ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
লেখক শ্ৰীমন্ত শংকৰদেৱ
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ ঊনৱিংশ খণ্ড॥

দ্বাৰকা লীলা (স্যমন্তক হৰণ)

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা

ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥ ১১৩॥

পদ

শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত॥

আপোনাৰ কন্যা আনি দিলেক কৃষ্ণক।
স্যমন্তক মণি দিলা লগত যৌতুক॥ ১৪০৫॥

শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত।
দিলা কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত॥

কৈত পাইল স্যমন্তক মণি মহাৰত্ন।
কিহেতু কৃষ্ণক কন্যা দিলে কৰি যত্ন॥ ১৪০৬॥

শুক নিগদতি শুনিয়োক পৰীক্ষিত।
সূৰ্য্যৰ পৰম ভক্ত সখা সত্ৰাজিত॥

তুষ্ট হৈয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা।
সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা॥ ১৪০৭॥

সূৰ্য্য যেন প্ৰকাশিয়া আসৈ দ্বাৰকাক।
ৰশ্মিয়ে চক্ষুক পীড়ৈ দেখি প্ৰজাজাক॥

আসন্ত আদিত্য বুলি মনত শঙ্কিয়া।
কৃষ্ণৰ পাশক সৱে যায় লৱড়িয়া॥ ১৪০৮॥

সভাত খেলন্ত পাশা প্ৰভু পীতাম্বৰ।
আথেবেথে দেয় জান প্ৰজা নিৰন্তৰ॥

নমো নাৰায়ণ শঙ্খ চক্ৰ গদাধৰ।
অৰৱিন্দলোচন গোৱিন্দ দামোদৰ॥ ১৪০৯॥

তোহ্মাক দেখিবে লাগি ত্ৰিজগত পতি।
আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি॥

সৱাৰো চক্ষুক পীড়ি আসৈ ৰশ্মি জালে।
তোহ্মাক অন্বেষ কৰে দশদিগপালে॥ ১৪১০॥

পুৰাণ পুৰুষ তুমি সনাতন হৰি॥
যদুকুলে অৱতৰি আছা ছদ্ম কৰি॥

তাতেসে আসন্ত সূৰ্য্যে দেখিবে তোহ্মাক।
বোলা হৰি হৰি উদ্ধাৰিয়ো আপুনাক॥ ১৪১১॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

গোপাল গোৱিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ॥ ১১৪॥

পদ॥

শুনিয়া হাসি চাইলা চক্ৰপাণি।
নোহন্ত আদিত্য বুলিলা বাণী।

মণিৰ ৰশ্মি হুয়া প্ৰকাশিত।
গৃহক লাগি আসৈ সত্ৰাজিত॥ ১৪১২॥

সত্ৰাজিত পাছে গৃহক আইলা।
অনেক মাঙ্গল্য বাদ্য বজাইলা॥

দেৱৰ গৃহে পশি প্ৰণিপাতে।
নিবেদিলা মণি বিপ্ৰৰ হাতে॥ ১৪১৩॥

মণিৰ মহিমা কি কৈবো আৰ।
সুৱৰ্ণ নিতে স্ৰৱৈ অষ্ট ভাড়॥

যি থানে থাকৈ সিটো স্যমন্তক।
নাহিকে দুৰ্ভিক্ষ মাৰিমৰক॥ ১৪১৪॥

নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্পভয়।
একো উপসৰ্গ নুপজে তয়॥

দিনেক মণি খুজিলন্ত হৰি।
নিদিলা সত্ৰাজিতে গহ কৰি॥ ১৪১৫॥

প্ৰসেন নামে তাৰ ভ্ৰাতৃ আছে।
কণ্ঠত মণিক পিন্ধিলা পাছে।

ঘোড়াত চড়ি মহাৰঙ্গ মনে।
মৃগক মাৰি ফুৰৈ বিজুবনে॥ ১৪১৬॥

দেখি সিংহে তাক নখে বিদাৰি।
ঘোড়ায়ে সহিতে পেহ্লাইলা মাৰি॥

কণ্ঠৰ মণিক ছিণ্ডিয়া লই।
চড়িল গিৰি শৃঙ্গে সিংহ গই॥ ১৪১৭॥

দেখি জাম্বৱন্ত বীৰ বিড়িঙ্গ।
লৈলন্ত মণিক মাৰিয়া সিংহ॥

স্যমন্তক মণি গৰ্ত্তক নিলা।
ওমলাইবে লাগি শিশুক দিলা॥ ১৪১৮॥

বিচিত্ৰ মণিগোট ধৰি ধাই।
বাটত ফুৰে শিশু ওমলাই॥

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ১৪১৯॥


॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

বনমালী এ জগমোহন ৰাম।
সুখে দুখে মুখে জোনো ছাড়ে ৰাম নাম॥ ১১৫॥

পদ॥

ভ্ৰাতৃক নেদেখি অনন্তৰে সত্ৰাজিত।
মহাশোকে ক্ৰন্দন কৰিলা বিপৰীত॥

স্যমন্তক পিন্ধি গৈলা বনক ভৈয়াই।
জানিলো মাৰিলে কৃষ্ণে নিৰ্জ্জনত পাই॥ ১৪২০॥

খুজি নপাই ভাইক মাৰি কৃষ্ণে নিলা মণি।
শুনি সৰ্ব্বলোকে আক কৰে কণাকণি॥

বেকত নকৰে কেহো মাধৱক ডৰে।
পাইলেক কলঙ্ক মোক জানি দামোদৰে॥ ১৪২১॥

কিমতে দুৰ্যশ গুচাওঁ গুণি ভগৱন্ত।
লগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত॥

প্ৰসেনৰ পথে চলি যান্ত বনমালী।
প্ৰবন্ধে ঘোড়াৰ সিটো খোজক নিহালি॥ ১৪২২॥

কতো দূৰ গৈয়া পাছে দেখিলা মহীত।
প্ৰসেন পড়িয়া আছে ঘোড়ায়ে সহিত॥

সিংহে মাৰি মণি নিলা জানি বনমালী।
উঠিলা পৰ্ব্বতে তাৰ খোজক নিহালি॥ ১৪২৩॥

মৰি পড়ি আছে সিংহ দেখিলা মুৰাৰি।
জানিলা ভালুকে মণি নিলে আঙ্ক মাৰি॥

দেখি সৰ্ব্বজন ভৈলা মনত নিঃশঙ্ক।
মিছাতে পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক॥ ১৪২৪॥

খোজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি॥

দেখি সেনাগণ সৱে বাহিৰত থই।
একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰৱেশিলা গই॥ ১৪২৫॥

তথাত মণিক কৃষ্ণে দেখিলন্ত পাছে।
হাতে লৈয়া ধাই শিশু ওমলান্তে আছে॥

কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউগেড়ি দিলা॥ ১৪২৬॥

কোথাৰ মনুষ্য গোটে মণি নেই হৰি।
আৱে ঋক্ষৰাজ লাগ লোৱা ঝান্ত কৰি॥

এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ।
বোলা হৰি হৰি ছাড়া বিষয় বিষাদ॥ ১৪২৭॥

॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥

ৰাম কৃষ্ণ গোপাল।
ত্ৰাহি হৰি কৃপাল॥ ১১৬॥

পদ॥

হেন শুনি জাম্বৱন্ত।
ধাইলা মহা বলৱন্ত॥

নিচিনি স্বামীক পাছে।
ধৰিলন্ত যুদ্ধ কাছে॥ ১৪২৮॥

সামান্য মনুষ্য বুলি
মহাক্ৰোধে গৈলা জ্বলি॥

নজানি প্ৰভাৱ আতি।
লগাইলেক হতাহতি॥ ১৪২৯॥

দুয়ো হুয়া মহা ত্ৰুদ্ধ।
লগাইলেক ঘোৰ যুদ্ধ॥

দুয়ো মাতঙ্গৰ লীলা।
বৰিষে পৰ্ব্বত শিলা॥ ১৪৩০॥

কতো বেলি হানে গাছ।
কতো কোপে চাপে কাছ॥

যুজিলন্ত মালবান্ধে।
ধৰি ভৰি ভৰি ছান্দে॥ ১৪৩১॥

দুইকো দুইৰো নাহি তুষ্টি।
হানৈ বজ্ৰ সমমুষ্টি॥

মাংসৰ কাৰণে যেন॥
যুজন্ত দুগোটা শেন॥ ১৪৩২॥

কেহো বলে নুহি ক্ষীণ।
যুজন্ত আঠাইশ দিন॥

কৃষ্ণৰ প্ৰহাৰ পাই।
পাছে মহা ঋক্ষৰায়॥ ১৪৩৩॥

শ্ৰান্ত ভৈলা মহা দুঃখে।
নিশ্বাস বজাইলা মুখে॥

ভাগে যেন কটি স্কন্ধ।
শৰীৰৰ ছিণ্ডে বান্ধ॥ ১৪৩৪॥

গোড়ে ঘৰ্ম্ম যায় বহি।
ক্ষণেক স্তম্ভিলা ৰহি।

সমস্ত সমাজে ঢাকি।
হৰি হৰি বোলা ডাকি॥ ১৪৩৫॥

॥ পঞ্চম কীৰ্ত্তন॥

ঘোষা॥

ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ
দীন দয়াশীল স্বামী।
কৰাহা নিস্তাৰ তোহ্মাৰ চৰণে
শৰণ পশিলো আমি॥ ১১৭॥

পদ॥

কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ
পৰম বিস্ময় মনে।
স্বামী হেন জানি বুলিবে লাগিলা
প্ৰণামি কৃষ্ণ চৰণে॥

জানিলো তোহ্মাক জগত ঈশ্বৰ
তুমি সনাতন হৰি।
সমস্ত ভূতৰ তুমি প্ৰাণবল
জগতকে আছা ধৰি॥ ১৪৩৬॥

স্ৰষ্টাৰো সে স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা
উদ্ধাৰি ধৰিলা ভূমি।
জীৱৰ নিয়ন্তা পৰম আতমা
মৃত্যুৰো অন্তক তুমি॥

জানিলো তোহ্মাক সেহি ৰঘুনাথ
যিটো ইষ্টদেৱ মোৰ।
সীতাৰ সন্তাপে জগতৰ বাপে
কৰিলা পয়াণ ঘোৰ॥ ১৪৩৭॥

যাৰ মহাক্ৰোধে কটাক্ষতে গ্ৰাসে
সাগৰে কল্লোল কৰে।
লঙ্কাক লাগিয়া মাজে বাট দিলা
ডৰিয়া আতি সাগৰে॥

জানকীৰ হেতু বান্ধিলাহা সেতু
দহিলা লঙ্কা নগৰী।
ৰাৱণৰ মাথ কাটিলাহা নাথ
আনিলা সীতা উদ্ধাৰি॥ ১৪৩৮॥

আগে নিছিনিলো এৱেসে জানিলো
তেন্তে তুমি ছিৰীৰাম।
অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক
চৰণে কৰো প্ৰণাম॥

এতেক বুলিয়া নমি জাম্বৱন্ত
আছে কৃতাঞ্জলি কৰি।
শুনা সৰ্ব্বজন নেৰিবা কীৰ্ত্তন
ডাকি বোলা হৰি হৰি॥ ১৪৩৯॥

। ষষ্ঠ কীৰ্ত্তন॥

ঘোষা॥

হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা।
মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা॥ ১১৮॥

পদ॥

হেন স্তুতি বাণী শুনি দৈৱকী তনয়।
চাইলা দয়াদৃষ্টি ভকতক কৃপাময়॥

মাৰ্জিলা অমৃত হাতে সমস্ত শৰীৰ।
ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ॥ ১৪৪০॥

মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান।
মণি হেতু ঋক্ষৰাজ আইলো তযু স্থান॥

তুমি আনি আছা মহামণি স্যমন্তক।
মিছাতে সমস্তে দেয় আহ্মাক কলঙ্ক॥ ১৪৪১॥

পৰম ভকত তুমি জানোহো তোহ্মাক।
দিয়া মণি মোক মই নেওঁ দ্বাৰকাক॥

গুচোক দুৰ্যশ দেখাওঁ লোকত প্ৰত্যয়।
শুনি আনন্দিত জাম্বৱন্ত মহাশয়॥ ১৪৪২॥

তানে কন্যাৰত্ন আছে নাম জাম্বৱতী।
কৃষ্ণক বিৱাহ দিলা ৰঙ্গে ঋক্ষপতি॥

লগত যৌতুক আনি দিলন্ত স্যমন্ত।
পৰম আনন্দ দেখি ভৈলা ভগৱন্ত॥ ১৪৪৩॥

গৰ্ত্তৰ বাজত যত প্ৰজা আছে ৰহি।
কৃষ্ণক চাহন্তে বাৰদিন গৈল বহি॥

নাসিবাৰ দেখি ভৈলা পৰম দুঃখিত।
নিৱৰ্ত্তিয়া জান দিলা দ্বাৰকা পুৰীত॥ ১৪৪৪॥

গৰ্ত্তক পশিল মণি হেতু যদুৰায়।
বাৰদিন তথাতে আছিলো বাট চাই॥

উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ।
বোলা হৰি হৰি তৰা সংসাৰ সাগৰ॥ ১৪৪৫॥

॥ সপ্তম কীৰ্ত্তন॥

ঘোষা॥

ত্ৰাহি যদুনন্দন দেৱ।
পাৱে পৰি মঞি কৰো সেৱ॥ ১১৯॥

পদ॥

বসুদেৱ হেন শুনি।
তবধ ভৈলন্ত গুণি॥

ৰুণিী মূৰ্ছিতা আতি।

কান্দন্ত দৈৱকী সতী॥ ১৪৪৬॥

শোকে যায় প্ৰাণ ফুটি।

ভূমিত পাৰন্ত লুটি॥

পুত্ৰ হৰুৱাওঁ জোনো।

শ্যামল সুন্দৰ তনু॥ ১৪৪৭॥

পীতবস্ত্ৰে শোভে কায়।

মেঘত বিজুলী প্ৰায়॥

মুখ চন্দ্ৰো নুহি সৰি।

কমললোচন হৰি॥ ১৪৪৮॥

কৰ্ণত কুণ্ডল দোলে।

বনমালা শোভে গলে॥

ভ্ৰমৰে নছাৰে লোভে।

শিৰত কিৰীটি শোভে॥ ১৪৪৯॥

কণ্ঠত কৌস্তুভ মণি।

প্ৰভাতৰ সূৰ্য্য জিনি॥

একো অঙ্গে নুহি ৰুজ।

আজানুলম্বিত ভুজ॥ ১৪৫০॥

কেয়ূৰ কঙ্কণে ৰঞ্জৈ।

পাদ পঙ্কজক গঞ্জৈ॥

ৰত্নৰ নূপুৰ বাজে।

মেখলা কটিৰ মাঝে॥ ১৪৫১॥

কোটি কন্দৰ্পক জিনি।

প্ৰকাশন্ত যদুমণি॥

হেন কৃষ্ণ মোৰ বাপ।

এৰাওঁ কৈত তান তাপ॥ ১৪৫২॥

যতেক বান্ধৱ জ্ঞাতি।

কৰন্ত বিলাপ আতি॥

সমস্ত নগৰী লোকে।

কৰন্ত বিলাপ শোকে॥ ১৪৫৩॥

সত্ৰাজিত ধূমকেতু।

তঞিসে নাশৰ হেতু॥

নাৰীগণে পাৰে গালি।

সত্ৰাজিত পুত্ৰ খালি॥ ১৪৫৪॥

কৃষ্ণক কলঙ্ক দিয়া।

এভু পাপী আছ জীয়া॥

দ্বাৰকাপুৰক ছানি।

কৰৈ হাহাকাৰ ধ্বনি॥ ১৪৫৫॥

কৃষ্ণৰ কিঙ্কৰে ভণে।

শুনিয়োক সৰ্ব্বজনে॥

কৃষ্ণৰ কীৰ্ত্তন কৰি।

ডাকি বোলা হৰি হৰি॥ ১৪৫৬॥

॥ অষ্টম কীৰ্ত্তন॥

ঘোষা॥

ও হৰি দীনদয়াল

গোপাল পালিয়া নিয়া।

তোহ্মাৰ নাম মুখে ফুৰো লৈয়া

তোহ্মাৰ চৰণ চিন্তোক হিয়া॥ ১২০॥

পদ॥

পাছে যদুবংশ যতেক আছে।

কৃষ্ণ আসন্তোক মনত বাঞ্ছে॥

যাৰ যেন শক্য পাৰিলা মানে।

পূজিলা দুৰ্গাক বলি বিধানে॥ ১৪৫৭॥

মায়াক আৰাধি সাধন্ত বৰ।

সত্বৰে আসন্তোক দামোদৰ॥

পঢ়ি স্তুতি স্তোত্ৰ কৰে মঙ্গল।

সিটো আশীৰ্ব্বাদ ভৈল সাম্ফল॥ ১৪৫৮॥

ভাৰ্য্যায়ে সহিতে আসিলা হৰি।

গ্ৰীৱাত স্যমন্ত মণিক ধৰি॥

দেখন্ত সৱে আইলা যদুৰায়।

মৰি উপজিল যেন দুনাই॥ ১৪৫৯॥

লগতে কন্যাক আসিলা লই।

সমস্ত সুহৃদে বেঢ়িলা গই॥

পৰম ৰঙ্গে কৰে শুভ শুভ।

শিৰত সিঞ্চিলা অক্ষত দূৰ্ব্ব॥ ১৪৬০॥

পাছে দিব্য সভা যাদৱে পাতি।

অনাইলন্ত সত্ৰাজিতক মাতি॥

যিমতে মণিক পাইলন্ত তথা।

ৰাজ সমাজত কহিলা কথা॥ ১৪৬১॥

সাক্ষী কৰি হৰি সৱে সভাতে।

দিলা মণি সত্ৰাজিতৰ হাতে॥

হাতত মণি লৈয়া সত্ৰাজিত।

ভৈলন্ত লাজ আতি বিপৰীত॥ ১৪৬২॥

কৰে অনুতাপ মনে আসুখে।

গৃহক চলি গৈল আধোমুখে॥

আপুনি কৃষ্ণক বিৰোধ কৰি।

ৰাত্ৰিদিনে চিন্তে নিদ্ৰাক এড়ি॥ ১৪৬৩॥

মই মহামূঢ় পাপী নৃশংস।

মিছাতে কৃষ্ণক দিলো কলঙ্ক॥

কিমতে এৰাইবো লোকৰ শাপ।

কেনে তুষ্ট হোন্ত জগত বাপ॥ ১৪৬৪॥

কিমতে কৃষ্ণৰ ৰঞ্জিবো চিত্ত।

গুণন্ত এহি বুলি সত্ৰাজিত॥

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।

হৰি হৰি বোলা সমস্ত নৰে॥ ১৪৬৫॥

॥ নৱম কীৰ্ত্তন॥

ঘোষা॥

হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি।

ডাকিয়া ঘোষিয়ো শীঘ্ৰ কৰি॥ ১২১॥

পদ॥

দেওঁ কন্যা বিৱাহ কৃষ্ণক।

দিবো মণি স্যমন্ত যৌতুক॥

তেৱে বা সন্তুষ্ট হোন্ত হৰি।

নেদেখো উপায় আত কৰি॥ ১৪৬৬॥

হেনমতে নিয়ম কৰিয়া।

মণি সমে কন্যা দিলা নিয়া॥

পায়া সত্যভামাক অচ্যুতে।

কৰিলা বিৱাহ বিধিৱতে॥ ১৪৬৭॥

ৰূপেগুণে জগততে ধন্যা

খুজিল অনেকে সিটো কন্যা॥

কাহাকো নিদিল সত্ৰাজিত।

কৃষ্ণে পাই ভৈলা কৃতকৃত্য॥ ১৪৬৮॥

শশুৰক বুলিলা বচন।

নাহিকে মণিত প্ৰয়োজন॥

তোহ্মাতে থাকোক স্যমন্তক।

তুমি সত্ৰাজিত অপুত্ৰক॥ ১৪৬৯॥

তোহ্মাৰ সৰ্ব্বস্ব সৱে মোৰ।

নিয়া মণি এৰা চিন্তা ঘোৰ॥

শুনি সত্ৰাজিত ৰঙ্গ ভৈল।

স্যমন্তক লৈয়া গৃহে গৈল॥ ১৪৭০॥

অনন্তৰে জগতৰে নাহ।

কৰি সত্যভামাক বিৱাহ॥

ক্ৰীড়িলা আনন্দে নাৰায়ণ।

যিটো শুনে স্যমন্ত হৰণ॥ ১৪৭১॥

এড়ায় কলঙ্ক মহাপাপ।

দূৰ যায় সংসাৰৰ তাপ॥

হোৱৈ সিদ্ধি মনৰ বাঞ্ছিত।

জানি শুনা কৃষ্ণৰ চৰিত॥ ১৪৭২॥

কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।

কীৰ্ত্তন নেড়িবা একো নৰে॥

আতপৰে নাহিকে উপায়।

বেদৰো এহিসে অভিপ্ৰায়॥ ১৪৭৩॥

মায়াময় পুত্ৰ দাৰা গেহ।

কেতিক্ষণে পৰৈ ইটো দেহ॥

আক নেদেখয় কিনো অন্ধ।

বিষয়ত তথাপি প্ৰবন্ধ॥ ১৪৭৪॥

আন চিন্তা সৱে পৰিহৰা।

মিছা মোৰ মোৰ বুলি মৰা॥

অন্তকে কেশত আছে ধৰি।

জানি ডাকি বোলা হৰি হৰি॥ ১৪৭৫॥

॥ স্যমন্তক হৰণ সমাপ্ত॥ ১৯॥