিবো কীৰ্ত্তন আৰ।
শুনি পাতকৰ হুয়ো নিস্তাৰ॥ ১১॥
হৰিনামে পাই সংসাৰ পাৰ।
সমস্ত শাস্ত্ৰৰ এহিসে সাৰ॥
পুৰাণ ভাৰত আগম যত।
বেদ বেদান্তৰো এহিসে তত্ত্ব॥ ১২॥
শুনিয়ো হৰিনাম কেন ভাল।
সম্যকে পাতকৰ যমকাল॥
যতেক ব্ৰত দান যজ্ঞ কৰ্ম্ম।
সিজান্ত হৰিনামে মহাধৰ্ম্ম॥ ১৩॥
কৰান্ত বিষয়ত বিৰকতি।
মিলান্ত কৃষ্ণত প্ৰেম ভকতি॥
মায়াবন্ধ ছোড়ি জ্ঞানক দেন্ত।
অন্তকালে বিষ্ণুপদক নেন্ত॥ ১৪॥
কৃষ্ণত নৰ যেৱে গৈল লীন।
তেৱেসে হৰিনাম উদাসীন॥
এহি সাত কাম গণি লৈয়োক।
জানিয়া হৰিনাম ভাৱিয়োক॥ ১৫॥
নিন্দুকৰ নিন্দা নুশুনি কাণে।
হৰিৰ নাম লৈবা সাৱধানে॥
স্বৰ্গখণ্ড পদ্মপুৰাণ চাই।
বুলিলো নিশ্চয় আমি বুজাই॥ ১৬॥
চাৰিয়ো বেদৰ তত্ত্ব উদ্ধাৰি।
থৈলন্ত হৰিনাম সাৰ কৰি॥
সকল জগত হৈবে মুকুত।
সিহেতু মাধৱে কৰি গুপুত॥ ১৭॥
থাপিলা হৰিনাম ঠাৱে ঠাৱে।
বৈষ্ণৱগণেসে বিচাৰি পাৱে॥
মুকুতিকো এৰি নাৰদ ঋষি।
হৰিনাম লৈয়া আতি হৰিষি॥ ১৮॥
ফুৰন্ত মাধৱৰ গুণ গাই।
বোলন্ত হৰি বিনে গতি নাই॥
দুষ্টচিত্তো যদি বোলয় হৰি।
সিওজনে মহাপাতকে তৰি॥ ১৯॥
বৈকুণ্ঠে যাইতে ভৈলা কাছপাৰ।
কোটি পুৰুষকো কৰি উদ্ধাৰ॥
হেন হৰিনাম নলৱৈ নৰে।
আত্মঘাত কৰি মিছাতে মৰে॥ ২০॥
পাৰ্ব্বতীত হৰে কহিলা আক।
ব্ৰহ্মায়ো কহিলন্ত দেৱতাক॥
হৰিনাম বিনে নাহিকে আন।
পুৰাণে বিচাৰি দেখা প্ৰমাণ॥ ২১॥
সুকবি শেখৰে কহে নিশ্চয়।
কেহো নকৰিবা আত সংশয়॥
জানিয়া মিছা আন যত কাম।
সদায়ে ঘুষিয়োক ৰাম ৰাম॥ ২২॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥
হৰি গোৱিন্দ অৰৱিন্দলোচন ৰাম।
মোৰ মুখে নছাড়োক ৰামকৃষ্ণ নাম॥ ৩॥
পদ॥
আছিলা নাৰদ ঋষি ব্ৰহ্মাৰ সভাত।
বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ তাত॥
পিতৃমুখে বেদৰ আছিলা অৰ্থ শুনি।
পাছে পৃথিৱীক লাগি আসিলন্ত মুনি॥ ২৩॥
বিষ্ণুত ভকত ঋষি বিষ্ণুতেসে ধ্যান।
সদায়ে বিষ্ণুত পৰে নভাষন্ত আন॥
হাতে বীণা ধৰি মাধৱৰ গুণ গান্ত।
মাধৱৰ গুণ নাম লোকত শুনান্ত॥ ২৪॥
ফুৰন্ত পৱিত্ৰ কৰি তিনিয়ো লোকত।
অনন্তৰে চলি গৈলা ঋষি সমাজত॥
নৈমিষাৰণ্যত আছে ঋষিৰ সমাজ।
ৰঙ্গে তৈতে প্ৰৱেশ ভৈলন্ত ঋষিৰাজ॥ ২৫॥
দেখিলা ব্ৰাহ্মণসৱে নাৰদ আসিলা।
গাৱ চালি আসন আনিয়া তাঙ্ক দিলা।
আতিশয় হৰিষে কৰিলা নমস্কাৰ।
হেন প্ৰশ্ন কৰিলন্ত জগততে সাৰ॥ ২৬॥
বিনা দান ব্ৰত যজ্ঞ তীৰ্থকো নাচৰি।
সমস্তে পাতক তৰৈ কোন কৰ্ম্ম কৰি॥
সুখে পুৰুষৰ কেনমতে হোৱৈ গতি।
কহিয়ো ৰহস্য কথা আহ্মাত সম্প্ৰতি॥ ২৭॥
আৰো এক প্ৰশ্ন আমি কহিবো তোহ্মাত।
কিহেতু শঙ্কৰে তপ কৰন্ত সাক্ষাত॥
আপুনি ঈশ্বৰ তিনি জগততে সাৰ।
তান কাক চিন্তিবাক আছে অধিকাৰ॥ ২৮॥
মুখে কিবা জপন্ত ধিয়ান্ত কিবা মনে।
কহিয়োক গুৰু আৰু শুনো ৰঙ্গমনে॥
হেন শুনি নাৰদৰ মনে ৰঙ্গ ভৈলা।
পৰম ৰহস্য কথা কহিবাক লৈলা॥ ২৯॥
ভাল কথা তুমিসৱে পুছিলা সাম্প্ৰত।
এহি কথা পাৰ্ব্বতী পুছিলা শঙ্কৰত॥
যোগ ধ্যানে শঙ্কৰ আছন্ত কৈলাসত।
দেখিলন্ত পাৰ্ব্বতী শিৱৰ ঘোৰ ব্ৰত॥ ৩০॥
নাহিকে বসন গাৱে দিশ পৰিধান।
ভস্মধূলাসকলে অঙ্গৰ ভৈল ম্লান॥
শিৰে আতি প্ৰকট বিকট জঁটাভাৰ।
গাৱে সৰ্পগণ দেখিবাক চমৎকাৰ॥ ৩১॥
হৰিনাম জপন্ত চিন্তন্ত অহৰ্নিশি।
হেন দেখি পাৰ্ব্বতীও পুছিলা হৰিষি॥
স্বামী তুমি সকল দেৱৰ মুখ্য দেৱ।
তোহ্মাক সমস্ত দেৱগণে কৰৈ সেৱ॥ ৩২॥
তোহ্মাক সেৱন্ত সদা চন্দ্ৰ সূৰ্য্য বিধি।
তযু বৰদানে সমস্তৰে ভৈল সিদ্ধি॥
তোহ্মাৰ নাহিকে জন্ম মৰণ সংস্কাৰ।
তযু মহিমাৰ কেহো নপাৱন্ত পাৰ॥ ৩৩॥
হেন দেৱে কাহাক ধিওৱা নিৰন্তৰ।
কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ॥
কিবা মন্ত্ৰ জপা তুমি কহিয়ো আহ্মাত।
পৰম কৌতুকে মই পুছিলো তোহ্মাত॥ ৩৪॥
তোহ্মাৰ পৰম প্ৰিয়তম ভাৰ্য্যা আমি।
ৰহস্য কথাক কহিয়োক মোক স্বামী॥
দ্বিজ কবিশেখৰে কহিলা হেন সাৰ।
হৰিনাম লৈয়া সৱে হুয়োক নিস্তাৰ॥ ৩৫॥
॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥
হে কৰুণাসিন্ধু ভকতবন্ধু কৰিয়ো নিস্তাৰ।
কেনে হঞো সংসাৰৰ পাৰ॥ ৪॥
পদ॥
পাৰ্ব্বতীৰ বাক্য শুনি হৰ।
পাচে হেন দিলন্ত উত্তৰ॥
শুনিয়ো পাৰ্ব্বতী মোৰ বাণী।
ভাল তুমি পুছিলা কাহিনী॥ ৩৬॥
ইটো কথা পৰম গুপুত।
কহিবাক নুহিকে যুগুত॥
তুমি মোৰ প্ৰাণপ্ৰিয় জায়া।
তাতেসে কহিবে মোৰ দায়া॥ ৩৭॥
সত্য যুগ আছিল পূৰ্ব্বত।
সৱে ভৈল হৰিৰ ভকত॥
সৱাৰো ভৈলেক শুদ্ধমতি।
কৃষ্ণৰেসে চৰণত ৰতি॥ ৩৮॥
হৰি পাদপদ্মে হৃদি থৈয়া।
ফুৰৈ মাধৱৰ নাম লৈয়া॥
শুনৈ কৃষ্ণকথা মাত্ৰ কাণে।
হৰিপূজা কৰৈ সাৱধানে॥ ৩৯॥
জানি হৰি নামেসে নিস্তাৰ।
হৰিনাম লৈয়া হোৱে পাৰ॥
ইহলোকে ভুঞ্জয় ভুকুতি।
পৰলোকে লভয় মুকুতি॥ ৪০॥
যিটো গতি ইন্দ্ৰ আদি দেৱে।
নপাৱন্ত কৰ্ম্ম কৰি কেৱে॥
সিটো গতি পাৱৈ হৰি স্মৰি।
কিছু আন পুণ্যক নাচৰি॥ ৪১॥
মোৰ বাক্য শুনি দেৱগণ।
সমস্তৰে বুদ্ধি ভৈল ছন॥
আগম পুৰাণ বেদ শুনি।
নিশ্চয় নপান্ত মনে গুণি॥ ৪২॥
সকল শাস্ত্ৰৰ ভিন্ন মত।
নপাৱন্ত কেৱে তাৰ তত্ত্ব।
দেৱগণে নপাৱন্ত পাৰ।
মনুষ্যে জানিবে কিবা তাৰ॥ ৪৩॥
দেয় তুলাপুৰুষ দানক।
অশ্বমেধ যজয় অনেক॥
বাৰাণসী প্ৰয়াগত স্নান।
গয়াত পিতৃক পিণ্ডদান॥ ৪৪॥
কৰৈ কায়ক্লেশ ঘোৰ ব্ৰত।
বেদপাঠ নছাড়ৈ সতত॥
তপ জপ ধৰ্ম্ম ভূতদায়া।
আনো সৱে পুণ্য আচৰিয়া॥ ৪৫॥
যোগ ধ্যান ব্ৰত তত্ত্ব জানি।
নপাৱৈ গতিক একো প্ৰাণী॥
হৰিনাম লৱৈ মাত্ৰ মুখে।
সিটো গতি পাৱৈ মহাসুখে॥ ৪৬॥
থাকৈ পুত্ৰ দাৰা সমন্বিতে।
পৰহিংসা কৰয় সততে॥
নধৰয় ব্ৰহ্মচৰ্য্য ব্ৰত।
নজানয় একো জ্ঞান তত্ত্ব॥ ৪৭॥
এড়িলেক আপোনাৰ ধৰ্ম্ম।
নকৰৈ বেদৰ যত কৰ্ম্ম॥
কেৱলে কৃষ্ণৰ নাম লৱৈ।
মুকুতিক মহাসুখে পাৱৈ॥ ৪৮॥
কিনো হৰিনামৰ মহিমা।
কোনে কহি পাইবে তাৰ সীমা॥
আতপৰে ধৰ্ম্ম নাহি আন।
ৰামনাম সদা কৰা পান॥ ৪৯॥
॥ পঞ্চম কীৰ্ত্তন॥
ঘোষা॥
ৰাম কৃপা কৰা গোপাল ভজিলো তুৱা পাৱে।
সংসাৰ সাগৰ তৰো তুৱা নাম নাৱে॥ ৫॥
পদ॥
পাৰ্ব্বতীত শঙ্কৰে কহিলা নিষ্ঠ কৰি।
হৰিৰ নামেসে জানা সংসাৰক তৰি॥
সৰ্ব্বক্ষণে হৰিগুণ নামক ভাৱিবা।
হৰিনাম বিনা চিত্ত আনত নিদিবা॥ ৫০॥
সিজে পুণ্যচয় হৰিনামৰ লগত।
পাসৰিলে লাগ লৱৈ পাতক সমস্ত॥
যত পুণ্যচয় হৰিনামৰ কিঙ্কৰ।
তাক পাসৰিলে পাপ হোৱৈ বহুতৰ॥ ৫১॥
পাচে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণে।
মনুষ্যৰ পাপ নাই বিষ্ণুক স্মৰণে॥
যতেক মনুষ্য কেৱে নুপূজৈ দেৱক।
হৰি স্মৰি ভৈল সৱে হৰিৰ সেৱক॥ ৫২॥
মনত গুণন্তদেৱে কৰি হৃদিখেদ।
কেনমতে হৰিৰ ভকতি হোৱৈ ছেদ॥
আহ্মাক নুপূজৈ কেৱে পৃথিৱী মণ্ডলে।
আহ্মাক ছড়ায়া সৱে বৈকুণ্ঠক চলে॥ ৫৩॥
নপাওঁ যজ্ঞভাগ আমি দেৱ ভৈলো কিক।
আহ্মাৰ দেৱতা পদ আছে ধিক ধিক॥
আৱে হেন বোলো সৱে দেৱগণ আসা।
সৱে মিলি মাধৱক কৰোহো উপাসা॥ ৫৪॥
শঙ্কৰে বোলন্ত মই কৃষ্ণতো অধিক।
হৈবো বুলি মনে কৰো তানে ভকতিক॥
যতেক ত্ৰিদশ কোটি দেৱ আছে মানে।
বিষ্ণুক পূজিবে লাগিলেক থানে থানে॥ ৫৫॥
ৰহোক আহ্মাৰ ভিক্ষা মনুষ্য লোকত।
দিয়োক জীৱিকা প্ৰভু ভৈলোহো ভকত॥
যজ্ঞভাগ ভুঞ্জিবাক নপাওঁ আমি কেৱ।
ৰাখিয়ো জীৱিকা তযু পাৱে কৰো সেৱ॥ ৫৬॥
ত্ৰিদশৰ ভকতিত তুষ্ট ভৈলা হৰি।
আগতে দিলন্ত দেখা দিব্যৰূপ ধৰি॥
পৰম মধুৰ মূৰ্ত্তি কোটি সূৰ্য্য সম।
মুখে মৃদু হাস্য জগতৰে মনোৰম॥ ৫৭॥
চতুৰ্ভুজ শঙ্খ-চক্ৰ-গদা-পদ্মপাণি।
দেৱক সম্বোধি হেন বুলিলন্ত বাণী॥
তুষ্ট ভৈলো আমি কৰিবোহো উপকাৰ।
আপুনি মনুষ্য হৈয়া হৈবো অৱতাৰ॥ ৫৮॥
তোমৰাসৱক পূজা কৰিবো বিশেষ।
তেৱেসে পূজিবে নৰে পায়া উপদেশ॥
দেৱক পূজিবো যজ্ঞ কৰিবো বহুত।
তেৱে মোৰ নামধৰ্ম্ম হৈবেক গুপুত॥ ৫৯॥
এহি বুলি ত্ৰিদশক ভকত বৎসলে।
বহুবিধ ৰূপ ভৈলা পৃথিৱী মণ্ডলে॥
ৰঘুকুলে ৰামচন্দ্ৰ ভৈলা অৱতাৰ।
যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ॥ ৬০॥
শ্ৰাদ্ধে পিতৃগণক কৰিলা মন তোষ।
ব্ৰাহ্মণকো দান দিয়া কৰিলা সন্তোষ॥
দ্বাপৰ যুগত যদুকুলে অৱতৰি।
কৃষ্ণৰাম ৰূপে পৃথিৱীৰ ভাৰ হৰি॥ ৬১॥
দেৱ ব্ৰাহ্মণক পূজা কৰিলা অশেষ।
সকল জগতে লৈল কৃষ্ণ উপদেশ॥
কৃষ্ণৰ প্ৰসাদে ভৈল দেৱৰ সম্পত্তি।
বোলা হৰি হৰি আৱে হৌক সদগতি॥ ৬২॥
॥ ষষ্ঠ কীৰ্ত্তন॥
ঘোষা॥
ভাই ৰামনাম জপ ভাই ৰামনাম জপ।
ইহাৰ সমান নুহি তন্ত্ৰ মন্ত্ৰ তপ১৭৫॥ ৬॥
পদ॥
শুনিয়ো পাৰ্ব্বতী মঞি পূজিলো হৰিক।
মনে হেন হৈবে সাধো কৃষ্ণতো অধিক॥
বহুবিধ ভকতি কৰিলো বাহিৰত।
সদায় নুগুচৈ মোৰ কপট চিত্তত॥ ৬৩॥
কহিলো পাৰ্ব্বতী হৃদয়ৰ কথা ভাঙ্গি।
নুগুচিল অহঙ্কাৰ মাধৱক লাগি॥
যদ্যপি কৰিলো মই কপট ভকতি।
তথাপিতো তুষ্ট ভৈলা ত্ৰিজগত পতি॥ ৬৪॥
কিনো দয়াময় প্ৰভু ভকত বৎসল।
কপট সেৱাত মোৰ কৰিলা কুশল॥
দিব্যৰূপে দেখা মোক দিলন্ত মাধৱে।
চাহিলো নয়ন ভৰি পৰম উৎসুকে॥ ৬৫॥
দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ।
পাছে নাৰায়ণে মোক বুলিলা বচন॥
মোত কৰি তোহ্মাতে অধিক হৈবে মান।
যেনমতে হৈবে তাৰ কহিবো কাৰণ॥ ৬৬॥
তোহ্মাক পূজিবো মই পৃথিৱীক গৈয়া।
তযু যশ বঢ়াইবো তোহ্মাতে বৰ লৈয়া॥
দ্বাপৰ যুগত আদি ত্ৰেতাৰ অন্তত।
অৱতাৰ হৈবোহো আপুনি জগতত॥ ৬৭॥
আহ্মাৰ বচনে তুমি হেন কৰিয়োক।
শাস্ত্ৰ কৰি মনুষ্যৰ লোভ বঢ়ায়োক॥
আগমত দেখায়োক সংসাৰৰ সুখ।
তাক দেখি হোৱৈ যেন আহ্মাত বিমুখ॥ ৬৮॥
আহ্মাৰ ভকতি পন্থ সৱে হৌক ছন॥
আন দেৱ পূজাত সৱাৰো হৌক মন॥
আগম দেখায়া কৰা আহ্মাক গুপুত।
তেৱেসে প্ৰজাৰ পুষ্টি হৈবেক বহুত॥ ৬৯॥
মাধৱৰ বাক্য হেন শুনিলোহো আমি।
পাছে ভয় হুয়া হেন বুলিলো প্ৰণামি॥
সহস্ৰেক ব্ৰহ্মবধ যদি কৰৈ নৰে।
তোহ্মাৰ সেৱায়ে তাকো তৰিবাক পাৰে॥ ৭০॥
যদিবা তোহ্মাক প্ৰভু কৰে অহঙ্কাৰ।
সিটো পাতকৰ আৱে নেদেখো নিস্তাৰ॥
শত কোটি কল্প মানে নৰকত পচৈ।
কদাচিটো সিটো মহাপাতক নুগুচৈ॥ ৭১॥
কি কৰি পৱিত্ৰ মঞি হৈবো নাৰায়ণ।
সেই উপদেশ দিয়া পাতকনাশন॥
যদি হেন তোহ্মাক আগমে কৰো ছন।
তেৱে মোৰ হুইবেক পাতক অমোচন॥ ৭২॥
মাধৱে বোলন্ত শুনা শঙ্কৰ সম্প্ৰতি।
মোৰ নাম লৈলে পাপ যাইবে অধোগতি॥
সহস্ৰেক নামে মোৰ পাতক তৰিবা।
সৱাতো অধিক তুমি মোৰ প্ৰিয় হৈবা॥ ৭৩॥
কৰৈ মোৰ নামে তিনিলোকক পৱিত্ৰ।
মুকুতি পদক দেই আত কোন চিত্ৰ॥
মোৰ নাম লৈলে মোৰ চৰণক পাৱে।
পৰম ঐশ্বৰ্য্য দেওঁ যাক যিবা ভাৱে॥ ৭৪॥
জানিবা শঙ্কৰ মোৰ বাক্য নুহি মিছা।
মোৰ নাম লৈলে পাইবা মনে যেন ইছা॥
সহস্ৰেক নাম পাছে আহ্মাৰ আগত।
কহিলা সকলে হৰি কৰিয়া বেকত॥ ৭৫॥
শুনিলো প্ৰভুৰ মুখে সহস্ৰেক নাম।
ধৰিলো নিশ্চয় কৰি পূৰ্ণ ভৈল কাম॥
সেহি সহস্ৰেক নাম জপো মঞি মনে।
কহিলো ৰহস্য তুমি ভাৰ্য্যাৰ কাৰণে॥ ৭৬॥
ৰত্নাকৰ কন্দলি কহিলা যেন সাৰ।
ৰামনাম বিনা নাই সংসাৰ নিস্তাৰ॥
জানিয়া যতনে মাধৱৰ নাম ধৰা।
ৰামনাম ভাৱিয়া সংসাৰ সুখে তৰা॥ ৭৭॥
॥ সহস্ৰনাম-বৃত্তান্ত সমাপ্ত॥ ১॥