ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
॥ ষষ্ঠৱিংশ খণ্ড॥
॥ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
মাধৱ পদ্মনাভ ভগৱন্ত।
নাৰায়ণ নৰসিংহ অনন্ত॥ ১৪৮॥
পদ॥
বোলন্ত শুকে শুনা পৰীক্ষিত।
এহিমতে কৃষ্ণে বলো সহিত॥
সমস্ত দৈত্যৰ চিন্তিয়া মাৰ।
লীলায়ে হৰিলা ভূমিৰ ভাৰ॥ ১৭৮৪॥
গুণন্ত জগতৰ পতি পাছে।
দুঃসহ মহা যদুবংশ আছে॥
ত্ৰৈলোক্য বিজয়ী একৈক বীৰ।
নুগুছিল কিছু ভাৰ ভূমিৰ॥ ১৭৮৫॥
যিহেতু সৱাৰো মঞি আশ্ৰয়।
কাহাতো হন্তে নাহি পৰাজয়॥
কন্দল লগাই তাসম্বাৰ মেলে।
পৃথিৱীৰ ভাৰ হৰিবো হেলে॥ ১৭৮৬॥
এহি গুণি পাছে যাদৱ কুলে।
দিয়াইলা প্ৰভু বিপ্ৰশাপ ছলে॥
মিলিল বিমঙ্গল দ্বাৰকাত।
সৱাৰো মনে কৰে উতপাত॥ ১৭৮৭॥
ব্ৰহ্মাক আৱৰি ত্ৰিদশজাক।
আসিল পাছে সৱে দ্বাৰকাক॥
কৃষ্ণৰ দৰশন অভিলাষে।
ৰহিলা বিমান জুৰি আকাশে॥ ১৭৮৮॥
মহা সমৃদ্ধি দেখি দ্বাৰকাৰ।
বিস্ময় ভৈলা আতি দেৱতাৰ॥
কৃষ্ণক পাছে দৰশন পাই।
অদ্ভূত ৰূপক আছিলা চাই॥ ১৭৮৯॥
তৃপিতি নাহি চান্ত একদৃষ্টি।
কৰন্ত শিৰে পাৰিজাত বৃষ্টি॥
কৃতাঞ্জলি কৰি এক যুকুতি।
তৈৰে পৰা সৱে কৰন্ত স্তুতি॥ ১৭৯০॥
নমো নমো কৃষ্ণ তযু চৰণে।
যাহাক পৰম ভকতজনে॥
হৃদয়ত চিন্তৈ কৰি প্ৰবন্ধ।
অপ্ৰয়াসে তৰৈ সংসাৰ বন্ধ॥ ১৭৯১॥
ত্ৰিগুণা মায়াক কৰি আশ্ৰয়।
আত্মাত স্ৰজা যত জীৱচয়॥
স্ৰজন পালন কৰা আপুনে।
নপাৱে লাগ একো দোষ গুণে॥ ১৭৯২॥
তোহ্মাৰ শুনিয়া গুণ চৰিত্ৰ।
যিমতে হোৱয় লোক পৱিত্ৰ॥
জ্ঞান দান তপ বেদ আচাৰে।
সিমতে শুদ্ধি কৰিবাক নাৰে॥ ১৭৯৩॥
তোহ্মাৰ ইসৱ লীলা চৰিত।
আক শুনৈ ভণৈ যিটো কলিত॥
অনেক পুৰুষ কৰি উদ্ধাৰ।
সংসাৰক সুখে হোৱয় পাৰ॥ ১৭৯৪॥
ষোড়শ সহস্ৰ পত্নীসকলে।
অনেক ভাৱ দৰশায়া চলে॥
মনক মথিবে নোৱাৰৈ যাৰ।
হেন কৃষ্ণ পাৱে নতি আহ্মাৰ॥ ১৭৯৫॥
কৃষ্ণক আগত দেখি প্ৰত্যেক।
কৰিলন্ত স্তুতি আৰো অনেক॥
নকৈলো পদ বিস্তৰক ডৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ১৭৯৬॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥
শিৱ শাৰঙ্গধাৰী মধুসূদন দৈত্যাৰি॥ ১৪৯॥
পদ॥
আকাশত থাকি ব্ৰহ্মা বোলে স্তুতি বাণী।
মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্ৰপাণি॥
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।
দৈৱকীৰ গৰ্ভে আসি ভৈলা অৱতাৰ॥ ১৭৯৭॥
দুষ্ট ৰাজাগণক মাৰিলা কৰি লীলা।
সন্তক ৰাখিলা প্ৰভু ধৰ্ম্মক থাপিলা॥
সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়।
দশোদিশ প্ৰকাশৈ তোহ্মাৰ যশচয়॥ ১৭৯৮॥
যদুকুলে অৱতৰি আছা দামোদৰ।
পঞ্চিশ অধিক ভৈল শতেক বৎসৰ॥
দেৱকাৰ্য্য লাগে মানে সাধিলা সকলে।
কুলকো নাশিলা প্ৰায় বিপ্ৰশাপ ছলে॥ ১৭৯৯॥
পৃথিৱীক এৰি আৱে আসা নিজ স্থান।
আমি সৱ কিঙ্কৰক কৰা পৰিত্ৰাণ॥
মাধৱে বোলন্ত শুনিয়োক প্ৰজাপতি।
পৃথিৱীক এৰিবে আহ্মাৰো আছে মতি॥ ১৮০০॥
কিন্তু যেৱে যাওঁ যদুকুল নসংহৰি।
আৰ ভৰে দুনাই তল যাইবে বসুন্ধৰী॥
আগে আমি ইটো যদুকুল কৰি ক্ষয়।
তেৱেসে চলিবো ব্ৰহ্মা তোহ্মাৰ নিলয়॥ ১৮০১॥
শুনি ব্ৰহ্মা প্ৰণামিয়া কৰি কৃতাঞ্জলি।
ত্ৰিদশে সহিতে নিজস্থানে গৈলা চলি॥
দ্বাৰকাত অনেক মিলাৱৈ উতপাত।
প্ৰত্যক্ষে দেখাৱে যেন প্ৰজাৰ বিঘাত॥ ১৮০২॥
বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই।
প্ৰভাসক যাইবো আমি এৰি ইটো ঠাই॥
আহ্মাৰ বংশত হুয়া আছে ঋষিশাপ।
ঘোৰ উতপাত দেখি মিলে হৃদিতাপ॥ ১৮০৩॥
আজি যাইবো প্ৰভাসক কৰিয়ো উদ্যোগ।
তৈতে স্নানি চন্দ্ৰে এড়াইলন্ত যক্ষ্মাৰোগ॥
দক্ষশাপ গুচিল পাইলন্ত পূৰ্ণকলা।
হেন জানি যদুগণ তৈকে লাগি চলা॥ ১৮০৪॥
সবংশে আমিয়ো গৈয়া তৈতে কৰি স্নান।
বিপ্ৰক ভোজন কৰাই দেওঁ মহাদান॥
দানে পুণ্যে হুই ঘোৰ দুৰ্গতি নিস্তাৰ।
যেন মহানাৱে সাগৰত কৰৈ পাৰ॥ ১৮০৫॥
কৃষ্ণৰ বচন শুনি যত যদুগণ।
তীৰ্থক যাইবাক সৱে কৰিলা যতন॥
লৱৰা-লৱৰি কৰি ভৈলা কাছপাৰ।
ৰথত তুলিলা আনি সমস্তে সম্ভাৰ॥ ১৮০৬॥
নিশান কোবাই সৱে এক স্থান ভৈল।
বাল বৃদ্ধ স্ত্ৰী মাত্ৰ নগৰত ৰৈল॥
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ১৮০৭॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥ পৰমানন্দ ৰাম জোনো ছাড়হু মোক।
হৰি জোনো তেজি যাহা মোক॥ ১৫০॥
পদ॥ যাইবে যদুগণ কাছে ভক্ত উদ্ধৱৰ পাছে
বিমঙ্গল দেখি কাম্পৈ কায়।
কৃষ্ণৰ বচন শুনি মনে বিমৰিষি গুণি
বুজিলন্ত সৱে অভিপ্ৰায়॥
বিৰলত হৰিদাস কৃষ্ণৰ চাপিয়া পাশ
শিৰে প্ৰণামিলা পাৱ ছুই।
অন্তৰ্গতে তনু তাৱে মাধৱক নম্ৰভাৱে
বুলিলন্ত কৃতাঞ্জলি হুই॥ ১৮০৮॥
যাদৱ বংশক তুমি সংহৰি এৰিবা ভূমি
অৱশ্যে জানিলো আক আমি।
সি কাৰণে ঋষিশাপ ব্যৰ্থ নকৰিলা বাপ
তুমি হুয়া জগতৰ স্বামী॥
তোহ্মাৰ চৰণ এৰি নিমিষেক প্ৰভু হৰি
থাকিবে নপাৰো একো স্থান।
তুমি এৰিলাত মোৰ মিলিবে সন্তাপ ঘোৰ
অৱশ্যে ছাড়িবে মোৰ প্ৰাণ॥ ১৮০৯॥
তুমি জপ তপ পুণ্য তুমি বিনা দেখো শূন্য
দিনতে আন্ধাৰ ত্ৰিজগত।
অনেক কাৰ্পূণ্য কৰো দুয়ো চৰণত ধৰো
লৈয়া যায়ো আহ্মাক লগত॥
সম্যকে অমৃতময় তোহ্মাৰ চৰিত্ৰচয়
তাক মাত্ৰ শুনৈ যিটো নৰে।
তাহাৰ উপজৈ ভাৱ নছাড়ৈ তোহ্মাৰ পাৱ
আন বিষয়কো পৰিহৰে॥ ১৮১০॥
শয়নে ভোজনে স্নানে তোহ্মাৰ ৰহস্য স্থানে
সদাসেৱা কৰি থাকো আমি।
তুমি জীৱ তুমি প্ৰাণ তুমি বিনে নাহি আন
কিমতে বৰ্ত্তিবো আৱে স্বামী॥
অৱশেষ উপহাৰ ছাড় বস্ত্ৰ অলঙ্কাৰ
তোহ্মাৰেসে পিন্ধো সৰ্ব্বদায়।
তোহ্মাৰ উছিষ্ট খায়া তৰিবো দুস্তৰ মায়া
হেনসে আছিল অভিপ্ৰায়॥ ১৮১১॥
যোগীগণে শ্ৰম কৰি প্ৰবন্ধে সমাধি ধৰি
সৱে কৰ্ম্মবন্ধ কৰি ক্ষীণ।
তেজিয়া সংসাৰ নয় দেখৈ সৱে ব্ৰহ্মময়
তেৱেসে তোহ্মাত যায় লীন॥
আমি যত গৃহবাসী কৰ্ম্মপথে ভ্ৰমো আসি
ভজিলোহো চৰণে তোহ্মাৰ।
তোহ্মাক হিয়াত স্মৰি তোহ্মাৰ কীৰ্ত্তন কৰি
তোহ্মাৰ কথায়ে হুইবো পাৰ॥ ১৮১২॥
চৰণ ছত্ৰক ইটো উপাসিয়া থাকৈ যিটো
সিটো এড়াই সংসাৰৰ তাপ।
হেন পাদপদ্ম এড়ি ক্ষণেকো নিজীৱো হৰি
নিয়ো লগে জগতৰে বাপ॥
অনেক কাৰ্পূণ্য কৰি কৃষ্ণৰ আগত পড়ি
জুড়িলন্ত উদ্ধৱে ক্ৰন্দন।
দেখি দুঃখ ভকতৰ আশ্বাসিলা দামোদৰ
উদ্ধৱক বুলিলা বচন॥ ১৮১৩॥
স্বৰূপ জানিলা তুমি এড়িবাক চাওঁ ভূমি
সংহৰিলো পৃথিৱীৰ ভাৰ।
দেৱৰো সাধিলো কাজ তোহ্মাত নাহিকে বাজ
কুলৰো চিন্তিবো মহামাৰ॥
সাত দিন অৱসানে সমস্তে দ্বাৰকা মানে
সাগৰৰ জলে যাইবে তল।
আমি এড়িলাত ভূমি ঐত নাথাকিবা তুমি
লোকত মিলিবে বিমঙ্গল॥ ১৮১৪॥
পীড়িবে দুৰ্জ্জন কলি সত্বৰে যায়োক চলি
এড়া বন্ধু বান্ধৱৰ স্নেহ।
মঞি আত্মা হেন জানি আহ্মাক বান্ধৱ মানি
দেখা ভিন অপুনাৰ দেহ॥
যত দেখা যত শুনা যতেক মনত গুণা
সৱে মায়াময় স্বপ্নসম।
সমস্তে জগতে হৰি জানিবা নিশ্চয় কৰি
গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম॥ ১৮১৫॥
জ্ঞানযোগ কৰ্ম্মযোগ পৰম ভকতি যোগ
সমস্তে কহিলা উদ্ধৱত।
সাংখ্যযোগ যত আছে উদ্ধৱে জানিলা পাছে
মাধৱৰ পাদ প্ৰসাদত॥
দুনাই পুটাঞ্জলি ধৰি কৃষ্ণক প্ৰণাম কৰি
বুলিলন্ত হুয়া নম্ৰ কায়া।
জানিলো তুমিসি সঞ্চা আন যত সৱে মিছা
তথাপি দুস্ত্যজ মোহমায়া॥ ১৮১৬॥
বিষয়ৰ দুঃখ জানি তথাপিতো একো প্ৰাণী
নেড়ৈ দুনাই তাকে ভুঞ্জি মৰৈ।
গলত বান্ধিয়া পাঘে কাটিবাক নেন্ত ছাগে
যেন নিৰ্লজ্জতা আতি কৰৈ॥
অনেক ভৰ্ৎসনি পায় উছিষ্ট ভুঞ্জিবে যাই
যেন আতি কুকুৰ নিৰ্গতে।
কহিয়োক স্বৰূপত ইটো ঘোৰ বিষয়ত
বিৰকতি হোৱৈ কেনমতে॥ ১৮১৭॥
॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥
নৰহৰি কি এ ৰাম নিস্তাৰিয়া নিয়ো নাৰায়ণ।
মাথাত ধৰিবো তুলি তোহ্মাৰ চৰণ॥ ১৫১॥
পদ॥
উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণে পাছে।
কৰ্ম্মবন্ধ এড়াইবে প্ৰবন্ধ যাৰ আছে॥
বৈষ্ণৱৰ সঙ্গ সিটো লৈবে প্ৰথমত।
মোহোৰ চৰিত্ৰ শুনিবেক ভকতত॥ ১৮১৮॥
মোৰ নাম কীৰ্ত্তন কৰিবে সৰ্ব্বক্ষণে।
হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে॥
মোৰ যশ গায়া যিটো কৰৈ গীত নৃত্য।
নাহি তাৰ ভয় সিটো ভৈল কৃতকৃত্য॥ ১৮১৯॥
শুনিয়ো উদ্ধৱ আৰো ৰহস্য ভকতি।
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি॥
সমস্ত ভূততে ব্যাপি আছো মই হৰি।
সৱাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি॥ ১৮২০॥
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি একতুল॥
নীচত সাধুত যাৰ ভৈল একজ্ঞান।
তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন॥ ১৮২১॥
বিশেষত মনুষ্যগণত যিটো নৰে।
বিষ্ণুবুদ্ধিভাৱে সৰ্ব্বদায়ে মান্য কৰে॥
ঈৰিষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ।
সৱে নষ্ট হোৱৈ তেৱে তাৱক্ষণে তাৰ॥ ১৮২২॥
দেখি সখিগণে জোনো হাসৈ আসি বেঢ়ি।
মই সাধু ইটো চোৰ হেন লজ্জা এৰি॥
কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম॥ ১৮২৩॥
সমস্ত ভূততে বিষ্ণুবুদ্ধি নোহে যাৱে।
কায়বাক্যমনে অভ্যাসিবা এহিভাৱে॥
বিষ্ণুময় দেখৈ যিটো সমস্তে জগত।
জীৱন্তে মুকুত হোৱৈ অচিৰ কালত॥ ১৮২৪॥
সকল প্ৰাণীক দেখিবেক আত্মসম।
উপায় মধ্যত ইটো আতি মুখ্যতম॥
মোৰ ইটো ধৰ্ম্মৰ অল্পৰো নাহি হানি।
যিহেতু সাক্ষাতে মই কৈলো তত্ত্ববাণী॥ ১৮২৫॥
দাম্ভিক শঠত নকহিবা ইটো তত্ত্ব।
সদা উপদেশ দিবা বৈষ্ণৱ জনত॥
স্ত্ৰী শূদ্ৰো কৰৈ যদি আমাত ভকতি।
তাহাত কহিবা ইটো জ্ঞান মহামতি॥ ১৮২৬॥
আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানীলোক।
মহাশুদ্ধ হুয়া জ্ঞানদীপে দেখৈ মোক॥
জানিলা উদ্ধৱ আৱে দিলো উপদেশ।
তোহ্মাৰ কি শোক মোহ গুচিল নিঃশেষ॥ ১৮২৭॥
ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া।
পৰম সুন্দৰ মোৰ দেখা ইটো কায়া॥
সৱাতো অধিক মোৰ তুমি প্ৰিয়তম।
নাহি আন বান্ধৱ উদ্ধৱ তুমি সম॥ ১৮২৮॥
ভকতেসে মোৰ হৃদি জানিবা নিশ্চয়।
ভকতজনৰ জানা আমিসে হৃদয়॥
মঞি বিনা ভকতে নিচিন্তে কিছু আন।
ভকতত পৰে মই নিচিন্তোহো আন॥ ১৮২৯॥
॥ পঞ্চম কীৰ্ত্তন॥
ঘোষা॥
কমলাপতি হোক গতি ৰাম।
মোৰ মতি তোহ্মাৰ চৰণে॥ ১৫২॥
পদ॥
উদ্ধৱে কৃষ্ণৰ শুনি বাণী।
কৃতাঞ্জলি ভৈলা মহামানী॥
মাতিবে নোৱাৰি আছা ৰহি।
চক্ষুৰ লোতক পৰৈ বহি॥ ১৮৩০॥
স্নেহত আকুল ভৈল মন।
ধৈৰ্য্য ধৰি ভৈলা সন্ধুক্ষণ॥
আগবাঢ়ি গৈলা ধীৰে ধীৰে।
কৃষ্ণৰ চৰণ ছুই শিৰে॥ ১৮৩১॥
বুলিলা কৰিয়া নমস্কাৰ।
গুচাইলা মোহ অন্ধকাৰ॥
সূৰ্য্যৰ কাছত যিটো থাকে।
তাক কি আন্ধাৰে আৰ ঢাকে॥ ১৮৩২॥
কিনো কৃপা ভৃত্যক কৰিলা।
বিজ্ঞান প্ৰদীপ মোক দিলা॥
প্ৰভু এড়ি তোহ্মাৰ পাৱক।
কোনজনে ভজিবে আনক॥ ১৮৩৩॥
ছিণ্ডিলা সুদৃঢ় মোহপাশ।
বিষয়ত কৰিলা উদাস॥
দূৰ ভৈল বান্ধৱৰ স্নেহ।
দেখো ভিন্ন আপুনাৰ দেহ॥ ১৮৩৪॥
নমো নমো যোগেশ্বৰ হৰি।
ভৃত্যক শিখাৱা ভাল কৰি॥
মুক্ত অৱস্থাতো মোৰ মন।
নেড়ৈ যেন তোহ্মাৰ চৰণ॥ ১৮৩৫॥
মাধৱে বোলন্ত এহি হৌক।
বদাৰিকাশ্ৰমক যায়োক॥
অলকানন্দাক দৰশনে।
এড়িবে সমস্ত পাপগণে॥ ১৮৩৬॥
পিন্ধিবাহা বাকলি বসন।
বন্যফল কৰিবা ভোজন॥
থাকিবাহা ইন্দ্ৰিয়ক দমি।
হৈবা শান্ত মনক নিয়মি॥ ১৮৩৭॥
আহ্মাক স্মৰিবা বাক্যমনে।
মোৰ ৰূপ চিন্তিবা যতনে॥
সংসাৰৰ বন্ধে হৈবা হীন।
তেৱে চিত্ত মোতে যাইব লীন॥ ১৮৩৮॥
যিটো জ্ঞান শিখাইলো তোহ্মাক।
বিচাৰিয়া অভ্যাসিবা তাক॥
পাইবা তাৰ অল্পতে প্ৰমাণ।
এতিক্ষণে এৰা ইটো স্থান॥ ১৮৩৯॥
তৰিবাহা সংসাৰৰ ক্লেশ।
দিবাহা লোকক উপদেশ॥
ভণিল শঙ্কৰে কৃষ্ণ পদে।
হৰি হৰি বোলা সভাসদে॥ ১৮৪০॥
॥ ষষ্ঠ কীৰ্ত্তন॥
ঘোষা॥
ত্ৰাহি হৰি জগন্নাথ॥ ১৫৩॥
পদ॥
হেন যেৱে বুলিলা মাধৱে।
কৰযোড়ে উঠিলা উদ্ধৱে॥
বান্ধৱৰ স্নেহে ভৈলা হীন।
কৰিলা কৃষ্ণক প্ৰদক্ষিণ॥ ১৮৪১॥
পড়ি প্ৰণামিলা মহাবীৰ।
কৃষ্ণৰ চৰণে থৈয়া শিৰ॥
স্নেহে ভৈল আকুল স্বভাৱ।
লোতকে তিয়াইলা দুয়ো পাৱ॥ ১৮৪২॥
আজি এড়ো প্ৰভুৰ চৰণ।
এহি বুলি জুড়িলা ক্ৰন্দন॥
যদ্যপি জানিলা মহাজ্ঞান।
তথাপিতো ছাড়ৈ যেন প্ৰাণ॥ ১৮৪৩॥
ভৈলন্ত বিহ্বল আতি স্নেহে।
যাইবাক খোজন্তে হৃদি দহে॥
কৃষ্ণক এড়িবে নপাৰন্ত।
চৰণত পড়িয়া কান্দন্ত॥ ১৮৪৪॥
হৃদিতাপ কৰন্ত উদ্ধৱে।
চলা চলা বোলন্ত মাধৱে॥
কৃষ্ণৰ সুদৃঢ় আজ্ঞা জানি।
উঠি আখি মুচি মহামানী॥ ১৮৪৫॥
প্ৰভুৰ পাদুকা শিৰে বান্ধি।
প্ৰণামি লড়িলা কান্দি কান্দি॥
আগক নবাঢ়ে আৰ ভৰি।
কৰন্ত প্ৰণাম দুনাই পড়ি॥ ১৮৪৬॥
উঠি যান্ত ভৰি পাঞ্চ ছয়।
আৰকা পৰন্ত মহাশয়॥
কৃষ্ণৰ চৰণ এড়ি যান্ত।
নযায় ভৰি উলটি চাহন্ত॥ ১৮৪৭॥
ধৰিবাক নৱাৰন্ত চিত্ত।
দণ্ডৱতে পৰন্ত ভূমিত॥
দুনাই উঠি কৰন্ত গমন।
কৃষ্ণৰ বিয়োগে দহে মন॥ ১৮৪৮॥
কৃষ্ণে যিটো শিখাইলন্ত জ্ঞান।
কৰিলা হৃদয়ে তাক ধ্যান॥
কৃষ্ণৰ খৰম মাথে লৈয়া।
দ্বাৰকাৰ বাজ ভৈলা গৈয়া॥ ১৮৪৯॥
যাদৱ বংশক কৃষ্ণে আনি।
বুলিলা মাধৱে হেন বাণী॥
দেখা কেন ঘোৰ উতপাত।
দ্বাৰকাত মিলিবে বিঘাত॥ ১৮৫০॥
স্ত্ৰী বাল বৃদ্ধ আছে যত।
থাকোক ৰহিয়া দ্বাৰকাত॥
প্ৰভাসক চলি যাওঁ আমি।
স্নান দান কৰো জলে নামি॥ ১৮৫১॥
দানেসে দুৰ্গতি সৱে হৰে।
ঐৰ আসা অন্তৰো সত্বৰে॥
শুনি বাল বৃদ্ধ তিৰী যত।
সৱে আসি ৰৈলা দ্বাৰকাত॥ ১৮৫২॥
যতেক পুৰুষ বলিয়াৰ।
নাৱে ভৈলা সাগৰৰ পাৰ॥
ৰথে চড়ি গৈলা প্ৰভাসক।
অৰ্চিলন্ত দেৱ ব্ৰাহ্মণক॥ ১৮৫৩॥
কৃষ্ণকথা শুনা সৰ্ব্বজনে।
উদ্ধাৰিবে কৃষ্ণৰ কীৰ্ত্তনে॥
মোক্ষ পাইবা গৃহবাসে থাকি।
জানি হৰি হৰি বোলা ডাকি॥ ১৮৫৪॥
॥ সপ্তম কীৰ্ত্তন॥
ঘোষা॥
মন শ্ৰীৰাম কৃষ্ণ হৰি বুলিয়ো যতনে।
ধৰিয়ো একান্ত চিত্তে কৃষ্ণৰ চৰণে॥ ১৫৪॥
পদ॥
ভৈল কালগ্ৰস্ত সৱে যত যদুজাক।
গণ্ডগোল কৰি পিলে বাৰুণী সুৰাক॥
মাধৱৰ মায়ায়ে কৰিলা বুদ্ধিহত।
মদ্য লাগি ভৈল সৱে পৰম উন্মত্ত॥ ১৮৫৫॥
উঠিল দুঃসহ ক্ৰোধ হৰিল চেতন।
অন্যোঅন্যে কৰে সৱে অনেক গৰ্জ্জন॥
অস্ত্ৰ শস্ত্ৰ ধৰি সৱে ৰণত প্ৰবুদ্ধ।
আপুনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ॥ ১৮৫৬॥
টঙ্কাৰিয়া ধনুক বৰিষৈ শতধাৰে।
গদা মুদ্গৰ অসি পৰশু প্ৰহাৰে॥
সাম্ব কামদেৱৰ লাগিল ঘোৰযুদ্ধ।
কৰৈ ঘোৰ সমৰ সাত্যকি অনিৰুদ্ধ॥ ১৮৫৭॥
সুভদ্ৰ সংগ্ৰামজিতে কৰে হুলস্থল।
সুমিত্ৰ সুৰথে দুয়ো কৰন্ত তুমুল॥
উুকে নিশঠে ভৈল দুৰ্ঘোৰ কন্দল।
শতজিত সমে যুজে ভানু মহাবল॥ ১৮৫৮॥
অত্ৰূৰে সহিতে কৃতবৰ্ম্মা মহাবীৰ।
কৰন্ত সমৰ কোপে কম্পিত শৰীৰ॥
ভৈল সৱে উন্মত্ত চেতন নাহি গাত।
বৰিষন্ত নিশিত শায়ক অসংখ্যাত॥ ১৮৫৯॥
পৰিঘ পট্টিশ অসি কৰন্ত প্ৰহাৰ।
অন্যোঅন্যে শত্ৰুবুদ্ধি চিন্তৈ মহামাৰ॥
তৰ্জ্জয় গৰ্জ্জয় কতো কৰে হতাহতি।
মাধৱৰ মায়ায়ে মোহিত ভৈলা আতি॥ ১৮৬০॥
ভোজ বৃষ্ণি অন্ধক সাত্ত্বত যদুবংশ।
বিষ্ণুৰ মায়ায়ে সৱে ভৈল বুদ্ধি ভ্ৰংশ॥
হুয়া আতি বিস্মৃতি পিতৃক পুত্ৰে মাৰে।
শশুৰে জামাইক ভাই ভ্ৰাতৃক প্ৰহাৰে॥ ১৮৬১॥
শ্যালকে ভিনীসি মাৰে আৰ্য্যকক নাতি।
খুড়ায়ে ভাতিজে কটাকটি কৰে আতি॥
মিত্ৰে মিত্ৰে কৰৈ যুদ্ধ ভাগিনে মাতুলে।
সুহৃদ সোদৰে যেন নচাৱৈ বাতুলে॥ ১৮৬২॥
ঢুকুৱাইলা অস্ত্ৰ ধনু ভাঙ্গিল কোবত।
প্ৰহাৰৈ মাদুৰি ধৰি পৰম ক্ৰোধত॥
শৰীৰত পৰৈ যেন বজ্ৰৰ সন্ধান।
বিমূৰ্ছিত হুই যদুগণে ছাড়ৈ প্ৰাণ॥ ১৮৬৩॥
পাছে ৰামকৃষ্ণে উঠি হাতক উচাই।
মাজে পশি সৱাকো বাধন্ত দুয়োভাই॥
দেখি যদু বীৰগণো ক্ৰোধে খেদি গৈল।
শত্ৰুবুদ্ধি তাসম্বাক মাৰিবাক লৈল॥ ১৮৬৪॥
খঙ্গি ৰাম মাধৱো মাদুৰি লৈলা তুলি।
অনেক যাদৱী সেনা মাৰিলা সমুলি॥
বিপ্ৰশাপে অন্যোঅন্যে বংশ ভৈলা ছন।
বাংশৰ অগনি যেন পোড়ৈ বাংশবন॥ ১৮৬৫॥
সাগৰৰ তীৰক ঢাকিল মৰা শৱে।
এৱেসে গুচিল ভাৰ জানিলা মাধৱে॥
পাছে বলভদ্ৰ গৈলা সাগৰৰ তীৰ।
যোগ চিন্তি এড়িলন্ত মনুষ্য শৰীৰ॥ ১৮৬৬॥
কৃষ্ণৰ অদ্ভূত লীলা শুনা সৰ্ব্বজন।
প্ৰাণ থাকে মানে কেহো নেৰিবা কীৰ্ত্তন॥
হেন জানা অন্তকে কেশত আছৈ ধৰি।
এড়ায়ো যমৰ দায় ডাকি বোলা হৰি॥ ১৮৬৭॥
॥ অষ্টম কীৰ্ত্তন॥
ঘোষা॥
ৰাম হৰি বোলা মুখে।
সংসাৰ তৰিয়ো সুখে॥ ১৫৫॥
পদ॥
দেখিলা কৃষ্ণে ৰাম মহাভাগ।
কৰিলা যোগবলে তনু ত্যাগ॥
মাধৱো পাছে প্ৰভাসৰ জলে।
স্নান কৰি গৈলা অশ্বত্থ তলে॥ ১৮৬৮॥
মাটিত বসিয়া ভৈলন্ত চুপ।
ধৰিলা দিব্য চতুৰ্ভুজ ৰূপ॥
দেহাৰ জ্যোতি জ্বলৈ দিশপাশ।
বিধুম বহ্নিৰ যেন প্ৰকাশ॥ ১৮৬৯॥
নৱমেঘ যেন শ্যাম আকৃতি।
তাতে পীত বস্ত্ৰে কৰৈ দীপিতি॥
বদন পঙ্কজ আছৈ প্ৰকাশি।
নুগুচৈ সদায় ঈষত হাসি॥ ১৮৭০॥
প্ৰকাশৈ কপালে অলকা পান্তি।
পদ্মক নিন্দৈ নয়নৰ কান্তি॥
কিৰীটি শিৰে সম নাহি তুলে।
কৰ্ণত মকৰ কুণ্ডল দোলে॥ ১৮৭১॥
আজানুলম্বী চাৰু চাৰি হাত।
কেয়ূৰ কঙ্কণে প্ৰকাশৈ তাত॥
আঙ্গুলিগণক দেখন্তে তুষ্টি।
ৰত্নময় পিন্ধি আছৈ আঙ্গুষ্ঠি॥ ১৮৭২॥
কম্বুকণ্ঠে আতি কৌস্তুভ জ্বলে।
মুকুতাৰ হাৰ শোভৈ উৰঃস্থলে॥
গলত বনমালা কৰৈ কান্তি।
হিয়াত প্ৰকাশৈ শ্ৰীবৎস পান্তি॥ ১৮৭৩॥
কান্ধে নৱগুণ উত্তৰী পীত।
ৰত্নৰ মেখলা জ্বলৈ কটিত॥
নূপুৰ ৰঞ্জৈ পাদ পদ্ম দুই।
ভকতে যাক দেখি সুখী হুই॥ ১৮৭৪॥
যতেক অস্ত্ৰ চক্ৰ আদি কৰি।
চৌপাশে উপাসন্ত মূৰ্ত্তি ধৰি॥
দক্ষিণ উৰুত থৈয়া চৰণ।
বসি আছা হৰি ধৰি আসন॥ ১৮৭৫॥
মৃগ মুখাকাৰ দেখিয়া ভৰি।
মাৰিল ব্যাধে শৰ লক্ষ্য কৰি॥
সন্ধানে কৃষ্ণৰ পাৱক ভেদি।
পড়িল বুলি ব্যাধ আইলা খেদি॥ ১৮৭৬॥
দেখি বসি আছা জগন্নিৱাস।
পেহ্লাইলা ধনু হুয়া মহাত্ৰাস॥
ডৰিল জীৱ ভৈল যেন মৰা।
কৃষ্ণৰ আগত পড়িল জৰা॥ ১৮৭৭॥
শুনা সৰ্ব্বজনে হৰি চৰিত।
আতপৰে ধৰ্ম্ম নাহি কলিত॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ১৮৭৮॥
॥ নৱম কীৰ্ত্তন॥
ঘোষা॥
প্ৰণামো ৰাম প্ৰভু পদ্মপাণি॥ ১৫৬॥
পদ॥
অনেক বিনয় কৰিলা ব্যাধ।
ক্ষমিয়ো হৰি মোৰ অপৰাধ॥
অধম পাপী মই দামোদৰ।
নজানি তোহ্মাক কৰিলো শৰ॥ ১৮৭৯॥
মনুষ্য লোকত যত অজ্ঞান।
যাহাক স্মৰণে কৰে নিৰ্য্যাণ॥
হেন মাধৱৰ দ্ৰোহ আচৰি।
কেনে জীওঁ এভো নযাওঁ মৰি॥ ১৮৮০॥
চাহিবে নলাগে কাটিয়ো মোক।
পাপীৰ মোৰ প্ৰায়শ্চিত্ত হোক॥
আউৰ যেন মই অধম পাপ।
নকৰো মহন্তক উপতাপ॥ ১৮৮১॥
শঙ্কৰ ব্ৰহ্মা আদি দেৱগণ।
যাহাৰ মায়ায়ে মোহিত মন॥
নজানন্ত যাৰ মহিমা আতি।
জানিবো কিবা আমি অন্ত্যজাতি॥ ১৮৮২॥
মাধৱে বোলন্ত শুনিয়ো জৰা।
উঠিয়ো সত্বৰে ভয় নকৰা॥
কৰিলি আহ্মাৰ বাঞ্ছা সফল।
মোৰ বোলে আৱে স্বৰ্গক চল॥ ১৮৮৩॥
শুনিয়া মাধৱক ভয়ে হীন।
কৰিলা তিনিবাৰ প্ৰদক্ষিণ॥
প্ৰণামিয়া পাছে বিমানে চড়ি।
সশৰীৰে গৈলা স্বৰ্গক লড়ি॥ ১৮৮৪॥
কৃষ্ণৰ সাৰথি পাছে দাৰুকে।
ৰথে চড়ি চাই ফুৰৈ নিচুকে॥
কৃষ্ণৰ বিচাৰ কৰি প্ৰবন্ধে।
পাইলন্ত গৈয়া তুলসীৰ গন্ধে॥ ১৮৮৫॥
সন্মুখ হুয়া দেখিলন্ত পাছে।
মূৰ্ত্তি ধৰি অস্ত্ৰ চৌপাশে আছে॥
প্ৰকাশৈ দেহা যেন পূৰ্ণশশী।
অশ্বত্থ তলত আছন্ত বসি॥ ১৮৮৬॥
বজাইলা লোতক আকুল ভাৱে।
পড়িলা দাৰুক কৃষ্ণৰ পাৱে॥
কান্দিলা হুমাহুমি অধোমুখে।
মাতিলা পাছে মহা মনোদুখে॥ ১৮৮৭॥
তোহ্মাৰ চৰণ নেদেখি স্বামী।
গুচিল চক্ষু অন্ধ ভৈলো আমি॥
নজানোহো একো বিদিশ দিশ।
নাহি সুখ শান্তি জগতঈশ॥ ১৮৮৮॥
যেন চন্দ্ৰ বিনা ৰাতি আন্ধাৰ।
তুমি মুখ্য প্ৰভু প্ৰাণ আহ্মাৰ॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ১৮৮৯॥
॥ দশম কীৰ্ত্তন॥
ঘোষা॥
হৰি গোৱিন্দ জয় কৃষ্ণ গোপাল ৰাম॥ ১৫৭॥
পদ॥
এহিমতে দাৰুকে বোলন্তে পাছে ৰথ।
আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ॥
পাছতে লড়িলা চক্ৰ আদি অস্ত্ৰচয়।
দেখিয়া দাৰুক ভৈলা পৰম বিস্ময়॥ ১৮৯০॥
তবধ নয়নে চাই আছে উপৰক।
মাধৱে বুলিলা পাছে বাক্য দাৰুকক॥
চলিয়োক দাৰুক সত্বৰে দ্বাৰকাক।
বান্ধৱত কহা গৈয়া আহ্মাৰ বাৰ্ত্তাক॥ ১৮৯১॥
অন্যোঅন্যে জ্ঞাতিগণ মৰিল সমস্ত।
প্ৰত্যক্ষে দেখিলা বলভদ্ৰো গৈলা অস্ত॥
শৰঘাৱে ভৈলো আমি মৃতক সমান।
পিতৃক মাতৃক গৈয়া তুমি দিয়া জান॥ ১৮৯২॥
দ্বাৰকাত আউৰ নথাকিবা একো নৰে।
মঞি এড়িলাত আসি বুড়াইবে সাগৰে॥
সবন্ধু বান্ধৱে সাগৰত হৈবা পাৰ।
নেড়িবাহা বৃদ্ধ পিতৃ মাতৃক আহ্মাৰ॥ ১৮৯৩॥
আসিব অৰ্জ্জুন সখি দেখিবাক মোক।
তান লগে যাইবা দ্বাৰকাৰ যত লোক॥
ৰাখি নিবা পথে ধনঞ্জয় মহাৰথ।
বঞ্চিবাহা তুমি সৱে গৈয়া ইন্দ্ৰপ্ৰস্থ॥ ১৮৯৪॥
তুমি আচৰিবা ভাগৱত ধৰ্ম্মচয়।
জ্ঞাননিষ্ঠ হুয়া সৱে এড়িবা বিষয়॥
মায়াৰ ৰচনা ইটো জগতকে জানি।
পাছে মোক পাইবা তুমি কৈলো সত্যবাণী॥ ১৮৯৫॥
শুনিলা দাৰুকে পাছে কৃষ্ণৰ আদেশ।
কৰযোড়ে উঠিলা মনত মহা ক্লেশ॥
প্ৰদক্ষিণ প্ৰভুক কৰিলা সাতবাৰ।
দুনাই দুনাই পড়িয়া কৰন্ত নমস্কাৰ॥ ১৮৯৬॥
শিৰত আছিলা ধৰি দুখানি চৰণ।
লোতকে চল্লল আখি কৰন্ত ক্ৰন্দন॥
চলিলোহো মঞি প্ৰাণপ্ৰভুক উপেক্ষি।
ইজন্মত ভৈলো পৰিছেদ দেখাদেখি॥ ১৮৯৭॥
এহি বুলি লড়িলা কৃষ্ণৰ পাৱ এড়ি।
হা কৃষ্ণ বুলিয়া পাড়ন্তে যাই গেড়ি॥
অনন্তৰে যতেক আছিল দেৱজাক।
তহিতে মিলিল আসি আৱৰি ব্ৰহ্মাক॥ ১৮৯৮॥
সিদ্ধমুনি বিদ্যাধৰ কিন্নৰ চাৰণ।
পাৰ্ব্বতী সহিতে আসিলন্ত ত্ৰিনয়ন॥
কৃষ্ণৰ নিৰ্য্যাণ দেখিবাক অভিলাষে।
বিমানে বেঢ়িয়া আসি বহিলা আকাশে॥ ১৮৯৯॥
মাধৱৰ চৰিত্ৰ শুনিয়ো সৰ্ব্বজন।
নেড়িবা সদায় কেহো কৃষ্ণৰ কীৰ্ত্তন॥
কলিযুগে আনধৰ্ম্ম নাহি আতপৰে।
হেন জানি হৰি হৰি বোলা নিৰন্তৰে॥ ১৯০০॥
॥ একাদশ কীৰ্ত্তন॥
ঘোষা॥
কৃষ্ণ নাথ যাদৱ মাধৱ মধুৰিপু॥ ১৫৮॥
পদ॥
মাধৱক চাই দেৱগণে।
কৰিলা প্ৰণাম ৰঙ্গমনে॥
ৰূপ দেখি চান্ত এক দৃষ্টি।
কৰন্ত আনন্দে পুষ্পবৃষ্টি॥ ১৯০১॥
কৰযোড়ে আতি ভক্তি ভাৱে।
জুমাজুমি কৃষ্ণ গুণ গাৱে॥
কতো হৰি কীৰ্ত্তন কৰন্ত।
তাৰ ছেৱে কতোহো নাচন্ত॥ ১৯০২॥
বাজৈ যন্ত্ৰ আকাশক ছানি।
কৰৈ দেৱে দুন্দুভিৰ ধ্বনি॥
ঘনে ঘনে পুষ্প বৰিষন্ত।
জয় কৃষ্ণ বুলি জঙ্কাৰন্ত॥ ১৯০৩॥
শুনি হৰি উপৰক চাইল।
ব্ৰহ্মাক আগতে ভেট পাইল॥
আন সৱ দেৱতাক দেখি।
মুদিলন্ত কৃষ্ণে দুয়ো আখি॥ ১৯০৪॥
পাছে যোগ ধাৰণা ধৰিলা।
আপুনাক আত্মাতে থাপিলা॥
নিমিষেকে নৰচেষ্টা এড়ি।
বৈকুণ্ঠত প্ৰৱেশিলা হৰি॥ ১৯০৫॥
যেন মেঘে বিজুলী ছটাক।
নৱাৰিল কেৱে লক্ষিবাক।
কৃষ্ণৰ গতিক সৱ দেৱে।
সেহিমতে নলক্ষিল কেৱে॥ ১৯০৬॥
যিটো দেহা ধ্যানৰ আলয়।
দেখি হোন্ত আপুনি বিস্ময়॥
হেন তনু ভৈলা অন্তৰ্দ্ধান।
বিজুলী ছটাক যেন থান॥ ১৯০৭॥
শ্ৰীধৰ্ম সত্য ধৃতি যত।
সৱে গৈল কৃষ্ণৰ লগত॥
হেন দেখি যত দেৱগণে।
সৱাৰো বিস্ময় ভৈলা মনে॥ ১৯০৮॥
কৃষ্ণৰ অদ্ভূত যোগ গতি।
দেখি সৱে প্ৰশংসিলা আতি॥
স্বকী স্বকী স্থানে চলি গৈলা।
শুকমুনি নৃপতিত কৈলা॥ ১৯০৯॥
ৰাজা আত বিস্ময় নকৰা।
মৰা পুত্ৰ অন্তকৰো পৰা॥
গুৰুক দক্ষিণা আনি দিলা।
স্বদেহে ব্যাধকো স্বৰ্গে নিলা॥ ১৯১০॥
ব্ৰহ্ম অস্ত্ৰে দহন্তে তোহ্মাক।
ৰাখিলন্ত ধৰিয়া গদাক॥
হেন হৰি দেৱ আদি মূল।
নৰাখিলা ইটো যদুকুল॥ ১৯১১॥
মনুষ্যত নাই স্বস্থ গতি।
অন্তকালে সৱে বিসঙ্গতি॥
হেনসে দেখাই দেৱহৰি।
গৈলা লড়ি কুলক সংহৰি॥ ১৯১২॥
ইটো লীলা কৃষ্ণৰ চৰিত।
কৰয় কীৰ্ত্তন যিটো নিত॥
তাৰ হুইবে বৈকুণ্ঠত বাস।
হেন জানি তেজিয়ো আলাস॥ ১৯১৩॥
হৰিৰ কীৰ্ত্তন সদা কৰা।
বৃথা কথা কহিয়া নমৰা॥
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
হৰি হৰি বোলা নিৰন্তৰে॥ ১৯১৪॥
॥ দ্বাদশ কীৰ্ত্তন॥
ঘোষা॥
মন মাধৱ ৰাম।
ৰাম জপ অৱিশ্ৰাম॥ ১৫৯॥
পদ॥
শুকমুনি বদতি শুনিয়ো পৰীক্ষিত।
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত॥
এহিমতে মাৰিলে যতেক যদুজাক।
অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকাক॥ ১৯১৫॥
গোৱিন্দৰ বিয়োগে বিহ্বল আতি দুঃখে।
চাই আছে নৰনাৰী কৰি উৰ্দ্ধমুখে॥
বসুদেৱ উগ্ৰসেনো আছে দুঃখভাৱে।
পড়িল দাৰুক গৈয়া দুহান্তৰো পাৱে॥ ১৯১৬॥
চক্ষুৰ লোতকে তিয়াইলন্ত দুইৰো ভৰি।
কান্দিলা অনেক ৰাম কৃষ্ণক সুমৰি॥
দাৰুকক বেঢ়িয়া সোধন্ত নাৰী নৰে।
কি ভৈল সাৰথি কথা কহিয়ো সত্বৰে॥ ১৯১৭॥
মুচিলন্ত আখি আতি গদগদ মাত।
কহিলা দাৰুকে পাছে সকল বৃত্তান্ত॥
কি কহিবো কথা মোৰ দহয় হৃদয়।
অন্যোঅন্যে যদুগণ গৈল যমালয়॥ ১৯১৮॥
নৰৈল জনৈক নিৰন্তৰে ভৈলা হত।
হেন শুনি অগ্নি যেন লাগিল গাৱত॥
ক্ৰন্দনৰ উৰ্মি উথলিল আতি বড়।
প্ৰভাসক লাগি সৱে দিলেক লৱৰ॥ ১৯১৯॥
গালত চাপৰ মাৰৈ শোকে শ্ৰুতি নাই।
হা পতি পুত্ৰ বুলি গেৰিয়ান্তে যায়॥
এহিমতে গৈয়া সৱে দেখিলন্ত পাছে।
প্ৰভাসৰ তীৰক মৃতকে বেঢ়ি আছে॥ ১৯২০॥
মৰা পতি পুত্ৰ সোদৰৰ গলে ধৰি।
কান্দৈ নাৰীগণে আতি আৰ্ত্তৰাৱ কৰি॥
মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী।
বলভদ্ৰ কৃষ্ণক চাহন্তে ফুৰে তিনি॥ ১৯২১॥
নপাইলন্ত লাগ খুজি কৰিয়া বিচাৰ।
হৰাইল চেতন শোকে দেখে অন্ধকাৰ॥
তিনিয়ো তেজিল প্ৰাণ কৃষ্ণ কৃষ্ণ বুলি।
মাটিত উফৰি পড়ি মৰিল সমূলি॥ ১৯২২॥
ক্ৰন্দন এড়িয়া নাৰীগণ অসংখ্যাত।
স্বামীক আলিঙ্গি আৰোহিলন্ত চিতাত॥
ৰেৱতী প্ৰমুখ্যে আছৈ যত নাৰীগণ।
ৰামক আলিঙ্গি প্ৰৱেশিলা হুতাশন॥ ১৯২৩॥
কৃষ্ণ মাতৃগণে বসুদেৱক আৱৰি।
চিতাত উঠিয়া সৱে গৈলন্ত সৈতাৰি॥
ৰতি আদি মাধৱৰ পুত্ৰবধু যত।
গৈলা সৱে স্বকী স্বকী স্বামীৰ লগত॥ ১৮২৪॥
ৰুণিী প্ৰমুখ্যে অষ্ট মহিষী কৃষ্ণৰ।
নপাইল বিচাৰি মাধৱৰ কলেৱৰ॥
প্ৰৱেশিলা বহ্নিত স্বামীক কৰি ধ্যান।
কৃষ্ণক চিন্তিয়া সৱে এড়িলন্ত প্ৰাণ॥ ১৯২৫॥
এহিমতে এৰি যেৱে গৈলা দামোদৰে।
ক্ষণেকতে দ্বাৰকাক বুৰাইল সাগৰে॥
নৰহিল কিছু তল গৈল সামৰাজে।
ৰুণিী দেৱীৰ মুখ্য মন্দিৰত বাজে॥ ১৯২৬॥
নেৰন্ত যাহাক মধুসূদনে ক্ষণেক।
অদ্যাপিও সাগৰত দেখিয় প্ৰত্যেক॥
সূৰ্য্য সম জ্বলৈ সিটো কৃষ্ণৰ আলয়।
যাক দৰশনে কৰৈ পাপৰ প্ৰলয়॥ ১৯২৭॥
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়োক সৰ্ব্বজনে।
তৰিবা সংসাৰ আৰ শ্ৰৱণ কীৰ্ত্তনে॥
গৃহতে থাকিয়া সুখে মহাপুণ্য সাঞ্চা।
বোলা হৰি হৰি যম যাতনাক বঞ্চা॥ ১৯২৮॥
॥ ত্ৰয়োদশ কীৰ্ত্তন॥
ঘোষা॥
ৰামে হোক মতি
ৰাম চৰণে গতি॥ ১৬০॥
পদ॥
অৰ্জ্জুনে শুনিল হেন কৃষ্ণৰ প্ৰয়াণ।
ভৈলন্ত বিহ্বল শোকে নাহি শ্ৰুতি জ্ঞান॥
মহামৰ্ম্মে কৃষ্ণক সুমৰি কুন্তীসুত।
হা প্ৰাণ কৃষ্ণ বুলি কান্দিলা বহুত॥
কহি আছে মাধৱে গীতাত যিটো জ্ঞান।
প্ৰবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান॥
চিৰকালে চিত্তক কৰিয়া বীৰে স্বস্থ।
প্ৰেতকাৰ্য্য জ্ঞাতিৰ কৰাইলা মহাৰথ॥ ১৯৩০॥
অনুক্ৰমে দিয়াইলন্ত পিণ্ড জলাঞ্জলি।
কৃষ্ণৰ আদেশ পাছে শুনি মহাবলী॥
স্ত্ৰী বাল্য বৃদ্ধক কৰিয়া বীৰে স্বস্থ।
সৱাকো লগতে লৈয়া গৈলা ইন্দ্ৰপ্ৰস্থ॥ ১৯৩১॥
তহিতে থৈলন্ত নিয়া যত যদুচয়।
পাছে যুধিষ্ঠিৰক দেখিয়া ধনঞ্জয়॥
চৰণত নিঢালে পৰিলা অধোমুখে।
সমিধান নেদন্ত মনত মহাদুঃখে॥ ১৯৩২॥
আকুল হৃদয় ভৈলা দেখি যুধিষ্ঠিৰ।
ভ্ৰাতৃত পুছন্ত পাছে কৰি চিত্ত স্থিৰ॥
বান্ধৱৰ বাৰ্ত্তাক অৰ্জ্জুন মোত কহ।
কুশলে কি আছে সিটো সুৰ মাতামহ॥ ১৯৩৩॥
মমা বসুদেৱ কিবা আছন্ত কল্যাণে।
ভালে কি আছয় তান পত্নীগণ মানে॥
সাম্ব কাম অনিৰুদ্ধ ভালে কি আছন্ত।
সময়ত তেসম্বে কি মোক সুমৰম্ভ॥ ১৯৩৪॥
গোৱিন্দৰো বাৰ্ত্তা বাপ কহিয়ো আহ্মাত।
সুখে কি আছন্ত কৃষ্ণ দেৱ দ্বাৰকাত॥
যদুবীৰগণ যাৰ বাহুক আশ্ৰয়।
পৰম আনন্দে সৱে নিৰ্ভয়ে ক্ৰীড়য়॥ ১৯৩৫॥
সভ্যভামা সতী যাৰ চৰণ সেৱাত।
দ্বাৰতে ৰুৱাইলা শচীৰ পাৰিজাত॥
হেন প্ৰাণ কৃষ্ণৰ সত্বৰে কহ কথা।
কিয় হেন ভৈল বাপ তোহ্মাৰ অৱস্থা॥ ১৯৩৬॥
চিৰকাল প্ৰৱাসত কিবা পাইলি দুঃখ।
তনু তোৰ নিস্তেজ মলিন দেখো মুখ॥
প্ৰাৰ্থকক নেদিলাহা প্ৰতিশ্ৰুত দান।
নকৰিলা প্ৰাণীক ভয়ত পৰিত্ৰাণ॥ ১৯৩৭॥
অতিথিক নেদি কিবা কৰিলা ভোজন।
সিজিলা পাতক কিবা অগম্যাগমন॥
অধমে জিনিলে কিম্বা আসন্তে পথত।
কিসক মিলিল বাপ দুঃখ হেনমত॥ ১৯৩৮॥
কহিয়োক বাপু এৱে দুঃখৰ কাৰণ।
বুলিবে খোজন্তে নোহ্লায় মুখত বচন॥
চক্ষুক মলচি পাছে শোকক তম্ভাই।
কাঢ়িল নিশ্বাস বীৰে নৃপতিক চাই॥ ১৯৩৯॥
সৌহৃদ্য সখিত্ব সুমৰিয়া মাধৱৰ।
বোলন্ত অৰ্জ্জুনে ৰাজা শুনা অথন্তৰ॥
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ১৯৪০॥
॥ চতুৰ্দ্দশ কীৰ্ত্তন॥
ঘোষা॥
গোপাল হৰি কৰো প্ৰণাম।
নেড়োক মুখে ৰামকৃষ্ণ নাম॥ ১৬১॥
পদ॥
কিবা সোধা ৰাজা মোৰ অৱস্থা।
সৰ্ব্বনাশ ভৈলে কি কৈবো কথা॥
বন্ধুৰূপী কৃষ্ণে ভৈলো বঞ্চিত।
কিমতে আৱে সম্বৰিবো চিত্ত॥ ১৯৪১॥
যাহাক আশ্ৰয়ে দ্ৰুপদ ঘৰে।
জিনিলো ৰাজাগণ একেশ্বৰে॥
মৎস্যক ভেদি পাইলো দ্ৰৌপদীক।
হেন কৃষ্ণ বিনে জীৱন ধিক॥ ১৯৪২॥
দহিলো খাণ্ডৱ যাৰ সহায়।
ভঙ্গাইলো বাসৱক সমুদায়॥
অদ্ভূত সভা সাজি দিলে ময়।
কৰিলো ৰাজসূয় যাগ তয়॥ ১৯৪৩॥
এড়িয়া গৈলা হেন কৃষ্ণে মোক।
কিসক জীওঁ নগৈ যম লোক॥
হৰক যুজিলো যাহাক গয়।
দিলা অস্ত্ৰ হৰে হুয়া বিস্ময়॥ ১৯৪৪॥
যাহাৰ প্ৰসাদে ভৈলো স্বৰ্গগামী।
ইন্দ্ৰৰো অৰ্দ্ধাসন পাইলো আমি॥
এড়িয়া গৈলা হেন যদুৰায়।
কেনে জীওঁ প্ৰভু প্ৰাণ নযায়॥ ১৯৪৫॥
যাহাৰ তেজে বৃকোদৰ বীৰে।
দুঃশাসন হিয়া কুঠাৰে ছিৰে॥
প্ৰতিজ্ঞা সাম্ফলি পিলা ৰুধিৰ।
ভাঙ্গিলা উৰু কুৰু নৃপতিৰ॥ ১৯৪৬॥
বান্ধৱ বুলি ত্ৰিজগত পতি।
কৰিলো সাৰথি মই কুমতি॥
ব্ৰহ্মা আদি যত ত্ৰিদশগণে।
সদায় সেৱন্ত যাৰ চৰণে॥ ১৯৪৭॥
দেৱৰো দেৱ হেন প্ৰভু হৰি।
মাতন্ত মোক পৰিহাস কৰি॥
ওবা পাৰ্থ ওবা সখি অৰ্জ্জুন।
কতেক কহিবো প্ৰভুৰ গুণ॥ ১৯৪৮॥
ভ্ৰমন্তে ভুঞ্জন্তে কৃষ্ণৰ সঙ্গে।
নানা উপালম্ভ কৰিলো ৰঙ্গে॥
সহিলন্ত তাক যেন বান্ধৱে।
বঞ্চিত ভৈলোহো হেন মাধৱে॥ ১৯৪৯॥
কিবা সোধা ৰাজা আহ্মাৰ কথা।
কোননো নভৈল মোৰ অৱস্থা॥
ৰাখিয়া আনো কৃষ্ণপত্নীজাক।
গোৱালে কাঢ়ি নিলে তাসম্বাক॥ ১৯৫০॥
স্ত্ৰীক যেন জিনিলেক মোকে।
প্ৰাণ ফুটি যায় এহিসে শোকে॥
কৃষ্ণৰ বিয়োগে দগধ মন।
মাতিবে নোৱাৰো হৰায় চেতন॥ ১৯৫১॥
অৰ্জ্জুন এহি বুলি মৌন ভৈলা।
কৃষ্ণৰ চৰণ চিন্তিবে লৈলা॥
বিষয় বিষে ভৈল বিৰকতি।
কৃষ্ণ পাদপদ্মে নছাড়ে মতি॥ ১৯৫২॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৃষ্ণ কথা শুনা সমস্ত জনে॥
যেৱে সুখে যাইবা সংসাৰ তৰি।
সদায় ডাকি বোলা হৰি হৰি॥ ১৯৫৩॥
॥ পঞ্চদশ কীৰ্ত্তন॥
ঘোষা॥
গোপাল গোৱিন্দ ৰাম কৃষ্ণ হৰি গতি।
কি ৰাম হৰি গতি কি ৰাম হৰি গতি॥ ১৬২॥
পদ॥
এহিমতে কৃষ্ণক চিন্তন্তে মহাবীৰ।
বাঢ়িল ভকতি মল গুচিল বুদ্ধিৰ॥
পাসৰি আছিল যিটো শিখিবাৰ তত্ত্ব।
দুনাই ভৈল অৰ্জ্জুনৰ মনত বেকত॥ ১৯৫৪॥
ভৈলা ব্ৰহ্ম সম্পত্তি এৰাইলা শোক ভয়।
মনত আছিল মানে গুচিল সংশয়॥
মায়ায়ে এৰিল লিঙ্গশৰীৰ ভাগিল।
আপুনাৰ আত্মা পৰমাত্মাতে থাপিল॥ ১৯৫৫॥
ভকতিৰ বলে জ্ঞান লভিলা নিৰ্গুণ।
জীৱন্তে মুকুত হুই ৰহিলা অৰ্জ্জুন॥
কুন্তী শুনিলন্ত পাছে কৃষ্ণৰ নিৰ্য্যাণ।
কৃষ্ণতে অৰ্পিয়া চিত্ত ছাড়িলন্ত প্ৰাণ॥ ১৯৫৬॥
কৃষ্ণৰ নিৰ্য্যাণ শুনি ৰাজা যুধিষ্ঠিৰ।
শোক মোহ এড়ি চিত্ত কৰিলন্ত স্থিৰ॥
হৰি এৰিলাত কলি প্ৰৱেশিলা জানি।
পৰীক্ষিত তোহ্মাক পাতিলা ৰাজা আনি॥ ১৯৫৭॥
এড়িলা বিচিত্ৰ বস্ত্ৰ ৰত্ন অলঙ্কাৰ।
পিন্ধিলা বাকলি ৰাজা ভৈলা নিৰাহাৰ॥
মৌন ব্ৰত ধৰিয়া মুকুত কৰি কেশ।
ভৈল যেন জড় আতি পিশাচৰ বেশ॥ ১৯৫৮॥
কৃষ্ণপদপঙ্কজক ধৰি হৃদয়ত।
হৰিভক্তি দহিলে মনৰ মল যত॥
বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই।
পাইলন্ত পৰম গতি পাছে পাঞ্চো ভাই॥ ১৯৫৯॥
কৃষ্ণপদপঙ্কজ হৃদয়ে কৰি স্থিৰ।
ধৰিলা উত্তৰ পথ ৰাজা যুধিষ্ঠিৰ॥
দ্ৰৌপদী দেখিলা এৰিলন্ত পঞ্চপতি।
কৃষ্ণৰ চৰণে পাছে স্থিৰ কৰি মতি। ১৯৬০॥
কৃষ্ণকেসে সুমৰে কৃষ্ণক কৰে ধ্যান।
হা প্ৰাণ কৃষ্ণ বুলি ছাড়িলন্ত প্ৰাণ॥
পাছে পৰীক্ষিত তুমি পালিলাহা মহী।
ধৰ্ম্মক ৰাখিলা বলে কলিক নিগ্ৰহি॥ ১৯৬১॥
তোহ্মাৰ ৰাজ্যত ভৈলা সত্যৰ ব্যৱস্থা।
দশোদিশে কহয় তোহ্মাৰ গুণ কথা॥
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়োক সৰ্ব্বজনে।
তৰিবা সংসাৰ ঘোৰ শ্ৰৱণে কীৰ্ত্তনে॥ ১৯৬২॥
ইহপৰলোকে হৰি চৰণেসে গতি।
হেন জানি কৰা সৱে হৰিত ভকতি॥
হেন জানা অন্তকে কেশত আছে ধৰি।
এৰায়ো যমৰ দায় ডাকি বোলা হৰি॥ ১৯৬৩॥
॥ ষোড়শ কীৰ্ত্তন॥
ঘোষা॥
ৰাম গোপাল কৃপাময় নিৰঞ্জন হৰি।
ভকতৰ নিয়ো নাথ দুঃখক সংহৰি॥ ১৬৩॥
পদ॥
নৃপতিত শুকে পাছে কহন্ত কাহিনী।
গৈলন্ত উদ্ধৱ পায়া কৃষ্ণত মেলানি॥
বিদুৰে সহিতে যেন কৰিলা আলাপ।
শুনিয়ো নৃপতি দুনাই উদ্ধৱ বিলাপ। ১৯৬৪॥
তীৰ্থ কৰি ফুৰন্তে বিদূৰ মহাভাগ।
যমুনাতীৰত উদ্ধৱক পাইলা লাগ॥
পূৰ্ব্বশিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ।
দেখি তাক আতি প্ৰীতি ভৈলা বিদুৰৰ॥ ১৯৬৫॥
আলিঙ্গি ধৰিলা নয়নৰ বহে জল।
পুছিলন্ত যদু কুৰু কুলৰ কুশল॥
পুৰাণ পুৰুষ ৰাম কৃষ্ণ অৱতৰি।
সুখে কি আছন্ত পৃথিৱীৰ ভাৰ হৰি॥ ১৯৬৬॥
বসুদেৱ ভিনীসিৰ কহিয়ো কল্যাণ।
আমাৰ সুহৃদ নাহি তাহান সমান॥
প্ৰদ্যুম্নৰ বাৰ্ত্তা বাপ কহিয়ো সম্প্ৰতি।
সুখে কি আছন্ত উগ্ৰসেন শুদ্ধমতি॥ ১৯৬৭॥
সাম্ব কাম অনিৰুদ্ধ আছন্ত কুশলে।
বৈষ্ণৱ অত্ৰূৰ কিবা আছে অৱিকলে॥
আনন্দে কি আছন্ত সাত্যকি ধনুৰ্দ্ধৰ।
দেৱকীৰ বাৰ্ত্তা আৱে কহিয়ো সত্বৰ॥ ১৯৬৮॥
চাৰু গদ আদি কৰি কৃষ্ণৰ তনয়।
আছে যদুগণ কিবা পূৰ্ব্ব অভ্যুদয়॥
কৃষ্ণ ধনঞ্জয় দুইকো কৰিয়া আশ্ৰয়।
সুখে কি আছন্ত যুধিষ্ঠিৰ মহাশয়॥ ১৯৬৯॥
ভীম ধনঞ্জয় সহদেৱ নকুলৰ।
সৱাৰো বাৰ্ত্তাক বাপ কহিয়ো সত্বৰ॥
কৰো অনুশোচ ধৃতৰাষ্টক সম্প্ৰতি।
নিজ পাপে গৈল জীৱন্ততে অধোগতি॥ ১৯৭০॥
দেশৰ ডাকিলা মোক পুত্ৰৰ বিৱাদে।
তীৰ্থ কৰি ফুৰো মঞি কৃষ্ণৰ প্ৰসাদে।
যাৰ যশ কীৰ্ত্তনে জগত আতি তৰে।
বাৰ্ত্তা কহা সখি হেন কৃষ্ণৰ সত্বৰে॥ ১৯৭১॥
পুছিলা বিদুৰে যেৱে কৃষ্ণৰ কুশল।
মাধৱক স্মৰি ভৈলা উদ্ধৱ বিহ্বল॥
পাঞ্চ বৰিষতে যিটো ভোজনক এড়ি।
শিশুলীলা কৰিয়া পূজন্ত মাত্ৰ হৰি॥ ১৯৭২॥
কৃষ্ণৰ সেৱাতে আৱে বৃদ্ধ আসি ভৈলা।
কহিবে নপাৰি কথা মৌন হুয়া ৰৈলা॥
দুইদণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ।
হৰিভক্তি অমৃতত মগ্ন ভৈল মন॥ ১৯৭৩॥
শিহৰিল লোম ভৈল সৰ্ব্বাঙ্গ পুলক।
চক্ষুমুদি আছৈ স্ৰৱে ধাৰায়ে লোতক॥
মাধৱৰ স্নেহৰসে মগ্ন ভৈল মন।
বোলা হৰি হৰি সমজ্যাৰ যত জন॥ ১৯৭৪॥
॥ সপ্তদশ কীৰ্ত্তন॥
ঘোষা॥
বনমালী ৰাম মোৰ প্ৰাণ গৈল কোন স্থান।
জীৱেৰ জীৱন কৃষ্ণ বিনে নাই আন॥ ১৬৪॥
পদ॥
কথমপি কৃষ্ণৰ চৰণ এড়ি মন।
বজাইলা উদ্ধৱে পাইল গাৱত চেতন॥
হাতে মলচিয়া চক্ষু চিত্ত স্থিৰ কৰি।
তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি॥ ১৯৭৫॥
কৃষ্ণৰ বিৰহ অগ্নি দগ্ধ কৰৈ মন।
কান্দন্তে দিলন্ত বিদুৰক সমিধান॥
কিবা কথা সোধা সখি দেখো অন্ধকাৰ।
কৃষ্ণসূৰ্য্য অস্ত গৈল প্ৰাণ যে আহ্মাৰ॥ ১৯৭৬॥
কালসৰ্পে দংশিলেক সুহৃদসকল।
কি কহিবো সখি আৰ আহ্মাৰ কুশল॥
যাদৱ বংশৰ কিনো মিলিল অভাগ।
নাজানিলো কৃষ্ণক হাততে পায়া লাগ॥ ১৯৭৭॥
ক্ষীৰ সাগৰত আছিলন্ত শশধৰ।
মৎসে যেন বোলে ইয়ো এক জলচৰ॥
সেহিমতে ঈশ্বৰক পায়া যদুগণ।
মনে মানিলন্ত এন্তে জ্ঞাতি একজন॥ ১৯৭৮॥
ভূষণৰ ভূষণ পৰম অঙ্গচয়।
যাক দেখি হোন্ত হৰি আপুনি বিস্ময়।
অপুণ্য প্ৰাণীক দিয়া অল্প দৰিশন।
লগতে নিলন্ত যেন লোকৰ লোচন॥ ১৯৭৯॥
দেখিয়ো কৃষ্ণৰ কেন কৰ্ম্ম বিড়ম্বন।
বসুদেৱ গৃহত অজৰ উপজন॥
যাৰ কটাক্ষতে হোৱৈ জগত বিনাশ।
কংস ভয়ে লৈলা তেহো গোকুলত বাস॥ ১৯৮০॥
বসুদেৱ দৈৱকীক বুলিলা প্ৰণামি।
কংস ভয়ে ব্ৰজত বঞ্চিলো গৈয়া আমি॥
হে পিতৃ মাতৃ মোৰ মৰষিয়ো দোষ।
ইহাক সুমৰি মনে মিলৈ অসন্তোষ॥ ১৯৮১॥
হেনয় কৃষ্ণৰ যিটো গাইলে নামগুণ।
পাসৰিবে ইটো দুনাই কোন নিদাৰুণ॥
ৰাজসূয় যজ্ঞত দেখিলো নেত্ৰ ভৰি।
যেন সিদ্ধি পাইলে শিশুপালে দ্বেষ কৰি॥ ১৯৮২॥
কৃষ্ণ মুখপদ্মক কৰন্ত নেত্ৰে পান।
অৰ্জ্জুনৰ শৰে কাটে ছাড়ৈ সুখে প্ৰাণ॥
পাৱৈ পৰম্পদ ব্ৰহ্মাদিয়ো যাত গহ।
হেনয় প্ৰভুৰ কোনে সহিবে বিৰহ॥ ১৯৮৩॥
উগ্ৰসেন ৰাজাক বৈসায়া সিংহাসনে।
কৰযোড়ে আপুনি বোলন্ত নাৰায়ণে॥
আজ্ঞা কৰা মহাৰাজ কোন কৰ্ম্ম কৰো।
ইহাক সুমৰি সখি আতিশয় মৰো॥ ১৯৮৪॥
কৃষ্ণগুণ সুমৰন্তে হেৰাই চেতনা।
মাৰিবাক লাগি স্তন দিলেক পুতনা॥
তথাপি পাইলেক তাই জননীৰ গতি।
কিনো কৃপাময় নাৰায়ণ প্ৰাণপতি॥ ১৯৮৫॥
হেননো স্বামীক এৰি কিনো মহা অন্ধ।
আনক ভজিবে লাগি কৰিবে প্ৰবন্ধ॥
যত দৈত্য আসে মাধৱক ক্ৰোধ কৰি।
তাহাকো উত্তম গতি দেন্ত ছিৰীহৰি॥ ১৯৮৬॥
যিটো প্ৰেমভাৱে ভজে হেন ভগৱন্ত।
তাহাৰ মহিমা কহি কোনে পাৱে অন্ত॥
হেন পূৰ্ণব্ৰহ্মক হাততে পায়া লাগ।
হৰুৱাইলো সখি দেখা মোহোৰ অভাগ॥ ১৯৮৭॥
সুমৰি সুমৰি যিটো স্বামীৰ চৰণ।
কহিবে নোৱাৰো কথা দগ্ধ কৰে মন॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক।
হৰি হৰি বোলা সদা পাতক ছাড়োক॥ ১৯৮৮॥
॥ অষ্টাদশ কীৰ্ত্তন॥
ঘোষা॥
গোপাল প্ৰাণ গৈলা কোন থান।
গোপাল প্ৰাণ॥ ১৬৫॥
পদ॥
শুনা সখি যেন ভৈল অৱস্থা।
পূৰ্ব্বাপৰ কহো কৃষ্ণৰ কথা॥
খণ্ডিবাক লাগি ভূমিৰ ভাৰ।
দেৱকী গৰ্ভে ভৈলা অৱতাৰ॥ ১৯৮৯॥
বসুদেৱে ভয়ে গোকুলে থৈলা।
কৰিলা কৃষ্ণে তৈতে শিশুলীলা॥
গোপশিশু সমে বাছুৰি চাৰি।
ভ্ৰমন্ত যমুনা তীৰে মুৰাৰি॥ ১৯৯০॥
কংসে পাঞ্চৈ যত আসে দানৱ।
লীলায়ে মাৰন্ত তাক মাধৱ॥
ইন্দ্ৰৰ মখকো কৰিলা ভঙ্গ।
বৰষিলে ইন্দ্ৰে কৰিয়া খঙ্গ॥ ১৯৯১॥
মন্দৰ তুলি পাছে ভগৱন্তে।
ৰাখিলা ব্ৰজক বৃষ্টিত হন্তে॥
শৰত কালে চন্দ্ৰাৱলী পাই।
কৰিলা ৰাসক্ৰীড়া যদুৰায়॥ ১৯৯২॥
বলো সমে আসি মথুৰাপুৰ।
মাৰিলা তৈতে দুষ্ট কংসাসুৰ॥
পঢ়িবে লাগি গৈলা হুয়া ছাত্ৰ।
সান্দীপনি গুৰু পঢ়াইলা শাস্ত্ৰ॥ ১৯৯৩॥
মৃতক পুত্ৰক দক্ষিণা দিলা।
অষ্ট মহিষীক হৰি বিহাইলা॥
নৰক মাৰি ৰূপে গুণে ধন্যা।
পাইলা আৰো ষোল হাজাৰ কন্যা॥ ১৯৯৪॥
সৱাতো দশ দশ পুত্ৰ জাত।
ভৈল বল বীৰ্য্যে জগতে খ্যাত॥
দ্বিবিদ মাগধ সম্বৰ বাণ।
শা পৌণ্ড্ৰকৰ লৈলন্ত প্ৰাণ॥ ১৯৯৫॥
পাণ্ডৱৰ হাতে সমৰজিনি।
মৰাইলা অষ্টাদশ অক্ষৌহিণী॥
উত্তৰা গৰ্ভে ভৈলা উতপতি।
পৰীক্ষিত পাণ্ডুবংশ সন্ততি॥ ১৯৯৬॥
দ্ৰৌণীৰ অস্ত্ৰে দহিলেক গাক।
ৰাখিলন্ত কৃষ্ণে ধৰি গদাক॥
কৃষ্ণৰ মহা অনুগ্ৰহ পাই।
ভুঞ্জিলা ৰাজ্য যুধিষ্ঠিৰ ৰায়॥ ১৯৯৭॥
অনেক বৎসৰ আছে মাধৱ।
যাদৱগণৰ বঢ়াই উৎসৱ॥
গৃহত পাছে ভৈলা বিৰকতি।
গুণন্ত মনত জগতপতি॥ ১৯৯৮॥
আছৈ যদুগণ দুষ্মহ বীৰ।
নুগুছিল কিছু ভাৰ ভূমিৰ॥
দিয়াইলা বিপ্ৰশাপ প্ৰভু চলে।
সৱাকো নিলা প্ৰভাসৰ জলে॥ ১৯৯৯॥
স্নান কৰি সৱে দিলেক দান।
কৰিলা বাৰুণী সুৰাক পান॥
কৃষ্ণৰ মায়াত চেতন হৰিল।
অন্যোঅন্যে যুজি সৱে মৰিল॥ ২০০০॥
মাধৱো পাছে স্নান কৰি জলে।
বসিলা আসনে অশ্বত্থতলে॥
মোক আদেশিলা জগত নাহা।
তুমি বদৰিকাশ্ৰমক যাহা॥ ২০০১॥
তথাপি এড়িবে নোৱাৰো স্বামী।
আঁৰ হুয়া ৰৈলো পাছতে আমি॥
কৃষ্ণৰ বিৰহ সহিবে কোনে।
বোলা হৰি হৰি সমস্তজনে॥ ২০০২॥
॥ ঊনৱিংশ কীৰ্ত্তন॥
ঘোষা॥
কাহা গৈলা মোৰ গোপাল স্বামী।
কৃষ্ণ বিনে জীৱো কিমতে আমি॥ ১৬৬॥
পদ॥
কৃষ্ণক নেদেখি আকুল মতি।
বিচাৰি পাছে পাইলো প্ৰাণপতি॥
নিৰ্ম্মল শ্যাম তনু সুকুমাৰ।
কণ্ঠত কৌস্তুভ মুকুতা হাৰ॥ ২০০৩॥
চাৰিখান ভুজ ভূষণে জ্বলে।
আপাদলম্বী বনমালা গলে॥
অৰুণ লোচন মুখ প্ৰসন্ন।
প্ৰকাশন্তে আছে পীত বসন॥ ২০০৪॥
কুণ্ডলে কৰ্ণে কৰৈ জলমল।
কিৰীটি ৰত্নৰ শিৰে উজ্জল॥
নূপুৰে ৰঞ্জৈ পাদপদ্ম কোষ।
যাক দেখি মিলৈ মনে সন্তোষ॥ ২০০৫॥
দাহিন পদে বাম উৰু থাপি।
আসনে বসিছা জগত ব্যাপি॥
শিশু অশ্বত্থত আউজি গাৱ।
দেখিলো প্ৰভু পূৰ্ণানন্দ ভাৱ॥ ২০০৬॥
তহিতে মৈত্ৰেয় মিলিল আসি।
মোক দেখি কৃষ্ণে তুলিলা হাসি॥
কান্দিবে লাগিলো প্ৰভুক চাই।
প্ৰবোধিলা মোক যাদৱৰায়॥ ২০০৭॥
জানিলো উদ্ধৱ তোহ্মাৰ চিত্ত।
পূৰিবো তোহ্মাৰ মন বাঞ্ছিত॥
আছিলা বসু পূৰ্ব্ব জনমত।
পূজিলা মোক তুমি ভালমত॥ ২০০৮॥
মোহোৰ কৃপায়ে লভিলা পাৰ।
আউৰ জন্ম দুনাই নাহি তোহ্মাৰ॥
সুদৃঢ় ভকতি জ্ঞান বৈৰাগ।
ইজন্মত আসি লৈলেক লাগ॥ ২০০৯॥
হেন কৃপা বাক্য শুনি স্বামীৰ।
স্নেহে শিহৰিল সৱ শৰীৰ॥
বহয় লোতক নেত্ৰৰ ঝৰি।
বুলিলো পাছে কৃতাঞ্জলি কৰি॥ ২০১০॥
চিন্তৈ যিটো জনে তযু চৰণ।
নিসিজৈ তাৰ কোন প্ৰয়োজন॥
তথাপি একো বাঞ্ছা নাই মোৰ।
তোহ্মাৰ চৰণ সেৱাত পৰ॥ ২০১১॥
তুমি পূৰ্ণব্ৰহ্ম১৭৩ জগতে খ্যাত।
তথাপি মোক মাতা মন্ত্ৰণাত॥
সোধা কথা যেন সামান্য জন।
ইহাক স্মৰি মোহ হোৱে মন॥ ২০১২॥
ব্ৰহ্মাক দিলা যিটো জ্ঞান স্বামি।
জানিবে যেৱে যোগ্য হওঁ আমি॥
কহিও তেৱে তাক ভগৱন্ত।
পাওঁ প্ৰভু যেৱে দুঃখৰ অন্ত॥ ২০১৩॥
হেন শুনি হৰি কৃপায়ে হাসি।
কহিলা ৰহস্য জ্ঞান প্ৰকাশি॥
পৰম প্ৰসাদ দিলন্ত স্বামী।
নমিলো পাছে প্ৰদক্ষিণে আমি॥ ২০১৪॥
আসিলো ঐক হুয়া কৃতকৃত্য।
কৃষ্ণৰ বিৰহে আতুৰ চিত্ত॥
তোহ্মাক এড়িয়া মঞি অভাগী।
যাইবো বদৰিকাশ্ৰমক লাগি॥ ২০১৫॥
তোহ্মাত জ্ঞান কহিবাক প্ৰতি।
বুলিলা মৈত্ৰেয়ক যদুপতি॥
বিদুৰে সমে হেন কথা কই।
আনন্দে তীৰত আছিলা ৰই॥ ২০১৬॥
কথাতে পোহাইল সমস্ত ৰাতি।
বিদুৰো ভৈলা আনন্দিত আতি॥
কৃষ্ণৰ কীৰ্ত্তি শুনা সৰ্ব্বলোক।
তৰিবা যেৱে ইটো দুঃখ শোক॥ ২০১৭॥
অন্তকে আসি ধৰিলেক পৰা।
জানিয়া আন আলজাল এৰা॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বোলা সমস্ত নৰে॥ ২০১৮॥
॥ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ সমাপ্ত॥ ২৬॥